ASOS Class 12 Economics Chapter 4 পৰিসংখ্যাঃ অৰ্থব্যৱস্থা আৰু পৰিসৰ

ASOS Class 12 Economics Chapter 4 পৰিসংখ্যাঃ অৰ্থব্যৱস্থা আৰু পৰিসৰ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 4 পৰিসংখ্যাঃ অৰ্থব্যৱস্থা আৰু পৰিসৰ and select needs one.

ASOS Class 12 Economics Chapter 4 পৰিসংখ্যাঃ অৰ্থব্যৱস্থা আৰু পৰিসৰ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 4 পৰিসংখ্যাঃ অৰ্থব্যৱস্থা আৰু পৰিসৰ Solutions for All Subject, You can practice these here.

পৰিসংখ্যাঃ অৰ্থব্যৱস্থা আৰু পৰিসৰ

Chapter : 4

4.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বন্ধনী ভিতৰত দিয়া উপযুক্ত শব্দেৰে খালা ঠাই পূৰণ কৰাঃ

(ক) কোনো এটা পর্যবেক্ষণ এটা তত্ত্বলৈ উন্নীত হয় যেতিয়া ইয়াক______ (পৰিসাংখ্যিকীয় তথ্যই, চৰকাৰী বিভাগে) নিশ্চিত কৰে।

উত্তৰঃ কোনো এটা পর্যবেক্ষণ এটা তত্ত্বলৈ উন্নীত হয় যেতিয়া ইয়াক পৰিসাংখ্যিকীয় তথ্যই নিশ্চিত কৰে।

(খ) পৰিসংখ্যাৰ বহুল অর্থই পৰিসাংখ্যিকীয় ______ (পদ্ধতি, তথ্যক) বুজায়?

উত্তৰঃ পৰিসংখ্যাৰ বহুল অর্থই পৰিসাংখ্যিকীয় তথ্যক বুজায়।

2. তলত দিয়া উক্তিবোৰৰ কোনটো পৰিমাণবাচক তথ্য?

(ক) অঞ্জু তেওঁৰ শ্ৰেণীৰ আটাইতকৈ ওছ ছোৱালী।

(খ) মঞ্জু তেওঁৰ শ্ৰেণীৰ আটাইতকৈ চাপৰ ছোৱালী। 

(গ) দীপক মোহনতকৈ 1 ইঞ্চি ওখ।

(ঘ) মোহন আৰু ছোহনৰ উচ্চতা একে।

উত্তৰঃ (গ) দীপক মোহনতকৈ 1 ইঞ্চি ওখ।

3. তলত দিয়া কোনটো উক্তি একক অৰ্থত ব্যৱহৃত পৰিসংখ্যা?

(ক) কপিলে ক্ৰিকেটৰ ইনিংচত এশ ৰাণ কৰিলে।

(খ) কপিলে প্রতি ইনিংছত গড়ে 50 ৰাণকৈ কৰিছিল।

(গ) কপিলে মুঠতে 20 খন টেষ্ট মেচ খেলিছিল।

(ঘ) কপিলৰ সৰ্বোচ্চ স্ক’ৰ আছিল 175 ৰাণ।

উত্তৰঃ (খ) কপিলে প্রতি ইনিংছত গড়ে 50 ৰাণকৈ কৰিছিল।

4.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিবিলাকৰ শুদ্ধটোত (√) চিন দিয়াঃ

