ASOS Class 12 Economics Chapter 33 ভাৰতৰ বৈদেশিক বাণিজ্যৰ দিশ আৰু বিন্যাস

ASOS Class 12 Economics Chapter 33 ভাৰতৰ বৈদেশিক বাণিজ্যৰ দিশ আৰু বিন্যাস, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 33 ভাৰতৰ বৈদেশিক বাণিজ্যৰ দিশ আৰু বিন্যাস and select needs one.

ASOS Class 12 Economics Chapter 33 ভাৰতৰ বৈদেশিক বাণিজ্যৰ দিশ আৰু বিন্যাস

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 33 ভাৰতৰ বৈদেশিক বাণিজ্যৰ দিশ আৰু বিন্যাস Solutions for All Subject, You can practice these here.

ভাৰতৰ বৈদেশিক বাণিজ্যৰ দিশ আৰু বিন্যাস

Chapter : 33

33.1 পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিবোৰৰ সঁচানে মিছা লিখাঃ

(i) বৈদেশিক বাণিজ্যই আমদানি আৰু ৰপ্তানি দুয়োটাকে সামলি লয়।

উত্তৰঃ সঁচা।

(ii) অন্য দেশৰ পৰা দ্রব্য সামগ্ৰী কিনা কাৰ্যক ৰপ্তানি বোলে।

উত্তৰঃ মিছা।

(iii) মুদ্রা ভিন্ন হোৱা বৈদেশিক বাণিজ্যত কোনো সমস্যাৰ সৃষ্টি নহয়।

উত্তৰঃ মিছা।

33.2 পাঠ-অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. খালী ঠাই পূৰণ কৰাঃ

(i) আমদানিয়ে ______ আৰু আভ্যন্তৰীণ যোগানৰ মাজৰ পাৰ্থক্য দূ কৰে।

উত্তৰঃ আভ্যন্তৰীণ চাহিদা।

(ii) ঘৰুৱা উৎপাদনৰ গুণাগুণ ______ আমদানিয়ে সহায় কৰে।

উত্তৰঃ বৃদ্ধি কৰাত।

(iii) ৰপ্তানিয়ে _______ আৰু _______ বৃদ্ধি কৰে।

উত্তৰঃ আয়, নিয়োগ। 

(iv) ৰপ্তানি হৈছে ______ আয় কৰাৰ প্ৰধান উৎস।

উত্তৰঃ বৈদেশিক মুদ্রা।

(v) ______ আৰু ______ খণ্ড উভয়েই ভাৰতৰ বৈদেশিক বাণিজ্যৰ সৈতে জড়িত।

উত্তৰঃ চৰকাৰী, ব্যক্তিগত।

33.3 পাঠ-অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. খালী ঠাই পূৰণ কৰাঃ

(i) 1995-96 চনত মুঠ আমদানিত পেট্ৰ’লজাত সামগ্ৰীৰ অংশ আছিল ______।

উত্তৰঃ 20%।

(ii) 1995-96 চনত মুঠ আমদানিত মূলধনজাত সামগ্ৰীৰ অংশ আছিল _______।

উত্তৰঃ 28%।

(iii) স্বাধীনতাৰ পূৰ্বে ভাৰতে প্ৰধানত ______ সামগ্ৰী ৰপ্তানি কৰিছিল।

উত্তৰঃ কৃষিজাত।

(iv) ভাৰতৰ নিৰ্মিত সামগ্ৰীৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে _______।

উত্তৰঃ ৰত্ন আৰু অলংকাৰ।

(v) 1995-96 চনত মুঠ ৰপ্তানি সামগ্ৰীৰ ভিতৰত নিৰ্মিত সামগ্ৰীৰ অংশ আছিল ______।

উত্তৰঃ 75%।

33.4 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. খালী ঠাই পূৰণ কৰাঃ

(i) স্বাধীনতাৰ পূৰ্বে ভাৰতৰ বাণিজ্যৰ বেছি অংশই ______ সৈতে সম্পন্ন হৈছিল।

উত্তৰঃ ব্ৰিটেইন।

(ii) আমি আমাৰ মুঠ ৰপ্তানিৰ প্ৰায় _____ শতাংশ কম উন্নত দৈশলৈ ৰপ্তানি কৰো।

উত্তৰঃ 26%।

(iii) 1994 চনত বিশ্বৰ সপ্তানি বাণিজ্যত ভাৰতৰ অংশ _____ শতাংশ আছিল।

উত্তৰঃ 0.6%।

(iv) 1994 চনত বিশ্ব বাণিজ্যত ভাৰতৰ অংশ আছিল _____ শতাংশ।

উত্তৰঃ 0.6%।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. বৈদেশিক বাণিজ্যৰ অৰ্থ ব্যাখ্যা কৰা৷

