ASOS Class 12 Economics Chapter 34 বৈদেশিক বিনিময়ৰ হাৰ

ASOS Class 12 Economics Chapter 34 বৈদেশিক বিনিময়ৰ হাৰ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 34 বৈদেশিক বিনিময়ৰ হাৰ and select needs one.

ASOS Class 12 Economics Chapter 34 বৈদেশিক বিনিময়ৰ হাৰ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 34 বৈদেশিক বিনিময়ৰ হাৰ Solutions for All Subject, You can practice these here.

বৈদেশিক বিনিময়ৰ হাৰ

Chapter : 34

34.1পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিবোৰৰ সঁচানে মিছা লিখাঃ

(i) প্রত্যেক বৈদেশিক মুদ্ৰাৰে নিৰ্দিষ্ট দেশ এখনৰ মুদ্ৰাৰ সৈতে এক বিনিময়ৰ হাৰ একে।

উত্তৰঃ সঁচা।

(ii) বিনিময়ৰ হাৰ অবিহনে বৈদেশিক বাণিজ্য কৰা সম্ভৱ নহয়।

উত্তৰঃ সঁচা।

(iii) প্রত্যেক দেশৰ মুদ্ৰা অন্যান্য দিশতো বিনিময়ৰ মাধ্যম হ’ব পাৰে।

উত্তৰঃ মিছা।

34.2 পাঠ-অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বন্ধনীৰ পৰা শুদ্ধ শব্দ বাছি উলিয়াই খালী ঠাই পূৰণ কৰাঃ

(i) স্থিৰ বিনিময় ব্যৱস্থাত স্থিৰ বিনিময় হাৰ______নিৰ্ধাৰণ কৰে। (কেন্দ্ৰীয় বেংকে, চৰকাৰে)

উত্তৰঃ কেন্দ্ৰীয় বেংক।

(ii) কেন্দ্রীয় বেংকে বিনিময়ৰ হাৰ নিৰ্ধাৰণ কৰিলে তাক _____। (সলনি কৰিব পাৰি, সলনি কৰিব নোৱাৰি)

উত্তৰঃ সলনি কৰিব পাৰি।

(iii) ভাৰতৰ ৰিজাৰ্ভ বেংকে শুদ্ধ বৈদেশিক মুদ্রা আগমন______ কৰিবলৈ বিনিময়ৰ হাৰ সলনি কৰিছে। (বঢ়াবলৈ, কমাবলৈ)

উত্তৰঃ বঢ়াবলৈ।

(iv) অৱমূল্যায়ন হৈছে বৈদেশিক মুদ্ৰাৰ মানত দেশীয় মুদ্ৰাৰ মূল্য______কৰা কাৰ্য। (হ্ৰাস, বৃদ্ধি)

উত্তৰঃ হ্ৰাস।

34.3 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ মন্তব্যবোৰ সঁচানে মিছা লিখাঃ

(i) বিদেশত থকা বজাৰক বৈদেশিক বিনিময় বজাৰ বোলে।

উত্তৰঃ মিছা।

(ii) বৈদেশিক বিনিময় বজাৰত বিদেশৰ সৈতে দ্ৰব্য সামগ্রী কিনা-বেচা কৰা হয়।

উত্তৰঃ মিছা।

(iii) যি হাৰত আমদানি আৰু ৰপ্তানি সমান হয়, তাকে ভাৰসাম্য বিনিময় হাৰ বোলা হয়।

উত্তৰঃ মিছা।

(iv) বৈদেশিক মুদ্রা-চাহিদা আৰু যোগানে ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ কৰে।

উত্তৰঃ সঁচা।

34.4 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়াবোৰ সঁচা নে মিছা লিখাঃ 

(i) বৈদেশিক বিমিয়ৰ ভাৰসাম্য হাৰৰ কোনো পৰিৱৰ্তন হয়।

উত্তৰঃ মিছা।

(ii) বৈদেশিক বিনিময়ৰ ভাৰসাম্য হাৰৰ ব্যাপক হ্রাস-বৃদ্ধি অৰ্থনীতিৰ বাবে ক্ষতিকাৰক।

উত্তৰঃ সঁচা।

(iii) ভাৰতৰ ৰিজাৰ্ভ বেংকে বৈদেশিক বিনিময়ৰ বজাৰত প্ৰৱেশ কৰি বৈদেশিক মুদ্রা বজাৰৰ পৰিৱৰ্তন হ্ৰাস কৰে।

