ASOS Class 12 Economics Chapter 24 ভাৰতবৰ্ষত পৰিকল্পনাৰ সফলতাসমূহ

ASOS Class 12 Economics Chapter 24 ভাৰতবৰ্ষত পৰিকল্পনাৰ সফলতাসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 24 ভাৰতবৰ্ষত পৰিকল্পনাৰ সফলতাসমূহ and select needs one.

ASOS Class 12 Economics Chapter 24 ভাৰতবৰ্ষত পৰিকল্পনাৰ সফলতাসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 24 ভাৰতবৰ্ষত পৰিকল্পনাৰ সফলতাসমূহ Solutions for All Subject, You can practice these here.

ভাৰতবৰ্ষত পৰিকল্পনাৰ সফলতাসমূহ

Chapter : 24

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. শুদ্ধ বিবৃতিটো শুদ্ধ অশুদ্ধ বিচাৰ কৰা।

(ক) অৰ্থনৈতিক পৰিকল্পনাৰ ফলস্বৰূপে প্ৰকৃত জনমুৰি আয় দ্ৰুতগতিত বৃদ্ধি পাইছে।

উত্তৰঃ অশুদ্ধ।

(খ) 1950–51 চনৰ পৰা 1995–96 চনৰ সময়ছোৱাত প্ৰকৃত জনমুৰি আয় 39 গুণ বৃদ্ধি পাইছে।

উত্তৰঃ অশুদ্ধ।

(গ) 1950–51 চনৰ পৰা 1995–96 চনৰ সময়ছোৱাত প্ৰকৃত জনমুৰি আয় 2.28 গুণ বৃদ্ধি পাইছে।

উত্তৰঃ শুদ্ধ।

(গ) স্বাধীনতাৰ পিছত কৃষিজাত উৎপাদন বৃদ্ধি পোৱা নাই।

উত্তৰঃ অশুদ্ধ।

(ঘ) অর্থনৈতিক পৰিকল্পাই উদ্যোগৰ দ্ৰুত সম্প্ৰসাৰণ ঘটাইছে।

উত্তৰঃ শুদ্ধ।

(ঙ) ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ আৰম্ভণিৰ পৰাই প্ৰযুক্তিৰ আধুনিকীকৰণ অতিশয় সন্তোষজনক হৈ আহিছে।

উত্তৰঃ শুদ্ধ।

(চ) ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সদায়েই বিচৰা বা আশা কৰাতকৈ বেছি।

উত্তৰঃ অশুদ্ধ।

(ছ) অৰ্থনৈতিক পৰিকল্পনা 45 বছৰত ভাৰতীয় অর্থনীতি আত্মনির্ভৰশীল হ’ব পৰা নাই।

উত্তৰঃ শুদ্ধ।

(জ) ভাৰত আঞ্চলিক বিকাশত বৈষম্যতা আছে।

উত্তৰঃ শুদ্ধ।

(ঝ) ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাই অসমতা হ্ৰাস কৰিব পৰা নাই।

উত্তৰঃ শুদ্ধ।

(ঞ) অৰ্থনৈতিক পৰিকল্পনাই নিবনুৱা সমস্যা উল্লেখযোগ্য ভাবে হ্রাস কৰিছে।

উত্তৰঃ অশুদ্ধ।

2. উত্তৰ দিয়াঃ

(i) ভাৰতৰ বৰ্ষত জনমুৰি আয় বৃদ্ধিৰ ধীৰ হোৱাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বৰ্ষত জনমুৰি আয় বৃদ্ধিৰ ধীৰ হোৱাৰ দুটা কাৰণ হ’ল—

(ক) ৰাষ্ট্ৰীয় আয়ৰ নিম্ন হাৰত বিকাশ। আৰু

(খ) জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ।

(ii) স্বাধীনতাৰ সময়ত ভাৰতে আমদানি কৰা আৰু এতিয়া ৰপ্তানি কৰা চাৰিটা দ্ৰব্যৰ নাম লিখা।

উত্তৰঃ স্বাধীনতাৰ সময়ত ভাৰতে আমদানি কৰা আৰু এতিয়া ৰপ্তানি কৰা চাৰিটা দ্ৰব্যৰ নাম হ’ল — খাদ্যদ্রব্য, বাইচাইকেল, গাড়ী আৰু ট্ৰাক।

