ASOS Class 12 Economics Chapter 15 চাহিদা আৰু চাহিদা নিৰ্ণয়কাৰী উপাদানসমূহ

ASOS Class 12 Economics Chapter 15 চাহিদা আৰু চাহিদা নিৰ্ণয়কাৰী উপাদানসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 15 চাহিদা আৰু চাহিদা নিৰ্ণয়কাৰী উপাদানসমূহ and select needs one.

ASOS Class 12 Economics Chapter 15 চাহিদা আৰু চাহিদা নিৰ্ণয়কাৰী উপাদানসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 15 চাহিদা আৰু চাহিদা নিৰ্ণয়কাৰী উপাদানসমূহ Solutions for All Subject, You can practice these here.

চাহিদা আৰু চাহিদা নিৰ্ণয়কাৰী উপাদানসমূহ

Chapter : 15

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. চাহিদা বুলিলে কি বুজা? কোনো এটা দ্ৰব্য পাবলৈ ইচ্ছা বা অভাটোতে দ্ৰব্যটোৰ চাহিদা বুলিব পাৰিনে?

উত্তৰঃ দ্ৰব্যৰ চাহিদাৰ লগত দামৰ যি সম্বন্ধ সেই সম্বন্ধ ব্যাখ্যা কৰা বিধিটোৱেই হৈছে চাহিদা। চাহিদাৰ সূত্ৰ অনুসৰি “আন অৱস্থাসমূহ অপৰিৱৰ্তিত থাকিলে, এটা দ্ৰব্যৰ দাম বৃদ্ধি পালে, ইয়াৰ প্ৰতি উপভোক্তাৰ চাহিদাৰ সংকোচন ঘটে আৰু দাম বা দৰ কমিলে দ্ৰব্যটোৰ প্ৰতি চাহিদাৰ প্ৰসাৰণ হয়।”

কোনো এটা দ্ৰব্য পাবলৈ ইচছা বা অভাৱটোকে দ্ৰব্যটোৰ চাহিদা বুলিব নোৱাৰি। চাহিদা বুলিলে কোনো এটা দ্রব্য পাবলৈ কেৱল আগ্রহ বা ইচ্ছা কৰাকে নুবুজায়। অর্থাৎ চাহিদা বুজাবলৈ হ’লে কোনো এটা দ্ৰব্য পাবলৈ হাবিয়াস কৰাৰ লগতে ইয়াৰ বাবে ক্ৰয় কৰাৰ ক্ষমতা থাকিব লাগে আৰু ইয়াৰ বাবে পৰিশোধ কৰাৰ ইচ্ছাও প্রকাশ কৰিব লাগে।

2. কোনো এটা দ্ৰব্যৰ দাম আৰু ইয়াৰ চাহিদা কৰা পৰিমাণৰ মাজৰ সম্পৰ্কটো ব্যাখ্যা কৰা। এখন কাল্পনিক অনুসূচীৰ সহায়ত এডাল ৰেখা অংকন কৰা।

উত্তৰঃ কোনো এটা দ্ৰব্যৰ দাম কমি গ’লে, ইয়াৰ চাহিদাৰ পৰিমাণ বৃদ্ধি পায় আৰু দাম বৃদ্ধি হ’লে দ্ৰব্যটোৰ চাহিদা হ্রাস পায়।

তলত এখন কাল্পনিক অনুসূচীৰ সহায়ত এডাল চাহিদা ৰেখা অংকন কৰা হ’ল। 

চাহিদা অনুসূচী

প্রতি লিটাৰ গাখীৰৰ দাম(টকা হিচাপত)প্রতি দিনে চাহিদা কৰা গাখীৰৰ পৰিমাণ লিটাৰত
121.0
101.5
82.0
62.5
43.0

