ASOS Class 12 Economics Chapter 21 চৰকাৰী বাজেট

ASOS Class 12 Economics Chapter 21 চৰকাৰী বাজেট, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 21 চৰকাৰী বাজেট and select needs one.

ASOS Class 12 Economics Chapter 21 চৰকাৰী বাজেট

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 21 চৰকাৰী বাজেট Solutions for All Subject, You can practice these here.

চৰকাৰী বাজেট

Chapter : 21

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

(i) এখন চৰকাৰী বাজেট হৈছে এক বিবৃতি য’ত সন্নিবিষ্ট থাকে—

(ক) সম্ভাব্য ব্যয়।

(খ) সম্ভাব্য প্রাপ্তি।

(গ) সম্ভাব্য ব্যয় আৰু প্ৰাপ্তি দুয়োটাই।

(ঘ) প্রকৃত ব্যয় আৰু প্ৰকৃত প্রাপ্তি।

উত্তৰঃ (গ) সম্ভাব্য ব্যয় আৰু প্ৰাপ্তি দুয়োটাই।

(ii) ৰাজহ প্ৰাপ্তি গঠনত থাকে—

(ক) কেৱল কৰবোৰ।

(খ) কেৱল সুদবোৰ।

(গ) কোম্পানীৰ লাভাংশ আৰু লাভ।

(ঘ) উপৰোক্ত আটাইবোৰ।

উত্তৰঃ (ঘ) উপৰোক্ত আটাইবোৰ।

(iii) মূলধন প্রাপ্তি গঠনত থাকে—

(ক) কেৱল ঋণবোৰ।

(খ) কেৱল বৈদেশিক সাহায্যবোৰ।

(গ) কেৱল পুনৰুদ্ধাৰ কৰা ঋণবোৰ।

(ঘ) উপৰোক্ত আটাইবোৰ।

উত্তৰঃ (ঘ) উপৰোক্ত আটাইবোৰ।

(iv) চৰকাৰৰ দ্বাৰা দলং নিৰ্মাণত কৰা ব্যয় হ’ল—

(ক) ৰাজহ ব্যয়।

(খ) মূলধনী ব্যয়।

(গ) ৰাজহ আৰু মূলধনী ব্যয় দুয়োটাই।

(ঘ) ৰাজহ আৰু মূলধনী ব্যয়ৰ এটাও নহয়।

উত্তৰঃ (খ) মূলধনী ব্যয়।

(v) চৰকাৰৰ নৈমিত্তিক দৈনন্দিন কাৰ্যাৱলীৰ বাবদ হোৱা ব্যয় হ’ল–

(ক) পৰিকল্পনা বহির্ভূত ব্যয়।

(খ) পৰিকল্পনা ব্যয়।

(গ) পৰিকল্পনা ব্যয় আৰু পৰিকল্পনা বহির্ভূত ব্যয় দুয়োটাই।

(ঘ) পৰিকল্পনা ব্যয় আৰু পৰিকল্পনা বহির্ভূত ব্যয়ৰ এটাও নহয়।

উত্তৰঃ (ক) পৰিকল্পনা বহির্ভূত ব্যয়।

2 . বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দটোৰে খালী ঠাই পূৰ কৰাঃ

(i) বাজেটত ঘাটিৰ উদ্ভৱ হয় যেতিয়া সম্ভাৱ্য ব্যয় সম্ভাৱ্য প্রাপ্তিতকৈ ______ (বেছি হয়, কম হয়)।

উত্তৰঃ বাজেটত ঘাটিৰ উদ্ভৱ হয় যেতিয়া সম্ভাৱ্য ব্যয় সম্ভাৱ্য প্রাপ্তিতকৈ বেছি হয়।

(ii) _____ (মুঠ ব্যয়, মুঠ প্রাপ্তি) ৰ তুলনাত ______ (মুঠ ব্যয়, মুঠ প্রাপ্তি) ৰ যিখিনি অতিৰিক্ত সেইখিনিয়েই বাজেটীয় ঘাটি।

উত্তৰঃ মুঠ ব্যয়ৰ তুলনাত মুঠ প্রাপ্তিৰ যিখিনি অতিৰিক্ত সেইখিনিয়েই বাজেটীয় ঘাটি।

(iii) ঋণক ______  (বাদ দি, ধৰি) প্ৰাপ্তিৰ ভিত্তিত ৰাজস্ব ঘাটি হিচাপ কৰা হয়।

উত্তৰঃ ঋণক বাদ দি প্ৰাপ্তিৰ ভিত্তিত ৰাজস্ব ঘাটি হিচাপ কৰা হয়।

(iv) বাজেট ঘাটি পূৰাবলৈ জন সাধাৰণৰ পৰা ঋণ লোৱাতকৈ ৰিজার্ভ বেংকৰ পৰা ঋণ লোৱাটোক অগ্ৰাধিকাৰ _____ (দিয়া হয়, দিয়া নহয়)।

উত্তৰঃ বাজেট ঘাটি পূৰাবলৈ জন সাধাৰণৰ পৰা ঋণ লোৱাতকৈ ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱাটোক অগ্ৰাধিকাৰ দিয়া নহয়।

