ASOS Class 12 Economics Chapter 31 বিত্তীয় অনুষ্ঠানসমূহ

ASOS Class 12 Economics Chapter 31 বিত্তীয় অনুষ্ঠানসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 31 বিত্তীয় অনুষ্ঠানসমূহ and select needs one.

ASOS Class 12 Economics Chapter 31 বিত্তীয় অনুষ্ঠানসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 31 বিত্তীয় অনুষ্ঠানসমূহ Solutions for All Subject, You can practice these here.

বিত্তীয় অনুষ্ঠানসমূহ

Chapter : 31

31.1পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ খালী ঠাই পূৰণ কৰাঃ

(i) যিবোৰ উৎপাদনমূলক কাৰ্য উৎপাদনৰ বাবে প্ৰয়োজন হোৱা ধনক ______ বোলে।

উত্তৰঃ বিত্ত।

(ii) বিত্ত প্ৰদান কৰা অনুষ্ঠানবোৰক ______ বোলে।

উত্তৰঃ বিত্তীয় অনুষ্ঠান।

(iii) বিত্ত আহৰণৰ বাবে দিয়া দামক ______ বোলে।

উত্তৰঃ সুদৰ হাৰ।

(iv) হ্রস্বকালীন ঋণ ______ তকৈ কম সমচৰ বাবে লোৱা হয়।

উত্তৰঃ 15 মাহ।

31.2 পাঠ-অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়াবোৰ সঁচানে মিছা লিখা।

(i) অর্থনীতিত মাথোঁ কিছুমান কাম কৰাৰ বাবেহে আমাক বিত্তৰ প্ৰয়োজন হয়।

উত্তৰঃ মিছা।

(ii) বন্ধুবর্গ, আত্মীয়-স্বজন, ধন ধাৰলৈ দিওঁতা ইত্যাদিসকল হৈছে বিত্ত প্ৰদান কৰা বিশেষ সংস্থা।

উত্তৰঃ মিছা।

(iii) বিত্তৰ উৎসক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক – এই দুভাগত ভগাব পাৰি।

উত্তৰঃ সঁচা।

(iv) যদিহে ব্যক্তিৰ পৰা ঋণ লোৱা হয়, তেন্তে সেইবোৰক অনানুষ্ঠানিক বিত্তীয় উৎস বোলা হয়।

উত্তৰঃ সঁচা,

31.3 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. খালী ঠাই পূৰণ কৰাঃ

(i) ধন ধাৰলৈ দিয়া ব্যৱসায়ীৰ পৰা লোৱা ঋণ লোৱা হৈছে ______ ঋণ।

উত্তৰঃ অনানুষ্ঠানিক।

(ii) ______ চনত বাণিজ্যিক বেংক জাতীয়কৰণ কৰা হৈছিল।

উত্তৰঃ 1969।

(iii) হ্ৰস্বকালীন ঋণৰ উপৰি বাণিজ্যিক বেংকবোৰে ______ ঋণো আগবঢ়ায়।

উত্তৰঃ মধ্যকালীন।

(iv) ______ চনত আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়।

উত্তৰঃ 1975।

(v) সমবায় ঋণদান সমিতিবোৰৰ গঠন ______ তৰপীয়া।

উত্তৰঃ তিনি।

31.3 পাঠ-অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. খালী ঠাই পূৰণ কৰাঃ

(i) ______ বাণিজ্যিক বেংকসমূহৰ দৰে জনসাধাৰণৰ পৰা আমানত জমা লয়।

উত্তৰঃ সঁচা।

(ii) ______ দীৰ্ঘকালীন আৰু মধ্যকালীন ঋণ দিয়ে।

উত্তৰঃ সঁচা।

(iii) এতিয়ালৈ স্তাপন কৰা ঔদ্যোগিক বেংকবোৰৰ ভিতৰত ______ হৈছে প্রথম।

উত্তৰঃ সঁচা।

(iv) ভাৰত চৰকাৰৰ উদ্যোগতেই বেংক স্থাপন কৰা হৈছিল।

উত্তৰঃ মিছা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. বিত্ত প্ৰদানৰ অৰ্থ কি? আমাৰ কিয় বিত্তৰ প্ৰয়োজন হয়?

