ASOS Class 12 Economics Chapter 20 লাভৰ সৰ্বাধিকৰণ

ASOS Class 12 Economics Chapter 20 লাভৰ সৰ্বাধিকৰণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 20 লাভৰ সৰ্বাধিকৰণ and select needs one.

ASOS Class 12 Economics Chapter 20 লাভৰ সৰ্বাধিকৰণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 20 লাভৰ সৰ্বাধিকৰণ Solutions for All Subject, You can practice these here.

লাভৰ সৰ্বাধিকৰণ

Chapter : 20

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

I. তলৰ উক্তিবোৰ সত্যনে অসভ্য কোৱা।

(i) লাভ হ’ল মুঠ আয় আৰু মুদ্ৰাগত আয়ৰ মাজৰ পাৰ্থক্য।

উত্তৰঃ অসত্য।

(ii) লাভ হ’ল মুঠ আয় আৰু মুঠ ব্যয়ৰ মাজৰ পাৰ্থক্য।

উত্তৰঃ সত্য।

(iii) স্বাভাৱিক লাভ হ’ল নিম্নতম পুৰস্কাৰ (অথবা মুদ্রাগত মূল্য) যিটো এজন উৎপাদকে কোনো এটা দ্ৰব্য উৎপাদন কৰিবলৈ হ’লে পাব লাগিব।

উত্তৰঃ সত্য।

(iv) যেতিয়া মুঠ আয়, মুঠ ব্যয়তকৈ অধিক হয়, তেতিয়া এজন উৎপাদকে কেৱল স্বাভাৱিক লাভহে পায়।

উত্তৰঃ অসত্য।

(v) স্বাভাৱিক লাভটো ব্যৱসায়িক লাভৰ সৈতে একে।

উত্তৰঃ সত্য।

(vi) স্বাভাৱিক লাভটো ব্যয়ৰ এটা অংশ।

উত্তৰঃ সত্য।

(vii) যেতিয়া মুঠ আয় = মুঠ ব্যয় হয়, তেন্তে উৎপাদকজনে কেৱল স্বাভাৱিক লাভহে পায়।

উত্তৰঃ সত্য। 

(viii) যেতিয়া মুঠ আয় > মুঠ ব্যয় হয়, তেতিয়া লাভ স্বাভাৱিক লাভৰ ওপৰত থাকে।

উত্তৰঃ সত্য।

(ix) যেতিয়া মুঠ আয় = মুঠ ব্যয় হয় তেতিয়া স্বাভাৱিক লাভ থাকে।

উত্তৰঃ অসত্য।

(x) যেতিয়া মুঠ আয় < মুঠ ব্যয় হয় তেতিয়া স্বাভাৱিক লাভ থাকে।

উত্তৰঃ সত্য।

(xi) যেতিয়া মুঠ ব্যয়ৰ ওপৰত মুঠ আয়ৰ পাৰ্থক্য অধিক সর্বোচ্চ হয়, উৎপাদজনে সর্বাধিক লাভ পায়।

উত্তৰঃ সত্য।

(xii) এজন উৎপাদকে লাভ সৰ্বাধিক কৰিবলৈ অধিক পৰিমাণে উৎপাদন কৰে, যেতিয়ালৈকে প্ৰান্তিক আয় > প্রান্তিক ব্যয় হয়।

উত্তৰঃ সত্য।

(xiii) যেতিয়া প্ৰান্তিক আয় = প্রান্তিক ব্যয় হয়, উৎপাদজনে লাভ সর্বোচ্চ কৰে।

উত্তৰঃ অসত্য।

(xiv) যেতিয়া প্রান্তিক ব্যয় = প্রান্তিক আয় হয়, আৰু এই সমতাটো সেই উৎপাদনৰ পৰ্যায়ত হয় য’ৰ পৰা কোনো লাভজনক অৱস্থা সম্ভৱ নহয়, তেতিয়াই উৎপাদকজনে সর্বোচ্চ পৰিমাণৰ লাভ পাব পাৰে।