(v) ঘাটি জুখিবলৈ বাজেটীয় ঘাটিৰ তুলনাত ৰাজস্ব ঘাটি হৈছে এটি ______ (উপযুক্ত, কম উপযুক্ত) ব্যৱস্থা।

উত্তৰঃ ঘাটি জুখিবলৈ বাজেটীয় ঘাটিৰ তুলনাত ৰাজস্ব ঘাটি হৈছে এটি উপযুক্ত ব্যবস্থা।

3. চৰকাৰী বাজেটৰ অৰ্থ ব্যাখ্যা কৰা। চৰকাৰী বাজেট এখন গাঁঠনিটোৰ এটা আভাস দিয়া।

উত্তৰঃ চৰকৰী বাজেট হৈছে এটা বিত্তীয় বছৰৰ সময়ছোৱাত সম্ভাৱ্য ব্যয় আৰু সেই ব্যয়ৰ বাবে প্রয়োজনীয় বিত্ত যোগানৰ উৎসবোৰৰ এক বিবৃত্তি। বাজেট এখনৰ দুটা অংশ থাকে। প্রাপ্তিসমূহ আৰু ব্যয় সমূহ। প্রাপ্তিবোৰক আকৌ ৰাজহ আৰু অনা ৰাজহ প্রাপ্তিত ভাগ কৰা হয়। ব্যসসমূহক (ক) ৰাজহ ব্যয় আৰু অনা ৰাজহ ব্যয় আৰু পৰিকল্পনা আৰু পৰিকল্পনা বহির্ভূত ব্যয় হিচাপে ভাগ কৰা হয়। 

বাজেট হৈছে বিভিন্ন ক্ষেত্ৰ আৰু উদ্দেশ্যত ব্যৱহাৰৰ অৰ্থে ৰাজহ সংগ্ৰহৰ এটা প্ৰক্ৰিয়া। অৱশ্যে এইটো উল্লেখযোগ্য যে চৰকাৰে গঠন কৰা এখন বাজেট দেশখনৰ সমুদায় অৰ্থনীতিৰ আয়-ব্যয়ৰ এটা পূৰ্ণাংগ হিচাপ নহয় কাৰণ চৰকাৰী বাজেটৰ পৰা দেশখনৰ সম্পত্তি আৰু দায়িত্বসমূহৰ বিষয়ে এখন স্পষ্ট ছবি দেখা পোৱা নাযায়। চৰকাৰী বাজেটত কেৱল যিটো বছৰৰ কাৰণে বাজেট প্ৰস্তুত কৰা হয় উক্ত বছৰটোৰ আয়-ব্যয়হে অন্তৰ্ভুক্ত হয়। প্রকৃতপক্ষে ক’বলৈ গ’লৈ চৰকাৰী বাজেট হৈছে চৰকাৰৰ এটা বাৰ্ষিক বিত্তীয় পৰিকল্পনা। উক্ত বিত্তীয় পৰিকল্পনাত আগন্তুক বছৰটোৰ ভিতৰত হ’বলগীয়া চৰকাৰৰ আয়-ব্যয়সমূহ অন্তর্ভুক্ত হয়। চৰকাৰে প্ৰস্তুত কৰা বাজেট পুস্তিকাৰ আকাৰত প্ৰস্তুত কৰা হয় আৰু উক্ত পুস্তিকাত চৰকাৰৰ আয়-ব্যয় আঁচনিসমূহৰ বিতং বিৱৰণ অন্তর্ভুক্ত হয়। বাজেট পুস্তিকাৰ অন্তৰ্ভুক্ত হোৱা আয়-ব্যয় ব্যৱস্থাসমূহৰ অনুমোদন লাভ কৰিবৰ অৰ্থে দেশৰ সংসদৰ ওচৰত দাখিল কৰা হয়। সংসদৰ অনুমোদন লাভ কৰাৰ পূৰ্বে বাজেটত অন্তর্ভুক্ত হোৱা আয়-ব্যয়ৰ ব্যৱস্থাসমূহক বাজেট প্রস্তাৱনা আখ্যা দিয়া হয়।

বিভিন্ন পর্যায় বা ধৰণৰ চৰকাৰবোৰে গঠন কৰা বাজেট বোৰৰ মূল গাঁথনিটো প্ৰায় একে ধৰণৰ হয়। ব্যয়ৰ শিতান, বিভিন্ন শিতানক প্ৰদান কৰা ওজন বা গুৰুত্ব, বিত্তৰ উৎস, বাজেট সাপেক্ষে বেলেগ বেলেগ হ’ব পাৰে। এখন চৰকাৰী বাজেটত দুটা অংশ থাকে। প্রথম অংশটো হৈছে ৰাজহ হিচাপ বা ৰাজহ বাজেটত চৰকাৰৰ চলিত বিত্তীয় আয়-ব্যয়সমূহ অন্তৰ্ভুক্ত কৰা হয়। যিবিলাক আয্য-ব্যয় আবর্তিত প্ৰকৃতিৰ হয়, তেনে আয়-ব্যয়সমূহ ৰাজহ বাজেটৰ অন্তর্ভুক্ত হয়। অন্যহাতেদি মূলধনী সা-সম্পত্তি সংগ্ৰহ আৰু বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্ৰহ কৰা আয়-ব্যয়সমূহ মূলধনী বাজেটৰ অন্তৰ্ভুক্ত হয়।