3. স্বাভাৱিক দ্ৰব্য আৰু নিকৃষ্ট দ্ৰব্যৰ মাজত পাৰ্থক্য উলিওৱা। প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ যদি এটা দ্ৰব্যৰ দাম একে থাকে, তেন্তে দ্রব্যটোৰ ক্ৰেতাৰ আয় বাঢ়িলে ই বুযাব যে তেওঁৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাইছে। এতিয়া তেওঁ দ্ৰব্যটোৰ অধিক পৰিমাণে ক্ৰয় কৰিব পৰা হ’ল। সেয়ে কোনো এটা দ্ৰব্যৰ ক্ৰেতাজনৰ আয় বৃদ্ধি পালে সেই দ্রব্যটোৰ চাহিদা বৃদ্ধি পায়। একেদৰে দ্ৰব্যটোৰ দাম একে থাকিলে, যদি ইয়াত ক্রেতাজনৰ আয় কমি গ’লে, সেই দ্ৰব্যটোৰ চাহিদা কমি যাব। সেনো আয় আৰু চাহিদাৰ মাজৰ সম্পৰ্কটো পোনপটীয়া। অৱশ্যে কিছুমান ক্ষেত্ৰত এনে দ’ব পাৰে যে যেতিয়া কোনো এটা দ্ৰব্যৰ ক্ৰেতাৰ আয় বাঢ়ি যায়, তেওঁ দ্ৰব্যটোৰ কম পৰিমাণহে ক্ৰয় কৰিব পাৰে। তেন্তে ত্রেতাজনৰ বাবে সেই দ্রব্যটো নিকৃষ্ট দ্রব্য বুলি কোৱা হয়। তেওঁৰ আয় বাঢ়ি যোৱাৰ লগে লগে এই নিকৃষ্ট দ্রব্যটোৰ পৰিমাণ কমকৈ ক্ৰয় কৰিব বিচাৰে আৰু ইয়াৰ সলনি বিকল্প উৎকৃষ্ট দ্রব্য এটা ক্রয় কৰে।

গতিকে সাধাৰণ দ্ৰব্যৰ ক্ষেত্ৰত ক্ৰেতাজনৰ আয় আৰু ইয়াৰ প্ৰতি কৰা চাহিদাৰ সম্পৰ্কটো পোনপটীয়া। আনহাতে, নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত ক্ৰেতাৰ আয় আৰু ইয়াৰ চাহিদাৰ মাজত সম্পৰ্কটো বিপৰীত।

4. বিকল্প দ্ৰব্য আৰু পৰিপূৰক দ্ৰব্যৰ মাজত পাৰ্থক্য উলিওৱা। প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ দ্ৰব্যবিলাক দুই প্ৰকাৰৰ হ’ব পাৰে–

(ক) বিকল্প দ্ৰব্য আৰু পৰিপূৰক দ্রব্য।

যিবিলাক দ্রব্য একেলগে উপভোগ কৰা হয় উক্ত দ্ৰব্যবিলাক পৰিপূৰক দ্ৰব্যৰ অন্তৰ্ভুক্ত। আন কথাত ক’বলৈ গ’লে এটা অভাৱ পূৰণ কৰিবৰ অৰ্থে যেতিয়া একেসময়তে একাধিক দ্ৰব্যৰ প্ৰয়োজন হয় তেতিয়া উক্ত দ্রব্যকেইটা পৰিপূৰক দ্ৰব্যৰ অন্তৰ্ভুক্ত হয়।

যিবোৰ দ্ৰব্য এটাৰ পৰিৱৰ্তে আনটো ব্যৱহাৰ কৰিব পাৰি উক্ত দ্ৰব্যবোৰকেই প্রতিকল্পন বা বিকল্প দ্রব্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে চাহ আৰু কফি হৈছে এটা আনটোৰ প্ৰতিকল্পন। প্রতিকল্পন দ্ৰব্যৰ ক্ষেত্ৰত এটাৰ দৰৰ পৰিৱৰ্তনে আনটো প্ৰতিকল্পন দ্ৰব্যৰ চাহিদাৰ পৰিৱৰ্তন ঘটায়। উদাহৰণস্বৰূপে যদি কফিৰ দৰ হ্ৰাস হয় তেতিয়া চাহৰ চাহিদাৰ পৰিৱৰ্তন ঘটে। যদি কফিৰ দৰ হ্ৰাস হয় তেতিয়া চাহৰ প্ৰতি চাহিদা হ্রাস হয়। অর্থাৎ উপভোক্তাই চাহৰ পৰিৱৰ্তে আপেক্ষিকভাৱে অধিক সস্তীয়া কফি উপভোগ কৰিব বিচাৰে। অন্যহাতেদি কফিৰ দৰ অপৰিৱৰ্তিত থকা অৱস্থাত যদি চাহৰ দৰ হ্ৰাস হয় তেতিয়া কফিৰ চাহিদা হ্রাস হয় আৰু চাহৰ চাহিদা বৃদ্ধি হয়। অর্থাৎ এটা প্রতিকল্পন দ্ৰব্যৰ প্ৰতি চাহিদা দ্রব্যটোৰ প্ৰতিকল্পন দ্ৰব্যৰ দৰৰ পৰিৱৰ্তনৰ একে দিশে গতি কৰে।