উত্তৰঃ সত্য।

(xv) যেতিয়া মুঠ ব্যয় = মুঠ আয় হয়, উৎপাদকজনে স্বাভাৱিক লাভৰ ওপৰত থাকে।

উত্তৰ: অসত্য।

1. লাভৰ অৰ্থ ব্যাখ্যা কৰা। স্বাভাৱিক লাভৰ ওপৰত লাভ আৰু স্বাভাৱিক লাভৰ মাজত পাৰ্থক্য উলিওৱা।

উত্তৰঃ ধৰা হ’ল এজন কাঠমিস্ত্ৰীয়ে কাঠৰ মেজ তৈয়াৰ কৰিবলৈ লৈছে আৰু অয়াত তেওঁৰ নিজা শ্রম, নিজা মূলধন, নিজা ঘৰ ব্যৱহাৰ কৰি এটা সপ্তাহত 10খন মেজ তৈয়াৰ কৰে। কাঠ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ হ’লে তেওঁ নিশ্চয় অর্থ ব্যয় কৰিছে। এই ব্যয়টো হ’ব তেওঁৰ মেজ তৈয়াৰ কৰাৰ বাবে মুদ্রাগত ব্যয়। ধৰি লও এইবাৰ এই ব্যয়ৰ পৰিমাণ 600 টকা আৰু প্ৰতিখন মেজ 1300 টকাত বিক্ৰী কৰা হয়। কাঠমিস্ত্ৰিজনে ভাবিব যে তেওঁৰ লাভ হ’ল 700 টকা। (মুঠ আয়। মুঠ ব্যয়) ব্যৱসায়ত ব্যৱহৃত লাভৰ ধাৰণা এইটোৱেই। কিন্তু কাঠমিস্ত্ৰিজনে তেওঁৰ মুঠ ব্যয়ত তেওঁৰ নিজা শ্ৰম, মূলধন আদি অন্তর্ভুক্ত নকৰিলে, তেওঁ কেৱল মুদ্রাগত ব্যয়কহে অন্তর্ভুক্ত কৰিলে। তেওঁৰ নিজা শ্ৰম, মূলধন, ঘৰ – দুৱাৰ আদিৰ বাবদ কৰা ব্যয়ো মুঠ ব্যয়ত অন্তৰ্ভুক্ত হৈ থাকে। ইয়াক আৰোপিত ব্যয় বুলিও কোৱা হয়।

সেয়ে তেওঁৰ মেজখন তৈয়াৰ কৰাৰ ব্যয়ৰ ভিতৰত মুদ্ৰাব্যয়ৰ লগতে এই আৰোপিত ব্যয় বিলাকো যোগ কৰিব লাগে। তদুপৰি কাঠমিস্ত্ৰীজনে আৰু এটা উপাদানেৰে যোগান ধৰিছে। সেইটো হ’ল উদ্যোক্তা হিচাপে সেৱা আগবঢ়াইছে। তেওঁ উদ্যোক্তা হিচাপে কিছুমান বিপদ আৰু অনিশ্চয়তা বহন কৰে। সেইবাবে তেওঁ এটা নূন্যতম পুৰস্কাৰ অথবা মূল্য পাব লাগিব, যিটোৱে তেওঁক এই কামটো কৰাত অর্থাৎ মেজ তৈয়াৰ কৰাত অনুপ্ৰাণিত কৰিব। এই ন্যূনতম পুৰস্কাৰ বা মূল্যটোৱেই হ’ল মেজ তৈয়াৰ কৰাৰ সুযোগ ব্যয়। এই ন্যূনতম মূল্যটোকে স্বাভাবিক লাভ বুলি কোৱা হয়, যিটো উদ্যোক্তামূলক উপাদান হিচাপে আগবঢ়ো বা প্রাপ্ত মূল্য।