উত্তৰঃ সঁচা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. বৈদেশিক বিনিময়ৰ হাৰৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ বিভিন্ন দেশৰ মুদ্ৰা ভিন্ন ভিন্ন। উদাহৰণস্বৰূপে ভাৰতৰ মুদ্ৰা হৈছে টকা, ব্ৰিটেইনৰ মুদ্রা পাউণ্ড, ষ্টার্লিং আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰা হৈছে ডলাৰ। এখন দেশৰ মুদ্ৰাক আন এখন দেশৰ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। ইয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত সমস্যাৰ সৃষ্টি কৰে। ধৰাহ’ল এজন ভাৰতীয় ব্যৱসায়ীয়ে ব্ৰিটেইনৰ পৰা কিছুমান দ্রব্য আমদানি কৰিব বিচাৰিছে। ব্ৰিটেইনত থকা যিজন ব্যৱসায়ীৰ পৰা ভাৰতীয় ব্যৱসায়ীজনে সামগ্ৰী ক্ৰয় কৰিব বিচাহিছে, সেই ব্যৱসায়ীজনে নিজৰ দেশৰ মুদ্রা, অৰ্থাৎ পাউণ্ডৰ হিচাপত দ্ৰব্যৰ দৰ উদ্ধৃত কৰি দিব। ধৰাহ’ল, তেওঁ প্ৰতি গোটৰ দাম 10 পাউণ্ড হিচাপত উদ্ধৃত কৰি দিলে, ভাৰতীয় ব্যৱসায়ীজনে এই দৰ টকাৰ হিচাপত জনা উচিত, কিয়নো পাউণ্ড হিচাপত প্ৰকাশ কৰা দৰ তেওঁৰ বাবে অপ্ৰাসংগিক। তাৰ বাবে তেওঁ পাউণ্ডত প্ৰকাশ কৰা দাম টকালৈ ৰূপান্তৰ কৰিব লাগিব। 10 পাউণ্ড কিমান টকাৰ সমান হ’ব, সেইটো নিৰ্ভৰ কৰিব পাউণ্ড আৰু টকাৰ বিনিময়ৰ হাৰৰ ওপৰত। এই বিনিময়ৰ হাৰকেই বৈদেশিক বিনিময়ৰ হাৰ বোলা হয়।

2. স্থিৰ বিনিময়ৰ হাৰ আৰু বজাৰে নিৰূপণ কৰা বৈদেশিক বিনিময় হাৰৰ পার্থক্য উলিওৱা।

উত্তৰঃ যেতিয়া এখন দেশৰ মুদ্ৰা আৰু বৈদেশিক মুদ্ৰাৰ বিনিময়ৰ হাৰ সেইখন দেশৰ মৌদ্রিক কর্তৃপক্ষই (কেন্দ্ৰীয় বেংক) স্থিৰ কৰি দিয়ে, তাক স্থিৰ বৈদেশিক বিনিময়ৰ হাৰ বোলা হয়। ভাৰতৰ ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰি দিয়া বৈদেশিক বিনিময়ৰ হাৰটোক স্থিৰ বিনিময়ৰ হাৰ বোলা হয়। অৱশ্যে, ইয়াৰ দ্বাৰা এইটোকে নুবুজায় যেই এই হাৰ সলনিয়েই নহয়। ই ইয়াকে বুজায় যে কেৱল কেন্দ্ৰীয় বেংকেহে এইটো সাল-সলনি ঘটাব পাৰে। প্ৰকৃততে বৈদেশিক বিনিময়ৰ পৰিৱৰ্তনে ৰপ্তানি বৃদ্ধি আৰু আমদানি হ্রাস হোৱাত বৰঙণি যোগাব পাৰে। ভাৰতৰ ৰিজাৰ্ভ বেংকে কেৱল যে বৈদেশিক বিনিময়ৰ হাৰ নিৰ্ধাৰণ কৰে, এনে নহয়। ই বৈদেশিক মুদ্ৰাৰ আগমন আৰু বহির্গমনো নিয়ন্ত্রণ কৰে। ৰপ্তানিকাৰীসকলে কৰ্তৃত্বশীল ব্যৱসায়ীসকলৰ হাতত ৰপ্তানি কৰি পোৱা বৈদেশিক মুদ্ৰাৰ ৰছিদ অৰ্পণ কৰিব লাগে আৰু তাৰ বাবদ নিৰ্ধাৰিত বিনিময়ৰ হাৰ অনুসৰি টকা পায়। আমদানিৰ পৰিমাণো কঠোৰভাৱে নিয়ন্ত্ৰিত কৰা হয়, যিহেতু ইয়াৰ ফলত বৈদেশিক মুদ্ৰাৰ বহির্গমন হয়। অনুজ্ঞাপত্ৰ থকা আমদানিকাৰীসকলে কৰ্তৃত্বশীল ব্যৱসায়ীসকলৰ হাতৰ পৰা স্থিৰ হাৰত বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰে। ভাৰতত বৈদেশিক মুদ্রা সংৰক্ষণৰ বাবে, যিহেতু বৈদেশিক মুদ্রা সীমিত পৰিমাণত আছিল আৰু বৈদেশিক মুদ্রা নাটনিৰ সমস্যাত নপৰিবৰ বাবে এই ব্যৱস্থাসমূহ লোৱাটো জৰুৰী হৈ পৰিছে। কঠোৰ বিনিময় নিয়ন্ত্রণে সঞ্চিত বৈদেশিক মুদ্ৰাৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰাত আৰু কেৱল প্ৰয়োজনীয় সামগ্ৰীহে আমদানি কৰাত সহায় কৰে।