দুটা দ্ৰব্যক আনটোৰ পৰিপূৰক দ্ৰব্য বুলি কোৱা হয় যেতিয়া ইহঁতে দুয়োটাকে একেলগে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, কলম আৰু চিয়াহী, স্কুটাৰ আৰু পেট্র’ল ইত্যাদি।

5. কোনো এদাল চাহিদা ৰেখাত গতি কৰা আৰু চাহিদা ৰেখাৰ স্থানান্তৰৰ মাজৰ পাৰ্থক্য উলিওৱা আৰু ইয়াক চিত্ৰৰ সহায়ত দেখুওৱা।

উত্তৰঃ দ্ৰব্যৰ চাহিদা বিধি অনুসৰি আন অৱস্থাবোৰ অপৰিৱৰ্তিত থকাৰ চৰ্তৰ ভিত্তিত এটা দ্ৰব্যৰ দৰ বৃদ্ধি হ’লে দ্ৰব্যটোৰ চাহিদাৰ সংকোচন ঘটে আৰু দৰ হ্ৰাস হ’লে চাহিদাৰ সম্প্ৰসাৰণ ঘটে, চাহিদা আৰু দৰৰ এই সম্পর্ক একেডাল চাহিদা ৰেখাই প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ এনে অৱস্থাত দ্রব্যটোৰ দৰৰ পৰিৱৰ্তনৰ লগে লগে উপভোক্তাই একেডাল চাহিদা ৰেখাৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ গতি কৰে। তলৰ চিত্ৰই একেডাল চাহিদা ৰেখাত উপভোক্তাৰ গতিৰ বিষয়ে নির্দেশ দিছে।

চিত্ৰই দ্ৰব্যৰ দৰ আৰু চাহিদাৰ সম্পৰ্কৰ প্ৰতিনিধিত্ব কৰিছে। চিত্ৰত D D চাহিদা ৰেখাই আন বিষয়বোৰ অপৰিৱৰ্তিত থকাৰ অৱস্থাত দ্রব্যটোৰ দৰৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ পৰিৱৰ্তন নিৰ্দেশ দিছে। উদাহৰণস্বৰূপে যেতিয়া প্ৰব্যটোৰ নৰ O Fৰ পৰা O F ৰ লৈ হ্ৰাস পাইছে তেতিয়া ইয়াৰ প্ৰতি উপভোক্তাৰ চাহিদা পৰিমাণ O M ৰ পৰা OM ৰ লৈ বৃদ্ধি পাইছে। অর্থাৎ উপভোক্তাজনে একেডাল চাহিদা ৰেখাৰ (D D) Q বিন্দুৰ পৰা Q ৰে বিন্দুলৈ গতি কৰিছে। অৰ্থাৎ দৰ বৃদ্ধি হ’লে তেওঁ উক্ত চাহিদাৰেখাৰ বাঁওদিশে অৱস্থান কৰিব। দৰৰ পৰিৱৰ্তনৰ কাৰণে চাহিদাৰ এনে পৰিৱৰ্তনক চাহিদাৰ পৰিমাণ পৰিৱৰ্তন আখ্যা দিয়া হয় আৰু এনে পৰিৱৰ্তনৰ ফলত উপভোক্তাজন একেডাল চাহিদা ৰেখাৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ গতি কৰে।