লাভ বুলিলে মুঠ লাভ (TR) আৰু মুঠ ব্যয় (TC) ৰ পার্থক্যটোকে বুজোৱা হয়। গতিকে যদি মুঠ আয় = মুঠ ব্যয় (TR = TC  হয় তেন্তে লাভৰ পৰ্যায় শূন্য হ’ব। শূন্য পৰ্যায়ৰ লাভটোক স্বাভাৱিক লাভ বুলি জনা যায়। কিয়নো স্বাভাৱিক লাভটো মুঠ ব্যয়ৰ অন্তৰ্ভুক্ত থাকে। তেতিয়া মুঠ আয় = মুঠ ব্যয় হয়, উৎপাদকজনে এই কথা উপলব্ধি কৰে যে তেওঁ নিম্নতম প্ৰত্যাশাটো অথবা পুৰস্কাৰ অথবা মূল্যটো সম্পূৰ্ণৰূপে পাইছে। ইয়াৰ কাৰণ হ’ল তেওঁ যিমান পৰিমাণ ব্যয় কৰিছে, সেই সকলোবোৰ ঘূৰাই পাইছে। সেয়ে ব্যষ্টিবাদী অর্থনীতিত শূন্য লাভ মানেই স্বাভাবিক লাভ।

2. ব্যষ্টিবাদী অর্থনীতিত ব্যৱহৃত সৰ্বাধিক লাভৰ বিষয়টো ব্যাখ্যা কৰা।

উত্তৰঃ এজন উদ্যোক্তা বা উৎপাদকে তেওঁ কোনো এটা দ্রব্য উৎপাদন আৰু বিক্ৰী কৰা বাবে নিৰ্বাচন কৰাৰ লগে লগে তেওঁ দ্ৰব্যটো কিমান উৎপাদন কৰিব আৰু বিক্ৰী কৰিব, যাৰ বাবে তেওঁ সৰ্বোচ্চ পৰিমাণৰ লাভ আহৰণ কৰিব পাৰিব। ইয়াৰ বাবে আমি উৎপাদনৰ বিভিন্ন পৰ্যায়ত মুঠ আয় আৰু মুঠ ব্যয় কিমান, সেই বিষয়ে আমাৰ হাতত তথ্য থাকিব লাগিব। উৎপাদন প্রতিষ্ঠানে অস্বাভাৱিক লাভ উপাৰ্জন কৰাৰ অৱস্থাত ইয়াক উৎপাদনীব্যয়তকৈ বিক্ৰী আয় ওপৰত থাকে। গড় ব্যয়তকৈ আয় যেতিয়া অধিক হয় তেতিয়াই প্ৰতিষ্ঠানটোৱে স্বাভাৱিক লাভ উপার্জন কৰে।

3. মুঠ আয় আৰু মুঠ ব্যয়ৰ তথ্যৰ সহায়ত এজন উৎপাদকে কেনেকৈ সৰ্বাধিক লাভৰ অৱস্থাত উপনীত হয়, ব্যাখ্যা কৰা।

উত্তৰঃ এজন উদ্যোক্তা বা উৎপাদকে তেওঁ কোনো এটা দ্রব্য উৎপাদন আৰু বিক্ৰী কৰা বাবে নিৰ্বাচন কৰাৰ লগে লগে তেওঁ দ্ৰব্যটো কিমান উৎপাদন কৰিব আৰু বিক্ৰী কৰিব, যাৰ বাবে তেওঁ সৰ্বোচ্চ পৰিমাণৰ লাভ আহৰণ কৰিব পাৰিব। ইয়াৰ বাবে আমি উৎপাদনৰ বিভিন্ন পৰ্যায়ত মুঠ আয় আৰু মুঠ ব্যয় কিমান, সেই বিষয়ে আমাৰ হাতত তথ্য থাকিব লাগিব। তলৰ তালিকাত মুঠ আয় আৰু মুঠ ব্যয় দেখুওৱা হৈছে।

