ASOS Class 12 Economics Chapter 6 পৰিসাংখ্যিকীয় তথ্যৰ উপস্থাপন

ASOS Class 12 Economics Chapter 6 পৰিসাংখ্যিকীয় তথ্যৰ উপস্থাপন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 6 পৰিসাংখ্যিকীয় তথ্যৰ উপস্থাপন and select needs one.

ASOS Class 12 Economics Chapter 6 পৰিসাংখ্যিকীয় তথ্যৰ উপস্থাপন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 6 পৰিসাংখ্যিকীয় তথ্যৰ উপস্থাপন Solutions for All Subject, You can practice these here.

পৰিসাংখ্যিকীয় তথ্যৰ উপস্থাপন

Chapter : 6

6.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিবোৰ সত্য নে অসত্য কোৱাঃ

(ক) সন্তোষজনক তথ্য সংগ্ৰহৰ পিছত দ্বিতীয় পদক্ষেপ হ’ল ইয়াৰ সুন্দৰ উপস্থাপন।

উত্তৰঃ সত্য।

(খ) তথ্য উপস্থাপনৰ বাবে একামাত্ৰ উপায় হ’ল তালিকাকৰণ।

উত্তৰঃ অসত্য।

(গ) পৰিসাংখ্যিকীয় তথ্যৰ উত্তম ব্যৱহাৰ কৰাৰ তালিকা বিলাকে সহায় কৰে।

উত্তৰঃ সত্য।

(ঘ) তালিকাৰ শিৰোণামাটো সংক্ষিপ্ত আৰু বিচৰামতে হ’ব লাগে।

উত্তৰঃ সত্য।

(ঙ) এটা দণ্ডচিত্ৰৰ প্ৰস্থটোহে গুৰুত্বপূৰ্ণ।

উত্তৰঃ অসত্য।

(চ) দণ্ডচিত্ৰত দণ্ডবিলাকৰ উচ্চতাই চলকটোৰ মান দেখুওৱা।

উত্তৰঃ সত্য।

(ছ) এটা চলক থকা তথ্যবোৰৰ (সংখ্যাবোৰৰ) উলম্ব আৰু আনুভূমিক উপস্থাপন কৰিব পাৰি।

উত্তৰঃ সত্য।

(জ) যেতিয়া খণ্ডিত তথ্যবোৰ দেখুৱাব লগা হয়, তেতিয়া আমি বহুদণ্ড চিত্ৰৰ কৰো।

উত্তৰঃ অসত্য।

2. বন্ধনীৰ ভিতৰত দিয়া উপযুক্ত শব্দৰে খালীঠাই পূৰ কৰাঃ

(ক) এখন ______ (তালিকা, লেখ) হ’ল পৰিসাংখ্যিকীয় তথাৰ স্তম্ভ আৰু শাৰীত শৃঙ্খলাবদ্ধভাৱে সজোৱা।

উত্তৰঃ এখন তালিকা হ’ল পৰিসাংখ্যিকীয় তথাৰ স্তম্ভ আৰু শাৰীত শৃঙ্খলাবদ্ধভাৱে সজোৱা।

(খ) মুখ্য টীকাটো তালিকাৰ _______ ৰ তলত থাকে। (শিৰোনামা, পাদটীকা)

উত্তৰঃ মুখ্য টীকাটো তালিকাৰ শিৰোনামা ৰ তলত থাকে।

(গ) ______ ত শাৰী শিৰোনামা আৰু ইয়াৰ অন্তৰ্ভূক্তি থাকে। (শাৰী শিৰোনামা, টীকা)

উত্তৰঃ শাৰী শিৰোনামাত শাৰী শিৰোনামা আৰু ইয়াৰ অন্তৰ্ভূক্তি থাকে।

(ঘ) পাদটীকা এটা তালিকাৰ ______ (ওপৰত, মূল বিষয়বস্তু, একেবাৰে তলত থাকে।

উত্তৰঃ পাদটীকা এটা তালিকাৰ একেবাৰে তলত থাকে।

(ঙ) এটা বৃত্ত চিত্ৰক ______ (এটা দণ্ড, এটা কৌণিক, এটা বহুদণ্ড চিত্র) বুলিও কোৱা হয়।