উত্তৰঃ প্ৰত্যেক দেশেই আন দেশৰ পৰা ক্ৰয় কৰি হ’লে নিজৰ দেশৰ জনসাধাৰণৰ বাবে বস্তু আৰু সেৱাৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে। একেদৰে, নিজৰ অতিৰিক্ত উৎপাদিত সামগ্রী আন দেশত বিক্ৰী কৰাৰ চেষ্টা কৰে। অন্য দেশৰ পৰা দ্রব্য সামগ্ৰী ক্ৰয় কৰা কাৰ্যক আমদানি আৰু অন্য দেশত বিক্ৰী কৰা কাৰ্যক ৰপ্তানি বুলি কোৱা হয়। এখন দেশৰ আমদানি আৰু ৰপ্তানিয়ে একেলগ হৈ দেশখনৰ বৈদেশিক বাণিজ্য গঠন কৰে। গতিকে, দেশৰসমূহৰ মাজত থকা বাণিজ্যকে বৈদেশিক বাণিজ্য বোলে। অৱশ্যে, বৈদেশিক বাণিজ্য কেৱল দ্রব্য সামগ্ৰীৰ ক্রয়-বিক্রয়ৰ সৈতেই যে জড়িত এনে নহয়, লগতে বিভিন্ন সেৱা, যেনে জাহাজ পৰিবহণ, বীমা, বেংক আদি সেৱাৰ ক্রয়-বিক্রয়তো জড়িত।

2. ভাৰতৰ দৰে দেশৰ বাবে বৈদেশিক বাণিজ্য কিয় গুৰুত্বপূর্ণ?

উত্তৰঃ বৈদেশিক বাণিজ্যই আমদানি আৰু ৰপ্তানি দুয়োটাকে সামৰি লয়। দেশ এখনৰ বাবে আমদানি আৰু ৰপ্তানিৰ গুৰুত্ব তলত দিয়া ধৰণৰ—

১। আমদানি গুৰুত্বঃ এখন দেশৰ বাবে তলত দিয়া ধৰণেৰে আমদানি গুৰুত্বপূর্ণঃ

(ক) অৰ্থনৈতিক বিকাশৰ সহায়ঃ ঔদ্যোগিক বিকাশৰ বাবে মূলধনজাত সামগ্ৰী, যেনে, যন্ত্রপাতি, সা-সৰঞ্জাম ইত্যাদি প্রয়োজনীয়। ঔদ্যোগিক উন্নয়ন কেতবোৰ আন্তঃগাঁথনিমূলক সুবিধা যেনে, বিদ্যুৎ, পৰিবহণ, ইত্যাদিৰ ওপৰতো নিৰ্ভৰশীল। কৃষিৰ দ্ৰুত বৃদ্ধিৰ বাবে ট্ৰেক্টৰ, শস্য চপোৱা মেচিন আদিৰ প্ৰয়োজন। সাৰ, কীটনাশক আদিয়েও কৃষিৰ কৃষিৰ বিকাশত প্ৰধান ভূমিকা লয়। এখন উন্নয়নশীল দেশৰ বাবে এইবোৰ উৎপাদন কৰি ল’বলৈ পৰ্যাপ্ত সম্পদ বা প্রযুক্তি জ্ঞান নাথাকে অথবা উৎপাদন কৰিলেও যথোপযুক্ত নহয়। এই ঘাটি আমদানিৰ দ্বাৰা পূৰণ কৰিব পাৰি। এনেদৰে, এখন দেশৰ উৎপাদন ক্ষমতা আমদানিয়ে বৃদ্ধি কৰিব পাৰে।

(খ) ঘাটি পূৰণঃ প্রয়োজনীয় দ্রব্য সামগ্রী, যেনে, খাদ্য, ৰন্ধন তেল, ইত্যাদি আভ্যন্তৰীণবাৱে ব্যৱহৃত দ্রব্যবোৰৰ চাহিদা আৰু যোগানৰ মাজত থকা পাৰ্থক্য আমদানিয়ে পূৰণ কৰিব পাৰে। উদাহৰণস্বৰূপে, স্বাধীনতাৰ পিছতেই আমাৰ দেশত খাদ্যৰ নাটনি হৈছিল। গতিকে, ঘেঁহু, চাউল আদি খাদ্য সামগ্রী বৃহৎ পৰিমাণত আমদানি কৰা হৈছিল। আনকি এতিয়াও আমাৰ দেশে আমাৰ প্রয়োজনীয়তা পূৰণৰ জোখাৰে বনস্পতি তেল উৎপাদন কৰিব নোৱাৰে। গতিকে, তাৰ আমদানি অব্যাহত আছে।

