ASOS Class 12 Economics Chapter 28 কৃষি আৰু উদ্যোগৰ পাৰস্পৰিক নিৰ্ভৰশীলতা

ASOS Class 12 Economics Chapter 28 কৃষি আৰু উদ্যোগৰ পাৰস্পৰিক নিৰ্ভৰশীলতা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 28 কৃষি আৰু উদ্যোগৰ পাৰস্পৰিক নিৰ্ভৰশীলতা and select needs one.

ASOS Class 12 Economics Chapter 28 কৃষি আৰু উদ্যোগৰ পাৰস্পৰিক নিৰ্ভৰশীলতা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 28 কৃষি আৰু উদ্যোগৰ পাৰস্পৰিক নিৰ্ভৰশীলতা Solutions for All Subject, You can practice these here.

কৃষি আৰু উদ্যোগৰ পাৰস্পৰিক নিৰ্ভৰশীলতা

Chapter : 28

28.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দ বাছি লৈ খালী ঠাই পূৰ্ণ কৰা৷ (পচ সাৰ, খাদ্য, 70%, 66% প্রাকৃতিক ৰবৰ, সাৰ)।

(i) কৃষি খণ্ডই টায়াৰ উদ্যোগলৈ কেঁচামাল হিচাপে যোগান ধৰা সামগ্ৰীবিধ হৈছে ______।

উত্তৰঃ প্রাকৃতিক ৰবৰ।

(ii) ______ হৈছে সকলো মানুহৰে প্ৰাথমিক প্ৰয়োজন ।

উত্তৰঃ খাদ্য।

(iii) ভাৰতৰ জনসংখ্যাৰ ______ কৃষি খণ্ডত জড়িত।

উত্তৰঃ 66%।

(iv) পৰম্পৰাগতভাৱে ভাৰতৰ কৃষকে ______ কে সাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।

উত্তৰঃ পচন সাৰ।

(v) ভাৰতত ______ কৃষিভূমিয়েই জলসিঞ্চনৰ বাবে মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ 70%।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. উদ্যোগ খণ্ড কিদকে কৃষি খণ্ডৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ কৃষিয়ে তলত দিয়া ধৰণেৰে উদ্যোগক সহায় কৰে —

1. উদ্যোগে কৃষি খণ্ডৰ পৰা কেঁচামাল পায়ঃ কৃষিয়ে উদ্যোগলৈ কেঁচামালৰ যোগান ধৰে। তলৰ তালিকাত এনে কেতবোৰ উদ্যোগৰ নাম দিয়া হৈছে, যিবোৰে কৃষিৰ পৰা কেঁচামাল পায়—

তালিকাঃ 1

উদ্যোগকেঁচামাল
(i) কপাহী বস্ত্ৰ উদ্যোগকেঁচা কপাহ
(ii) তৈল উৎপাদনতৈল বীজ, নাৰিকল, ইত্যাদি
(iii) চেনি উৎপাদনকুঁহিয়াৰ
(iv) মৰাপাট উদ্যোগকেঁচা মৰাপাত
(v) চাহ উদ্যোগকেঁচা চাহপাত
(vi) কফি উদ্যোগকফি গুটি
(vii) টায়াৰ আৰু টিউবপ্রাকৃতিক ৰবৰ

নতুন নতুন উদ্যোগ স্থাপন হোৱাৰ লগে লগে অথবা উদ্যোগৰ সম্প্ৰসাৰণৰ লগে লগে কেঁচামালৰ চাহিদাও বৃদ্ধি পায়। কৃষি উৎপাদন বৃদ্ধিৰ জৰিয়তেহে বৰ্ধিত চাহিদা পূৰণ কৰিব পাৰি।

2. কৃষি খণ্ডত জড়িত লোকসকলৰ ঔদ্যোগিক সামগ্ৰীৰ চাহিদাৰ উৎসঃ সকলো মানুহৰ বাবেই খাদ্য হৈছে প্ৰাথমিক প্রয়োজন। খাদ্যৰ চাহিদা যেতিয়া পূৰণ হয়, তেতিয়া মানুহে অন্যান্য সামগ্রী যেনে— কাৰোপ, জোতা, ঘৰ, চাইকেল, টিউবৱেল, ট্রেক্টৰ, চিলাই মেচিন, ষ্ট’ভ, ৰেডিঅ’, টিভি, ৰেফ্ৰিজাৰেটৰ, কাপোৰ ধোৱা মেচিন ইত্যাদি সামগ্ৰী বিচাৰে।