(iii) বন্ধনীৰ ভিতৰত দিয়া শব্দৰ পৰা উপযুক্ত শব্দ বাছি উলিয়াই খালী ঠাই পূৰ কৰা।

(ক) _____ (20, 42) বছৰৰ ভিতৰত প্ৰকৃত জনমুৰি আয় দুগুণ বৃদ্ধি হ’ব বুলি পকিকল্পা আয়োগে আশা কৰিছিল।

উত্তৰঃ 20 বছৰৰ ভিতৰত প্ৰকৃত জনমুৰি আয় দুগুণ বৃদ্ধি হ’ব বুলি পকিকল্পা আয়োগে আশা কৰিছিল।

(খ) প্রায় _____ (20, 42) বছৰৰ ভিতৰত ভাৰতবৰ্ষত প্ৰকৃত জনমুৰি আয় দুগুণ হৈছিল।

উত্তৰঃ 42 বছৰৰ ভিতৰত ভাৰতবৰ্ষত প্ৰকৃত জনমুৰি আয় দুগুণ হৈছিল।

(গ) এক হেক্টৰ বা তাতোকৈ কম পৰিমাণৰ ভূমি থকা কৃষক পৰিয়ালৰ সংখ্যা ______ ( 62, 72 ) শতাংশ।

উত্তৰঃ এক হেক্টৰ বা তাতোকৈ কম পৰিমাণৰ ভূমি থকা কৃষক পৰিয়ালৰ সংখ্যা 72 শতাংশ। 

(ঘ) শেহতীয়া হিচাপমতে, প্রায় _____ (26%, 36%) মানুহৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

উত্তৰঃ শেহতীয়া হিচাপমতে, প্রায় 36% মানুহৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

(ঙ) ______ (জনমুৰি আয়, ৰাষ্ট্ৰীয় আয়) হিচাপত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান অতি নিম্ন।

উত্তৰঃ জনমুৰি আয় হিচাপত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান অতি নিম্ন।

(চ) 1993-94 চনত ভাৰতৰ জনসংখ্যাৰ প্ৰায় 36 শতাংশ লোক (দৰিদ্ৰৰেখা, ধনী ৰেখা) ৰ তলত বাস কৰিছিল।

উত্তৰঃ 1993-94 চনত ভাৰতৰ জনসংখ্যাৰ প্ৰায় 36 শতাংশ লোক দৰিদ্ৰৰেখাৰ তলত বাস কৰিছিল।

(ছ) ভাৰতৰ গ্ৰাম্য জনসাধাৰণৰ কেৱল 3 শতাংশই _____ (খোৱাপানী, স্বাস্থ্যসেৱা) সুবিধা পাইছে।

উত্তৰঃ ভাৰতৰ গ্ৰাম্য জনসাধাৰণৰ কেৱল 3 শতাংশই স্বাস্থ্যসেৱা সুবিধা পাইছে।

(জ) বৈদেশিক সাহায্য সৈতে সুদ আৰু _____ (ঋণ, মজুৰি) পৰিশোধৰ কথা সাঙোৰ খাই থাকে।

উত্তৰঃ বৈদেশিক সাহায্য সৈতে সুদ আৰু ঋণ পৰিশোধৰ কথা সাঙোৰ খাই থাকে।

(ঝ) বহুতো লোক কামত নিয়োজিত হৈ থাকিব কিন্তু অতি কম _____ (অৰ্জন কৰে, সঞ্চয় কৰে।

উত্তৰঃ বহুতো লোক কামত নিয়োজিত হৈ থাকিব কিন্তু অতি কম অর্জন কৰে।

1. অর্থনৈতিক পৰিকল্পনাৰ তলত দিয়া ক্ষেত্ৰসমূহত সফলতা সম্পর্কে এটি চমুটোকা লিখা।

(ক) অৰ্থনৈতিক বিকাশৰ হাৰ ত্বৰান্বিত কৰণ।

(খ) জীৱনৰ গুণগত মানৰ উন্নয়ন।

উত্তৰঃ (ক) অৰ্থনৈতিক বিকাশৰ বৃদ্ধি খৰতকীয়া কৰাটো অৰ্থনৈতিক পৰিকল্পনাৰ অন্যতম গুৰুত্বপূর্ণ লক্ষ্য। দ্রুত অর্থনৈতিক বিকাশৰ বাবে ভাৰতবৰ্ষত কেৱল আয়ৰ পৰ্যায় বৃদ্ধিয়েই প্রয়োজন নাছিল, লগতে প্ৰয়োজন আছিল বিশ্বৰ উন্নত উদ্যোগ প্রধান দেশসমূহৰ সৈতে সমানে ফেৰ মাৰিব পৰা দক্ষতা অর্জন কৰা।