3. বৈদেশিক বিনিময় বজাৰত কিদৰে বৈদেশিক বিনিময়ৰ হাৰ নিৰ্ধাৰিত হয় লিখা।

উত্তৰঃ যেতিয়া বৈদেশিক বিনিময়ৰ বজাৰত বৈদেশিক মুদ্ৰাৰ যোগান আৰু চাহিতাৰ দ্বাৰা বৈদেশিক বিনিময়ৰ হাৰ নিৰ্ধাৰিত হয়, তাকে নমনীয় বিনিময়ৰ হাৰ বোলে।

(ক) বৈদেশিক বিনিময় বজাৰঃ বৈদেশিক বিনিময়ৰ বজাৰ হৈছে এনে বজাৰ, য’ত বৈদেশিক মুদ্ৰাৰ ক্রয়-বিক্রয় হয়। যিসকল বৈদেশিক মুদ্ৰাৰ ব্যৱসায় কৰে, তেওঁলোক হৈছে, কৰ্তৃত্বশীল ব্যৱসায়ী। তেওঁলোকক দেশৰ মুদ্ৰা কৰ্তৃপক্ষ, অর্থাৎ, কেন্দ্রীয় বেংকে কৰ্তৃত্ব প্ৰদান কৰে। এনে বজাৰত বৈদেশিক মুদ্ৰাৰ চাহিদা আৰু যোগানৰ দ্বাৰা বৈদেশিক মুদ্ৰাৰ দৰ নিৰূপিত হয়।

(খ) বৈদেশিক বিনিময়ৰ চাহিদাঃ আমদানিকাৰীসকলে আমদানিকৃত সামগ্ৰীৰ মূল্য পৰিশোধ কৰিবৰ বাবে আৰু বিদেশলৈ যাবলৈ বিচৰা লোকসকলে বৈদেশিক মুদ্ৰাৰ বাবে চাহিদাৰ সৃষ্টি কৰে। যিদৰে কোনো এটা বস্তুৰ দামৰ দ্বাৰা তাৰ চাহিদা প্ৰভাৱিত হয়, একেদৰে বৈদেশিক মুদ্ৰাৰ দামেও তাৰ চাহিদাক প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে, যদিহে ভাৰতৰ টকাৰ মানত ব্ৰিটেইনৰ পাউণ্ডৰ দাম কমি যায়, তেতিয়া তাৰ চাহিদা বৃদ্ধি পাব। আৰু যদি ইয়াৰ দাম বাঢ়ি যায়, তেতিয়া তাৰ চাহিদা কমি যাব পাৰে।

4. বৈদেশিক বিনিময় হাৰ সলনি হৈ থকাৰ কাৰণবোৰ কি কি? 

উত্তৰঃ যেতিয়া বৈদেশিক বিনিময়ৰ বজাৰত বৈদেশিক মুদ্ৰাৰ যোগান আৰু চাহিতাৰ দ্বাৰা বৈদেশিক বিনিময়ৰ হাৰ নিৰ্ধাৰিত হয়, তাকে নমনীয় বিনিময়ৰ হাৰ বোলে।

(ক) বৈদেশিক বিনিময় বজাৰঃ বৈদেশিক বিনিময়ৰ বজাৰ হৈছে এনে বজাৰ, য’ত বৈদেশিক মুদ্ৰাৰ ক্রয়-বিক্রয় হয়। যিসকল বৈদেশিক মুদ্ৰাৰ ব্যৱসায় কৰে, তেওঁলোক হৈছে, কর্তৃত্বশীল ব্যৱসায়ী। তেওঁলোকক দেশৰ মুদ্ৰা কৰ্তৃপক্ষ, অর্থাৎ, কেন্দ্রীয় বেংকে কৰ্তৃত্ব প্ৰদান কৰে। এনে বজাৰত বৈদেশিক মুদ্ৰাৰ চাহিদা আৰু যোগানৰ দ্বাৰা বৈদেশিক মুদ্ৰাৰ দৰ নিৰূপিত হয়।