(ক) পৰিসাংখ্যিকীয় তথ্য হ’ল—

(i) তথ্যৰ সাংখ্যিক প্রকাশ।

(ii) গুণবাচক তথ্য।

(iii) পৰিমাণবাচক আৰু গুণবাচক দুয়োটাই।

উত্তৰঃ (i) তথ্যৰ সাংখ্যিক প্রকাশ।

(খ) পৰিসাংখ্যিকীয় তথ্য হ’ল—

(i) একক বা পৃথককৈ প্ৰকাশ কৰা সংখ্যা বা তথ্য।

(ii) যথার্থ তথ্যবিলাকৰ সমষ্টি।

(iii) অপ্ৰণালীবদ্ধ আৰু অনাশৃংখলাবদ্ধ তথ্য।

উত্তৰঃ (ii) যথার্থ তথ্যবিলাকৰ সমষ্টি।

2. তলৰ উক্তি বিলাক শুদ্ধ নে অশুদ্ধ কোৱা—

(ক) পৰিসাংখ্যিকীয় তথ্যবিলাক সাংখ্যিক তথ্য।

উত্তৰঃ শুদ্ধ।

(খ) পৰিসাংখ্যিকীয় তথ্যবিলাক একক বা বিচ্ছিন্ন তথ্য নহয়?

উত্তৰঃ শুদ্ধ।

(গ) পৰিসাংখ্যিকীয় তথ্যবিলাক গুণবাচক তথ্য।

উত্তৰঃ অশুদ্ধ।

4.2. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰা—

(ক) বহুল অৰ্থত পৰিসংখ্যাৰ অৰ্থ হ’ল—

উত্তৰঃ বহুল অৰ্থত পৰিসংখ্যাৰ অৰ্থ হ’ল পৰিসাংখ্যিকীয় তথা।

(খ) একক অৰ্থত পৰিসংখ্যাৰ অৰ্থ হ’ল—

উত্তৰঃ একক অৰ্থত পৰিসংখ্যাৰ অৰ্থ হ’ল পৰিসাংখ্যিকীয় পদ্ধতি।

(গ) পৰিসংখ্যাৰ প্ৰথম পদক্ষেপটো হ’ল—

উত্তৰঃ পৰিসংখ্যাৰ প্ৰথম পদক্ষেপটো হ’ল তথ্যৰ সংগ্রহ।

(ঘ) পৰিসংখ্যাৰ শেষৰ পদক্ষেপটো হ’ল—

উত্তৰঃ পৰিসংখ্যাৰ শেষৰ পদক্ষেপটো হ’ল তথ্যৰ অন্তৰ্নিহিত ব্যাখ্যা।

(ঙ) ভুল সিদ্ধান্তই ______ প্ৰস্তুত কৰাব পাৰে।

উত্তৰঃ ভুল সিদ্ধান্তই ভুল নীতি প্ৰস্তুত কৰাব পাৰে। 

(চ) ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক বুলেটিন আৰু ৰাষ্ট্ৰীয় হিচাপ পৰিসংখ্যা ______ তথ্যৰ উৎস।

উত্তৰঃ (চ) ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক বুলেটিন আৰু ৰাষ্ট্ৰীয় হিচাপ পৰিসংখ্যা গৌণ উৎস।

2. ক্রম অনুসৰি সজোৱাঃ

(ক) তথ্যৰ সংগ্ৰহ1. গড়, বহুলক, মাধ্যিকী
(খ) উপস্থাপন2. মুখ্য আৰু গৌণ উৎস
(গ) বিশ্লেষণ3. সিদ্ধান্তত উপনীত কৰায়
(ঘ) অন্তর্নিহিত ব্যাখ্যাই4. তালিকা, চিত্র, ছবি

উত্তৰঃ

(ক) তথ্যৰ সংগ্ৰহ2. মুখ্য আৰু গৌণ উৎস
(খ) উপস্থাপন4. তালিকা, চিত্র, ছবি
(গ) বিশ্লেষণ1. গড়, বহুলক, মাধ্যিকী
(ঘ) অন্তর্নিহিত ব্যাখ্যাই3. সিদ্ধান্তত উপনীত কৰায়

3. ‘বিশ্লেষণ’ সম্পর্কে কোনটো উক্তি সত্য নহয়?