(গ) উন্নত জীৱন ধাৰণৰ বাবে আমদানিঃ উন্নয়নশীল দেশবোৰে অপ্রয়োজনীয় সামগ্রী, যেনে, বিলাসী আৰু অৰ্ধ-বিলাসী সামগ্ৰী টেলিভিছন, গাড়ী, কাপোৰ ধোৱা মেচিন আদি উৎপাদন নকৰিবও পাৰে। উন্নয়নশীল দেশৰ মানুহৰ আয় বৃদ্ধি হোৱাৰ লগে লগে এনে সামগ্ৰীৰ প্ৰতি চাহিদাৰ সৃষ্টি হয়। এখন দেশে অন্য এখন দেশৰ পৰা এনে সামগ্ৰী পাব পাৰে।

(ঘ) উৎপাদনৰ গুণাগুণ বৃদ্ধিঃ দ্রব্য সামগ্ৰীৰ আমদানিয়ে ঘৰুৱা উৎপাদনৰ গুণাগুণ বৃদ্ধিত সহায় কৰিব পাৰে। যেতিয়া বিদেশৰ পৰা দ্রব্য সামগ্ৰীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হয়, তেতিয়া ঘৰুৱা উৎপাদকসকলে নিজৰ সামগ্ৰীৰ গুণাগুণ উন্নত কৰিবলৈ প্ৰয়াস কৰে। এনে কৰাৰ ফলত তেওঁলোকৰ সামগ্রীয়ে বিদেশী সামগ্ৰীৰ সৈতে সফলতাৰে প্ৰতিযোগিতাত নামিব পাৰে। উদাহৰণস্বৰূপে, ভাৰতে আমদানি কৰি অনা ইলেকট্রনিক সামগ্ৰীবোৰে ভাৰতৰ ইসেকট্রনিক সামগ্ৰীৰ মান উন্নত কৰাত অৰিহণা যোগাইছে।

ৰপ্তানি তলত দিয়া কাৰণবোৰৰ বাবে গুৰুত্বপূৰ্ণঃ

১। অৰ্থনীতিৰ সমৃদ্ধিত সহায় কৰেঃ ৰপ্তানিয়ে তলত দিয়া ধৰণেৰে অৰ্থনৈতিক সমৃদ্ধিৰ সহায়ক হয়।

(ক) ৰপ্তানিয়ে উৎপাদন বৃদ্ধিত সহায় কৰেঃ ৰপ্তানিয়ে অতিৰিক্ত উৎপাদনখিনি বিক্রীয় সহায় কৰে। উদাহৰণস্বৰূপে ভাৰতত চাহৰ উৎপাদনৰ সম্ভাব্য ক্ষমতাতকৈ তাৰ চাহিদা কম। আমি যদি চাহপাত ৰপ্তানি নকৰিলোহেঁতেন, তেন্তে চাহপাতৰ উৎপাদন কম হ’লেহেঁতেন। এনেদৰে, ইউৰোপৰ বজাৰলৈ চাহপাত ৰপ্তানি হোৱাৰ ফলত ভাৰতৰ চাহপাতৰ মুঠ উৎপাদন বৃদ্ধি পাইছে।

(খ) ৰপ্তানিয়ে আয় আৰু নিয়োগ সৃষ্টিত সহায় কৰেঃ ৰপ্তানিয়ে বজাৰৰ আকাৰ বৃদ্ধি কৰি উৎপাদন বৃদ্ধিত উৎসাহ যোগায়। অধিক উৎপাদন অধিক মানৱ সম্পদৰ ব্যৱহাৰত জড়িত হয়। এনেদৰে বহুতো মানুহে কৰ্ম সংস্থানৰ সুবিধা পায় আৰু অধিক নিয়োগ তথা আয় সৃষ্টি হয়।

