ASOS Class 12 Economics Chapter 19 আয়

ASOS Class 12 Economics Chapter 19 আয়, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 19 আয় and select needs one.

ASOS Class 12 Economics Chapter 19 আয়

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 19 আয় Solutions for All Subject, You can practice these here.

আয়

Chapter : 19

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

I. শুদ্ধ উত্তৰটোত (√) চিন দিয়াঃ

(i) তলৰ কোনটোৰ লগত আয় একে।

(ক) লাভ।

(খ) কৰ।

(গ) বিক্রী প্রাপ্তি।

উত্তৰঃ (গ) বিক্ৰী প্ৰাপ্তি

(ii) কোনো এটা উৎপাদিত দ্ৰব্যৰ বিক্ৰীৰ পৰা মুঠ আয় হ’ল—

(ক) মুঠ ব্যয়।

(খ) মুঠ লাভ।

(গ) বিক্ৰীৰ পৰা মুঠ প্ৰাপ্তি।

উত্তৰঃ (গ) বিক্ৰীৰ পৰা মুঠ প্রাপ্তি।

(iii) যেতিয়া কোনো এটা দ্ৰব্যৰ যিকোনো এটা পৰিমাণ প্ৰদত্ত দামতে বিক্ৰী কৰিব পাৰি, তেতিয়া উৎপাদিত দ্ৰব্যৰ অতিৰিক্ত একক বিক্ৰী কৰি পোৱা মুঠ আয়—

(ক) কম হয়।

(খ) বেছি হয়।

(গ) একে থাকে।

উত্তৰঃ (গ) একে থাকে।

(iv) যেতিয়া কেৱল নিম্ন দামত বিক্ৰীৰ পৰিমাণ বেছিকৈ কৰিব পাৰি, তেতিয়া উৎপাদিত দ্ৰব্যৰ অতিৰিক্ত একক বিক্ৰীৰ পৰা হোৱা মুঠ আয়—

(ক) কম হয়।

(খ) বেছি হয়।

(গ) একে থাকে।

উত্তৰঃ (ক) কম হয়।

1. আয়ৰ অৰ্থ ব্যাখ্যা কৰা। লাভৰ পৰা ই কেনেদৰে পৃথক?

উত্তৰঃ এজন উৎপাদক অথবা উৎপাদন প্রতিষ্ঠানে বজাৰত বিক্ৰী কৰিবৰ বাবে দ্ৰব্য আৰু সেৱাৰ উৎপাদন কৰে। কোনো এটা দ্ৰব্য বিক্ৰী কৰি পোৱা প্রাপ্তিকে সেই দ্ৰব্যবোৰৰ পৰা হেৱা আয় বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, ধৰা হওঁক উৎপাদন প্রতিষ্ঠানে প্রতি দিনে 2 টা ৰেডিঅ’ উৎপাদন কৰে আৰু সিবিলাক প্ৰতিটো ৰেডিঅ’ৰ 200 টকা দামত বিক্ৰী কৰে। এই দুইটা ৰেডিঅ’ৰ বিক্ৰী কৰি মুঠ প্রাপ্তি হ’ল 400 টকা৷ গতিকে 2 টা ৰেডিঅ’ বিক্ৰী মুঠ আয় হ’ল 400 টকা।

কোনো এটা উৎপাদিত দ্রব্য বিক্ৰীৰ পৰা পোৱা প্ৰাপ্তিকে আয় বুলি কোৱা হয়। লাভ হ’ল ব্যয়ৰ ওপৰত আয়ৰ আধিক্য। সেয়ে এই কথা স্পষ্ট যে আয় লাভৰ পৰা পৃথক। এই দুটাৰ মাজত পাৰ্থক্য ৰখা প্রয়োজন। অন্যথাই আয় আৰু লাভ দুয়োটা বিষয় একে হৈ পৰিব।

2. মুঠ আয়, গড় আয় আৰু প্ৰান্তিক আয় দেখুওৱা কাল্পনিক তথ্যৰ সহায়ত এখন অনুসূচী প্রস্তুত কৰা আৰু ধৰি লোৱা যে উৎপাদনৰ সকলো পর্যায়তে দাম একে থাকে।

উত্তৰঃ কোনো এটা উৎপাদিত দ্ৰব্যৰ মুঠ আয় হ’ল সেই দ্ৰব্যটোৰ সকলোবোৰ পৰিমাণ বিক্ৰী কৰি পোৱা মুঠ প্রাপ্তি। অর্থাৎ মুঠ আয় হ’ল উৎপাদিত দ্রব্যটোৰ প্ৰতি একক দৰক ইয়াৰ পৰিমাণক পূৰণ কৰি পোৱা পূৰণফল।

অর্থাৎ মুঠ আয় (TR) = উৎপাদিত দ্ৰব্যৰ পৰিমাণ আৰু বিক্ৰী (Q)