(ক) বিশ্লেষণ উপস্থাপনৰ পিছতে আহে।

(খ) বিশ্লেষণে ‘কেন্দ্রীয় প্রবৃত্তি জোখ (মাপ)’ৰ আহিলাসমূহ ব্যৱহাৰ কৰে।

(গ) বিশ্লেষণ পৰিসাংখ্যিকীয় অনুসন্ধানৰ শেষ পর্যায় বা স্তৰ।

(ঘ) বিশ্লেষণে সংগৃহীত তথ্যৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে।

উত্তৰঃ (খ) বিশ্লেষণে ‘কেন্দ্ৰীয় প্ৰবৃত্তি জোখ (মাপ) ‘ৰ আহিলাসমূহ ব্যৱহাৰ কৰে।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. অৰ্থনীতিত পৰিসংখ্যাৰ প্ৰয়োজনীয়তা উল্লেখ কৰা।

উত্তৰঃ আমাৰ জীৱনত প্ৰতিটো খোজত পৰিসাংখ্যিকীয় তথ্যৰ প্ৰয়োজনীয়ত আছে। কোনো এটা ক্ষেত্ৰ অধ্যয়নৰ পৰিমাণগত তথ্য নাথাকিলে সেই ক্ষেত্ৰৰ অধ্যয়ন সম্পূর্ণ নহয়। আমাৰ অধ্যয়নৰ বিষয়বোৰ যেন অর্থনীতি, হিচাপ ৰক্ষন, ভূগোল, পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আদি সকলো বিষয় পৰিমাণগত তথ্যৰে পৰিপূৰ্ণ। পৰিসাংখ্যিকীয় তথ্যৰ সহায় নহ’লে কোনো চৰকাৰী কাম–কাজ সম্ভব নহয়। অর্থনীতি অধ্যয়নত পৰিসংখ্যাৰ প্রয়োজনীয়তা অপৰিসীম। এইবিলাক তলত উল্লেখ কৰা হ’ল।

(ক) অর্থনৈতিক তত্ত্বৰ অনুমোদন জনোৱা বা নজনোৱা এই দুয়োটাৰ বাবে পৰিসংখ্যাৰ প্ৰয়োজন। কোনো এটা অর্থনৈতিক তত্ত্ব আগবাঢ়ে আমাৰ জীৱন পর্যবেক্ষণৰ ওপৰত আৰু পৰ্যবেক্ষণৰ লগত সম্পৰ্ক থকা পৰিসাংখ্যিকীয় তথ্যৰ ওপৰত ভিত্তি কৰি সেই তথ্যটো অনুমোদিত হ’ব বা নহ’ব পাৰে।

(খ) কোনো এটা অৰ্থনীতিৰ গাঁঠনি প্ৰকাশ কৰিবলৈ পৰিসংখ্যাৰ প্ৰয়োজন। কোনো এটা অৰ্থব্যৱস্থাৰ গাঁঠনি আমি কেৱল তথ্যৰ সহায়তহে অধ্যয়ন কৰো। জনসংখ্যা, প্রাকৃতিক সম্পদ, নিয়োগ, ৰাষ্ট্ৰীয় আয়, উৎপাদন, ৰপ্তানি, আমদানি ইত্যাদিৰ পৰিসাংখ্যিকীয় তথ্য জানিব লগা হয়। অর্থ ব্যৱস্থাৰ ত্ৰুটিবোৰ জানিবলৈ হ’লে আমি এইবিলাক পৰিসংখ্যা জানিব লাগে।

(গ) পৰিকল্পনাৰ বাবে পৰিসংখ্যাৰ প্ৰয়োজন। পৰিসাংখ্যিকীয় তথ্যৰ সহা নহ’লে কোনো অর্থনৈতিক পৰিকল্পনাই সম্ভৱ নহয়। ভাৰতবৰ্ষ এখন অত্যধিক জনবসতিপূর্ণ দেশ। কিন্তু এই জনাধিক্যৰ আকাৰ সম্পৰ্কে জনা যাৰ প্ৰকৃত জনসংখ্যা আৰু ভৰণ–পোষণ দিব পৰা সম্পদ কিমান আছে, সেই বিষয়ক ও পৰাহে।