3. কৃষি খণ্ড হৈছে উদ্যোগ খণ্ডৰ শ্ৰমৰ উৎসঃ উন্নয়নশীল দেশসমূহ কৃষি প্রধান হয়। আর্থিক বিকাশ হোৱাৰ লগে লগে কৃষি খণ্ডৰ বাবে শ্ৰমিকৰ প্রয়োজন কমি আহে। ইয়াৰ কাৰণ দুটাঃ প্ৰথমতে, আয় বঢ়াৰ লগে লগে খাদ্যৰ প্ৰতি চাহিদা বাঢ়ে যদিও ই কম হাৰত বাঢ়ে। মানুহে সীমিত পৰিমাণতহৈ খাদ্য ভোগ কৰে। যিমানদূৰ সম্ভৱ উৎকৃষ্ট গুণসম্পন্ন খাদ্যহে ভোগ কৰিবলৈ লয়। গতিকে, খাদ্য সামগ্ৰীৰ প্ৰতি চাহিদা লেহেমীয়া গতিৰ হয়।

দ্বিতীয়তে, উন্নত জাতৰ বীজ, সাৰ, কীটনাশ, জলসিঞ্চন আদি ব্যৱহাৰৰ ফলত প্ৰতি হেক্টৰত ভূমিৰ উৎপাদনশীলতা বাঢ়ে। তেতিয়া কৃষি খণ্ডত শ্ৰমিকৰ সংখ্যা কমকৈ প্ৰয়োজন হয়থ।

4. উদ্যোগ খণ্ডত জড়িত লোকক কৃষি খণ্ডই খাদ্যৰ যোগান ধৰেঃ কৃষিখণ্ডই মনুহৰ খাদ্যৰ প্ৰতি থকা প্ৰাথমিক চাহিদা পূৰণ কৰে। কৃষি খণ্ডই গোটা শস্য, দাইল, শাক-পাচলি, ফলমূল, মছলা, পানীয় ইত্যাদিৰ যোগান ধৰে। কৃষি উদ্যোগ বা সেৱা সকলোবোৰ খণ্ডতে জড়িত লোকৰ খাদ্যৰ চাহিদা কৃষিয়ে পূৰণ কৰে।

5. ঔদ্যোগিক খণ্ডৰ বাবে বৃত্তৰ উৎসঃ গাঁও অঞ্চলৰ মানুহে তেওঁলোকৰ এলেকাত থকা বেংক, ডাকঘৰ আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানত নিজৰ ধন জমা কৰি থয়। কিছুমান সীমাবদ্ধতাৰ বাবে গাঁৱৰ মানুহে এই সঞ্চিত ধন কৃষি খণ্ডত বিনিয়োগ কৰিব নোৱাৰে। গতিকে, গাঁৱৰ মানুহৰ সঞ্চিত ধন বেংকৰ সহায়ত নগৰৰ উদ্যোগলৈ যায়। এনেদৰে গাঁৱৰ মানুহৰ ধন উদ্যোগৰ বাবে বিত্তৰ উৎস হয়গৈ। কৃষি খণ্ডত থকা মানুহৰ আয় অধিক হ’লে বেংকত সঞ্চিত ধনৰ পৰিমাণ বাঢ়িব আৰু উদ্যোগৰ বিত্তৰ উৎস ডাঙৰ হ’ব। এনেদৰে ঔদ্যোগিক বিকাশ কৃষি খণ্ডৰ সৈতে জড়িত হৈ আছে।

2. কি কি উপায়েৰে উদ্যোগ খণ্ডই কৃষি খণ্ডক সহায় কৰিব পাৰে?

উত্তৰঃ উদ্যোগে তলত দিয়া ধৰণে কৃষিক সহায় কৰে—

1. উদ্যোগে কৃষি খণ্ডলৈ বীজৰ যোগান ধৰেঃ উন্নতমানৰ বীজ কৃষিৰ বাবে অপৰিহাৰ্য। অধিক উৎপাদন কৰিব পা কীটনাশক দ্ৰব্যৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা, থলুৱা জলবায়ুৰ উপযোগী উন্নত মানৰ বীজ উৎপাদনৰ বাবে গৱেষণা চলিয়েই আছে। এই গবেষণা কার্যৰ বাবে কিহৰ প্ৰয়োজন হয় বাৰু? ইয়াৰ বাবে গৱেষণাগাৰ লাগে, য’ত আধুনিক প্রযুক্তিসম্পন্ন সা-সঁজুলি থাকিব, বাতানুকূল কোঠা আৰু অন্যান্য সা-সুবিধা লাগিব। এইবোৰৰ পৰাই অনুমান কৰিব পাৰি যে কৃষিৰ বিকাশৰ বাবে উদ্যোগৰ অতি প্রয়োজন।