আৰম্ভণিতে ভাৰতবৰ্ষৰ জনমুৰি আয় আছিল 238 টকা। 1956-56 চনত জনমূৰি আয় 9321 টকালৈ বৃদ্ধি পাইছিল যিটো 1950-51 চনত জনমুৰি আয়তকৈ 39 গুণ অধিক আছিল। এইটো এটা বৃহৎ বৃদ্ধি যদিও দৰ বৃদ্ধিহে এই বৃদ্ধিৰ কাৰণ। এই দুয়োটা বছৰত জনমুৰি আয় আছিল সেই বছৰ দুটাৰ চলিত দামৰ ভিত্তিত। যিহেতু দুয়োটা বছৰৰ দাম বেলেগ বেলেগ আছিল, সেইবাবে প্রকৃত জনমুৰি আয় বৃদ্ধিৰ পৰিমাণ কিমান আছিল সেইটো সঠিককৈ ক’ব নোৱাৰি। প্ৰকৃত জনমুৰি আায় মানে একেটা দৰত জনমুৰি হিচাপত দ্ৰব্য আৰু সামগ্ৰীৰ মূল্য।

সম্প্ৰতি 1980-81 চনত দৰত হিচাপ কৰি স্থিৰ দৰত জনমুৰি আয় হিচাপ কৰা হয়। এই দৰত 1950-51 চনত জনমুৰি আয় 1995-96 চনত 2573 টকালৈ বৃদ্ধি পাইছিল। ইয়াৰ অৰ্থ হ’ল 45 বছৰ কালত প্ৰকৃত জনমুৰি আয় 2.28 গুণলৈহে বৃদ্ধি পাইছে বা দুগুণতকৈ অলপহে বেছি। 

1950-51 আৰু 1995-96 চনৰ সময়ছোৱাৰ ভিতৰত প্ৰকৃত জাতীয় আয় প্রায় 5. 85 গুণ বৃদ্ধি পাইছিল। সেই একে সময়ছোৱাত জনমুৰি আয় 2.25 গুণ বৃদ্ধি পাইছিল ৷ গতিকে, প্রকৃত জনমুৰি আয়ৰ ধীৰগতিৰ বৃদ্ধিৰ এটা কাৰণ আছিল জনসংখ্যাৰ দ্ৰুত বৃদ্ধি।

(খ) গ্ৰাম্যাঞ্চলত আয়ৰ এটা গুৰুত্বপূৰ্ণ উৎস হ’ল ভূমিস্বত্ব বা মাটিৰ অধিকাৰ। ভূমিৰ বিতৰণত ক্ৰমে অসমতা বৃদ্ধি পাই আহিছে। প্ৰায় 27 শতাংশ কৃষক পৰিয়ালৰ নিজা কৃষি ভূমিৰ পৰিমাণ এক হেক্টৰ বা তাতোকৈ কম।

স্বাধীনতাৰ পিছৰে পৰা দৰিদ্ৰতা নিবাৰণৰ বাবে ভাৰত চৰকাৰে বিভিন্ন প্ৰচেষ্টা লৈছে। এইবিলাকৰ ভিতৰত মজুৰি ভিত্তিক আত্মনিয়োগ আৰু আয় উপাৰ্জনকাৰী আঁচনিসমূহ যথেষ্ট জনপ্রিয় হৈছে।

যিহেতু ভাৰতত দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু আয়ৰ অসমতাৰ প্ৰাৱল্য বেছি, সেয়ে এই আঁচনিসমূহে উৎপাদনশীলতা বৃদ্ধি কৰাৰ বাবে আন্তঃগাঁথনিমূলক সুবিধা সৃষ্টি আৰু উন্নয়নত অগ্ৰাধিকাৰ দিয়ে। দেশৰ বিভিন্ন সংখ্যক জনসাধাৰণ দৰিদ্ৰসীমাৰেখাৰ তলত বাস কৰে। তেওঁলোকৰ বহুতৰে নিজা ভূমি নাই। তেনে স্থলত এই আঁচনিসমূহে উক্ত সমস্যাসমূহ সমাধানত অৰিহণা যোগাব পাৰে আৰু সেয়েহে এই আঁচনিবিলাকৰ প্ৰয়োজনীয়তা আছে।