অন্যহাতেদি এজন উপভোক্তাৰ এটা দ্ৰব্যৰ প্ৰতি চাহিদা দ্রব্যটোৰ দৰ অপৰিৱৰ্তিত থকা অৱস্থাত আন কোনো উপাদানৰ প্ৰভাৱত পৰিৱৰ্তন হয়, তেতিয়া দ্রবটোৰ চাহিদা ৰেখা স্থানান্তৰ হয় আৰু এনে কাৰণত হোৱা চাহিদাৰ পৰিৱৰ্তনক চাহিদাৰ হ্ৰাস–বৃদ্ধি আৰু এনে পৰিৱৰ্তনক চাহিদাৰ পৰিৱৰ্তন বুলিও কোৱা হয়। উদাহৰণস্বৰূপে চাহিদা বিধিৰ মাধ্যমত দৰ আৰু চাহিদাৰ সম্পৰ্ক ব্যাখ্যা কৰোঁতে আন বিষয়বোৰ অপৰিৱৰ্তিত বুলি ধাৰণা কৰা হৈছে। এনে স্বীকাৰ্যই উপভোক্তাৰ অপৰিৱৰ্তিত উপাজন, দ্রব্যটোৰ লগত সম্পর্কিত দৰ, উপভোক্তাৰ অপৰিৱৰ্তিত ৰুচি আৰু অগ্ৰাধিকাৰক অন্তর্ভুক্ত কৰিছে; কিন্তু বাস্তৱ ক্ষেত্ৰত এইবোৰ প্ৰতিটোৰে পৰিৱৰ্তন ঘটিব পাৰে আৰু এনে পৰিৱৰ্তনে দ্ৰব্যটোৰ দৰ অপৰিৱৰ্তিত থকা অৱস্থাতো ইয়াৰ চাহিদাৰ পৰিৱৰ্তন ঘটাব পাৰে। চাহিদাৰ এনে পৰিৱৰ্তনে চাহিদা ৰেখাৰ পৰিৱৰ্তন ঘটায়। এই বিষয়ে চিত্ৰৰ সহায়ত ব্যাখ্যা দাঙি ধৰা হৈছে। যদি দ্রব্যটোৰ দৰ আৰু অগ্ৰাধিকাৰ অপৰিৱৰ্তিত থকাৰ অৱস্থাত উপভোক্তাজনৰ উপাৰ্জনৰ পৰিৱৰ্তন হয়, তেতিয়া দ্ৰব্যটোৰ প্ৰতি তেওঁৰ চাহিদাৰ পৰিৱৰ্তন ঘটিব আৰু এনে পৰিৱৰ্তনৰ ফলত চাহিদা ৰেখাৰ অৱস্থানৰ পৰিৱৰ্তন ঘটিব। যদি উপভোগ কৰিব বিচৰা দ্ৰব্যটো এটা স্বাভাৱিক দ্রব্য হয় আৰু উপভোক্তাজনৰ উপাৰ্জন বৃদ্ধিৰ কাৰণে দ্রব্যটোৰ চাহিদা O C ৰ পৰা O C1 লৈ বৃদ্ধি হয় তেতিয়া উক্ত পৰিৱৰ্তন D L চাহিদা ৰেখাৰ পৰিৱৰ্তে D L1 ৰেখাই প্রতিনিধিত্ব কৰিব। অন্যহাতেদি যদি দ্ৰব্যটো এটা নিকৃষ্ট দ্রব্য হয়, তেতিয়া উপার্জন বৃদ্ধিৰ ফলত দ্রব্যটোৰ প্ৰতি চাহিদা হ্রাস পাব। যদি তেওঁৰ মূল চাহিদাক O C, বুলি ধৰি লওঁ আৰু নতুন চাহিদা O Q লৈ হ্ৰাস হয়, তেতিয়া চাহিদা ৰেখা হ’ব D L1ৰ পৰিৱৰ্তে DD। অর্থাৎ স্বাভাবিক দ্ৰব্যৰ ক্ষেত্ৰত আয়ৰ পৰিৱৰ্তনে মূল চাহিদা ৰেখাক ইয়াৰ সোঁ দিশলৈ আৰু নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত বাঁও দিশলৈ স্থানান্তৰিত কৰে। উপার্জন হ্ৰাস হ’লে উল্লেখিত সম্পর্ক সম্পূৰ্ণ বিপৰীত হ’ব।

6. চাহিদা ৰেখাৰ স্থানান্তৰণ কোনবিলাক উপাদানে ক্ৰিয়া কৰে?

উত্তৰঃ চাহিদা ৰেখাৰ স্থানান্তৰণত ক্ৰিয়া কৰা উপাদানসমূহ হ’ল—

(ক) দ্ৰব্যটোৰ ক্ৰেতাজনৰ আয়ঃ যদি দ্রব্য এটাৰ দাম একে থাকে, তেন্তে দ্রব্যটোৰ ক্ৰেতাৰ আয় পাঢ়িলে ই বুজাব যে তেওঁৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাইছে। সেয়ে কোনো এটা দ্ৰব্যৰ ক্ৰেতাজনৰ আয় বৃদ্ধি পালে সেই দ্রব্যটোৰ চাহিদা বৃদ্ধি পায়। একেদৰে দ্ৰব্যটোৰ দাম একে থাকিলে, যদি ইয়াত ক্ৰেতাজনৰ আয় কমি গ’লে, সেই দ্ৰব্যটোৰ চাহিদা কমি যাব। সেয়ে আয় আৰু চাহিদাৰ মাজৰ সম্পৰ্কটো পোনপটীয়া।