2. ই সাৰৰ যোগান ধৰেঃ পৰম্পৰাগতভাৱে ভাৰতৰ কৃষকে জন্তুৰ গোবৰ আৰু উদ্ভিদৰ পেলনীয়া অংশৰ পৰা প্ৰস্তুত কৰা পচন সাৰকেই ব্যৱহাৰ কৰি আহিছে। অর্থাৎ, কৃষি খণ্ডৰ পৰাই এনে সাৰ উৎপাদন কৰা হয়। কিন্তু, পিছত এনে সাৰৰ উন্নত বিকল্প উৎপাদন কৰি উলিওৱা হয়। ৰাসায়নিক সাৰেই হৈছে এনে উন্নত বিকল্প। এনে সাৰত মাটিৰ বাবে প্রয়োজনীয় পুষ্টি মিহলি হৈ থাকে। ৰাসায়নিক উদ্যোগসমূহে এনে সাৰৰ চাহিদা পূৰণ কৰিব পাৰে। এনে সাৰৰ প্রয়োগে ভাৰতৰ কৃষি উৎপাদন বৃদ্ধিত সহায় কৰিছে। সেইবাবে কৃষি খণ্ড উদ্যোগ খণ্ডৰ ওচৰত ঋণী।

3. জলসিঞ্চনৰ বাবে প্ৰয়োজনীয় সঁজুলি আৰু যন্ত্ৰ-পাতিৰ যোগান ধৰেঃ পানী অবিহনে শস্য নগজে। বৰষুণেই হৈছে আমাৰ দেশৰ জলসিঞ্চনৰ প্ৰধান উৎস। ভাৰতৰ 70 শতাংশ ভূমিয়েই জলসিঞ্চনৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীল। কিন্তু, বৰষুণ জলসিঞ্চনৰ বাবে বিশ্বাসযোগ্য উৎস নহয়। প্রথম কাৰণটো হৈছে, ৰষুণৰ পানীৰ পৰিমাণ প্রয়োজন অনুপাতে পর্যাপ্ত নহ’বও পাৰে। বৰষুণৰ ওপৰত মানুহৰ নহয়, প্ৰকৃতিৰহে নিয়ন্ত্রণ থাকে। কেতিয়াবা বৰষুণ নহয়েই, কেতিয়াবা হ’লেও কমকৈ হয়। ইয়াৰ ফলত কৃষি উৎপাদন বহুত কমি যায়। আনহাতে, কেতিয়াবা অতিমাত্ৰা হাৰত বৰষুণ হয়, যিয়ে শস্য নষ্ট কৰে। দ্বিতীয়তে, বৰষুণ সময় মতে নহ’বও পাৰে। যেতিয়া পানীৰ প্ৰয়োজন হয়, তেতিয়া বৰষুণ নহ’ব পাৰে, ফলত শস্য নষ্ট হ’ব। গতিকে, বৰষুণৰ বিকল্প এক জলসিঞ্চন ব্যৱস্থাৰ অতি প্রয়োজন।

4. ই কীটনাশক দ্ৰব্যৰ যোগান ধৰেঃ 5 ৰ পৰা 10 শতাংশ কৃষিজাত সামগ্ৰী কীট-পতংগ আৰু বিভিন্ন ৰোগৰ বাবে নষ্ট হৈ যায়। কীট-পটংগ আৰু ৰোগৰ পৰা হাত সাৰিবৰ বাবে আমাক বিভিন্ন প্ৰকাৰৰ কীটনাশক ঔষধ প্রয়োজন হয়। কোনবোৰ কীটনাশক ঔষধ মানুহ আৰু উদ্ভিদৰ বাবে হানিকৰ নহ’ব, সেই বিষয়ত গৱেষণা কৰা হয়। উদ্যোগ খণ্ডত। এনেদৰে, উপযুক্ত কীটনাশক ঔষধ উদ্যোগ খণ্ডই উৎপাদন কৰি কৃষি খণ্ডলৈ উপহাৰ দিয়ে। ইয়াৰ ফলত কৃষি উৎপাদন বৃদ্ধি হয়।