উত্তৰঃ বিত্ত প্ৰদানৰ অৰ্থঃ বিত্ত প্ৰদানৰ বাবে ধন বা টকা-পইচা সংগ্রহ কৰিবলগীয়া হয়। মনত ৰাখিবলগীয়া কথাটো হ’ল যে বিত্ত এনেয়ে পোৱা নাযায়। ইয়াৰ বাবে মূল বা দাম দিবলগীয়া হয়। এই দাম বা মূল্যকেই সুদৰ হাৰ বোলা হয়। যিকোনো উৎপাদনমূলক কামৰ বাবে বিত্তৰ প্ৰয়োজন হয়। প্রয়োজনীয় বিত্তৰ কিছু অংশ নিজৰ পৰাই দিব পৰা যায় যদিও বাকী অংশৰ বাবে অন্য উৎস বিচাৰিবলগীয়া হয়। এনেদৰে টকা-পইচা সংগ্ৰহ কৰাকে বিত্ত প্রদান কার্য বুলি কোৱা হয়।

বিত্তৰ প্ৰয়োজনীতাঃ নিজৰ পৰা অথবা ঋণ গ্ৰহণ কৰি প্ৰয়োজনীয় টকা-পইচা যোগান ধৰিব পাৰি। অন্য উৎসৰ পৰা ঋণ লোৱা কাৰ্যক বিত্ত প্রদান কার্য বুলি কোনা হয়। যিহেতু নিজৰ হাতত থকা ধন-পইচাৰে ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় বৃহৎ ধনৰ অভাৱ পূৰণ কৰিব নোৱাৰি, সেইবাবে এনে কাৰ্যৰ প্ৰয়োজন হয়।

(ক) বিত্তৰ প্ৰয়োজন আৰু সময়ঃ সময় আৰু উদ্দেশ্যৰ ভিত্তিত বিত্তৰ প্রয়োজনীয়তাক তিনি ভাগত ভগাব পাৰি—

১। হ্রস্বকালীনঃ দৈনন্দিন ব্যয় পূৰণৰ অৰ্থে 15 মাহতকৈ কম সময়ৰ বাবে দিয়া বিত্তীয় ঋণক হ্রস্বকালীন বিত্ত বোলে। উদাহৰণস্বৰূপে, কেঁচামাল ক্রয় বা শ্রমিকক মজুৰি দিয়া অথবা অন্যান্য দৈনন্দিন অভাৱ পূৰণ কৰা।

২। মধ্যকালীনঃ এনে ঋণ 15 মাহৰ পৰা 5 ভচৰ পৰ্যন্ত মধ্যকালীন সময়ৰ বাবে মাটিৰ উন্নয়ন, প্ৰকল্পৰ উন্নয়ন, সা-সঁজুলি ক্রয়, যন্ত্রপাতি ক্রয় আদি কামৰ কাৰণে দিয়া হয়। এনে ঋণৰ পৰিমাণ হ্ৰস্বকালীন ঋণৰ পৰিমাণতকৈ বেছি আৰু পৰিশোধ কৰাৰ সময়ো বেছি।

৩। দীর্ঘকালীনঃ এনে ঋণ 5 বছৰৰ অধিক সময়ৰ বাবে লোৱা হয় আৰু মাটি কিনা, কাৰখানা ঘৰ সজা, মাটিৰ স্থায়ী উন্নতি সাধন কৰা, পুৰণি ঋণ পৰিশোধ কৰা আৰু দামী যন্ত্রপাতি ক্ৰয় কৰাৰ বাবে প্ৰয়োজন হয়।

(খ) মুদ্ৰাৰ বজাৰ বনাম মূলধন বজাৰঃ হ্রস্বকালীন মুদ্রা বা বিত্তৰ অভাৱ পূৰণ কৰিব পৰা উৎসবোৰ হৈছে মুদ্ৰা বজাৰৰ উপাদান আৰু মধ্যকালীন তথা দীর্ঘকালীন বিত্তীয় অভাৱ পুৰণ কৰিব পৰা উৎসবোৰ হৈছে মূলধন বজাৰৰ উপাদান।

2. সময় ভিত্তিক বিত্তীয় প্রয়োজনীয়তা ব্যাখ্যা কৰা। এই প্ৰসংগতে মুদ্রা বজাৰ আৰু মূলধন বজাৰৰ পাৰ্থক্য লিখা।