(খ) ক্ৰেতাৰ ৰুচি আৰু পছন্দঃ মানুহৰ ৰুচি, জীৱন ধাৰণৰ ধৰণ–কৰণ আৰু সামাজিক দৃষ্টিভংগীয়ে চাহিদাৰ প্ৰকৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। এনে উপাদানবোৰৰ পৰিৱৰ্তনে চাহিদাৰ পৰিৱৰ্তন ঘটোৱা দেখা যায়। উদাহৰণস্বৰূপে, জাৰকালিতকৈ জহকালি ঠাণ্ডা পানীয়ৰ প্ৰতি চাহিদা বৃদ্ধিৰ মূলতে হৈছে ৰুচিৰ পৰিৱৰ্তন। তেনেদৰে প্ৰচাৰ মাধ্যমত মানুহে নতুন দ্রব্য–সামগ্ৰীৰ ব্যৱহাৰৰ বিষয়ে অবগত হোৱাৰ ফলত মানুহৰ জীৱন ধাৰণৰ ধৰণ–কৰণৰ পৰিৱৰ্তন হোৱাৰ ফলতো চাহিদাৰ পৰিৱৰ্তন পৰিলক্ষিত হয়।

(গ) সম্পর্কিত দ্রব্যবিলাকৰ মূল্যঃ এটা দ্ৰব্যৰ চাহিদা আন এটা দ্ৰব্যৰ দামৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ এটা দ্ৰব্যৰ দামে আন এটা দ্ৰব্যটোৰ চাহিদাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। উদাহৰণস্বৰূপে, ডালডা ঘিউৰ দাম বৃদ্ধি হ’লে বনস্পতি ঘিউৰ প্ৰতি চাহিদা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰিব পাৰি।

7. বজাৰ চাহিদা বুলিলে কি বুজা?

উত্তৰঃ এটা দ্ৰব্যৰ বহুতো ক্রেতা থাকে। প্রত্যেকজন ক্রেতাই কোনোবা সময়ত কোনো এটা মূল্যত কিনিব খোজা দ্ৰব্যটোৰ সকলোবোৰ পৰিমাণ যোগ কৰো, তেন্তে আমি দ্ৰব্যটোৰ বজাৰ চাহিদা পাওঁ। এই বজাৰ চাহিদা হ’ল কোনো এটা সময়ত কোনো মূল্যত সকলোবোৰ ক্রেতাই কোনো এটা দ্ৰব্যৰ বিভিন্ন পৰিমাণ ক্ৰয় কৰিব বিচৰা আৰু সকলোবোৰ যোগ কৰি পোৱা পৰিমাণ। এটা উদাহৰণৰ সহায়ত এইক কথা ব্যাখ্যা কৰিব পাৰো।

বজাৰত ‘ক’, ‘খ’ আৰু ‘গ’ নামৰ তিনিজন ব্যক্তিয়েই কেৱল গাখীৰৰ ক্রেতা অথবা গাখীৰৰ চাহিদা কৰে। প্ৰত্যেকজন ক্রেতাৰ চাহিদা অনুসূচী তালিকাত দেখুওৱা হ’ল।

তালিকাত 1 নং স্তম্ভত প্রতি লিটাৰ গাখীৰৰ দাম দেখুওৱা হৈছে আৰু 2, 3 আৰু 4 নং স্তম্ভত প্রত্যেকজন ক্রেতা ‘ক’, ‘খ’ আৰু ‘গ’ই ক্ৰমে প্রত্যেকটো দামত ক্ৰয় কৰা অথবা চাহিদা কৰা গাখীৰৰ পৰিমাণ দেখুৱাইছে। যেতিয়া গাখীৰৰ দাম প্রতি লিটাৰত 12 টকা হয়, প্রতি দিনেই A ই 1 লিটাৰ, B ই 0.5 লিটাৰ, আৰু C ই কোনো পৰিমাণৰ গাখীৰ ক্ৰয় নকৰে। গতিকে যেতিয়া প্ৰতি লিটাৰ গাখীৰৰ দাম 12 টকা হয় 1.5 লিটাৰ (1 + 1.5 + 0.0) পাওঁ। এই দৰেই আমি প্ৰত্যেকটো দামত A, B আৰু C ৰ মুঠ চাহিদাৰ পৰিমাণটো যোগ কৰো তেন্তে প্ৰতিটো মূল্যত প্ৰতিদিনে গাখীৰৰ বজাৰ চাহিদা পাব পাৰো। ইয়াক তলৰ তালিকাত দেখুওৱা হৈছে।