মুঠ ব্যয়ৰ তথ্যসমূহ লোৱা হৈছে— এই অভিধাৰাণাৰ ওপৰত ভিত্তি কৰি যে যেতিয়া বেছি পৰিমাণ দ্ৰব্যৰ উৎপাদন কৰা হৈছে, গড় ব্যয় (মুঠ বায় / উৎপাদন) প্ৰথমতে হ্ৰাস পায় আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত উৎপাদনৰ পিছত বৃদ্ধি পাবলৈ ধৰে। আমি জানো যে যেতিয়া উৎপাদনৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধিপাই যায়, গড় ব্যয় প্রথমে হ্ৰাস পায় আৰু তাৰ পিছত বৃদ্ধি পাবলৈ ধৰে। উৎপাদন বৃদ্ধিৰ লগে লগে ব্যয় পৰিৱৰ্তনৰ ধাৰণাটোকে ব্যষ্টিবাদী অৰ্থনীতিত সাধাৰণ ধৰণ হিচাপে গ্ৰহণ কৰা হয়। অৱশ্যে এইটোৱেই কেৱল একমাত্ৰ ধৰণ নহয়। তালিকাখনৰ একেবাৰে শেষৰ স্তম্ভটোত মুঠ ব্যয়ৰ ওপৰত মুঠ আয়ৰ অতিৰিক্ততা দেখুওৱা হৈছে। ইয়াক লাভ বুলি কোৱা হৈছে। উৎপাদকজনে যিমান পাৰে সিমান লাভ কৰিবলৈ বিচাৰে। সেয়ে তেওঁ কেৱল সেই পৰ্যায়ৰ উৎপাদনহে কৰিবলৈ বিচাৰে, যাৰ পৰা লাভৰ পৰিমাণ সৰ্বোচ্চ হয়। 5 নং স্তম্ভৰ পৰা আমি পাওঁ যে উৎপাদনৰ পৰিমাণ 3 একক হওঁতে উৎপাদকজনে সর্বাধিক লাভ 30 টকা আহৰণ কৰে। গতিকে উৎপাদকজনে সর্বাধিক লাভ 30 টকা আহৰণ কৰে। সেয়ে উৎপাদকজনে কেৱল 3 একক দ্রব্য উৎপান কৰাতহে সৰ্বাধিক লাভ 30 টকা আহৰণ কৰিবলৈ সক্ষম হয়। অন্য কোনো উৎপাদন পর্যায় তেওঁক এই পৰিমাণৰ লাভ দিব নোৱাৰে। গতিকে আমি প্ৰত্যেকটো উৎপাদনৰ পৰ্যায়তে মুঠ ব্যয়ৰ ওপৰত মুঠ আয়ৰ অতিৰিক্ততা উলিয়াও আৰু সেই উৎপাদন পর্যায়টো নিৰ্বাচন কৰো, যিয়েই সৰ্বাধিক লাভ দিব পাৰে।

4. প্রান্তিক আৰু প্ৰান্তিক ব্যয় তথ্যৰ সহায়ত কেনেকৈ এজন উৎপাদকে সর্বাধিক লাভৰ অৱস্থাত উপনীত হ’ব পাৰে ব্যাখ্যা কৰা।

উত্তৰঃ সৰ্বাধিক লাভৰ ধাৰণাটো প্রাম্ভিক আয় আৰু প্ৰান্তিক ব্যয়ৰ তথ্যৰ ওপৰত ভিত্তি কৰি পাব পৰা যায়। প্রান্তিক ব্যয় হ’ল অতিৰিক্ত একক এটা উৎপাদনৰ বাবে হোৱা মুঠ ব্যয়ত যোগ হোৱা অতিৰিক্ত ব্যয়।