ৰাজহ বাজেটত চৰকাৰৰ চলিত আয়-ব্যয়সমূহ অন্তর্ভুক্ত হয়। চলিত আয়ত কৰ আৰু অনাকৰ ৰাজহসমূহ অন্তর্ভুক্ত হয়। চৰকাৰে টকা-পইচাৰ মুদ্ৰণ যন্ত্ৰ, শিক্ষা, গৃহ নিৰ্মাণ ইত্যাদিৰ পৰা আৰু অৰ্থনৈতিক সেৱাসমূহৰ পৰা যি ৰাজহ আৰু লাভ উপাৰ্জন কৰে সেইখিনি চলিত অনাকৰ ৰাজহৰ অন্তৰ্ভুক্ত হয়। কৰ আৰু অনাকৰ ৰাজহৰ পৰা সংগ্ৰহ হোৱা ৰাজহ যিবোৰ ক্ষেত্ৰত ব্যয় কৰে উক্ত সকলো ব্যয় চলিত বা ৰাজহ শিতানৰ ব্যয়ৰ অন্তৰ্ভুক্ত হয়। উল্লেখযোগ্য যে ৰাজহ বাজেটত অন্তৰ্ভুক্ত হোৱা ব্যয়ৰ অধিকাংশ অনা-উন্নয়নমূলক ব্যয়ৰ অন্তৰ্ভূক্ত হয়। অৱশ্যে ৰাজহ বাজেটে অর্থনৈতিক উন্নয়নলৈ কোনো বৰঙণি নোযোগায় বুলি ভাবিলে ভুল হ’ব, কাৰণ চৰকাৰে ইয়াৰ উন্নয়নমূলক ব্যয়ৰ কাৰণে প্রয়োজন হোৱা পুঁজিৰ এক বুজন অংশ ৰাজহ বাজেটৰ পৰা সংগ্ৰহ কৰে। অৱশ্যে ৰাজহ বাজেটৰ অন্তৰ্ভুক্ত হোৱা আয়ৰ অধিকাংশ চলিত ব্যয়সমূহৰ পৰিপূৰ্ণৰ অর্থেই নিয়োগ কৰা হয়। ৰাজহ বাজেটত যিবোৰ ব্যয় অন্তর্ভুক্ত কৰা হয় উক্ত ব্যয়ৰ শিতানসমূহ হৈছে চৰকাৰী কৰ্মচাৰীৰ দৰ্মহা আৰু বানচ, প্ৰতিৰক্ষা ব্যয়, চৰকাৰী ঋণৰ ওপৰত সুদ প্ৰদানৰ ক্ষেত্ৰত ব্যয় চৰকাৰী খণ্ড ত নিত্য-ব্যৱহৃত দ্রব্য-সামগ্ৰীৰ ক্রয়মূল্য ইত্যাদি উল্লেখযোগ্য। ৰাজহ বাজেটৰ অন্তৰ্ভুক্ত আয়-ব্যয়ৰ বিস্তৃত ব্যাখ্যা তলত দাঙি ধৰা হৈছে।

2. ৰাজহ প্ৰাপ্তি আৰু মূলধনী প্ৰাপ্তিৰ প্ৰভেদ কি?

উত্তৰঃ চৰকাৰৰ প্ৰাপ্তিবোৰ দুই প্ৰকাৰৰ— (ক) ৰাজহ প্ৰাপ্তি আৰু (খ) মূলধনী প্রাপ্তি। ৰাজহ প্রাপ্তি হ’ল সকলো উৎসৰ পৰা পোৱা চলিত আয় প্রাপ্তিবোৰ। তেনে প্ৰাপ্তিৰ মূল প্ৰকাৰবোৰ হ’ল — কৰ, ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰা হোৱা লাভ, অনুদান ইত্যাদি। মূলধন প্রাপ্তিবোৰ হ’ল চৰকাৰে লোৱা ঋণবোৰ।

ৰাজহ প্ৰাপ্তি আৰু মূলধন প্রাপ্তিৰ মাজত এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। ৰাজহ প্ৰাপ্তিৰ ক্ষেত্ৰত চৰকাৰে ভৱিষ্যতে সেইবোৰ ঘূৰাই দিয়া বা পৰিশোধ কৰাৰ কোনো দায়বদ্ধতা নাথাকে। আনহাতে মূলধন প্রাপ্তিবোৰ যিহেতু দায়বদ্ধতা ঋণহে, সেয়েহে চৰকাৰে ভৱিষ্যতে সেইবোৰ সুদসহ ঘুৰাই দিয়া বা পৰিশোধ কৰাৰ দায়বদ্ধতা থাকে। সকলো প্ৰকাৰৰ মূলধন প্রাপ্তিয়েই দায়বদ্ধতা বঢ়ায় বা সম্পদ হ্ৰাস কৰে।

ৰাজহ বাজেটত চৰকাৰৰ চলিত প্ৰাপ্তি আৰু সেই প্ৰাপ্তিৰ পৰা কৰিব পৰা ব্যয়ৰ হিচাপ অন্তর্ভুক্ত হয়। আনহাতে মূলধনী বাজেটত চৰকাৰৰ মূলধনী প্রাপ্তি আৰু ব্যয় অন্তর্ভুক্ত হয়।