(গ) আনুষংগিক উদ্যোগৰ সম্প্ৰসাৰণঃ এটা উদ্যোকৰ সম্প্ৰসাৰণে অন্যান্য উদ্যোগৰ সম্প্ৰসাৰণত সহায় কৰে। উদাহৰণস্বৰূপে, যেতিয়া ৰপ্তানিয়ে উদ্যোগ এটাৰ সম্প্ৰসাৰণত সহায় কৰে, ইয়ে পেকিং কৰা বা পেকেট তৈয়াৰী, পৰিবহণ আদি উদ্যোগৰ বাবেও বৃহৎ চাহিদাৰ সৃষ্টি কৰে। ফলত এই খণ্ডসমূহৰ উন্নয়ন বৃদ্ধি হয়।

(ঘ) অন্যান্য সামগ্ৰীৰ বাবেও সামুহিক চাহিদা বৃদ্ধিঃ ৰপ্তানিয়ে দেশত অধিক আয় আৰু নিয়োগ সৃষ্টি কৰে। বৰ্ধিত আয়ে মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰে বাবে দেশৰ উৎপাদিত বস্তু-সামগ্রী অধিক বিক্রী হয়। দ্রব্য সামগ্ৰীৰ বৰ্ধিত চাহিদাই উৎপাদন, আয় আৰু নিয়োগ বৃদ্ধি কৰে। এনেদৰে অৰ্থনীতিলৈ সমৃদ্ধি আহে।

(ঙ) সম্পদৰ সদ্ব্যৱহাৰঃ ৰপ্তানিয়ে উৎপাদনৰ মাত্ৰা বৃদ্ধি কৰে আৰু আধুনিক প্রযুক্তি ব্যৱহাৰত সহায় কৰে। ইয়াৰ ফলত সম্পদৰ সদ্ব্যৱহাৰ হয়, তাৰ বিনিময়ত কম ব্যয় আৰু সমান সম্পদেৰে অধিক উৎপাদন হয়। আধুনিক প্রযুক্তি ব্যৱহাৰৰ ফলত দ্রব্য সামগ্ৰীৰ গুণাগুণ বৃদ্ধি পাইছে।

২।বৈদেশিক মুদ্ৰাৰ উৎসঃ ৰপ্তানি হৈছে বৈদেশিক মুদ্ৰা আহৰণৰ উৎস। যিকোনো দেশকে আমদানিৰ বাবে বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন হয়। ৰপ্তানিৰ জৰিয়তে এই বৈদেশিক মুদ্ৰা আহৰণ কৰিব পৰা যায়৷

3. 1995-96 চনৰ পৰা ভাৰতৰ বৈদেশিক বাণিজ্যৰ বিন্যাসৰ বিষয়ে লিখা।

উত্তৰঃ বৈদেশিক বাণিজ্যৰ বিন্যাসৰ দ্বাৰা আমদানি আৰু ৰপ্তানি কৰা দ্ৰব্য সামগ্ৰীক বুজোৱা হয়। গতিকে, বৈদেশিক বাণিজ্যৰ বিন্যাসৰ অৰ্থ হৈছে আমদানি বিন্যাস আৰু ৰপ্তানি বিন্যাস।

১। আমদানিৰ বিন্যাসঃ আমদানিৰ বিন্যাসৰ দ্বাৰা আমি অন্য দেশৰ পৰা ক্ৰয় কৰি অনা সামগ্ৰীক বুজাওঁ। স্বাধীনতাৰ সময়ত আমাৰ দেশখন কৃষি প্ৰধান অৰ্থনীতিৰ দেশ আছিল। উদ্যোগ উন্নত অৱস্থাত নাছিল। দেশৰ বিভাজনে অৱশ্যে খাদ্য-নাটনিৰ সৃষ্টি কৰিছিল, কাৰণ, ঘেঁহু উৎপাদন হোৱা ঠাইবোৰ পাকিস্তানৰ ভাগলৈ গুচি গৈছিল। গতিকে, ভাৰতে বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী আৰু অন্যান্য সামগ্রী আমদানি কৰিবলগীয়া হৈছিল।