(ক) অতিৰিক্ত একক উৎপাদন কৰা হ’ব নে নহয়ঃ উৎপাদনৰ অতিৰিক্ত একক এটা উৎপাদন কৰা হ’বনে নহয় সেই কথা থিৰাং কৰোতে উৎপাদকজনে এই কথা জানিব লাগে যে এই এককটোৰ উৎপাদনে তেওঁক লাভ দিব পাৰেনে নোৱাৰে। সেই কথা জানিবলৈ তেওঁ অতিৰিক্ত একক এটাৰ উৎপাদনৰ পৰা প্রান্তিক আয় আৰু প্ৰান্তিক ব্যয়ৰ তুলনা কৰে। এই প্ৰক্ৰিয়াত উৎপাদকজনে তিনিটা বিকল্প অৱস্থাৰ সন্মুখীন হয়।

যেতিয়া প্ৰান্তিক আয় প্রান্তিক ব্যয়তকৈ বেছি হয়ঃ যদি তেওঁ পায় যে প্রান্তিক আয়তকৈ ব্যয় বেছি হয়, উৎপাদকন অধিক পৰিমাণৰ উৎপাদন কৰিবলৈ অনুপ্রাণিত হয়। কিয়নো তেওঁ এই এককটোৰ পৰা লাভ আহৰণ কৰে আৰু যেতিয়ালৈক প্রান্তিক আয় প্রান্তিক ব্যয়তকৈ বেছি হৈ থাকিব, তেওঁ তেওঁৰ উৎপাদন বৃদ্ধি কৰি যাব। কিন্তু উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে যদি তেওঁ কম দামত অধিক পৰিমাণ দ্রব্য বিক্ৰী কৰিব লাগে, তেস্তে প্রান্তিক আয় হ্রাস পাব। এতিয়া আমি সেই অৱস্থাটোকে গ্ৰহণ কৰিম য’ত নিম্নতৰ দামত অদিক পৰিমাণ বিক্ৰী কৰা হয়। গতিকে, প্ৰত্যেকটো অতিৰিক্ত এককৰ পৰা মুঠ আয়ত যোগ হোৱা পৰিমাণ কমি যায়। অর্থাৎ উৎপাদনৰ পৰ্যায় বৃদ্ধি হোৱাৰ লগে লগে মুঠ আয় ক্রমহ্রাসমান হাৰত বৃদ্ধি পায়। ক্রমহ্রাসমান মানে আমি এই কথাকে বুজিছো যে মুঠ আয়ৰ লগত প্ৰত্যেকটো নতুন বৃদ্ধি আগৰ মুঠ আয়ৰ বৃদ্ধিতকৈ কম। আনহাতে উৎপাদনৰ পৰ্যায় বাঢ়ি যোৱাৰ লগে লগে এটা নিৰ্দিষ্ট পৰ্যায়ৰ উৎপাদনৰ পাছত প্ৰান্তিক ব্যয় বৃদ্ধি পাবলৈ ধৰে।

যেতিয়া প্ৰান্তিক আয় প্রান্তিক ব্যয়তৰ সমান হয়ঃ আমি বুজিলো যে যেতিয়া প্রান্তিকআয় প্রান্তিক ব্যয়তকৈ বেছি হয়, উৎপাদকজনে অধিক পৰিমাণে উৎপাদন কৰিবলৈ অনুপ্ৰাণিত হয়। কিয়নো অতিৰিক্ত উৎপাদনে তেওঁলৈ স্বাভাৱিক লাভৰ ওপৰত অতিৰিক্ততা আনে অর্থাৎ অতিৰিক্ত লাভ দিয়ে। কিন্তু তেওঁ উৎপাদনত অধিক পৰিমাণে কৰিলে, প্রান্তিক আয় হ্রাস আৰু প্ৰান্তিক ব্যয় বৃদ্ধি পায়। সেয়ে উৎপাদনৰ কোনো এটা পৰ্যায়ত প্রাথমিক পর্যায়তে থকা প্রান্তিক আয় আৰু প্রান্তিক ব্যয়ৰ মাজত পাৰ্থক্যটো নাইকিয়া হয়গৈ। ইয়াৰ অৰ্থ এইটো যে প্রান্তিক আয় হ্ৰাস হোৱাৰ প্ৰৱণতা আৰু প্ৰান্তিক ব্যয়ৰ বৃদ্ধি হোৱাৰ প্ৰৱণতাই অৱশেষত্ব এনে এটা অৱস্থাৰ সৃষ্টি কৰিব য’ত প্ৰান্তি আয় আৰু প্ৰান্তিক ব্যয় সমান হবগৈ৷