(ঘ) চৰকাৰৰ নীতি আৰু আঁচনিবিলাকৰ সফলতাৰ খতিয়ান জানিবলৈ পৰিসাংখ্যিকীয় তথ্য বিশ্লেষণৰ প্ৰয়োজন। পৰিকল্পনা কেৱল ৰূপায়ণ কৰিলেই নহ’ব। সেইবিলাক সঠিকভাৱে ৰূপায়ণ কৰা হৈছেনে নাই সেই কথাও জনাটো

প্রয়োজন৷ ইয়াৰ বাবে আমি পৰিসাংখ্যিকীয় তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অৰ্থাৎ পৰিকল্পনা কালত উৎপাদন, নিয়োগ আদি কিমান পৰিমাণ সংঘটিত হৈছে, সেই কথা জনাৰ অতি আবশ্যক।

2. পৰিসংখ্যাৰ পৰিসৰ ব্যাখ্যা কৰা।

উত্তৰঃ পৰিসংখ্যা শব্দটো দুটা অৰ্থত ব্যৱহাৰ কৰা হয়।

(ক) বহুল অৰ্থত। আৰু

(খ) একক অৰ্থত।

বহুল অৰ্থত পৰিমাণগত তথ্য অথবা পৰিসাংখ্যিকীয় তথ্যক বুজায়। একক অৰ্থত পৰিমাণগত তথ্যত উপনীত হ’বলৈ বা ইয়াৰ লগত সম্পর্কিত কাৰ্য কৰাৰ নিমিত্তে ব্যৱহৃত পদ্ধতি বা পদ্ধতিবিলাকক বুজোৱা হয়। তলৰ উদাহৰণৰ দ্বাৰা এই দুয়োটাৰ মাজত থকা পাৰ্থক্য সহজে অনুমান কৰিব পাৰি।

ভাৰতত জনসংখ্যা বৃদ্ধি

বছৰজনসংখ্যা (কোটি হিচাপত)
195136.1
1961 43.9
1971 54.8
198168.5
199184.6

তালিকাত বিভিন্ন বছৰত জনসংখ্যা দেখুওৱা হৈছে। ইয়াত আমি জনসংখ্যাৰ পৰিমাণ বা সংখ্যাগত তথ্যৰ প্ৰকাশ কৰা হৈছে। এই ক্ষেত্ৰত পৰিসংখ্যাৰ বহল অৰ্থত ব্যৱহাৰ কৰা হৈছে।

বহল অৰ্থত পৰিসংখ্যা বুজাবলৈ হ’লে পৰিমাণগত তথ্য বা পৰিসাংখ্যিকীয় তথ্যকে বুজোৱা হয়। আৰু একক অৰ্থ হ’ল পৰিসাংখ্যিকীয় তথ্য পাবলৈ ব্যৱহাৰ কৰা পৰিসাংখ্যিকীয় পদ্ধতিবিলাক।

3. এটা উদাহৰণৰ সহায়ত পৰিসাংখ্যিকীয় তথ্য আৰু পৰিসাংখ্যিকীয় পদ্ধতিৰ মাজত পাৰ্থক্য উলিওৱা।

উত্তৰঃ দৈনন্দিন জীৱনত আমি বাতৰি কাকত, আলোচনী, ৰেডিঅ’ আৰু টেলিভিছনত বিভিন্ন পৰিমাণগত তথ্য পাওঁ। এই পৰিমাণগত তথ্য বা প্রকাশবিলাককে পৰিসাংখ্যিকীয় তথ্য বা পৰিসংখ্যা বুলি কোৱা হয়।