ৰাজহ বাজেটত চৰকাৰৰ চলিত আয়-ব্যয়সমূহ অন্তর্ভুক্ত হয়; আনহাতে মূলধনী বাজেটত মূলধনী সা-সম্পত্তি সংগ্ৰহ আৰু বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্ৰহ কৰা আয়-ব্যয় অন্তর্ভুক্ত হয়।

ৰাজহ বাজেটত কৰ ৰাজহ আৰু অনাকৰ ৰাজহ অন্তৰ্ভুক্ত হয়; কিন্তু মূলধনী বাজেটত এইবোৰ নাথাকে।

(ঘ) ৰাজহ বাজেটৰ ৰাজহ ব্যয়ত পৰিকল্পনাৰ ৰাজহ ব্যয় থাকে, কিন্তু মূলধনী বাজটৰ মূলধনী ব্যয়ত পৰিকল্পনাৰ মূলধনী ব্যয়ৰ লগতে পৰিকল্পনা বহির্ভূত ব্যয় থাকে।

3. ৰাজহ প্ৰাপ্তি আৰু মূলধনী প্ৰাপ্তিৰ গঠন ব্যাখ্যা কৰা।

উত্তৰঃ ৰাজহ প্ৰাপ্তিঃ ৰাজহ প্ৰাপ্তিত চলিত আয় আৰু ব্যয়সমূহ অন্তর্ভুক্ত কৰা হয়। অর্থাৎ চৰকাৰৰ ৰাজহ প্ৰাপ্তি আৰু সেই ৰাজহেৰে কৰা চৰকাৰী ব্যয় ৰাজহ বাজেটৰ অন্তৰ্ভুক্ত হয়। যেনেঃ কৰ ৰাজহ, অনাকৰ ৰাজহ আদি।

কৰ ৰাজহ হৈছে এক বাধ্যতামূলক বৰঙণি যি জনসাধাৰণে নায্যমতে চৰকাৰক পৰিশোধ কৰিব লাগে। এই ৰাজহ দুই প্ৰকাৰৰ, যেনে— প্ৰত্যক্ষকৰ আৰু পৰোক্ষকৰ। প্ৰত্যক্ষ কৰ কৰাতাই নিজৰ উপাৰ্জন আৰু সম্পত্তিৰ ওপৰত পৰিশোধ কৰিব লাগে, যেনেঃ আয়কৰ, সম্পত্তি কৰ, নিগম কৰ আদি। পৰোক্ষ কৰ হৈছে যি কৰ জনসাধাৰণে অন্য ব্যক্তি বা প্ৰতিষ্ঠানৰ জৰিয়তে পৰিশোধ কৰে তেনে কৰক বুজায়। যেনেঃ বিক্ৰী কৰ, আবকাৰী শুল্ক, আমদানি কৰ ইত্যাদি।

অনাকৰ ৰাজহ হ’ল কৰৰ বাহিৰে অন্যান্য উৎসৰ পৰা চৰকাৰে যি কৰ সংগ্ৰহ কৰে তাক অনাকৰ ৰাজহ বোলে। যেনেঃ ব্যৱসায়িক ৰাজহ, যেনে— ৰেল সেৱা, বিদ্যুৎ সেৱা আদি।

মূলধনী প্রাপ্তিঃ কেন্দ্রীয় চৰকাৰে লাভ দৰা মূলধন প্রাপ্তিৰ তিনিটা প্ৰধান উৎস হ’ল—

(ক) ঋণ সমূহ।

(খ) ঋণৰ পুনৰুদ্ধাৰ। আৰু

(গ) ৰাজহুৱা খণ্ড উদ্যোগৰ অংশ পত্ৰ পুনৰ বিক্ৰী।

ঋণসমূহঃ কেন্দ্ৰীয় চৰকাৰে দুটা উৎসৰ পৰা ঋণ লয়— 

(ক) দেশীয় হয়। আৰু 

(খ) বৈদেশিক সাহায্য।

দেশীয় ঋণবোৰ দেশৰ ভিতৰত লোৱা ঋণ। চৰকাৰে বিত্তীয় বজাৰৰ পৰা চৰকাৰী ঋণ পত্ৰ আৰু কোষাগাৰ বিত্ত প্ৰদানৰ জৰিয়তে ল’ব পাৰে। চৰকাৰে বিভিন্ন জমা আঁচনি যেনে ৰাজহুৱা ভৱিষ্য নিধি, ক্ষুদ্ৰ আঁচনি, ইন্দিৰা বিকাশ পত্র কিষাণ পত্ৰ, ৰাষ্ট্ৰীয় সঞ্চয় আঁচনি প্ৰমাণ পত্ৰ আদিৰ জৰিয়তেও জনসাধাৰণৰ পৰা ঋণ ল’ব পাৰে। এই আঁচনিবোৰৰ জৰিয়তে জমা হোৱা ধন হৈছে চৰকাৰে লোৱা ঋণ।