উত্তৰঃ (ক) বিত্তৰ প্ৰয়োজন আৰু সময়ঃ সময় আৰু উদ্দেশ্যৰ ভিত্তিত বিত্তৰ প্ৰয়োজনীয়তাক তিনি ভাগত ভগাব পাৰি —

১। হ্রস্বকালীনঃ দৈনন্দিন ব্যয় পূৰণৰ অৰ্থে 15 মাহতকৈ কম সময়ৰ বাবে দিয়া বিত্তীয় ঋণক হ্রস্বকালীন বিত্ত বোলে। উদাহৰণস্বৰূপে, কেঁচামাল ক্রয় বা শ্রমিকক মজুৰি দিয়া অথবা অন্যান্য দৈনন্দিন অভাৱ পূৰণ কৰা।

২। মধ্যকালীনঃ এনে ঋণ 15 মাহৰ পৰা 5 ভচৰ পৰ্যন্ত মধ্যকালীন সময়ৰ বাবে মাটিৰ উন্নয়ন, প্ৰকল্পৰ উন্নয়ন, সা-সঁজুলি ক্রয়, যন্ত্রপাতি ক্ৰয় আদি কামৰ কাৰণে দিয়া হয়। এনে ঋণৰ পৰিমাণ হ্ৰস্বকালীন ঋণৰ পৰিমাণতকৈ বেছি আৰু পৰিশোধ কৰাৰ সময়ো বেছি।

৩। দীর্ঘকালীনঃ এনে ঋণ 5 বছৰৰ অধিক সময়ৰ বাবে লোৱা হয় আৰু মাটি কিনা, কাৰখানা ঘৰ সজা, মাটিৰ স্থায়ী উন্নতি সাধন কৰা, পুৰণি ঋণ পৰিশোধ কৰা আৰু দামী যন্ত্রপাতি ক্ৰয় কৰাৰ বাবে প্ৰয়োজন হয়।

(খ) মুদ্ৰাৰ বজাৰ বনাম মূলধন বজাৰঃ হ্রস্বকালীন মুদ্রা বা বিত্তৰ অভাৱ পূৰ্ণ কৰিব পৰা উৎসবোৰ হৈছে মুদ্ৰা বজাৰৰ উপাদান আৰু মধ্যকালীন তথা দীর্ঘকালীন বিত্তীয় অভাৱ পুৰণ কৰিব পৰা উৎসবোৰ হৈছে মূলধন বজাৰৰ উপাদান।

3. আনুষ্ঠানিক আৰু অনানুষ্ঠানিক বিত্তৰ উৎসৰ পাৰ্থক্য লিখা।

উত্তৰঃ আনুষ্ঠানিক বিত্তীয় উৎসঃ ব্যক্তিৰ পৰা লোৱা ঋণ, উদাহৰণস্বৰূপে, ধন ধাৰলৈ দিওয়া ব্যৱসায়ী, মহাজন, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন আদিৰ পৰা ঋণ লোৱা উৎসকে অনানুষ্ঠানিক বিত্তীয় উৎস বুলি কোৱা হয়।

আনুষ্ঠানিক বিত্তীয় উৎসঃ বিত্ত প্ৰদানৰ কাৰণে স্থাপন বা সংস্থাবোৰকেই বিত্তৰ আনুষ্ঠনিক উৎস বোলা হয়। এনে অনুষ্ঠানবোৰৰ বিশেষ উদ্দেশ্যটোৱেই হৈছে বিত্ত প্ৰদান কৰা। এই অনুষ্ঠানবোৰক বিত্তীয় অনুষ্ঠান বুলিও কোৱা হয়। বেংক, সমবায় সমিতি, বীমা কোম্পানী, ইউনিট ট্রাষ্ট অৱ ইণ্ডিয়া, ৰাজ্যিক বিত্ত নিগম, উন্নয়ন বেংক ইত্যাদিবোৰ হৈছে বিত্তৰ আনুষ্ঠানিক উৎসৰ উদাহৰণ।