যেতিয়া প্রান্তিক আয় প্রান্তিক ব্যয়তকৈ কম হয়ঃ যদি উৎপাদকজনে প্রান্তিক আয়, প্রান্তিক ব্যয় বিন্দুৰ পিছতো উৎপাদন কৰি যায়, তেন্তে প্রান্তিক ব্যয় প্রান্তিক আয়তকৈ অধিক হ’ব আৰু সেয়ে অতিৰিক্ত একক উৎপাদনৰ ফলত তেওঁ লোকচনা ভৰিব লাগিব। কিয়নো এতিয়া মুঠ ব্যয়ৰ যি অতিৰিক্ততা আহিব, সেই পৰিমাণ মুঠ অতিৰিক্ততাতকৈ অধিক হ’ব। তেওঁ লোকচান ভৰিবলৈ নিবিচাৰে। সেয়ে তেওঁৰ যি বিন্দুত প্রান্তিক আয, প্রান্তিক ব্যয় হয়, ইয়াৰ পিছত অধিক একক উৎপাদন কৰিবলৈ নিবিচাৰে।

5. ‘সৰ্বাধিক মুঠ আয়’ অৱস্থাটোৱেই সৰ্বাধিক লাভৰ অৱস্থা নেকি? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা।

উত্তৰঃ কেৱল মুঠ আয়েই লাভ নিৰ্ধাৰণ কৰিব নোৱাৰে। মুঠ ব্যয়ৰ জ্ঞানো আৱশ্যকীয়।

6. নিম্নতম মুঠ ব্যয় অৱস্থাটোৱেই সৰ্বাধিক লাভৰ অৱস্থা নেকি? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা।

উত্তৰঃ লাভ নিৰ্দ্ধাৰণ কৰিবলৈ হ’লে মুঠ আয়ৰ জ্ঞান অপৰিহাৰ্য। কেৱল মুঠ ব্যয়ে নির্ধাৰণ কৰিব নোৱাৰে।

7. লাভ সৰ্বাধিককৰণৰ ক্ষেত্ৰত প্ৰান্তিক আয় = প্রান্তিক ব্যয় বুলি কোৱাটোৱেই যথেষ্টনে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা।

উত্তৰঃ লাভ সৰ্বাধিকৰণৰ ক্ষেত্ৰত প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সমান। তলৰ তালিকাৰৰ পৰা এই কথা সহজে বুজিব পাৰি।

কোনো এটা দ্ৰব্যৰ প্ৰত্যেকটো অতিৰিক্ত একক উৎপাদন কৰাৰ ফলত মুঠ আয়ৰ অতিৰিক্ততা কমি যায়। এই প্ৰৱণতাটো 2 নং স্তম্ভৰ পৰা জনা যায়। যেতিয়া 2 একক দ্রব্য উৎপাদন কৰা হয়, মুঠ আয়ৰ অতিৰিক্ত আয় 50 টকাৰ পৰা 49 টকালৈ হ্ৰাস পায়। যেতিয়া তৃতীয় একক উৎপাদন কৰা হয়, তেতিয়া মুঠ আয়ৰ অতিৰিক্ততা 47 টকালৈ হ্ৰাস পায় আৰু এইদৰেই অতিৰিক্ত একক উৎপাদন কৰাৰ পৰা প্ৰান্তিক আয় হ্ৰাস পাবলৈ ধৰে। অন্যহাতে অধিক পৰিমাণে উৎপাদন হোৱাৰ ফলত প্রান্তিক ব্যয় প্রথমতে হ্রাস পায় আৰু তাৰ পিছত বৃদ্ধি পাবলৈ ধৰে।