সময়ৰ লগে লগে অর্থনৈীতিক উন্নয়ন হৈছে আৰু আমদানি-বিন্যাসতো পৰিৱৰ্তন ঘটিছে। অর্থনৈতিক উন্নয়নৰ বাবে নতুন উদ্যোগ স্থাপন কৰিব লাগে, কৃষি আৰু উদ্যোগৰ আধুনিকীকৰণৰ প্ৰয়োজন হয়। ইয়াৰ বাবে যন্ত্রপাতি, পৰিবহণ সঁজুলি, কেঁচামাল, ৰাসায়নিক সাৰ, পেট্ৰ’লজাত সামগ্ৰী আদি আমদানি কৰা হয়। খাদ্য-সামগ্ৰীৰ ঘৰুৱা উৎপাদন বৃদ্ধি হোৱাৰ ফলত আমদানিৰ পৰিমাণ বহুত হ্রাস পাইছে। এতিয়া আইম খাদ্য সামগ্রী উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী। এতিয়া আমাৰ প্ৰধান আমদানিজাত সামগ্ৰীবোৰ হৈছে মূলধন সামগ্ৰী, ধাতু আৰু খনিজ সামগ্ৰী, ৰাসায়নিক সামগ্ৰী আৰু সাৰ, পেট্ৰ’লিয়াম, তেল, লুব্রিকেন্ট ইত্যাদি যিবোৰ সামগ্ৰী দেশৰ উন্নয়নৰ প্ৰয়োজনত আনিবলগীয়া হয়।

২। ৰপ্তানিৰ বিন্যাসঃ ৰপ্তানি-বিন্যাসে আন আন দেশত বিক্ৰী কৰাৰ সামগ্ৰীৰ গঠন বুজায়। স্বাধীনতাৰ সময়ত প্ৰধানত কৃষিজাত সামগ্ৰী, যেনে— চাহপাত, মছলা, ধঁপাত আৰু অন্যান্য কেঁচা সামগ্ৰীৰ দ্বাৰা আমাৰ ৰপ্তানি গঠিত আছিল। আমি কপাহী বস্ত্ৰ আৰু মৰাপাটজাত সামগ্রীও বৃহৎ পৰিমাণত ৰপ্তানি কৰিছিলো। আমাৰ অৰ্থব্যৱস্থাৰ উদ্যোগীকৰণৰ লগে লগে ৰপ্তানিৰ বিন্যাসলৈও এক পৰিৱৰ্তন আহিল। পূৰ্বতে ৰপ্তানি কৰা বহুতো কেঁচামাল এতিয়া নতুনকৈ এতিয়া নতুনকৈ স্থাপন কৰা উএদ্যাগবোৰত ব্যৱহাৰ কৰা হয়। গতিকে, আমাৰ ৰপ্তানিত কেঁচামালৰ পৰিমাণ আগতকৈ কমিছে আৰু প্ৰস্তুত কৰা সামগ্ৰীৰ পৰিমাণ বাঢ়িছে। আমাৰ ৰপ্তানিৰ পৰিৱৰ্তন আৰু সম্প্ৰসাৰণৰ বাবে প্ৰয়াস কৰা হৈছে। আমাৰ আমদানি বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিততে এনে কৰিবলগীয়া হৈছে। গতিকে, সময়ৰ লগে লগে আমাৰ ৰপ্তানিত বহুতো নতুন সামগ্রী অন্তৰ্ভুক্ত হৈছে। এতিয়া আমি যন্ত্রপাতি আৰু পৰিবহণৰ সা-সঁজুলি, ৰাসায়নিক আৰু আনুষংগিক সামগ্রী, হস্তাশিল্পৰ সামগ্ৰী, মাছ আৰু সাগৰীয় দ্ৰব্য আদি প্ৰচুৰ পৰিমাণে ৰপ্তানি কৰো। অৱশ্যে কপাহী বস্ত্ৰ, চাহপাত, মছলা, মৰাপাটৰ সামগ্ৰী আদিও ৰপ্তানি কৰি থকা হৈছে।

4. 1995-96 চনৰ পৰা ভাৰতৰ বৈদেশিক বাণিজ্যৰ দিশৰ বিষয়ে লিখা।

উত্তৰঃ বৈদেশিক বাণিজ্যৰ দিশৰ অৰ্থ হৈছে কোন কোন দেশলৈ ভাৰতে সামগ্ৰী ৰপ্তানি কৰে আৰু কোন কোন দেশৰ পৰা আমদানি কৰি আনে। অর্থাৎ, বৈদেশিক বাণিজ্যৰ দিশে ৰপ্তানি বাণিজ্যৰ লক্ষ্যস্থান আৰু আমদানিৰ উৎস স্থানৰ কথা বুজায়। এতিয়া ভাতৰ আমদানি আৰু ৰপ্তানি দিশ সম্পৰ্কে বিতংকৈ আলোচনা কৰা হ’ল–