4. কৃষি বিত্তৰ আনুষ্ঠানিক উৎসৰ নাম লিখা। তাৰে যিকোনো এটাৰ বিষয়ে বিতংকৈ লিখা।

উত্তৰঃ চৰকাৰ আৰু ভৰতৰ ৰিজাৰ্ভ বেংক উভয়েই গ্ৰামাঞ্চলৰ আনুষ্ঠানিক বিত্ত প্ৰদান কৰাৰ বাবে বিভিন্ন এজেন্সী বা অভিখৰণ গঠনৰ ক্ষেত্ৰত সহায় কৰিছে। তেনে কেতবোৰ অভিকৰণ হৈছে— বাণিজ্যিক বেংক, সমবায় সমিতি, আঞ্চলিক গ্রাম্য বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য বিকাশ বেংক ইত্যাদি।

বাণিজ্যিক বেংকঃ 1969 চনৰ বেংক জাতীয়কৰণৰ পিছত বাণিজ্যিক বেংকসমূহে কৃষিখণ্ডলৈ দিয়া ঋণৰ পৰিমাণ বৃদ্ধি পাইছে। জাতীয়কৰণৰ পূৰ্বে এই বেংকসমূহে কৃষিখণ্ডৰ সমস্যাৰ পৰা নিজকে দূৰৈত ৰাখিছিল। 1969 চনত গ্রামাঞ্চলত বাণিজ্যিক বেংকবোৰৰ শাখাৰ সংখ্যা আছিল 5200টা। 1969 চনত এই সংখ্যা 39 হাজাৰলৈ বৃদ্ধি হয়।

বাণিজ্যিক বেংকসমূহে কৃষকসকলক বিভিন্ন সময়ৰ বাবে ঋণ প্ৰদান কৰে। বেছিভাগ ঋণেই হ্রস্বকালীন ঋণ। বেংকসমূহে পাম্পছেট, ট্ৰেক্টৰ আৰু অন্যান্য কৃষি সঁজুলি কিনাৰ বাবে, কুঁৱা আৰু দমকল বহুৱাৰ বাবে, ভূমিৰ উন্নয়নৰ বাবে, নাঙল আৰু জন্তু আদি ক্ৰয় কৰাৰ বাবে মধ্যকালীন ঋণো আগবঢ়ায়। তদুপৰি এই বেংকসমূহে পশুপালন, হাঁহ-কুকুৰা পালন, গাহৰি পালন, মৌপালন, মীন পালন আদি কাৰ্যৰ বাবেও ঋণ দিয়ে।

গ্রামাঞ্চললৈ অধিক সুবিধা আগবঢ়োৱাৰ বাবে 1988 চনত বাণিজ্যিক বেংকসমূহে অগ্রণী বেংক আঁচনি নামৰ এখন আঁচনি ৰূপায়ণ কৰিবলৈ লয়। এই আঁচনিৰ অধীনত বাণিজ্যিক বেংকৰ নগৰৰ উপকণ্ঠ অঞ্চলত আৰু গ্ৰামাঞ্চলত থকা প্ৰতিটো শাখাকেই নিজৰ কৰ্ম এলেকাত থকা কেইখনমান গাঁৱেৰে গঠিত এটা বিশেষ গ্ৰুপৰ সৈতে সংলগ্ন কৰি দিয়া হয়। প্ৰতিটো অগ্রণী বেংকে এই বিশেষ গাঁও এলেকাৰ ঋণৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিয়ে। একেদৰে নিৰ্দিষ্ট এলেকাৰ কৃষকসকলেও বেংকসমূহৰ ওচৰ চাপে।

5. ভাৰতত ঔদ্যোগিক বিত্তৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ উদ্যোগৰ বাবে দুই প্রকাৰৰ বিত্তৰ প্ৰয়োজন হয়; প্ৰথমতে স্থিৰ মূলধনজাতীয় সামগ্রী, যেনে— মাটি, ঘৰ, যন্ত্রপাতি বা স-সৰঞ্জাম ইত্যাদি ক্ৰয়ৰ বাবে আৰু দ্বিতীয়তে, কাৰ্যকৰী মূলধন, যেনে— কেঁচামাল, শ্ৰমিকৰ দৰমহা আৰু মজুৰি তথা অন্যান্য দৈনন্দিন ব্যয় পূৰণৰ বাবে। স্থিৰ মূলধনৰ বাবে দীর্ঘকালীন আৰু কাৰ্যকৰী মূলধনৰ বাবে হ্রস্বকালীন বিত্তৰ প্ৰয়োজন হয়।