বৈদেশিক সাহায্য হৈছে বিদেশৰ পৰা চৰকাৰে লোৱা ঋণ।

ঋণৰ পুনৰুদ্ধাৰঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজ্য আৰু স্থানীয় চৰকাৰসমূহক ঋণ দিয়ে। এই ঋণবোৰ পুনৰুদ্ধাৰে বাজেটত প্ৰাপ্তি গঠন কৰে।

ৰাজহুৱা খণ্ডৰ উদ্যোগৰ অংশ-পত্ৰ পুনৰ বিক্ৰীঃ মূলধন প্রাপ্তিৰ এইটো এক সাম্প্রতিক উৎস। কিছুদিন আগলৈকে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ এশ শতাংশ অংশ পত্ৰৰ মালিকীস্বত্ব চৰকাৰেই আছিল। ইয়াৰ অৰ্থ হ’ল এই উদ্যোগ বোৰৰ সমস্ত বিনিয়োগ কেন্দ্ৰীয় চৰকাৰে কৰিছিল। 1991 চনত কেন্দ্ৰীয় চৰকাৰে এনে উদ্যোগ ব্যক্তিগতকৰণ কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনি ৰূপায়ণৰ প্ৰথম পদক্ষেপ হিচাপে চৰকাৰে এনেবোৰ উদ্যোগৰ অংশ-পত্ৰ জনসাধাৰণ আৰু বিত্তীয় প্রতিষ্ঠানক পুনৰ বিক্ৰী কৰা আৰম্ভ কৰিছে। চৰকাৰে কৰা অংশ-পত্ৰৰ পুনৰ বিক্ৰীক অংশ-পত্ৰত নিবিয়োজন বুলি অভিহিত কৰা হৈছে।

4. মূলধনী ব্যয় আৰু ৰাজহ ব্যয়ৰ মাজত পার্থক্য কি?

উত্তৰঃ মূলধন ব্যয় হিচাপে ভূমি অধিগ্রহণ, গৃহ নির্মাণ, যন্ত্রপাতি, অংশপত্র বিনিয়োগ, ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু বিভিন্ন দল বা সংগঠনলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ঋণ আৰু আগধনসমূহ সামৰি লোৱা হয়।

ৰাজহ ব্যয় হৈছে সেইবোৰ শিতানত কৰা ব্যয় যিবোৰ কোনো সম্পদৰ নকৰে। এই ব্যয় হৈছে দৰমহা দিয়া, সম্পত্তি ৰক্ষণা-বেক্ষণ, জনসাধাৰণলৈ আগবঢ়োৱা বিনামূলীয়া সেৱা ইত্যাদি শিতানত হোৱা বায়।

5. পৰিকল্পনা ব্যয় আৰু বহিৰ্ভূত ব্যয়ৰ মাজত সম্পর্ক কি?

উত্তৰঃ ভাৰতবৰ্ষই অর্থনৈতিক উন্নয়ন সাধন কৰিবলৈ পকিল্পনাৰ পথ গ্রহণ কৰিছে। পঞ্চবার্ষিক পৰিকল্পনা প্রস্তুত আৰু ৰূপায়ণ কৰা হয়। পঞ্চবার্ষিক পৰিকল্পনাত অগ্ৰাধিকাৰ দিয়া বিষয়বোৰত প্ৰতিবছৰে ব্যয় কৰিবলৈ চৰকাৰী বাজেটত সুবিধা ৰখা হয়। বাজেটত সুবিধা ৰখা তেনে ব্যয়কেই পৰিকল্পনা ব্যয় বুলি কোৱা হয়।

চৰকাৰে দেশৰ প্ৰশাসনৰ দৰে নিয়মীয়া কামবোৰত ব্যয় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। পৰিকল্পিত ভাবেই হওঁক বা অপৰিকল্পিত ভাবেই হওঁক, তেনে ব্যয় কৰাটো প্ৰত্যেক দেশৰ বাবেই জৰুৰী কথা। কোনো চৰকাৰেই দেশৰ জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিক সুৰক্ষা দিয়াটোৰ নিচিনা প্রাথমিক কাৰ্যৰ পৰা হাত সাৰিব নোৱাৰে। চৰকাৰে এই কাৰ্য সম্পন্ন কৰিবলৈ আৰক্ষী আৰু ন্যায়িক ব্যৱস্থাত ব্যয় কৰিব লাগে। বিদেশী শক্তিৰ আক্ৰমণৰ পৰা দেশখনৰ সুৰক্ষা কৰাটোৰ নিচিনা কৰ্তব্যৰ পৰাও চৰকাৰে আঁতৰি থাকিব নোৱাৰে। এইবোৰৰ বাবে চৰকাৰে সেনা বাহিনীত খৰচ কৰিব লাগে। তাৰ উপৰি চৰকাৰে বিভিন্ন ক্ষেত্ৰত সদায় কৰিবলগীয়া যেনে চৰকাৰী বিভাগবোৰ, বিধানমণ্ডল ৰাজহুৱা উপযোগিতামূলক সেৱা যোগান, যেনে— পানী যোগান, স্বাস্থ্য ইত্যাদিত ব্যয় কৰিবই লাগিব। এনে ধৰণৰ ব্যয়বোৰক পৰিকল্পনা বহির্ভূত ব্যয় বোলে।