(ক) ভাৰতৰ আমদানিৰ দিশঃ আমদানিৰ দিশৰ উদ্দেশ্য হৈছে কোন দেশৰ পৰা আমি দ্ৰব্য ক্ৰয় কৰো। স্বাধীনতাৰ পূৰ্বে আমাৰ আমদানিৰ বেছিভাগেই আছিল ব্ৰিটেইনৰ। স্বাধীনতাৰ পিছত, আমি অন্যান্য দেশ, যেনে— আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্রান্স, জাপান আদিৰ পৰাও আমদানি কৰিছো।

গাইগুটীয়া দেশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে ভাৰতৰ আটাইতকৈ অধিক আমদানিৰ উৎস, 1995-96 চনৰ ইয়াৰ অংশ আছিল 10.5%। আমদানিৰ গুৰুত্বপূৰ্ণ আনবোৰ উৎস আছিল ইউৰোপীয় দেশসমূহ, জাৰ্মানী, ব্রিটেইন, জাপান ইত্যাদি।

এচিয়া মহাদেশত জাপান হৈছে ভাৰতৰ আমদানিৰ অন্যতম উৎস। 1995-96 চনত ভাৰতৰ মুঠ আমদানিৰ জাপানৰ অংশ আছিল 6.6%। ৰাছিয়া এসময়ত ভাৰতৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক সংগী আছিল যদিও লাহে লাহে ই কমিবলৈ ধৰে আৰু 1995-96 চনত মুঠ আমদানিৰ অতি সামান্য অংশ মাথো 2.3% হে এই দেশৰ অংশ আছিল। অন্যান্য পূব ইউৰোপীয়ান দেশ, যেনে— ৰোমানিয়া, পোলেণ্ড, হাংগেৰী ইত্যাদিৰ অংশ আছিল মুঠ আমদানিৰ 1.06%।

পেট্ৰ’ল আৰু পেট্ৰ’লিয়াম সামগ্ৰীৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ বাবে OPEC (তেল আৰু পেট্ৰ’ল ৰপ্তানীকাৰী দেশৰ সংস্থা) সংস্থাভুক্ত দেশৰ পৰা অনা আমদানিৰ পৰিমাণ বাঢ়িবলৈ ধৰে। OPEC ৰ অন্তৰ্ভুক্ত দেশবোৰ হৈছে— চৌদি আৰব, কোৱেইট, ইৰাণ, ইৰাক ইত্যাদি। 1995-96 চনত এই দেশবোৰৰ পৰা ভাৰতে মুঠ আমদানিৰ 6.6% (প্রায় এক পঞ্চমাংশ) দ্রব্য সামগ্রী ক্রয় কৰিছিল।

অন্যান্য কম উন্নতদেশৰ ভিতৰত এচিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উন্নয়নশীল দেশবোৰ সামৰা হৈছে, যিবোৰৰ সৈতে আমাৰ বাণিজ্যিক সম্পৰ্ক আমি বৃদ্ধি কৰিছো। এই দেশবোৰে 1995-96 চনত আমাৰ মুঠ আমদানিৰ প্ৰায় 18.3% অৰিহণা আগবঢ়াইছিল।

(খ) ভাৰতৰ ৰপ্তানিৰ দিশঃ স্বাধীনতাৰ পূৰ্বে ব্ৰিটেইন আমাৰ বৃহৎ ৰপ্তানিৰ বৃহৎ অংশ অধিকাৰ কৰি আছিল। স্বাধীনতাৰ পিছত আমাৰ ৰপ্তানিত ব্ৰিটেইনৰ অংশ কমি গৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আমাৰ দ্ৰব্য সামগ্ৰীৰ একমাত্ৰ সর্বাধিক ক্রেতা হৈছিলগৈ।

আমেৰিকা যুক্তৰাষ্ট্ৰই 17.3% ৰ ৰপ্তানিৰে আমাৰ দেশৰ দ্ৰব্য সামগ্ৰীৰ সৰ্বাধিক ক্ৰেতা ৰূপে পৰিগণিত হৈছে। জাপান, ব্ৰিটেইন, জাৰ্মানীৰ অংশ হৈছে ক্ৰমে 7%, 6% আৰু 6%। ৰাছিয়া যদিও প্ৰধান ক্রেতা আছিল, এতিয়া তাৰ স্থান নিম্ন হৈছে আৰু মাথোঁ 3.3% দ্রব্য সামগ্ৰীহেক্ৰয় কৰিছে। প্ৰায় এক-চতুর্থাংশ (25%) ৰপ্তানি যায় কম বিকশিত দেশ (OPEC ক সামৰি বোৰলৈ, য’ত 1995-96 চনৰ তথ্য মতে OPEC ৰ অংশ হৈছে 9.7%।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top