উত্তৰঃ এটা বৃত্ত চিত্ৰক এটা কৌণিক বুলিও কোৱা হয়।

(চ) উপাংশটোৰ মান _______ × 360° = (কালি, পৰিধি, উপাংশটোৰ মাত্ৰা)।

উত্তৰঃ উপাংশটোৰ মান উপাংশাৰ মাত্ৰা × 360° = (কালি, পৰি‍ধি, উপাংশটোৰ মাত্ৰা)।

(ছ) এটা ______ লেখে দুটা চলকৰ মাজৰ সম্পৰ্ক দেখুৱায়।

উত্তৰঃ এটা ৰেখা লেখে দুটা চলকৰ মাজৰ সম্পৰ্ক দেখুৱায়।

(ছ) যদি ৰৈখিক লেখত এটা চলক ______ হয়, তেন্তে ইয়াক কালশ্রেণী ৰৈখিক লেখ বুলি কোৱা হয়।

উত্তৰঃ যদি ৰৈখিক লেখত এটা চলক সময় হয়, তেন্তে ইয়াক কালশ্রেণী ৰৈখিক লেখ বুলি কোৱা হয়।

(জ) কালাধীন শ্রেণী ৰৈখিলক লেখত ______ এটা স্বতন্ত্র চলক।

উত্তৰঃ কালাধীন শ্ৰেণী ৰৈখিলক লেখত সময় এটা স্বতন্ত্র চলক।

(ঝ) কালশ্রেণী ৰৈখিক লেখত ______ চলকটো Y অক্ষত দেখুওৱা হয়।

উত্তৰঃ কালশ্রেণী ৰৈখিক লেখত নিৰ্ভৰশীল চলকটো Y অক্ষত দেখুওৱা হয়।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. পৰিসাংখ্যিকীয় তালিকা কি? ইয়াৰ বিভিন্ন অংশবোৰ উল্লেখ কৰা।

উত্তৰঃ পৰিসাংখ্যিকীয় তালিকা হ’ল তথ্যবিলাক স্তম্ভ আৰু শাৰীত শৃঙ্খলাবদ্ধভাৱে সজোৱা পদ্ধতি আৰু ইয়াৰ পূৰ্ব নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য থাকে।

তলত পৰিসাংখ্যিকীয় তালিকা উদাহৰণৰ সৈতে দেখুওৱা হ’লঃ

এখন মহাবিদ্যালয়ত 50 জন বিজ্ঞানৰ ছাত্ৰ আৰু 50 জন কলাৰ ছাত্ৰ আছে। দুখীয়া পৰিয়ালৰ ছাত্ৰৰ সংখ্যা প্ৰত্যেকটো পাঠ্যক্ৰমমতে একে আৰু তেওঁলোকৰ মুঠ সংখ্যা 30। ধনী পৰিয়ালৰ বিলাকৰ ক্ষেত্ৰত বিজ্ঞান আৰু বাণিজ্য বিষয় দুটা সমানে জনপ্রিয়, অথচ কলাশাখাত ধনী সংখ্যা দুগুণ। ধনী পৰিয়াল বিলাকৰ পৰা মুঠতে 40 জন মান ছাত্ৰই মহাবিদ্যালয়খনত অধ্যয়ন কৰে। আনহাতে বেছিভাগ ছাত্ৰই মধ্যবিত্ত শ্ৰেণীৰ তেওঁলোকৰ মুঠ সংখ্যা 80। 

এতিয়া এই তথ্যখিনি তলত তালিকা আকাৰত দেখুওৱা হ’লঃ

বিজ্ঞানকলাবাণিজ্যমুঠ
ধনী10201040
মধ্যবিত্ত30203080
দুখীয়া10101030
মুঠ505050150

পৰিসাংখ্যিকীয় তালিকা মূলতঃ দুই প্ৰকাৰৰ। 

(ক) প্রসঙ্গ বা সাধাৰণ উদ্দেশ্যে ব্যৱহৃত তালিকা। আৰু 

(খ) বিশেষ উদ্দেশ্যে ব্যবহৃত তালিকা।

2. তালিকা এখন প্ৰস্তুত কৰাৰ উদ্দেশ্য কি? এটা প্ৰসঙ্গত সাধাৰণ তালিকা আৰু বিশেষ তালিকাৰ মাজত পাৰ্থক্য উলিওৱা।