ভাৰত চৰকাৰে সময়ে সময়ে উৎপাদন বৃদ্ধিৰ লগতে আয় আৰু নিয়োগ সৃষ্টি কৰিবৰ বাবে বিভিন্ন কৌশল বা আঁচনিসমূহ গ্ৰহণ কৰি আহিছে। দৰিদ্ৰলোকক নিম্নতম সা–সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে এই আঁচনিসমূহ গ্ৰহণ কৰা হৈছে আৰু এইবিলাকৰ পৰা সুফলো পোৱা গৈছে।

2. ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাসমূহৰ প্ৰধান সাফল্যসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অর্থনৈতিক পৰিকল্পনাৰ আৰম্ভণিৰে পৰা ভাৰতীয় অৰ্থনীতিত কিছুমান ক্ষেত্ৰত সফলতা সন্তোষজনক।

১। কৃষিজাত উৎপাদন বৃদ্ধিঃ ভাৰতবৰ্ষ খাদ্যবস্তু আমদানিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল আছিল। সম্প্ৰতি ভাৰতবৰ্ষ খাদ্য শস্য ৰপ্তানিকাৰী দেশ হৈ পৰিছে। কৃষিজাত সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট তাৎপর্যপূর্ণ বৃদ্ধি হোৱা দেখা গৈছে।

২। উদ্যোগিক উৎপাদন বৃদ্ধিঃ দেশখনে উদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত বিস্তৰ বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছে। ভাৰতবৰ্ষই অনেক নিৰ্মিত বস্তু যেনে— চাইকেল, সৰগাড়ী, বস্তু কঢ়িওৱা গাড়ী, ৰেলৰ ইঞ্জিন আমদানি কৰিবলগীয়া হৈছিল। সম্প্ৰতি ভাৰতী উদ্যোগে এইবোৰৰ বাহিৰেও আন বহুতো সামগ্রী উৎপাদন কৰিবলৈ সমৰ্থ হৈছে।

৩। প্রযুক্তিবিদ্যাৰ আধুনিকীকৰণঃ একে সময়তে প্ৰযুক্তিৰ ক্ষেত্ৰত দেশ দ্রুত গতিত আগবাঢ়িছে। পৃথিৱীৰ কেইখনমান দেশৰ ভিতৰত উপগ্রহ নিৰ্মাণ কৰিব পৰা দেশ হ’ল ভাৰত। ভাৰতৰ আনৱিক শক্তি ৰিয়েক্টৰ তৈয়াৰ কৰিব পৰা ক্ষমতা আছে। কিছুমান উচ্চ ক্ষমতাসম্পন্ন প্রতিক্ষা সা-সৰঞ্জাম পৰম কম্পিউটাৰ আৰু উন্নত প্রযুক্তিগতভাৱে উন্নত সামগ্ৰী তৈয়াৰ কৰাৰ ক্ষমতা আহৰণ কৰাতো ভাৰতে প্ৰগতি লাভ কৰিছে।

৪। অৰ্থনীতিৰ আধুনিকীকৰণঃ প্ৰযুক্তিৰ আধুনিকীকৰণ হোৱাৰ উপৰিও অর্থনীতিৰো উল্লেখযোগ্যভাৱে আধুনিকীকৰণ হৈছে। বেঙ্কিং খণ্ড গ্রাম্য অঞ্চললৈকে সম্প্ৰসাৰিত হৈছে। নতুন প্ৰযুক্তিৰ প্ৰতি ধাৰণা দ্ৰুতগতিত পৰিৱৰ্তন হৈছে। মহিলাৰ উন্নয়ন প্ৰসাৰ হৈছে।

৫। অর্থনীতিত সর্বাঙ্গীণ উন্নয়ন ঘটিছেঃ মুঠৰ ওপৰত অৰ্থনৈতিক পৰিকল্পনাৰ বাবেই বহুতো সাফল্য লাভ কৰা হৈছে, বিশেষকৈ উদ্যোগীক বিকাশ, প্রযুক্তিৰ উন্নয়ন, আনুষ্ঠানিক গাঠনি আধুনিকীকৰণ আদিৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰিব পৰা গৈছে। কৃষিৰ ক্ষেত্ৰত প্ৰগতি লাভ কৰা দেখা গৈছে।