6. বাজেটীয় ঘাটি আৰু ৰাজস্ব ঘাটিৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত প্ৰযোজ্য হৈ থকা দুই প্ৰকাৰৰ জনপ্রিয় ঘাটি হ’ল— বাজেটীয় ঘাটি আৰু ৰাজস্ব ঘাটি।

বাটেজীয় ঘাটি সকলো প্ৰকাৰৰ প্ৰাপ্তি আৰু সকলো প্ৰকাৰৰ ব্যয়ৰ ওপৰত প্রতিষ্ঠিত। বাজেটত ধাৰ্য কৰা সকলো প্ৰকাৰৰ প্ৰাপ্তিতকৈ অতিৰিক্ত ব্যয়খিনিকে বাজেটীয় ঘাটি বুলি কোৱা হয়। অর্থাৎ বাজেটীয় ঘাটি = মুঠ বাজেট ব্যয় । মুঠ বাজেট প্রাপ্তি। এই হিচাপটোৱে ৰাজহ আৰু মূলধন প্রাপ্তি দুয়োটা আৰু ৰাজহ আৰু মূলধন ব্যয় দুয়োটাকে সামৰি লৈছে।

আনহাতে ৰাজস্ব ঘাটিয়ে সকলো ধৰণৰ প্ৰাপ্তিকে সামৰি নলয়। সেইবাবে ৰাজস্ব ঘাটিক ঋণক বাদ দি মুঠ চৰকাৰী আয় আৰু মুঠ চৰকাৰী ব্যয়ৰ ব্যৱধান বুলি কোৱা হয়। অর্থাৎ

ৰাজস্ব ঘাটি = মুঠ বাজেট ব্যয় । মুঠ বাজেট প্রাপ্তি।

7. বাজেট ঘাটি পূৰাবলৈ বিত্ত যোগানৰ বিভিন্ন উৎসবোৰ উল্লেখ কৰা।

উত্তৰঃ ঘাটি পুৰোৱাৰ বাবে প্ৰয়োজনীয় বিত্তৰ যোগান কৰিবলৈ চৰকাৰে তিনিটা উৎসৰ সহায় ল’ব পাৰে। সেই কেইটা হ’ল—

(ক) জনসাধাৰণ আৰু বিদেশী চৰকাৰৰ পৰা ল’ব পৰা ঋণ।

(খ) ভাৰতীয় ৰিজাৰ্ভ বেংকত থকা চৰকাৰৰ নগদ জমাধন উলিয়াই আনিব পাৰে।

(গ) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ল’ব পৰা ঋণ।

ব্যয়ৰ বাবে প্ৰয়োজনীয় বিত্তৰ যোগান ধৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ অথবা নগদ জমা উলিয়াই অনাতকৈ জনসাধাৰণৰ পৰা ঋণ লোৱাটোকে পছন্দ কৰে। দেশত মুদ্ৰা যোগানৰ ওপৰত হ’ব পৰা প্ৰতিক্ৰিয়াই ইয়াৰ কাৰণ। জনসাধাৰণৰ পৰা লোৱা ঋণে দেশৰ মুদ্ৰা যোগানৰ ওপৰত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে। যেতিয়া চৰকাৰে ঋণ লয়, মুদ্ৰা জনসাধাৰণৰ পৰা চৰকাৰৰ হাতলৈ আহে। সেয়েহে দেশৰ মুঠ মুদ্ৰা যোগানৰ ওপৰত ইয়াৰ প্ৰকৃত প্ৰভাৱ নপৰে।

আনহাতে ৰিজাৰ্ভ বেংকত থকা জমাধন উলিয়াই অনা আৰু ৰিজাৰ্ভ বেঙ্কৰ পৰা লোৱা ঋণে দেশত মুদ্ৰা যোগান বৃদ্ধি কৰিব। ৰিজাৰ্ভ বেংকৰ পৰা যি পৰিমাণৰেই ধন ওলাই নহয় কিয়, সেইটোৱে দেশত মুদ্ৰা যোগানৰ পৰিমাণ বৃদ্ধি কৰিব। মুদ্ৰা যোগানৰ এই বৃদ্ধিয়ে দেশত মূল্যস্তৰ বা মূল্য বৃদ্ধি কৰিব আৰু অৰ্থনীতিত নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব। সেয়েহে চৰকাৰে এই উৎসটো কেৱল তেতিয়াহে ব্যৱহাৰ কৰিব খোজে যেতিয়া চৰকাৰৰ হাতত বিত্ত যোগান আন এটা উপায় নাথাকে।