উদ্যোক্তা এজনে নিজৰ ধনেৰে এটা নতুন গোট আৰম্ভ কৰিব নোৱাৰিব পাৰে। তেতিয়া তেওঁ বাহিৰৰ ধন-সম্পদৰ বাবে খবৰ কৰিবলগীয়া হয়। তদুপৰি, কৃষি খণ্ডতকৈ উদ্যোগ খণ্ডৰ প্ৰতিষ্ঠান এটাক বেছি ধনৰ প্ৰয়োজন হয়।

ঔদ্যোগিক গোটসমূহ নগৰৰ ভিতৰত আৰু ওচৰে-পাঁজৰে স্থাপন কৰা হয়। বন্ধু, আত্মীয় স্বজন, ধন ধাৰলৈ দিওতাসকলৰো উদ্যোগিক গোট এটাৰ বাবে প্রয়োজনীয় বিত্ত নাথাকিব পাৰে। গতিকে, ঔদ্যোগিক বিত্তৰ ক্ষেত্ৰত অনানুষ্ঠানিক উৎসবোৰৰ ভূমিকা কম।

6. ঔদ্যোগিক ঋণৰ উৎস হিচাপে ৰাজহুৱা বিক্ৰীৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ অংশপত্ৰ আৰু ঋণপত্ৰৰ ৰাজহুৱাভাৱে বিক্ৰীৰ ঘোষণাৰে উদ্যোগ এটাই নিজৰ উৎপাদন গোটটোত বিনিয়োগ কৰিবলৈ জনসাদাৰণক আহ্বান জনায়। এইক্ষেত্ৰত বিধিগতভাৱে আৰু নিৰ্দিষ্টন নীতি-নিয়মৰ মাজেদি কাম সম্পন্ন কৰা হয়। সংশ্লিষ্ট চৰকাৰী বিভাগৰ পৰা অনুমতি সাপেক্ষেহে এই কাম কৰা হয়। যিবোৰ ঔদ্যোগিক গোটে অংশপত্র বা ঋণপত্ৰ ৰাজহুৱাকৈ বিক্ৰীৰ বাবে আহ্বান জনায়, সেইবাৰে এই নীতি-নিয়ম সম্পূর্ণকৈ মানি চলিব লাগে।

অংশপত্ৰ আৰু ঋণপত্ৰ ৰাজহুৱাকৈ প্ৰকাশ কৰি বিত্ত আহৰণ কৰা হয়। এইবোৰৰ দাম আগতীয়াকৈ নিৰ্ধাৰণ কৰা হয়। এনে অংশপত্ৰ ক্ৰয় কৰা ব্যক্তি বা অনুষ্ঠান অংশপত্ৰ বিক্ৰী কৰা উদ্যোগ গোট বা কোম্পানীটোৰ স্বত্বাধিকাৰীসকলৰ একোজন হিচাপে বিবেচিত হয়। এনেদৰে কোম্পানী একোটাৰ হাজাৰ হাজাৰ, লাখ লাখ অংশীদাৰ হ’বগৈ পাৰে। কিন্তু, ঋণপত্ৰ লোৱাসকলৰ কোম্পানীৰ স্বত্ব বা পৰিচালনাৰ সৈতে কোনো সম্পর্ক নাথাকে। তেওঁলোকে কেৱল পূর্ণ-নিৰ্ধাৰিত হাৰত সুদ পায়।

অংশপত্ৰ আৰু ঋণপত্ৰ মুকলি বজাৰৰ জৰিয়তে বিক্ৰী কৰি উদ্যোগ এটাৰ বাবে প্ৰয়োজনীয় বিত্তৰ অধিক অংশই সংগ্ৰহ কৰা হয়। যিকোনো ব্যক্তি, প্রতিষ্ঠান, বেংক বা যিকোনো সংস্কৃতি এনে অংশপত্ৰ আৰু ঋণপত্ৰ কিনিব পাৰে। সেইবাবে এইবোৰক ৰাজহুৱা বিক্ৰী বুলি কোৱা হয়। এনেক্ষেত্ৰত মানুহে কিমান বিনিয়োগ কৰিব, সেইটো ব্যৱসায়ৰ পৰিৱেশ আৰু মূলধন বজাৰত ৰাইজৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিব। যদিহে পৰিৱেশ অনুকূল নহয়, আৰু মূলথন বজাৰত বিশ্বাসৰ হেৰফেৰ হয়, তেতিয়া সাধাৰণ মানুহে ৰাজহুৱা অংশপত্র বা ঋণপত্ৰৰ দ্বাৰা বিনিয়োগ কৰিবলৈ সংকোচ কৰিব। সম্প্রতি, মূলধন বজাৰত অনিশ্চয়তা চলি থকা হেতুকে ঔদ্যোগিক গোটবোৰে এইটো মাধ্যমেৰে ধন সংগ্ৰহ কৰিবলৈ কঠিনতা অনুভৱ কৰিছে।