(খ) বৈদেশিক বিনিময়ৰ চাহিদাঃ আমদানিকাৰীসকলে আমদানিকৃত সামগ্ৰীৰ মূল্য পৰিশোধ কৰিবৰ বাবে আৰু বিদেশলৈ যাবলৈ বিচৰা লোকসকলে বৈদেশিক মুদ্ৰাৰ বাবে চাহিদাৰ সৃষ্টি কৰে। যিদৰে কোনো এটা বস্তুৰ দামৰ দ্বাৰা তাৰ চাহিদা প্রভাৱিত হয়, একেদৰে বৈদেশিক মুদ্ৰাৰ দামেও তাৰ চাহিদাক প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে, যদিহে ভাৰতৰ টকাৰ মানত ব্ৰিটেইনৰ পাউণ্ডৰ দাম কমি যায়, তেতিয়া তাৰ চাহিদা বৃদ্ধি পাব। আৰু যদি ইয়াৰ দাম বাঢ়ি যায়, তেতিয়া তাৰ চাহিদা কমি যাব পাৰে। 

5. বৈদেশিক বিনিময় হাৰ সলনি হোৱাৰ প্ৰভাৱ কি কি?

উত্তৰঃ আমদানিয়ে বৈদেশিক মুদ্ৰাৰ চাহিদাৰ সৃষ্টি কৰে আৰু ৰপ্তানিয়ে যোগানৰ সৃষ্টি কৰে। গতিকে, আমদানিৰ পৰিমাণ, দৰ বা উভয়তে হোৱা পৰিৱৰ্তন অথবা যিকোনো পৰিৱৰ্তনে বৈদেশিক মুদ্ৰাৰ চাহিদাৰ পৰিৱৰ্তন ঘটাব পাৰে আৰু ৰপ্তানিত হোৱা যিকোনো পৰিৱৰ্তনৰ ফলত বৈদেশিক মুদ্ৰাৰ যোগানৰ পৰিৱৰ্তন হ’ব পাৰে। ইয়াৰ ফলত পৰিৱৰ্তন সাপেক্ষে চাহিদা ৰেখা বা যোগান ৰেখা অথবা উভয়ৰে স্থান পৰিৱৰ্তন হ’ব পাৰে।

ৰপ্তানি, আমদানি, বৈদেশিক বিনিয়োগ, বিদেশী পৰ্যটক ইত্যাদিৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ বাবেই বৈদেশিক মুদ্ৰাৰ চাহিদা যোগানৰ পৰিৱৰ্তন হৈ থাকে ৷ ফলত বৈদেশিক বাণিজ্যৰ ভাৰসাম্য বিনিময় হাৰৰো সালসলনি হৈ থাকে। ব্যাপক হ্রাস-বৃদ্ধিয়ে বৈদেশিক বাণিজ্যৰ সৈতে জড়িত ব্যৱসায়ীসকলক আৰু সামগ্রিকভাৱে অর্থনীতিখনকে বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে৷ ভাৰতত ৰিজাৰ্ভ বেংকে এনে হ্রাস-বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখে। যদিহে বৈদেশিক বিনিময়ৰ হাৰ তীব্ৰভাৱে বাঢ়ি যায়,ভাৰতৰ ৰিজাৰ্ভ বেংকে বৈদেশিক বিনিময় বজাৰত হস্তক্ষেপ কৰে। ই বৈদেশিক মুদ্ৰাৰ যোগানকাৰীৰূপে বৈদেশিক বিনিময় বজাৰত প্ৰৱেশ কৰে আৰু বৈদেশিক বিনিময়ৰ হাৰৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। ভাৰতৰ ৰিজাৰ্ভ বেংকৰ হাতত বৈদেশিক মুদ্রা জমা থাকে, গতিকে, ই বিনিময়ৰ বজাৰত সঞ্চিত মুদ্ৰা বিক্ৰী কৰে আৰু বৈদেশিক মুদ্ৰাৰ যোগান বঢ়ায়। একেদৰে যদিহে বৈদেশিক বিনিময়ৰ হাৰ তীব্ৰভাৱে কমি যায়, ই চাহিদাৰ তুলনাত যোগান বৃদ্ধি হোৱাৰ ইংগিত দিয়ে। এনে পৰিস্থিতিত ভাৰতৰ ৰিজাৰ্ভ বেংকে ক্রেতা হিচাপে বিনিময় বজাৰত প্ৰৱেশ কৰি চাহিদা বৃদ্ধি কৰে। ইয়ে বৈদেশিক বিনিময়ৰৰ মজুত বৃদ্ধি কৰে।

1 thought on “ASOS Class 12 Economics Chapter 34 বৈদেশিক বিনিময়ৰ হাৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top