জনসাধাৰণ পৰা চৰকাৰে ঋণ ল’লে কোনো সমস্যাৰ সৃষ্টি নহয়। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা লোৱা ঋণে সৃষ্টি কৰা সমস্যাটোৰ দৰে ভয়াৱহ নহয়। জনসাধাৰণৰ পৰা ঋণে চৰকাৰৰ দায়বদ্ধতা দুই প্ৰকাৰে বৃদ্ধি কৰিব পাৰে। প্ৰথমে চৰকাৰে লোৱা ঋণসমূহ ভৱিষ্যতে পৰিশোধ কৰিব লাগিব। দ্বিতীয়তে চৰকাৰে, এই ঋণবোৰৰ বাবে সুদ আদায় দিব লাগিব। চৰকাৰে জনসাধাৰণৰ পৰা এইটো আশাত ঋণ লয় যে চৰকাৰে অদূৰ ভৱিষ্যতে অতিৰিক্ত বিত্তীয় সম্পদ আহৰণ কৰিবলৈ সমৰ্থ হ’ব আৰু ঋণবোৰৰ সুদ সহ পৰিশোধ কৰিব। যদিহে চৰকাৰে অতিৰিক্ত সম্পদ আহৰণত ব্যৰ্থ হয়, তেন্তে আনকি জনসাধাৰণৰ পৰা লোৱা ঋণেও সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৪. বাজেটীয় নীতি অৰ্থ আৰু উদ্দেশ্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ এখন চৰকাৰী বাজেট হৈছে বিত্তীয় বৰ্ষত চৰকাৰখনৰ প্ৰত্যাশিত ব্যয় আৰু সেই ব্যয়ৰ বাবে প্ৰয়োজনীয় বিত্তৰ উৎসসমূহ এক বিবৃতি। সেয়েহে দেশৰ বিত্ত মন্ত্ৰীগৰাকীৰ সন্মুখত দুটা ডাঙৰ প্রশ্ন থাকে। চৰকাৰে কোনবোৰ কার্থ বা শিতানত ব্যয় কৰা উচিত? এই ব্যয়ৰ বাবে প্ৰয়োজনীয় বিত্ত বা সম্পদ কিদৰে সংগ্ৰহ কৰা যাব। চৰকাৰে প্ৰতিৰক্ষা শিতানত নে জনসাধাৰণ বা নাগৰিকৰ প্রয়োজনীয় সেৱা যোগানত অধিক ব্যয় কৰা উচিত? চৰকাৰে শিক্ষা, স্বাস্থ্য সেৱা আৰক্ষী ইত্যাদিত কিমান ধন ব্যয় কৰাটো উচিত? এইবোৰ প্ৰশ্ন কোনো পোনপটীয়া উত্তৰ নাই। সেইটো নিৰ্ভৰ কৰে অগ্ৰাধিকাৰৰ ওপৰত। আকৌ সেইটো নির্ণয় হয় দেশখনে সন্মুখীন হৈ থকা অৰ্থনৈতিক, সামাজিক আৰু অন্যান্য সমস্যাৰ পৰা। উদাহৰণ স্বৰূপে, যদি দেশখনে বিদেশৰ পৰা অনবৰতে আক্ৰমণৰ ভাবুকি পাই থাকে, তেতিয়া চৰকাৰৰ হাতত সেনা–বাহিনীৰ বাবে অধিক ব্যয় কৰাৰ বাহিৰে গত্যন্তৰ নাথাকে। আকৌ দেশখনত যদি কোনো সংক্ৰামক ৰোগৰ ভাবুকি আহে, তেন্তে চৰকাৰখনে চিকিৎসালয় বা স্বেচ্ছাসেৱাত অধিক ব্যয় কৰিব লাগিব। আকৌ চৰকাৰখনে যদিহে পূৰ্বতে অধিক ঋণ লৈছিল তেন্তেসুদ পৰিশোধৰ বাবে এতিয়া চৰকাৰে ব্যয় কৰিব লাগিব। এই ব্যয়ৰ বাবে প্ৰয়োজনীয় বিত্ত বা সম্পদ কেনেদৰে সংগ্ৰহ কৰিব পৰা যাব ই হ’ল চৰকাৰৰ এটা ডাঙৰ প্ৰশ্ন। জনসাধাৰণৰ ওপৰত অধিক কৰ আৰোপ কৰা উচিত হবনে জনসাধাৰণ কোনটো শ্ৰেণীৰ ওপৰত অধিক কৰ আৰোপ কৰা উচিত হ’ব? কেনে ধৰণৰ সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপা কৰা উচিত? চৰকাৰৰ কিমান পৰিমাণৰ ঋণ লোৱাটো উচিত? চৰকাৰে ক’ৰ পৰা ঋণ লোৱাটো উচিত? কেনেৰূপত এই স্বর্ণ লোৱাটো উচিত? এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰৰ নীতি উদ্দেশ্যতহে বিচাৰি পোৱা যাব। কিয়নো চৰকাৰেই নিজস্ব নীতি আঁচনি আৰু উদ্দেশ্যক আগত ৰাখি বিভিন্ন শিতানত ধন আবণ্টন কৰিব আৰু বিত্ত যোগানৰ উৎসবোৰৰ সন্ধান কৰিব। যিবোৰ চৰকাৰী নীতি আঁচনি আৰু কাৰ্যক্ৰমণিকাৰ লগত সামঞ্জস্য ৰাখি চৰকাৰে ব্যয় শিতানবোৰ আৰু বিত্ত যোগানৰ উৎস নির্বাচন কৰে সেইবোৰকেই চৰকাৰৰ বাজেটীয় নীতি বোলা হয়।

বাজেটীয় নীতিৰ উদ্দেশ্যসমূহঃ যিকোনো বাজেটীয় নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হল—

