ASOS Class 12 Economics Chapter 8 সূচকাঙ্কঃ অৰ্থ আৰু ইয়াৰ গঠন

ASOS Class 12 Economics Chapter 8 সূচকাঙ্কঃ অৰ্থ আৰু ইয়াৰ গঠন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 8 সূচকাঙ্কঃ অৰ্থ আৰু ইয়াৰ গঠন and select needs one.

ASOS Class 12 Economics Chapter 8 সূচকাঙ্কঃ অৰ্থ আৰু ইয়াৰ গঠন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 8 সূচকাঙ্কঃ অৰ্থ আৰু ইয়াৰ গঠন Solutions for All Subject, You can practice these here.

সূচকাঙ্কঃ অৰ্থ আৰু ইয়াৰ গঠন

Chapter : 8

8.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিবোৰ সত্যনে অসত্য কোৱাঃ

(ক) সূচকাঙ্কবিলাক আপেক্ষিক পৰিৱৰ্তনবিলাক জুখিবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰ বিশেষ গড়।

উত্তৰঃ সত্য।

(খ) সূচকাঙ্কই সময়ৰ ব্যৱধানত সম্পর্কযুক্ত চলকবিলাকৰ পৰিৱৰ্তনবিলাক জোখে।

উত্তৰঃ সত্য।

(গ) সৰল সূচকাঙ্ক গঠন কৰোঁতে ভৰৰ প্ৰয়োজন হয়।

উত্তৰঃ অসত্য।

(ঘ) সূচকাঙ্ক‍ই কোনো এটা অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰৱণতা নেদেখুৱায়।

উত্তৰঃ অসত্য।

(ঙ) পৰিয়ালৰ বাজেট অধ্যয়নে দেখুৱায় যে এটা ধনী পৰিয়ালে দুখীয়া পৰিয়ালতকৈ খাদ্য দ্রব্যত আনুপাতিকভাৱে বেছিকৈ ব্যয় কৰে।

উত্তৰঃ অসত্য।

(চ) সৰল সূচকাঙ্কবিলাক ভৰযুক্ত সূচকাঙ্ক।

উত্তৰঃ অসত্য।

(ছ) আমি সৰল সামগ্রিক পদ্ধতি অথবা সৰল গড় আপেক্ষিক দৰ পদ্ধতি ব্যৱহাৰ কৰিলেও একেই সূচকাঙ্ক পাওঁ।

উত্তৰঃ অসত্য।

(জ) ভৰযুক্ত সূচকাঙ্কৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা হ’ল ভৰ সম্বন্ধে সিদ্ধান্ত লোৱা।

উত্তৰঃ সত্য।

(ঝ) লাছপিয়েৰে চলিত বৰ্ষৰ পৰিমাণক ভৰ হিচাপে ব্যৱহাৰ কৰে।

উত্তৰঃ অসত্য।

(ঞ) পাছিয়ে ভিত্তি বৰ্ষৰ পৰিমাণক ভৰ হিচাপে ব্যৱহাৰ কৰে।

উত্তৰঃ অসত্য।

2. খালী ঠাই পূৰ কৰাঃ

(ক) সূচকাঙ্ক সম্পর্কযুক্ত চলকবিলাকৰ ______ পৰিৱৰ্তন প্রকাশ কৰিবলৈ ব্যৱহাৰ কৰা পাৰিসাংখ্যিকীয় পদ্ধতি।

উত্তৰঃ সূচকাঙ্ক সম্পর্কযুক্ত চলকবিলাকৰ গড় পৰিৱৰ্তন প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা পাৰিসাংখ্যিকীয় পদ্ধতি।