5. ই আধুনিক যন্ত্ৰপাতিৰ যোগান ধৰেঃ ভাৰতীয় কৃষকে পৰম্পৰাগতভাৱে কাঠৰ নাঙল, হাতেৰে নিৰ্মিত সঁজুলি, গৰুগাড়ী ইত্যাদি ব্যৱহাৰ কৰি খেতি কৰি আহিছে। ইয়াৰ ফলত ভাৰতত কৃষি উৎপাদন অতি কম হয়। এতিয়া উদ্যোগসমূহে বিকল্প কৃষি সঁজুলি আৰু যন্ত্র-পাতি উৎপাদন কৰি উলিয়াইছে। ট্ৰেক্টৰকে আদি কৰি বহুতো নতুন যন্ত্র-পাতি নিৰ্মাণ কৰাৰ ফলত কৃষি সঁজুলিবোৰ অধিক উন্নত হৈছে। ইয়াৰ ফলত কৃষিত শ্ৰমিকৰ প্ৰয়োজনীয়তা কিছু পৰিমাণে কমিছে আনহাতে, উৎপাদন বৃদ্ধি পাইছে।

6. কৃষিজাত সামগ্ৰীৰ সংৰক্ষণ আৰু বজাৰৰ প্ৰয়োজনীয় আন্তঃগাঁথনি নির্মাণৰ সামগ্রী যোগান ধৰিছেঃ পকীপথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় দ্রব্য, সা-সঁজুলি, প্রযুক্তিগত কাৰিকৰী কৌশল ইত্যাদিৰ যোগান উদ্যোগ খণ্ডই ধৰে। উৎপাদিত সামগ্ৰী বজাৰলৈ লৈ যোৱাৰ বাবে কৃষকসকলক দীর্ঘস্থায়ী পকী পথৰ প্ৰয়োজন হয়। উদ্যোগসমূহে সংৰক্ষণ সুবিধাসমূহ তথা পণ্যাগাৰসমূহ নিৰ্মাণত সহায় কৰে, যাতে কৃষকে উৎপাদিত সামগ্ৰী সংৰক্ষণ কৰি ৰাখি পিছত উচিত দাম পাব পাৰে। এনে সুবিধা থকা বাবে কৃষকে কাম দামতেই নষ্ট হৈ যোৱাৰ ভয়ত বস্তু বিক্ৰী কৰি দিব নালাগে।

7. কৃষি খণ্ডত জড়িত লোকক উদ্যোগজাত উপভোক্তা সামগ্ৰীৰ যোগা ধৰেঃ খাদ্যৰ বাহিৰেও মানুহক কাপোৰ, জোতা, ঘৰ, পৰিবহণৰ মাধ্যম ৰূপে যান, বাহন, বিদ্যুৎ, টিভি, কাপোৰ ধোৱা মেচিন ইত্যাদিৰ প্ৰয়োজন হয়। এইবো সামগ্রী উদ্যোগত নির্মীত। কৃষিখণ্ডত জড়িত থকা লোকসকলক উদ্যোগ খণ্ডই এই সামগ্ৰীবোৰৰ যোগান ধৰে।

৪. কৃষি খণ্ডৰ বাবে বিত্তৰ উৎসঃ কৃষি খণ্ডৰ সৈতে জড়িত লোকৰ সঞ্চয়ৰ হাৰৰ তুলনাত উদ্যোগ খণ্ডৰ সৈতে জড়িত লোকৰ সঞ্চয়ৰ হাৰ অধিক। উদ্যোগ খণ্ডৰ সৈতে জড়িত লোকসকল বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানত ধন জমা

থোৱাত অভ্যস্ত। সম্প্রতি গাঁও অঞ্চলতো ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংকবোৰৰ বহুতো শাখা স্থাপন হৈছে। এই বেংকসমূহে কৃষি খণ্ডলৈ অগ্ৰাধিকাৰ ভিত্তিত ঋণ আগবঢ়ায়। অতি নিম্ন হাৰত সঞ্চয় হোৱা বাবে কৃষি খণ্ডত বিত্তৰ অভাৱ হোৱা দেখা যায়। গতিকে, আমানতৰ জৰিয়তে উদ্যোগ খণ্ডৰ সৈতে জড়িত লোকৰ পৰা পোৱা ধন বেংকসমূহে কৃষি খণ্ডলৈ ঋণ হিচাপে আগবঢ়ায়। এনেদৰে উদ্যোগ খণ্ড কৃষি খণ্ডৰ বিত্তৰ উৎস ৰূপে পৰিগণিত হয়।