তালিকাৰ 2 নং স্তম্ভত বন্ধনীৰ ভিতৰত দিয়া তথ্যবোৰে প্ৰত্যেকটো দামত কিমান মুঠ পৰিমাণৰ চাহিদা কৰা হৈছে, সেই কথা দেখুৱাইছে। অর্থাৎ এই তথ্যবিলাকে প্রত্যকটো দামত A, B আৰু C ই একেলগে কিমান পৰিমাণৰ দ্ৰব্য চাহিদা কৰিছে, সেই কথা দেখুৱাইছে। এই সকলোবিলাক ক্রেতাই চাহিদা কৰা পৰিমাণৰ সমষ্টিয়েই হ’ব বজাৰ চাহিদা।

৪. চাহিদা নির্ণয়কাৰী উপাদানসহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ এটা দ্ৰব্যৰ চাহিদাৰ হ্ৰাস–বৃদ্ধি আৰু ইয়াৰ ফলত ঘটা চাহিদা ৰেখাৰ অৱস্থিতিৰ পৰিৱৰ্তন তলত উল্লেখিত উপাদানসমূহৰ প্ৰভাৱত হ’ব পাৰে।

১। আন দ্রব্য–সামগ্ৰীৰ দামঃ এটা দ্ৰব্যৰ চাহিদা আন এটা দ্ৰব্যৰ দামৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ এটা দ্ৰব্যৰ দামে আন এটা দ্ৰব্যটোৰ চাহিদাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। উদাহৰণস্বৰূপে, ডালডা ঘিউৰ দাম বৃদ্ধি হ’লে বনস্পতি ঘিউৰ প্ৰতি চাহিদা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰিব পাৰি।

২। মানুহৰ ৰুচি, জীৱন নিৰ্বাহৰ ধৰণ–কৰণ আৰু সামাজিক দৃষ্টিভংগীঃ মানুহৰ ৰুচি, জীৱন ধাৰণৰ ধৰণ–কৰণ আৰু সামাজিক দৃষ্টিভংগীয়ে চাহিদাৰ প্ৰকৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। এনে উপাদানবোৰৰ পৰিৱৰ্তনে চাহিদাৰ পৰিৱৰ্তন ঘটোৱা দেখা যায়। উদাহৰণস্বৰূপে, জাৰকালিতকৈ জহকালি ঠাণ্ডা পানীয়ৰ প্ৰতি চাহিদা বৃদ্ধিৰ মূলতে হৈছে ৰুচিৰ পৰিৱৰ্তন।

তেনেদৰে প্ৰচাৰ মাধ্যমত মানুহে নতুন দ্রব্য–সামগ্ৰীৰ ব্যৱহাৰৰ বিষয়ে অবগত হোৱাৰ ফলত মানুহৰ জীৱন ধাৰণৰ ধৰণ–কৰণৰ পৰিৱৰ্তন হোৱাৰ ফলতো চাহিদাৰ পৰিৱৰ্তন পৰিলক্ষিত হয়।

৩। জনসংখ্যা আৰু ইয়াৰ গাঁথনিৰ পৰিৱৰ্তনঃ দেশত জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন দ্রব্য–সামগ্ৰীৰ প্ৰতি চাহিদা বৃদ্ধি পোৱাটো স্বাভাৱিক। জনসংখ্যা বৃদ্ধিৰ লগতে জনসংখ্যাৰ গাঁথনিৰ প্ৰভাৱো সুস্পষ্ট। উদাহৰণস্বৰূপে, যদি দেশৰ জনসংখ্যা অধিকাংশ ডেকা–গাভৰু হয়, তেতিয়া দেশত স্কুল, ঘৰ–দুৱাৰ, কিতাপ–পত্ৰ আৰু ব্যৱহাৰৰ কিছুমান অত্যাধুনিক সা–সামগ্ৰীৰ প্ৰতি চাহিদা বৃদ্ধি পোৱাটো স্বাভাৱিক।