(খ) কোনো এটা সূচকাঙ্ক ______ গড়।

উত্তৰঃ কোনো এটা বিশেষীকৃত সমান গড়।

(গ) সূচকাঙ্কই কিছুমান ______ পৰিৱৰ্তনৰ পৰিমাপ কৰে।

উত্তৰঃ সূচকাঙ্ক‍ই কিছুমান সম্পর্কিত পৰিৱৰ্তনৰ পৰিমাপ কৰে।

(ঘ) P 1990 1995 সূচকাঙ্কটোত ভিত্তি বৰ্ষ হ’ল ______ আৰু চলিত বৰ্ষ হ’ল _______।

উত্তৰঃ P 1990 1995 সূচকাঙ্কটোত ভিত্তি বৰ্ষ হ’ল 1990 আৰু চলিত বৰ্ষ হ’ল 1995।

(ঙ) সৰল সূচকাঙ্কত_______ ভৰ থাকে।

উত্তৰঃ সৰল সূচকাতে সমান ভৰ থাকে।

(চ) আপেক্ষিক দৰ মানে হ’ল চলিত বৰ্ষৰ দৰৰ ______ অনুপাত।

উত্তৰঃ আপেক্ষিক দৰ মানে হ’ল চলিত বৰ্ষৰ দৰ ভিত্তি বৰ্ষৰ দৰৰ অনুপাত।

(ছ) যদি দৰ সূচকাঙ্ক 100 ৰ পৰা 300 লৈ বৃদ্ধি পায়, ই ______ দৰ বৃদ্ধি দেখুৱায়?

উত্তৰঃ যদি দৰ সূচকাঙ্ক 100 ৰ পৰা 300 লৈ বৃদ্ধি পায়, ই 200% দৰ বৃদ্ধি দেখুৱায়।

(জ) লাছপিয়েৰ সূচকাঙ্ক পদ্ধতিত আমি _____ ৰ পৰিমাণক ভৰ হিচাপে ব্যৱহাৰ কৰো।

উত্তৰঃ লাছপিয়েৰ সূচকাঙ্ক পদ্ধতিত আমি ভিত্তিবৰ্ষৰ পৰিমাণক ভৰ হিচাপে ব্যৱহাৰ কৰো। 

(ঝ) পাছিৰ সূচকাঙ্ক পদ্ধতিত আমি ______ ৰ পৰিমাণক ভৰ হিচাপে ব্যৱহাৰ কৰো।

উত্তৰঃ পাছিৰ সূচকাঙ্ক পদ্ধতিত আমি চলিতবৰ্ষৰ পৰিমাণক ভৰ হিচাপে ব্যৱহাৰ কৰো।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. সূচকাঙ্কৰ অৰ্থ ব্যাখ্যা কৰা আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সূচকাংক হ’ল এটা বা ততোধিক সম্পর্কিত চলকৰ মানৰ (যেনে দাম বা পৰিমাণ) গড় পৰিৱৰ্তন দেখুৱাবলৈ ব্যৱহাৰ কৰা এটা পৰিসাংখ্যিকীয় পদ্ধতি বা পৰিমাপ। সাধাৰণতে এই পৰিমাপ দুটা সময় অথবা দুটা স্থান অথবা দুই দেশৰ মাজত দেখুওৱা হয়।

সূচকাঙ্কৰ প্ৰধান বৈশিষ্ট্যসমূহ হলঃ

(ক) সূচকাংঙ্ক বিলাক কিছুমান বিশেষ প্ৰকাৰৰ গড়।

(খ) সূচকাঙ্কই সম্পর্কযুক্ত চলকবিলাকৰ গোটত হোৱা নিগুট পৰিৱৰ্তনৰ জোখ।

(গ) সূচকাঙ্কই কোনো এটা সময় বা স্থানৰ ব্যৱধানৰ ওপৰত পৰিৱৰ্তনৰ প্ৰতিক্ৰিয়া মাপ কৰে।

2. ‘দৰ আপেক্ষিক’ বুলিলে কি বুজা? ইয়াক কেনেকৈ নিৰ্ণয় কৰা হয় এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ সূচকাঙ্কৰ আটাইতকৈ সহজ উদাহৰণটো হ’ল আপেক্ষিক দৰ বা দাম। ইয়াৰ সূত্ৰ দিয়া হয় এনেদৰে ই হ’ল কোনো নিৰ্দিষ্ট এটা সময়ত কোনো এটা দ্ৰব্যৰ দাম P1 ৰ সৈতে অন্য কোনো সময়ত দৰৰ P0 অনুপাত।