3. চমু টোকা লিখাঃ

(i) কৃষিয়ে উদ্যোগলৈ আগবঢ়োৱা কেঁচামাল।

উত্তৰঃ কৃষিয়ে উদ্যোগলৈ কেঁচামালৰ যোগান ধৰে। তলৰ তালিকাত এনে কেতবোৰ উদ্যোগৰ নাম দিয়া হৈছে, যিবোৰে কৃষিৰ পৰা কেঁচামাল পায়—

তালিকাঃ 1

উদ্যোগকেঁচামাল
(i) কপাহী বস্ত্ৰ উদ্যোগকেঁচা কপাহ
(ii) তৈল উৎপাদনতৈল বীজ, নাৰিকল, ইত্যাদি
(iii) চেনি উৎপাদনকুঁহিয়াৰ
(iv) মৰাপাট উদ্যোগকেঁচা মৰাপাত
(v) চাহ উদ্যোগকেঁচা চাহপাত
(vi) কফি উদ্যোগকফি গুটি
(vii) টায়াৰ আৰু টিউবপ্রাকৃতিক ৰবৰ

নতুন নতুন উদ্যোগ স্থাপন হোৱাৰ লগে লগে অথবা উদ্যোগৰ সম্প্ৰসাৰণৰ লগে লগে কেঁচামালৰ চাহিদাও বৃদ্ধি পায়। কৃষি উৎপাদন বৃদ্ধিৰ জৰিয়তেহে বৰ্ধিত চাহিদা পূৰণ কৰিব পাৰি।

(ii) জলসিঞ্চন উদ্যোগৰ সহায়।

উত্তৰঃ পানী অবিহনে শস্য নগজে। বৰষুণেই হৈছে আমাৰ দেশৰ জলসিঞ্চনৰ প্রধান উৎস। ভাৰতৰ 70 শতাংশ ভূমিয়েই জলসিঞ্চনৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীল। কিন্তু, বৰষুণ জলসিঞ্চনৰ বাবে বিশ্বাসযোগ্য উৎস নহয়। প্রথম কাৰণটো হৈছে, বৰষুণৰ পানীৰ পৰিমাণ প্রয়োজন অনুপাতে পর্যাপ্ত নহ’বও পাৰে। বৰষুণৰ ওপৰত মানুহৰ নহয়, প্ৰকৃতিৰহে নিয়ন্ত্রণ থাকে। কেতিয়াবা বৰষুণ নহয়েই, কেতিয়াবা হ’লেও কমকৈ হয়। ইয়াৰ ফলত কৃষি উৎপাদন বহুত কমি যায়। আনহাতে, কেতিয়াবা অতিমাত্ৰা হাৰত বৰষুণ হয়, যিয়ে শস্য নষ্ট কৰে। দ্বিতীয়তে, বৰষুণ সময় মতে নহ’বও পাৰে। যেতিয়া পানীৰ প্ৰয়োজন হয়, তেতিয়া বৰষুণ নহ’ব পাৰে, ফলত শস্য নষ্ট হ’ব। গতিকে, বৰষুণৰ বিকল্প এক জলসিঞ্চন ব্যৱস্থাৰ অতি প্রয়োজন।

বিকল্প জলসিঞ্চনৰ সুবিধাৰ বাবে পুখুৰী, খাল, বান্ধ, জলাশয়, দমকল, হাতেৰে চলোৱা পাম্পছেট ইত্যাদিৰ প্ৰয়োজন হয়। ইয়াৰ বাবে ইটা, চিমেণ্ট, লোহা আদি প্রাথমিক ধাতৱ সামগ্ৰীৰ প্ৰয়োজন হয়। প্ৰশ্ন হ’ল, এনে সামগ্ৰীবোৰ ক’ৰ পৰা আহে। এইবোৰ উদ্যোগতেই উৎপাদন হয়। আকৌ, পাম্পছেট আদি উদ্যোগতেই নির্মিত। এনে জলসিঞ্চনৰ যন্ত্ৰ-পাতিবোৰ চলিবৰ বাবে উদ্যোগেই বিদ্যুৎ উৎপাদন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top