7. ভাৰতৰ ঔদ্যোগিক বিত্তৰ প্ৰধান উৎসবোৰ কি কি? তাৰে যিকোনো এটাৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ ঔদ্যোগিক বিত্তৰ আভ্যন্তৰীণ উৎসবোৰ হৈছে—

(ক) অংশপত্ৰ আৰু ঋণপত্ৰৰ ৰাজহুৱা বিক্ৰী।

(খ) জনসাধাৰণৰ আমানত।

(গ) বাণিজ্যিক বেংকৰ ঋণ।

(ঘ) ঔদ্যোগিক বেংক।

অংশপত্ৰ আৰু ঋণপত্ৰৰ ৰাজহুৱা বিক্ৰীঃ অংশপত্ৰ আৰু ঋণপত্ৰৰ ৰাজহুৱাভাৱে বিক্ৰীৰ ঘোষণাৰে উদ্যোগ এটাই নিজৰ উৎপাদন গোটটোত বিনিয়োগ কৰিবলৈ জনসাদাৰণক আহ্বান জনায়। এইক্ষেত্ৰত বিধিগতভাৱে আৰু নিৰ্দিষ্টন নীতি-নিয়মৰ মাজেদি কাম সম্পন্ন কৰা হয়। সংশ্লিষ্ট চৰকাৰী বিভাগৰ পৰা অনুমতি সাপেক্ষেৰে এই কাম কৰা হয়। যিবোৰ ঔদ্যোগিক গোটে অংশপত্র বা ঋণপত্ৰ ৰাজহুৱাকৈ বিক্ৰীৰ বাবে আহ্বান জনায়, সেইবাৰে এই নীতি-নিয়ম সম্পূৰ্ণকৈ মানি চলিব লাগে।

অংশপত্ৰ আৰু ঋণপত্ৰ ৰাজহুৱাকৈ প্ৰকাশ কৰি বিত্ত আহৰণ কৰা হয়। এইবোৰৰ দাম আগতীয়াকৈ নিৰ্ধাৰণ কৰা হয়। এনে অংশপত্ৰ ক্ৰয় কৰা ব্যক্তি বা অনুষ্ঠান অংশপত্ৰ বিক্ৰী কৰা উদ্যোগ গোট বা কোম্পানীটোৰ স্বত্বাধিকাৰীসকলৰ একোজন হিচাপে বিবেচিত হয়। এনেদৰে কোম্পানী একোটাৰ হাজাৰ হাজাৰ, লাখ লাখ অংশীদাৰ হ’বগৈ পাৰে। কিন্তু, ঋণপত্ৰ লোৱাসকলৰ কোম্পানীৰ স্বত্ব বা পৰিচালনাৰ সৈতে কোনো সম্পর্ক নাথাকে। তেওঁলোকে কেৱল পূর্ণ-নির্ধৰিত হাৰত সুদ পায়।