অর্থাৎ আপেক্ষিক দৰ = p1 / Po

ইয়াক সাধাৰণতে 100 ৰে পূৰণ কৰি প্ৰকাশ কৰা হয়।

আপেক্ষিক দৰ = P1 / P0 × 100

তলত এটা উদাহৰণসহ ব্যাখ্যা কৰা হ’ল।

ধৰাহ’ল 1990 চনত প্ৰতি লিটাৰ গাখীৰৰ মূল্য আছিল 10 টকা। 1995 চনত প্ৰতি লিটাৰ গাখীৰ বিক্ৰী কৰা হ’ল 20 টকাত। 1990 চনক ভিত্তি বর্ষ হিচাপে লৈ গাখীৰৰ মূল্য বৃদ্ধি শতাংশ হিচাপে প্ৰকাশ কৰিব লাগে।

আপেক্ষিক দৰ হ’ল = P1 / P0 × 100

ইয়াত ভিত্তি বৰ্ষৰ দৰ বা মূল্য (P0) = 10.00 টকা আৰু চলিত বৰ্ষৰ মূল্য (P1) = 20.00 টকা

এই আপেক্ষিক দৰ 200 ই হ’ল 1995 চনত গাখীৰৰ 1990 চনৰ তুলনাত 200 শতাংশ হোৱাটো দেখুৱাইছে। গতিকে শতাংশ হিচাপত বৃদ্ধি হ’ল (200–100) = 100%।

3. সৰল আৰু ভৰযুক্ত সূচকাঙ্কৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ সৰল সূচকাঙ্কত ভৰ সকলো দ্ৰব্যৰে সমা। আনহাতে ভৰযুক্ত সূচকাঙ্কত সকলোবোৰ দ্ৰব্যৰে ভৰ সমান নহয়।

4. অনাভযুক্ত সূচকাঙ্ক এটা সৰল সামগ্ৰিক প্ৰণালী ব্যৱহাৰ কৰি গঠন কৰা।

উত্তৰঃ এটা সৰল সামগ্ৰীত প্ৰণালীত প্রত্যেক দ্রব্যতে সমান ভৰ আৰোপ কৰা হয়। যদি আমি প্রত্যেক দ্রব্যতে সমান গুৰুত্ব বা ভৰ আৰোপ কৰোঁ, তেন্তে প্রত্যেক দ্রব্যত গুৰুত্ব আৰোপ কৰা বা নকৰা একেই কথা। সূচকাঙ্ক গঠন কৰা ইয়েই আটাইতকৈ সহজ পদ্ধতি। এই পদ্ধতিত তিনিটা পদক্ষেপ লোৱা হয়।

(ক) তালিকাত সন্নিৱিষ্ট সকলোবোৰ দ্ৰব্যৰে চলিত বছৰৰ মূল্যবিলাক যোগ কৰি ΣP1 পাওঁ।

(খ) একেবোৰ দ্ৰব্যৰে ভিত্তি বছৰৰ মূল্যবিলাক যোগ কৰি ΣP0 পাওঁ।

তলত এটা উদাহৰণসহ ব্যাখ্য কৰা হ’লঃ

গতিকে 1990 চনৰ ভিত্তি বৰ্ষৰ তুলনাত 1996 চনত মূল্য বা দৰ সূচকাংক হ’ব–

গতিকে দ্রব্য মূল্য অথবা মূল্যস্তৰ বৃদ্ধিৰ পৰিমাণ হ’ল 144.4 – 100 = 44.4%

5. অনাভৰযুক্ত সূচকাঙ্ক এটা সৰল গড় আপেক্ষিক দৰ পদ্ধতিৰে গঠন কৰা।

উত্তৰঃ আপেক্ষিক দৰ হ’ল চলিত বৰ্ষৰ ভিত্তি বৰ্ষৰ দৰ অনুপাত অর্থাৎ P1 / p0। ইয়াত আপেক্ষিক গড়ৰ দৰটো কেন্দ্ৰীয় প্ৰৱণতাৰ যিকোনো এটা গড়কে ল’ব পাৰি। আমি গড় উলিয়াবলৈ গাণিতিক মাধ্যকে ব্যৱহাৰ কৰোঁ, সূচকাঙ্কটো হ’ব–