(ক) এটি কার্যক্ষম প্রশাসনীয় ব্যৱস্থা আগবঢ়োৱাঃ এই উদ্দেশ্যে ফলৱতী কৰিবলৈ চৰকাৰে আৰক্ষী, সেনা-বাহিনী, বিধানমণ্ডল, ন্যায়ালয়, চৰকাৰী কাৰ্যালয় আদিত ব্যয় কৰিবলগীয়া হয়।

(খ) আন্তঃগাঁঠনিমূলক সা-সুবিধা সৃষ্টি কৰা বা যোগান ধৰাঃ ইয়াৰ বাবে চৰকাৰে শিক্ষা, স্বাস্থ্যসেৱা, পানী আৰু বিজুলী যোগান, পৰিবহণ, ডাক আৰু দূৰ সংযোগ সেৱা, ৰাস্তা-পদুলি, দলং, বিনোদন উদ্যান নির্মাণ আদিত ব্যয় কৰিব লাগে।

(গ) কৰ্মসংস্থানৰ সুবিধা সৃষ্টি কৰাঃ এই উদ্দেশ্যে ৰূপায়ণ কৰাৰ বাবে চৰকাৰে বহুধৰণৰ পদক্ষেপ ল’ব পাৰে। চৰকাৰে ৰাজহুৱা উদ্যোগ স্থাপন কৰিব পাৰে। কৰ্মসংস্থান আৰু উৎপাদন বৃদ্ধিত উৎসাহ যোগাবলৈ চৰকাৰে ব্যক্তিগত খণ্ডৰ উদ্যোগবোৰলৈ ৰাজ সাহায্য প্ৰদান কৰিব পাৰে। চৰকাৰে কৰ ৰেহাই, ৰাজ সাহায্য, অনুদান ঋণ আদি আগবঢ়াই ক্ষুদ্র, কূটীৰ আৰু গ্ৰাম্য উদ্যোগক উৎসাহিত কৰিব পাৰে। কর্মসংস্থান বৃদ্ধিৰ বাবে চৰকাৰে ৰাস্তা-পদূলি, দলং, চৰকাৰী গৃহ নিৰ্মাণ আদিৰ দৰে কিছুমান ৰাজহুৱা কামো হাতত ল’ব পালে।

(ঘ) দামৰ সুস্থিৰতা নিশ্চিত কৰাঃ চৰকাৰে মূল্যস্তৰ, বিশেষকৈ অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰীৰ দামৰ সুস্থিৰতা নিশ্চিত কৰিব লাগে। সুলভ মূল্যৰ দোকান খুলি খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত কৰি ৰাখি, সাধাৰণ জনতাৰ প্ৰয়োজনীয় বস্তু সেৱা যেনে ৰন্ধন গেছ, বিজুলী, পেট্ৰ’ল আদিৰ ক্ষেত্ৰত সর্বোচ্চ দাম নির্ধাৰণ কৰি চৰকাৰে দামৰ সুস্থিৰতা ৰক্ষা কৰিব লাগে।

(ঙ) আয়ৰ সমতা হ্ৰাস কৰাঃ ধনী ব্যক্তিসকলৰ ওপৰত অধিক কৰ আৰোগ কৰি আৰু দৰিদ্ৰ সকলৰ বাবে অধিক ব্যয় কৰি চৰকাৰে আয়ৰ অসমতা হ্রাস কৰিব পাৰে।

(চ) অৰ্থনৈতিক বিকাশৰ উত্তৰণ ঘটোৱাঃ যন্ত্ৰ-পাতি নিৰ্মাণ, সাৰ তথা ৰাসায়নিক পদার্থ আদি উৎপাদনৰ বাবে বুনিয়াদী আৰু গধুৰ উদ্যোগ স্থাপন কৰি চৰকাৰে অৰ্থনৈতিক বিকাশ গতি খৰতকীয়া কৰিব পাৰে বা পূৰ্বতকৈ উন্নীত কৰি পাৰে। এই উদ্যোগবোৰ সাধাৰণতে ব্যক্তিগত খণ্ডই স্থাপন নকৰে। কাৰণ এনে উদ্যোগত বিনিয়োগৰ পৰিমাণ অতিকৈ বেছি। কিন্তু আন উদ্যোগ স্থাপনৰ বাবে উৎসাহিত কৰিবলৈ এনেবোৰ উদ্যোগৰ অস্তিত্ব আশ্যক।

(ছ) বৈদেশিক লেন-দেনৰ ঘাটি পূৰণ কৰাঃ বিদেশৰ লগত দেনা পাওনাৰ ক্ষেত্ৰত থকা হিচাপসমূহকে সন্তুলনত ধৰা হয়। যেতিয়া বৈদেশিক দেনাৰ পৰিমাণ বৈদেশিক পাওনাৰ পৰিমাণতকৈ অধিক হয়, তেতিয়াই ঘাটিৰ উদ্ভৱ হয়। ইয়াৰ কাৰণ হ’ল আমদানী অধিক আৰু ৰপ্তানী কম। এই ঘাটি পূৰণ কৰিবলৈ চৰকাৰে আমদানীকৃত সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি আমদানিক অনুৎসাহিত কৰিব পাৰে আৰু ৰাজ সাহায্য বা কৰ ৰেহাইৰ জৰিয়তে ৰপ্তানিক উৎসাহিত কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top