আমাৰ জীৱনত প্ৰতিটো খোজত পৰিসাংখ্যিকীয় তথ্যৰ প্ৰয়োজনীয়তা আছে। কোনো এটা ক্ষেত্র অধ্যয়নৰ পৰিমাণগত তথ্য নাথাকিলে সেই ক্ষেত্ৰৰ অধ্যয়ন সম্পূৰ্ণ নহয়। আমাৰ অধ্যয়নৰ বিষয়বোৰ যেন অর্থনীতি, হিচাপ ৰক্ষন, ভূগোল, পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আদি সকলো বিষয় পৰিমাণগত তথ্যৰে পৰিপূৰ্ণ। পৰিসাংখ্যিকীয় তথ্যৰ সহায় নহ’লে কোনো চৰকাৰী কাম–কাজ সম্ভৱ নহয়। অর্থনীতি অধ্যয়নত পৰিসংখ্যাৰ প্ৰয়োজনীয়তা অপৰিসীম। এইবিলাক তলত উল্লেখ কৰা হ’ল।

(ক) অর্থনৈতিক তত্ত্বৰ অনুমোদন জনোৱা বা নজনোৱা এই দুয়োটাৰ বাবে পৰিসংখ্যাৰ প্ৰয়োজন। কোনো এটা অর্থনৈতিক তত্ত্ব আগবাঢ়ে আমাৰ জীৱন পর্যবেক্ষণৰ ওপৰত আৰু পৰ্যবেক্ষণৰ লগত সম্পর্ক থকা পৰিসাংখ্যিকীয় তথ্যৰ ওপৰত ভিত্তি কৰি সেই তথ্যটো অনুমোদিত হ’ব বা নহ’ব পাৰে।

(খ) কোনো এটা অৰ্থনীতিৰ গাঁঠনি প্ৰকাশ কৰিবলৈ পৰিসংখ্যাৰ প্ৰয়োজন। কোনো এটা অৰ্থব্যৱস্থাৰ গাঁঠনি আমি কেৱল তথ্যৰ সহায়তাহ অধ্যয়ন কৰো। জনসংখ্যা, প্রাকৃতিক সম্পদ, নিয়োগ, ৰাষ্ট্ৰীয় আয়, উৎপাদন, ৰপ্তানি, আমদানি ইত্যাদিৰ পৰিসাংখ্যিকীয় তথ্য জানিব লগা হয়। অর্থ ব্যৱস্থাৰ ত্ৰুটিবোৰ জানিবলৈ হ’লে আমি এইবিলাক পৰিসংখ্যা জানিব লাগে।

(গ) পৰিকল্পনাৰ বাবে পৰিসংখ্যাৰ প্ৰয়োজন। পৰিসাংখ্যিকীয় তথ্যৰ সহায় নহ’লে কোনো অর্থনৈতিক পৰিকল্পনাই সম্ভৱ নহয়। ভাৰতবৰ্ষ এখন অত্যধিক জনবসতিপূর্ণ দেশ। কিন্তু এই জনাধিক্যৰ আকাৰ সম্পৰ্কে জনা যাব প্ৰকৃত জনসংখ্যা আৰু ভৰণ–পোষণ দিব পৰা সম্পদ কিমান আছে, সেই বিষয়ক তথ্যৰ পৰাহে।

(ঘ) চৰকাৰৰ নীতি আৰু আঁচনিবিলাকৰ সফলতাৰ খতিয়ান জানিবলৈ পৰিসাংখ্যিকীয় তথ্য বিশ্লেষণৰ প্ৰয়োজন। পৰিকল্পনা কেৱল ৰূপায়ণ কৰিলেই নহ’ব। সেইবিলাক সঠিকভাৱে ৰূপায়ণ কৰা হৈছেনে নাই সেই কথাও জনাটো প্রয়োজন। ইয়াৰ বাবে আমি পৰিসাংখ্যিকীয় তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অর্থাৎ পৰিকল্পনা কালত উৎপাদন, নিয়োগ আদি কিমান পৰিমাণ সংঘটিত হৈছে, সেই কথা জনাৰ অতি আৱশ্যক।