৩। ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰধান বিফলতাসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতৰ আৰ্থিক পৰিকল্পনাৰ বিফলতাসমূহ তলত আলোচনা কৰা হ’ল–

১। দ্রুত অৰ্থনৈতিক বিকাশৰ লক্ষ্য পূৰণ হোৱা নাইঃ অর্থনৈতিক পৰিকল্পনাৰ লক্ষ্য আছিল দ্রুত অর্থনৈতিক বিকাশৰ দ্বাৰা জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ উপৰিও অন্যান্য উদ্যোগিক আৰু অৰ্থনৈতিকভাৱে উন্নত দেশসমূহৰ জনসাধাৰণৰ উন্নত জীৱন ধাৰণৰ মানদণ্ডৰ সৈতে ফেৰ মৰা। অর্থনীতিয়ে ৰাষ্ট্ৰীয় আয় বার্ষিক 4 শতাংশকৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কিন্তু এই হাৰ আশা কৰাতকৈ বহুত কম।

২। অৰ্থনৈতিক অসমতা হ্ৰাসৰ লক্ষ্যত উপনীত হ’ব পৰা নাইঃ 1993 94 চনত ভাৰতৰ জনসংখ্যাৰ 36 শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছিল। 1995-9 চনত জনমুৰি আয় আছিল 25 টকা। এইটো এটা গড়হে। বহুতো লোকে এই পৰিমাণতকৈ বেছি আয় পাইছিল। আনহাতে আন বহুতো লোক আছিল যি এই পৰিমাণতকৈ কম আয়ত জীৱন ধাৰণ কৰিছিল। এওঁলোকে দৰিদ্ৰতা আৰু পুষ্টিহীনতাত ভুগিছিল। গতিকে দেখা যায় যে অর্থনৈতিক পৰিকল্পনাই দৰিদ্ৰতা হ্ৰাস কৰি পৰা নাই।

৩। আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হ’ব পৰা নাইঃ অৰ্থনৈতিক পৰিকল্পনাৰ যোগেদি আত্মনিৰ্ভৰশীলতা লাভ কৰিব খোজা লক্ষ্যও বাস্তৱায়িত হোৱা নাই। উদ্যোগ খণ্ডৰ বৃহৎ সম্প্ৰসাৰণ হৈছে। দেশে এতিয়া প্রয়োজনীয় খাদ্য সামগ্ৰীৰ উৎপাদন কৰিছে। কিন্তু ভাৰতীয় অৰ্থনীতিত বিকাশ এতিয়াও বৈদেশিক সাহায্যৰ ওপৰত বৰ্তি আছে।

৪। নিবনুৱা সমস্যা একেই আছেঃ অর্থনৈতিক পৰিকল্পনাৰ এটা অন্যতম অকৃতকাযচ্ছ্রতা হ’ল নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লক্ষ্যত উপনীত হ’ব নোৱাৰাটো। চৰকাৰী তথ্য মতে 1992 চনত ভাৰতৰ নিবনুৱা সংখ্যা আছিল 2 কোটি। ইয়াৰ উপৰি এনে বহু সংখ্যক লোক আছে যি কামত নিয়োজিত, কিন্তু তেওঁলোকে অতি কম পৰিমাণৰহে আয় অৰ্জন কৰে। তেওঁলোকে নিয়োজিত যেন লাগিলেও ভাল নিয়োগ সুবিধা আৰু উচ্চতম মজুৰিৰ অপেক্ষাত থাকে৷

৫। বিকাশৰ আঞ্চলিক ভাৰসাম্য লাভ কৰিব পৰা নাইঃ ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাই বিভিন্ন ৰাজ্য আৰু অঞ্চলৰ মাজত ভাৰসাম্য আনিব পৰা নাই। আমি সকলোৱে প্রত্যক্ষদর্শী যে অর্থনৈতিক পৰিকল্পনাৰ সুবিধাবিলাক নগৰীয়া অঞ্চলতে কেন্দ্ৰীভূত হৈছে। গ্রাম্য অঞ্চলবিলাক অৱহেলিত হৈ আছে। চিকিৎসা, স্বাস্থ্য, যোগাযোগ, শিক্ষা, বেঙ্কিং আৰু অন্যান্য সুবিধাবিলাক নগৰীয়া অঞ্চলতকৈ গ্রাম্য অঞ্চলত বহুতো কম।