× প্রতি একক উৎপাদিত দ্ৰব্যৰ দৰ (P) বা দাম

গড় আয় হ’ল কোনো এজন উৎপাদকে কোনো এটা উৎপাদিত দ্ৰব্যৰ বিক্ৰীৰ পৰা পোৱা গড় প্রাপ্তি। ইয়াক নিৰ্ণয় কৰিবলৈ হ’লে মুঠ উৎপাদিত দ্ৰব্যৰ বিক্ৰী কৰা পৰিমাণেৰে হৰণ কৰিলেই পোৱা যায়। অর্থাৎ গড় আয়—

গড় আয় = মুঠ আয় / বিক্ৰী কৰা উৎপাদিত দ্ৰব্যৰ পৰিমাণ 

যেতিয়া এটা একক অতিৰিক্তভাৱে বিক্ৰী কৰি পোৱা আয়ৰ বাবে মুঠ আয়ত যি অতিৰিক্ত সংযোজন হয় তাকেই প্রান্তিক আয় বোলে।

3. বজাৰ অবস্থা অনুসৰি মুঠ আয়, গড় আয় আৰু প্ৰান্তিক আয় দেখুওৱাৰ পৰা এখন অনুসূচী প্ৰস্তুত কৰা য’ত প্ৰতিষ্ঠানটোৱে বেছিকৈ উৎপাদিত বিক্ৰী কৰিবলৈ হ’লে দ্ৰব্যটোৰ দাম কমাব লাগে।

উত্তৰঃ বজাৰ অবস্থা অনুসৰি মুঠ আয়, গড় আয় আৰু প্ৰান্তিক আয় দেখুওৱাব পৰা এখন অনুসূচী তলত দেখুওৱা হ’ল—

কাপোৰ (চোলা) উৎপাদনকাৰী প্ৰতিষ্ঠান এটাৰ উৎপাদিত দ্ৰব্যৰ পৰিমাণ, দাম মুঠ আয় আৰু প্ৰান্তিক আয় তলৰ তালিকাত দেখুওৱা হ’ল।

উৎপাদন সংখ্যাতদাম টকাতমুঠ আয় টকাতপ্রান্তিক আয় টকাত
1100100100 [100–0]
29018080 [180–100]
38024060 [280–180]
47028040 [280–240]
56030020 [300–280]
6503000 [300–300]
740280–20 [280–300]

তালিকাৰ পৰা দেখা গৈছে যে উৎপাদকজনে উপভোক্তাক বেছিকৈ চোলা কিনাৰ বাবে প্রলোভিত কৰিছে চোলাৰ দাম হ্ৰাস কৰি। 1 এককৰ পৰিৱৰ্তে 2 একক চোলা বিক্ৰী কৰি মুঠ আয় 180 টকা আহৰণ কৰিছে। যদি তেওঁ কেৱল 1 টা চোলাহে 100 টকা দামত বিক্ৰী কৰিলেহেঁতেন তেন্তে তেওঁ মুঠ আয় 100 টকাহে পালেহেঁতেন। 1 চোলা বেছিকৈ বিক্ৰী কৰি উৎপাদকজনে তেওঁৰ মুঠ আয় 80 টকা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গতিকে 2 টা বিক্ৰী কৰাত ইয়েই হ’ব। [80 টকা] প্রান্তিক আয়। একেদৰেই আমি অধিক পৰিমাণৰ (অতিৰিক্ত এককৰ) দ্বাৰা প্ৰান্তিক আয় পাব পাৰো।

4. তলৰ তালিকাখন পূৰ কৰা।

উৎপাদন একক প্রান্তিক আয়দাম
(টকাত)
মুঠ আয় 
(টকাত)
গড় আয় 
(টকাত)
15
25
35
45
55

উত্তৰঃ

উৎপাদন একক প্রান্তিক আয়দাম 
(টকাত)
মুঠ আয় 
(টকাত)
গড় আয় 
(টকাত)
প্রান্তিক আয় (টকাত)
15555
251055
351555
452055
552555

5. তলৰ তালিকাখন পূৰ কৰা।

উৎপাদন একক প্রান্তিক আয়দাম 
(টকাত)
মুঠ আয় 
(টকাত)
গড় আয় 
(টকাত)
15
24
33
42

উত্তৰঃ

উৎপাদন একক প্রান্তিক আয়দাম 
(টকাত)
মুঠ আয় 
(টকাত)
গড় আয় 
(টকাত)
প্ৰান্তিক আয় (টকাত)
15555
24843
33931
4282–1

5. তলৰ তথ্যখিনিৰ পৰা প্ৰান্তিক আয় উলিওৱা।

উৎপাদন (একক)গড় আয় (টকাত)প্রান্তিক আয় (টকাত)
125
223
321
419
515

উত্তৰঃ

উৎপাদন এককগড় আয় (টকাত)মুঠ আয় (টকাত)প্রান্তিক আয় (টকাত)
1252525
2234621
3216317
4197616
5159016

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top