4. পৰিসাংখ্যিকীয় তথ্যৰ অৰ্থ আৰু ইয়াৰ বৈশিষ্ট্য ব্যাখ্যা কৰা।

উত্তৰঃ পৰিসাংখ্যিকীয় তথ্য হ’ল গাণিতিক উক্তিসমূহ। পৰিসাংখ্যিকীয় তথ্য দুটা অৰ্থত ব্যৱহাৰ কৰা হয়। বহল অৰ্থত আৰু একক অৰ্থত।বহল অৰ্থত পৰিসংখ্যা বুজাবলৈ হ’লে পৰিমাণগত তথ্য বা পৰিসাংখ্যিকীয় তথ্যকে বুজোৱা হয়। আৰু একক অৰ্থ হ’ল পৰিসাংখ্যিকীয় তথ্য পাবলৈ ব্যৱহাৰ কৰা পৰিসাংখ্যিকীয় পদ্ধতিবিলাক।

পাৰিসাংখ্যিকীয় তথাৰ বৈশিষ্ট্যবিলাক তলত আলোচনা কৰা হ’লঃ

(ক) পৰিসাংখ্যিকীয় তথ্যবিলাক যথাৰ্থতাৰ সমষ্টিঃ একক আৰু পৰিমাণগত সংখ্যাবোৰ পৰিসংখ্যাৰ ভিতৰত নপৰে। একমাত্র প্রদত্ত সংখ্যাৰ তুলনা সম্ভৱ নহয়।

(খ) পৰিসাংখ্যিকীয় তথ্যবিলাক সাংখ্যিক ৰূপত প্ৰকাশ কৰা হয়ঃ কিছুমান পৰিমাণবাচক উক্তি যেনে ভাৰতৰ জনমুৰি আয় নিম্ন অথবা ভাৰতৰ জনসংখ্যা দ্রুতভাৱে বৃদ্ধি পাইছে, এনেবোৰ পৰিসংখ্যা নহয়। এই উক্তিবিলাক পৰিমাণবাচক তথ্যৰ পৰা পোৱা কিছুমান সিদ্ধান্তহে।

(গ) তথ্যবিলাক প্রণালীবদ্ধভাৱে সংগ্ৰহ কৰা হয়ঃ তথ্যসংগ্ৰহৰ বাবে আগতীয়া পৰিকল্পনাৰ প্ৰয়োজন। জধে মধে কৰা তথ্য সংগ্ৰহৰ পৰা ভুল সিদ্ধান্ত পোৱা যাব পাৰে।

(ঘ) তথ্যবিলাক এটা যুক্তিসংগত মাত্ৰা বা মানত সঠিক হ’ব লাগিবঃ যদি আমাৰ অধ্যয়নৰ ক্ষেত্ৰ কম হয়, তেন্তে তথ্যৰ গণনা এটা বিবেচনাযোগ্য পর্যায় বা শুদ্ধতাৰ মাত্ৰাত কৰিব পৰা যায়৷ উদাহৰণ স্বৰূপে, কোনো এটা কমসংখ্যক ছাত্র–ছাত্রী থকা শ্ৰেণীত তেওঁলোকৰ বয়স বা উচ্চতাৰ গণনা বেছি বিশুদ্ধতাৰে কৰিব পৰা যায়। কিন্তু যদি অধ্যয়নৰ ক্ষেত্ৰবিলাক বেছি ডাঙৰ হয়, তেন্ত তথ্য সংগ্ৰহত ভূল হোৱাৰ সম্ভাৱনা বেছি হয়।

(ঙ) পৰিসাংখ্যিকীয় তথ্য পূৰ্বনিৰ্দ্ধাৰিত উদ্দেশ্যত সংগ্ৰহ কৰা হয়ঃ তথ্য সংগ্ৰহৰ আগতে কি উদ্দেশ্যে অথবা কি কাৰণে সংগ্ৰহ কৰা হয়, সেই বিষয়ে সম্পূৰ্ণ ধাৰণা স্পষ্ট কৰা প্রয়োজন। উদাহৰণস্বৰূপে যদি আমি কোনো এখন 