ভাৰতৰ আৰ্থিক পৰিকল্পনাসমূহৰ দ্বাৰা যথেষ্ট পৰিমাণে সফলতা অর্জন কৰা হৈছে যদিও বহুতো ক্ষেত্ৰত পৰিকল্পনাৰ কিছুমান বিফলতাও দেখা যায়। সেইবোৰ —

১। নিবনুৱা সমস্যা বৃদ্ধি হ্ৰাস কৰাত বিফল হৈছে।

২। দেশখনৰ বিভিন্ন অঞ্চলৰ মাজত উন্নয়নৰ বৈষম্য বৃদ্ধিৰ হ্ৰাস কৰিব পৰা নাই।

৩। কৃষিখণ্ডক দেশৰ সকলো অঞ্চলতে সমানে উন্নত কৰিব পৰা নাই।

৪। গাঁও অঞ্চলৰ জনসাধাৰণৰ নিম্নতম প্রয়োজনীয় সা–সুবিধাখিনি পূৰণ কৰিব পৰা নাই। নগৰ আৰু গ্ৰাম্যাঞ্চলৰ বৈষম্য বৃদ্ধিহে পাইছে।

৪। “ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনা সফলতা আৰু বিফলতাৰ সংমিশ্রণ’— মন্তব্য দিয়া।

উত্তৰঃ অৰ্থনৈতিক পৰিকল্পনাৰ ফলত অর্থনৈতিক বিকাশৰ হাৰ বাৰ্ষিক 4 শতাংশকৈ বিকাশ হোৱাত সহায়ক হৈছে। এই পৰিঘটনাটো কুৰি শতিকাৰ আৰম্ভণিত লাভ অর্থনৈতিক বিকাশতকৈ অর্থাৎ অর্থনৈতিক পৰিকল্পনাৰ 50 বছৰৰ আগতকৈ যথেষ্ট বেছি। অৱশ্যে এই হাৰটো পৰিকল্পনাকাৰীসকলে আশা কৰাতকৈ কম আছিল।

অর্থনৈতিক পৰিকল্পনাই অর্থনৈতিক বিকাশৰ হাৰ ত্বৰান্বিত কৰাৰ লক্ষ্য হাতত লৈছিল যাতে ইয়াৰ দ্বাৰা জীৱনৰ মান আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নীত হয়। নিঃসন্দেহে ভাৰতৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন হৈছে। কিন্তু এই উন্নয়ন যথেষ্ট নহয়। জীৱনৰ গুণগত মান নিৰ্ণয় কৰা মানৱ উন্নয়ন সুচাংক নিম্ন হৈয়ে আছে।

নিবনুৱা সমস্যা হ্ৰাস কৰা, বিভিন্ন ব্যক্তি আৰু অঞ্চলৰ মাজত আয়ৰ অসমতা আদি হ্ৰাস কৰাতো বিশেষ সাফল্য লাভ কৰিব পৰা নাই। ভাৰতীয় অর্থনীতি আত্ম নিৰ্ভৰশীলতা আহৰণৰ লক্ষ্যৰ পৰা দূৰত আছে। অৱশ্যে একে সময়তে ভাৰতীয় অর্থনীতিয়ে উল্লেখযোগ্য, পৰিমাণৰ আধুনিকীকৰণ, প্ৰযুক্তিৰ উন্নয়ন, কৃষিখণ্ডৰ বিকাশ উদ্যোগিক প্ৰসাৰতা লাভ কৰিছে। বেঙ্কিং, বীমা, যোগাযোগ, শিক্ষা, চিকিৎসা আৰু স্বাস্থ্য সেৱা আদিৰ প্রভূত উন্নয়ন ঘটিছে। অৱশ্যে এইবিলাক পৰ্যাপ্ত পৰিমাণৰ নহয়। জনসংখ্যা আৰি মাটি কালি দুয়োদিশতে ভাৰত এখন বৃহৎ দেশ। জীৱনৰ গুণগত মান উন্নত কৰিবৰ বাবে আৰু সামাজিক আন্তগাঠনি গঢ়িবৰ বাবে বৃহৎ পৰিমাণৰ সম্পদক প্রয়োজন হয়। দেশৰ নিম্নমানৰ জনমুৰি আয়ৰ দ্বাৰা প্ৰয়োজনীয় সম্পদৰ সমবিতৰণত সক্ষম হ’ব পৰা নাই। সেয়েহে আমি ক’ব পাৰো যে ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনা সফলতা আৰু বিফলতাৰ এটা মিশ্রণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top