৪। জনমূৰি আয় আৰু জীৱন ধাৰণৰ মানদণ্ডঃ জনমূৰি উপাৰ্জনৰ পৰিৱৰ্তনে মানুহৰ বিভিন্ন দ্রব্য–সামগ্ৰীৰ প্ৰতি চাহিদাৰ পৰিৱৰ্তন ঘটোৱা দেখা যায়। এখন দেশৰ মানুহৰ জনমূৰি আয় বৃদ্ধি পোৱাৰ লগে লগে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি ঘটে। উন্নত জীৱন ধাৰণৰ মানদণ্ড ৰক্ষাৰ্থে মানুহে বিভিন্ন প্রয়োজনীয় আৰু অপ্রয়োজনীয় সামগ্ৰীৰ প্ৰতি চাহিদা সৃষ্টি কৰা পৰিলক্ষিত হয়। তদুপৰি উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে মানুহে উন্নত সমাজৰ জীৱন–ধাৰণ ব্যৱস্থাৰ অনুকৰণ কৰাৰ কাৰণেও চাহিদাৰ পৰিৱৰ্তন পৰিলক্ষিত হয়।

৫। ভৱিষ্যত মূল্য–বৃদ্ধিৰ অনুমানঃ দেশৰ চৰকাৰে প্ৰতি বছৰে আয়–ব্যয়ৰ পৰিমাণ নিৰ্ধাৰণ কৰি প্ৰকাশ কৰা বাজেটৰ পূৰ্বে কিছুমান দ্রব্য–সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব বুলি মানুহে ধাৰণা কৰে। এনে ধাৰণাৰ কাৰণে, তেনে দ্রব্য–সামগ্ৰীবোৰ বাজেট প্রণয়ন কৰাৰ পূৰ্বে সংগ্ৰহ কৰিবলৈ বিচৰাৰ কাৰণেও চাহিদাৰ পৰিৱৰ্তন পৰিলক্ষিত হয়।

৬। উৎপাদন পদ্ধতিৰ পৰিৱৰ্তনঃ উৎপাদন পদ্ধতিৰ পৰিৱৰ্তনে নতুন আৰু বিকল্প কিছুমান দ্ৰব্যৰ বজাৰত প্ৰবেশ কৰাত সহায় কৰাৰ ফলতো চাহিদা পৰিৱৰ্তন পৰিলক্ষিত হয়।

9. চাহিদাবিধিটো ব্যাখ্যা কৰা আৰু ইয়াৰ ব্যতিক্ৰম বিলাক কি কি লিখা।

উত্তৰঃ দ্ৰব্যৰ চাহিদাৰ লগত দামৰ যি সম্বন্ধ সেই সম্বন্ধ ব্যাখ্যা কৰ বিবিটোৱেই হৈছে চাহিদা। অন্যান্য বিষয়সমূহ একে থাকিলে যেতিয়া কোনো এটা দ্ৰব্যৰ দাম বৃদ্ধি পায়, ইয়াক চাহিদাৰ পৰিমাণ হ্রাস পায়। অর্থাৎ অন্যান্য বিষয়সমূহ একে থাকিলে কোনো এটা দ্ৰব্যৰ দাম আৰু ইয়াৰ বাবে ইয়াক চাহিদা কৰা পৰিমাণৰ যি সম্পৰ্ক প্ৰকাশ কৰা হয়, ই হৈছে বিপৰীতমুখী সম্পর্ক।

চাহিদা বিধিৰ ব্যতিক্ৰমসমূহ হ’ল—

(ক) অভিজাত দ্রব্যসমূহঃ যিবিলাক ক্ৰেতাৰ হাতত থাকিলে নিজৰ আভিজাত্য বাঢ়ে বুলি ভাবে সেইবোৰ দ্ৰব্যকে আভিজাত্য দ্রব্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে, হীৰা, মণি–মুক্তা আদি দ্ৰব্যৰ চাহিদাৰ বিষয়ে উল্লেখ কৰিব পাৰি। এনে দ্রব্যৰ ব্যৱহাৰিক মূল্য সম্পূর্ণভাৱে ইহঁতৰ দৰৰ ওপৰত নিৰ্ভৰশীল। বজাৰত অতি উচ্চ দৰত বিক্ৰী হোৱাৰ কাৰণে ধনী লোকসকলে সমাজত নিজৰ সন্মান বৃদ্ধিৰ অৰ্থে এনে দ্রব্যসমূহ আহৰণ কৰে। যদি এনে দ্রব্যসমূহৰ বজাৰৰ দৰ হ্রাস হয় তেতিয়া ইহঁতৰ সন্মানৰ মূল্য হ্ৰাস হয় আৰু চাহিদাও হ্রাস হয়। এনেভাৱে দেখা যায় যে যিবোৰ দ্ৰব্যৰ ব্যৱহাৰৰ লগত মানুহৰ সন্মানৰ প্ৰশ্নটো জড়িত হৈ আছে সেই দ্রব্যসমূহৰ দৰ বৃদ্ধি হ’লে চাহিদাৰ সম্প্ৰসাৰণ হয় আৰু দৰ হ্ৰাস হ’লে চাহিদাৰ সংকোচন ঘটে।