বিদ্যালয়ৰ মাধ্যমিক স্তৰৰ ছাত্ৰ–ছাত্ৰীসকলৰ এটা বা ততোধিক বিষয়ৰ প্ৰদৰ্শন কৰিব বিচাৰো, তেন্তে প্ৰথমে আমি বিষয়বিলাক বাছি উলিয়াই সেইবিলাক কোন কোন বছৰৰ বাবে তুলনা কৰা হৈছে সেই কথা স্পষ্ট হ’ব লাগে।

5. পৰিসাংখ্যিকীয় অনুসন্ধানৰ বিভিন্ন পর্যায়বোৰ চমুকৈ কোৱা।

উত্তৰঃ পৰিসাংখ্যিকীয় অনুসন্ধানৰ বিভিন্ন পর্যায়বোৰ তলত আলোচনা কৰা হ’লঃ

(ক) তথ্যৰ সংগ্ৰহঃ কোনো এটা সমস্যা অধ্যয়ন কৰিবলৈ হ’লে তথ্য সংগ্ৰহ কৰিব লাগে। তথ্য অনুসন্ধানকাৰীয়ে নিজে সংগ্ৰহ কৰিব পাৰে। এনেবিলাক তথ্যক প্রাথমিক বা মুখ্য তথ্য বুলি কোৱা হয়। অনুসন্ধানকাৰীয়ে তথ্য অন্যান্য উৎসৰ পৰাও পাব পাৰে। এনেবিলাক কথ্যক গৌণ তথ্য বুলি কোৱা হয়।

(খ) তথ্যৰ উপস্থাপনঃ তথ্যবিলাক সংগ্রহ কৰাৰ পিছত এইবিলাক শৃংখলাবদ্ধভাৱে বিভিন্ন আকাৰত সজোৱা বা উপস্থাপন কৰা হয়। বাৰংবাৰতা বিভাজন, তালিকা, লেখ চিত্র, ছবি ইত্যাদি মাধ্যমেৰে তথ্যসমূহ উপস্থাপন কৰা হয়।

(গ) তথ্যৰ বিশ্লেষণঃ তথ্য উপস্থাপনৰ পিছৰ পৰ্যায়টো হ’ল তথ্যৰ বিশ্লেষণ। তথ্যবিলাকৰ পৰা কোনো নিশ্চিত সিদ্ধান্ত পাবলৈ এই পদক্ষেপ লোৱা হয়। কোনো এটা অর্থনৈতিক বা আন কোনো সমস্যা বিশ্লেষণ কৰিবলৈ হ’লে কিছুমান পৰিসাংখ্যিকীয় পদ্ধতি যেনে— গড় পৰিমাপসমূহ মাধ্য, মাধ্যিকী বা বহুলক আদিৰ ব্যৱহাৰ কৰাটো অপৰিহাৰ্য্য।

(ঘ) তথ্যবিলাকৰ অন্তর্নিহিত অৰ্থৰ ব্যাখ্যাঃ কোনো এটা পৰিসাংখ্যিকীয় অনুসন্ধানৰ শেষ পৰ্যায়টো হ’ল এইবিলাকৰ অন্তর্নিহিত অর্থ ব্যাখ্যা কৰা। পৰিসাংখ্যিকীয় পদ্ধতিৰ সহায়ত অৰ্থৰ ব্যাখ্যা কৰাৰ পিছত নিৰ্দিষ্ট নীতি নির্ধাৰণ কৰাৰ বাবে কিছুমান সিদ্ধান্তত উপনীত হ’ব লগা হয়। ইয়াৰ বাবে তথ্যবিলাকৰ অন্তর্নিহিত অর্থ ব্যাখ্যা কৰাটো প্ৰয়োজন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top