উত্তৰঃ তালিকা এখন প্ৰস্তুত কৰা উদ্দেশ্য হ’ল— সংশ্লিষ্ট তথ্যসমূহৰ উপস্থাপন আৰু তুলনা সহজ কৰি তোলা যাতে ছাত্র–ছাত্ৰীয়ে তেওঁলোকে বিচৰামতে তথ্যখিনি সহজে তালিকাত পাব পাৰে।

সাধাৰণ তালিকা আৰু বিশেষ তালিকাৰ মাজত থকা পাৰ্থক্য সমূহ হ’লঃ

সাধাৰণ তালিকাত পৰিসাংখ্যিকীয় বিষয় বিলাক বিতংভাৱে উপস্থাপন কৰা উদ্দেশ্যে তথ্যবিলাক মজুত কৰা হয়। এই তালিকাবিলাকৰ পৰা আমি কিছুমান সৰু সৰু তালিকাও প্রস্তুত কৰিব পাৰো। সাধাৰণতে ভাৰত চৰকাৰ আৰু ইয়াৰ বিভিন্ন এজেন্সি আৰু বিভাগসমূহে প্ৰস্তুত কৰা তালিকাসমূহক প্রসঙ্গ বা সাধাৰণ উদ্দেশ্যত ব্যৱহৃত তালিকা বুলি অভিহিত কৰা হয়।

আনহাতে, এখন তালিকাৰ অংশ বা উপাংশবিলাক তথ্যৰ প্ৰকৃতি আৰু তালিকাৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰে।

3. দণ্ড চিত্র কি? ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?

উত্তৰঃ ছাত্ৰ–ছাত্ৰীক আকৰ্ষণ কৰিব পৰাকৈ এডাল ৰেখা, যিয়ে কোনো তথ্যক উপস্থাপন কৰাত সহায় কৰে। এই ৰেখাডালৰ উচ্চতাই চলকটোৰ অথবা যিটো তথ্যৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছে, তাৰ পৰিমাণ দেখুৱায়। 

দণ্ডচিত্ৰ দুই প্ৰকাৰৰ।

(ক) সৰল দণ্ডচিত্ৰ। আৰু 

(খ) উপাংশ যুক্ত দণ্ড চিত্র।

সৰলৰ দণ্ড চিত্ৰ আকৌ দুই প্ৰকাৰত ভাগ কৰা হৈছে –

(ক) একক দণ্ডযুক্ত আৰু বহুমুখী দণ্ডচিত্র।

4. সৰল দণ্ড চিত্র, খণ্ডিত বা উপাংশ দণ্ড চিত্ৰ আৰু বহুদণ্ড চিত্ৰৰ মাজৰ পার্থক্য উলিওৱা।

উত্তৰঃ এটা সৰল দণ্ডচিত্ৰত কেৱল এটা চলকহে উপস্থাপন কৰিব পাৰি। সৰল ধণ্ড চিত্র দুই প্ৰকাৰৰ। একক দণ্ড চিত্ৰ আৰু বহুদণ্ড যুক্ত দণ্ডচিত্র। একক দণ্ডবিলাক উলম্ব আৰু আনুভূমিক হ’ব পাৰে।

আনহাতে কোনো ক্ষেত্ৰত এটাতকৈ অধিক আন্তঃসম্বন্ধ থকা তথ্য শ্রেণী দেখুৱাবলৈ একেটা দণ্ডকে ব্যৱহাৰ কৰা হয়। তেনে ক্ষেত্ৰত সৰল দণ্ডচিত্ৰ উপযুক্ত নহয়।