(খ) গিফেন দ্রব্যসমূহঃ নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত দাম বৃদ্ধি হ’লে ইহঁতৰ চাহিদা বৃদ্ধি পোৱা আৰু দাম কমিলে চাহিদা সংকুচিত হোৱাহে পৰিলক্ষিত হয়। নিকৃষ্ট মানৰ দ্ৰব্যৰ ক্ষেত্ৰত চাহিদা বিধিৰ এনে ব্যতিক্ৰমৰ বিষয়ে চাৰ ৰবাৰ্ট গিফেন নামৰ অৰ্থনীতিবিদজনে প্রথমে ব্যাখ্যা দাঙি ধৰিছিল আৰু চাহিদাৰ বিধিৰ এনে ব্যতিক্ৰমটোক গিফেনৰ সাঁথৰ নামে জনাজাত। নিকৃষ্ট মানৰ দ্ৰব্যবোৰ কম উপাৰ্জনৰ মানুহে ব্যৱহাৰ কৰে। এনে দ্রব্যবোৰৰ দাম বৃদ্ধি পালে, এইচাম মানুহৰ প্রকৃত উপার্জন কমি যায় আৰু তেওঁলোকে উৎকৃষ্ট দ্রব্যবোৰৰ উপভোগ কমাই নিকৃষ্ট মানৰ দ্ৰব্য–সামগ্ৰীৰ উপভোগ বৃদ্ধি কৰি জীৱন ধাৰণ কৰিবলৈ বাধ্য হয়। অন্যহাতেদি যেতিয়া নিকৃষ্ট মানৰ দ্রব্য–সামগ্ৰীৰ দাম কমি গলে মানুহৰ প্ৰকৃত উপার্জন বৃদ্ধি হয় আৰু উৎকৃষ্ট মানৰ দ্ৰব্যসমূহ উপভোগৰ প্ৰতি হাবিয়াস থকা মানুহে এনে দ্রব্য–সামগ্ৰীসমূহৰ উপভোগৰ সংকোচন ঘটাই উৎকৃষ্ট দ্রব্য–সামগ্ৰীবোৰ অধিকভাৱে উপভোগ কৰে।

(গ) প্রত্যশা দ্রব্যসমূহঃ যদি কোনো এটা দ্ৰব্যৰ দাম বাঢ়ি যায় আৰু ক্রেতাই বাঢ়িব বুলি ভাবে, তেন্তে তেওঁলোকে আজিয়েই তেনে দ্রব্য অধিক ক্রয় কৰি থ’ব পাৰে যাতে ভৱিষ্যতে দাম বাঢ়ি যোৱাৰ বাবে সিবিলাকৰ ক্ৰয় নকৰি অৰ্থ সঞ্চয় কৰিব পাৰে। দ্ৰব্যৰ ভৱিষ্যত মূল্য বৃদ্ধিৰ সম্ভাৱনা থাকিলে চাহিদাৰ বিধিটো প্রযোজ্য নহয়। এনে ক্ষেত্ৰত দ্ৰব্যটোৰ দৰ উচ্চ হোৱা সত্ত্বেও মানুহে ইয়াক অধিক পৰিমাণে ক্ৰয় কৰা দেখা যায়। কিন্তু প্ৰকৃততে এইটো চাহিদা বিধিৰ ব্যতিক্ৰম নহয়। কাৰণ, এনে চাহিদা বৃদ্ধিয়ে চাহিদা ৰেখাৰ অৱস্থানৰ পৰিৱৰ্তন ঘটায় আৰু ই চাহিদাৰ সম্প্ৰাসৰণৰ পৰিৱৰ্তে চাহিদা বৃদ্ধি ৰহে নির্দেশ দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top