যদি উৎপাদকজনে কেৱল 1 এককহে উৎপাদন কৰে, তেওঁৰ প্ৰান্তিক আয় হয় 50 টকা আৰু প্ৰান্তিক ব্যয় হয় 45 টকা। গতিকে প্রান্তিক আয় প্রাপ্তিক ব্যয়তকৈ বেছি। তেনে অৱস্থাত এই এককৰ উৎপাদনে তেওঁক লাভ প্ৰদান কৰে 5 টকা। এই কথাই তেওঁক অধিক উৎপাদনত অনুপ্ৰেৰণা যোগায়। যেতিয় তেওঁ দুই একক দ্রব্য উৎপাদন কৰে, তেতিয়াও তেওঁৰ প্ৰান্তিক আয় প্রান্তিক ব্যয়তকৈ বেছি হয় আৰু স্বাভাৱিক লাভৰ ওপৰত 9 টকা লাভ পায়। গতিকে তেওঁ অধিক পৰিমাণে উৎপাদন কৰে। তৃতীয় এককতো প্রান্তিক আয় প্রান্তিক ব্যয়তকৈ বেছি হয়। সেয়ে তেওঁ অধিক পৰিমাণে উৎপাদন কৰিবলৈ অনুপ্ৰাণিত হয়। আনহাতে যেতিয়া তেওঁ চতুর্থ একক উৎপাদন কৰে, তেওঁৰ প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সমান হ’ল। চতুর্থ এককতকৈ কম পৰিমাণৰ উৎপাদন কৰিলে প্রাতিক আয় প্রান্তিক ব্যয়তকৈ অধিক হয়। গতিকে তেওঁ উৎপাদন বৃদ্ধি কৰে আৰু চতুর্থ এককাতে উৎপাদন বন্ধ কৰে। তেওঁ চতুর্থ এককতকৈ বেছি উৎপাদন কৰে, অৰ্থাৎ যদি পঞ্চম একক উৎপাদন কৰিবলৈ যায়, তেওঁৰ প্ৰান্তিক ব্যয় প্রান্তিক ব্যয়তকৈ অধিক হয়। অর্থাৎ, এই এককৰ উৎপাদনে তেওঁক লোকচান দিব। গতিকে, তেওঁ চতুর্থ এককৰ বিপৰীতে উৎপাদন নকৰে। চতুর্থ এককন উৎপাদনৰ তলত উৎপাদন কৰিলে তেওঁ লাভ আহৰণ কৰাৰ পৰিমাণ থাকে আৰু চতুর্থ এককৰ বিপৰীতে উৎপাদনৰ তলত উৎপাদন কৰিলে তেওঁ লাভ আহৰণ কৰাৰ পৰিমাণ থাকে আৰু চতুর্থ একক বিপৰীতে উৎপাদন কৰি লাভ হ্রাস অথবা লোকচান কৰাৰ ক্ষেত্ৰ আহি পৰে। এইদৰে যদি তেওঁ 4 এককতকৈ কম উৎপাদন কৰে, তেওঁ সৰ্বোচ্চ কৰিব নোৱাৰে আৰু যদি তেওঁ 4 এককতকৈ অধিক উৎপাদন কৰে, তেতিয়াও লাভ সৰ্বোচ্চ কৰিব নোৱাৰে। কিন্তু যদি তেওঁ 4 একক দ্রব্য উৎপাদন কৰে, তেওঁ সৰ্বাধিক লাভ পাব পাৰে। এই উৎপাদন পৰ্যায়ত প্ৰান্তিক আয় প্রান্তিক ব্যয়ৰ সমান হয়। সেয়ে উৎপাদকজনে সর্বাধিক লাভ আহৰণ কৰিব কেৱল যেতিয়া সেই পৰ্যায়ৰ উৎপাদন কৰিব য’ত প্ৰান্তিক আয় প্রান্তিক ব্যয়ৰ সমান হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top