অংশপত্ৰ আৰু ঋণপত্ৰ মুকলি বজাৰৰ জৰিয়তে বিক্ৰী কৰি উদ্যোগ এটাৰ বাবে প্ৰয়োজনীয় বিত্তৰ অধিক অংশই সংগ্ৰহ কৰা হয়। যিকোনো ব্যক্তি, প্রতিষ্ঠান, বেংক বা যিকোনো সংস্কৃতি এনে অংশপত্ৰ আৰু ঋণপত্ৰ কিনিব পাৰে। সেইবাবে এইবোৰক ৰাজহুৱা বিক্ৰী বুলি কোৱা হয়। এনেক্ষেত্ৰত মানুহে কিমান বিনিয়োগ কৰিব, সেইটো ব্যৱসায়ৰ পৰিৱেশ আৰু মূলধন বজাৰত ৰাইজৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিব। যদিহে পৰিৱেশ অনুকূল নহয়, আৰু মুলখন বজাৰত বিশ্বাসৰ হেৰফেৰ হয়, তেতিয়া সাধাৰণ মানুহে ৰাজহুৱা অংশপত্র বা ঋণপত্ৰৰ দ্বাৰা বিনিয়োগ কৰিবলৈ সংকোচ কৰিব। সম্প্ৰতি, মূলধন বজাৰত অনিশ্চয়তা চলি থকা হেতুকে ঔদ্যোগিক গোটবোৰে এইটো মাধ্যমেৰে ধন সংগ্ৰহ কৰিবলৈ কঠিনতা অনুভৱ কৰিছে।

৪. ঔদ্যোগিক বেংকবোৰ কিদৰে বাণিজ্যিক বেংকবোৰতকৈ বেলেগ লিখা।

উত্তৰঃ ঔদ্যোগিক বেংকসমূহ বাণিজ্যিক বেংকতকৈ তলত উল্লেখ কৰা দিশবোৰত বেলেক—

(ক) জনসাধাৰণে ঔদ্যোগিক বেংকবোৰত ধন জমা থ’ব নোৱাৰে, কিন্তু বাণিজ্যিক বেংকত পাৰে।

(খ) এই বেংকবোৰে মধ্যকালীন আৰু দীৰ্ঘকালীন ঋণ দিয়ে, আনহাতে বাণিজ্যিক বেংকে হ্রস্বকালীন ঋণহে দিয়ে।

(গ) এই বেংকবোৰে ঋণৰ উপৰি কাৰিকৰী উপদেশ, বজাৰ তথ্য আদি প্রদান কৰি উদ্যোগবোৰৰ বিকাশত সহায় কৰে। বাণিজ্যিক বেংকে কেৱল ঋণহে দিয়ে। 

9. উদ্যোগলৈ বিত্তীয় সাহায্য আগবঢ়োৱা পাঁচটা বিত্তীয় অনুষ্ঠানৰ নাম লিখা। তাৰে এটাৰ বিষয়ে বিতংকৈ বৰ্ণনা দিয়া।

উত্তৰঃ উদ্যোগলৈ বিত্তীয় সাহায্য আগবঢ়োৱা পাঁচটা বিত্তীয় অনুষ্ঠান হ’লঃ

১। ভাৰতৰ ঔদ্যোগিক বিত্ত নিগম।

২। ভাৰতৰ ঔদ্যোগিক উন্নয়ন বেংক।

৩। ভাৰতৰ ঔদ্যোগিক ঋণ আৰু ঋণ আৰু বিনিয়োগ নিগম।

৪। ভাৰতৰ ক্ষুদ্ৰ আৰু উদ্যোগ উন্নয়ন বেংক।

৫। ভাৰতৰ ৰপ্তানি-আমদানি গবেংক।

ভাৰতৰ ঔদ্যোগিক উন্নয়ন বেংকঃ IDBI হৈছে দীর্ঘকালীন ঋণ প্রদান কৰা শীৰ্ষস্থানীয় অনুষ্ঠান, যাক 1964 চনত স্থাপন কৰা হৈছিল। IDBI ৰ মুখ্য কাম হৈছে প্ৰস্তুকৰণ, খনন, পৰিশোধন, জাহাজ তথা অন্যান্য পৰিবহণ আৰু হোটেল উদ্যোগৰ দৰে প্ৰতিষ্ঠানবোৰলৈ বিত্ত আগবঢ়োৱা।

ই প্রকল্প জৰিয়তে প্রত্যক্ষ সাহায্য আগবঢ়ায়, তথা ঔদ্যোগিক আমানতৰ বাবে ক্ষতিপুৰণ আৰু প্ৰত্যক্ষ বৰঙণি আগবঢ়ায়।

তদুপৰি, অন্যান্য বিত্তীয় অনুষ্ঠানবোৰে আগবঢ়োৱা দীৰ্ঘকালীন ঋণৰ বাবে পুনৰ্বিত্ত যোগান ধৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top