ইয়াত N এ সূচকাঙ্কত ব্যবহৃত দ্রব্যবিলাকৰ সংখ্যা বুজাইছে।

সৰল গড় আপেক্ষিক দৰ পদ্ধতিৰ পদক্ষেপসমূহ হ’ল—

(ক) প্ৰত্যেকটো দ্ৰব্যৰে আপেক্ষিক দৰ শতাংশত প্ৰকাশ কৰা হয়। অর্থাৎ P1 / p0 × 100

(খ) শতাংশত প্ৰকাশ কৰা এই আপেক্ষিক দৰবিলাকৰ সমষ্টি উলিওৱা অর্থাৎ

ক সূচকাঙ্কত ব্যবহৃত দ্রব্যবিলাকৰ সংখ্যাৰে ভাগ কৰা হয়।

তলত গড় আপেক্ষিক দৰ পদ্ধতিৰ গঠন দেখুওৱা হ’লঃ

গতিকে, 1990 চনৰ তুলনাত 1995 চনৰ দৰ সূচকাঙ্ক হ’ল—

6. লাছপিয়েৰ আৰু পাছিৰ সূচকাঙ্কৰ মাজত প্ৰধান পার্থক্যবিলাক দেখুওৱা। লাছপিয়েৰৰ পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ লাছপিয়েৰ আৰু পাছিৰ সূচকাঙ্কৰ মাজত থকা প্রধান পার্থক্য হ’ল—লাছপিয়েৰৰ পদ্ধতিৰ ভিত্তিবৰ্ষৰ দ্ৰব্যবিলাকৰ পৰিমাণক আপেক্ষিক ভৰ হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে পাছিৰ পদ্ধতিত চলিত বৰ্ষৰ দ্ৰব্যবিলাকৰ পৰিমাণবিলাকক আপেক্ষিক গুৰুত্ব আৰোপ কৰা হয়।

লাছপিয়েৰৰ পদ্ধতিত ভিত্তিবৰ্ষৰ দ্ৰব্যৰ পৰিমাণবিলাকক (q0) ক ভৰ হিচাপে গণ্য কৰা হয়। সেইমতে সূচকাঙ্কৰ সূত্ৰটো হ’ল

লাছপিয়েৰৰ পদ্ধতিৰ সূচকাঙ্কৰ পদক্ষেপসমূহ হ’ল—

(ক) চলিত বৰ্ষ দৰৰ (p1) সৈতে ভিত্তি বৰ্ষৰ পৰিমাণ (q0) পূৰণ কৰি দ্ৰব্য বা সেৱাৰ বাবে P0 q0 লোৱা হয়।

(খ) ভিত্তি বৰ্ষৰ দৰ (p0) ৰ সৈতে ভিত্তিবৰ্ষৰ পৰিমাণ (p0) পূৰণ কৰি প্ৰতিটো দ্ৰব্য আৰু সেৱাৰ বাবে p0q0 লোৱা হয়।

(গ) সকলোবিলাক p1q0 আৰু p0q0 পৃথকে পৃথকে যোক কৰি Σp1q0 আৰু ক্ৰমে Σp0q0 লোৱা হয়।

(ঘ) Σp1q0 ক Σp0q0, ৰে হৰণ কৰি আৰু ইয়াক 100 ৰে পূৰণ কৰি লাছপিয়েৰৰ দৰ সূচকাঙ্ক পোৱা যায়।

তলত এটা উদাহৰণ দাঙি ধৰা হ’লঃ

গতিকে লাছপিয়েৰৰ সূচকাঙ্ক হ’ল—

7. পাছিৰ ভৰযুক্ত সূচকাঙ্ক পদ্ধতিটো ব্যাখ্যা কৰা। এই সূচকাঙ্কৰ মান লাছপিয়েৰৰ সূচকাঙ্ক পদ্ধতিৰ মানৰ পৰা পৃথক কিয় হয়?

উত্তৰঃ পাছিৰ পদ্ধতিত চলিত বৰ্ষৰ দ্ৰব্যৰ পৰিমাণক (q1) ভৰ হিচাপে গণ্য কৰা হয়। পাছিৰ সূচকাঙ্কৰ সূত্ৰটো হ’ল—

তলত এটা উদাহৰণৰ সহায় দেখুওৱা হ’ল—

গতিকে পাছিৰ সূচকাঙ্ক হ’ল–

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top