সৰল দণ্ড চিত্ৰই কেৱল এটা চলকহে উপস্থাপন কৰে। কিন্তু যেতিয়া মুঠ তথ্যখিনিক ভাগ কৰি অথবা বিভাজন কৰি দেখুৱাব লগা হয়, তেতিয়া আমি খণ্ডিত বা উপাংশ দণ্ডচিত্ৰ ব্যৱহাৰ কৰো।

5. বৃত্তচিত্ৰৰ অৰ্থ আৰু ব্যৱহাৰবোৰ লিখা। তলত দিয়া পৰিয়ালৰ ব্যয় তথ্যৰ পৰা এটা বৃত্ত চিত্ৰ প্ৰস্তুত কৰা।

ক্রমিক নংদ্ৰব্যৰ নামব্যয় টকাত
1আহাৰ480
2কাপোৰ300
3শিক্ষা আৰু আমোদ প্রমোদ330
4কেৰেয়া450
5অন্যান্য240
মুঠ ব্যয়1800

উত্তৰঃ তথ্য উপস্থাপনৰ ক্ষেত্ৰত বৃত্ত এটা গুৰুত্বপূৰ্ণ আৰু কাৰ্যকৰী ব্যৱস্থা। ই হ’ল এটা বৃত্তক বিভিন্ন অংশত ভাগ কৰি প্ৰত্যেক অংশৰে মুঠ তথ্যৰ পৰা উপাংশবিলাকৰ বাবে উলিওৱা অনুপাত বা শতাংশবোৰ দেখুওৱা এটা ব্যৱস্থা। তথ্যবিলাক শতাংশ হিচাপত ভাগ কৰি দেখুৱাবলৈ বৃত্ত চিনৰ ব্যৱহাৰ কৰা হয়।

তলত পৰিয়ালটোৰ ব্যয় তথ্যৰ এটা বৃত্ত চিত্ৰৰ সহায়ত উপস্থাপন কৰা হ’ল–

6. এটা উদাহৰণৰ সহায়ত কালশ্রেণী ৰৈখিক লেখৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া কোনো এটা অর্থনৈতিক চলক সময়ৰ সৈতে উপস্থাপন কৰা হয়, তেতিয়া ইয়াক কালশ্ৰেণী ৰৈখিক লেখ বুলি কোৱা হয়। ৰৈখিল লেখে দুটা চলকৰ মাজত সম্পর্ক দেখুৱায়। যদি এটা চলক সময়, যেনে – 

দিন, সপ্তাহ, মাছ বা বছৰ হয়, তেন্তে আমি কালশ্রেণী ৰৈখিক লেখ পাব পাৰো। কালশ্রেণী ৰৈশ্বিক লেখত সময় স্বতন্ত্র চলক আৰু ইয়াক X অক্ষত উপস্থাপন কৰা হয়। আনটো চলক নিৰ্ভৰশীল আৰু ইয়াক Y অক্ষত দেখুওৱা হয়।

7. তলৰ তথ্যৰ পৰা কালশ্রেণী ৰৈখিক লেখ অংকন কৰা।

X দেশখনৰ চিমেণ্ট উৎপাদন

বছৰউৎপাদন (লাখ টন)
1990–9168
1991–9378
1992–9381
1993–9461
1994–9578
1995–9695

উত্তৰঃ

কালশ্রেণী ৰৈখিল লেখ

ইয়াত X অক্ষত সময় আৰু Y অক্ষত উৎপাদন দেখুওৱা হৈছে। এই লেখটোত সময় আৰু উৎপাদন দুয়োটা দেখুওৱা হৈছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে উৎপাদনৰো পৰিৱৰ্ত্তন হয়। ‘A’ বিন্দুটোৱে X নামৰ দেশখনৰ চিমেণ্ট উৎপাদন 1990–91 চনত আছিল 68 লাখ টন। সেইদৰে ‘B, ‘C’, ‘D’, ‘E’ আৰু ‘F’ বিন্দুকেইটাই ইয়াৰ পিছৰ বৰ্ষবিলাকত চিমেণ্ট উৎপাদন দেখুৱাইছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top