ASOS Class 12 Economics Chapter 14 ব্যষ্টিবাদী অর্থনীতিৰ বিষয়বস্তু

ASOS Class 12 Economics Chapter 14 ব্যষ্টিবাদী অর্থনীতিৰ বিষয়বস্তু, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 14 ব্যষ্টিবাদী অর্থনীতিৰ বিষয়বস্তু and select needs one.

ASOS Class 12 Economics Chapter 14 ব্যষ্টিবাদী অর্থনীতিৰ বিষয়বস্তু

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 14 ব্যষ্টিবাদী অর্থনীতিৰ বিষয়বস্তু Solutions for All Subject, You can practice these here.

ব্যষ্টিবাদী অর্থনীতিৰ বিষয়বস্তু

Chapter : 14

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য উলিওৱা।

উত্তৰঃ ব্যষ্টিগত আৰু সমষ্টিগত অৰ্থবিজ্ঞানৰ সংজ্ঞা আৰু প্ৰকৃতিৰ পৰা দুয়োটাৰ মাজত কেইটামান মৌলিক পার্থক্য পৰিলক্ষিত হয়। উক্ত পার্থক্যকেইটা হৈছে–

১। ব্যক্তিগত অৰ্থবিজ্ঞানত প্ৰতিটো অৰ্থনৈতিক গোট আৰু উপাদানৰ বিষয়ে পৃথকে আলোচনা কৰা হয়। অন্যহাতেদি সমষ্টিবাদী অর্থবিজ্ঞানত সমুদায় অর্থনৈতিক গোট আৰু উপাদানক একগোট হিচাপে বিবেচনা কৰি সামগ্রিকভাৱে সিহতৰ আচৰণ বিধি ব্যাখ্যা কৰা হয়। উদাহৰণস্বৰূপে, ব্যষ্টিবাদী অর্থবিজ্ঞানত কোনো দ্ৰব্যৰ ব্যক্তিগত চাহিদা বা বজাৰৰ চাহিদাৰ বিষয়ে আলোচনা কৰাৰ বিপৰীতে সমষ্টিবাদী অর্থবিজ্ঞানত সমুদায় অৰ্থনীতিত বিভিন্ন দ্রব্য সামগ্ৰীৰ সামগ্রিক চাহিদাৰ বিষয়ে আলোচনা কৰা হয়।

২। ব্যক্তিবাদী অর্থবিজ্ঞানত কোনো অর্থনৈতিক গোট বা চলকৰ আচৰণবিধি ব্যাখ্যা কৰোতে ‘আন অৱস্থাবোৰ অপৰিবৰ্তিত’ বুলি চৰ্ত আৰোপ কৰা হয়। অর্থাৎ উক্ত গোট বা চলকটোৰ আচৰণত প্ৰভাৱ বিস্তাৰ কৰিব পৰা আন উপাদান বা চলকৰ উপস্থিতি অস্বীকাৰ কৰা হয়স্ল কিন্তু সমষ্টিগত অর্থশাস্ত্ৰত কোনো বিষয় বা চলকৰ আলোচনা কৰোতে এনে অভিধাৰণা কৰা নহয়।

৩। ব্যষ্টিবাদী অর্থবিজ্ঞানত কোনো এটা অৰ্থনৈতিক গোট বা চলকৰ আলোচনা স্বতন্ত্র আলোচনা। এই ক্ষেত্ৰত আন চলকৰ লগত তাৰ সম্পৰ্ক বিচাৰ কৰা নহয়স্ল কিন্তু সমষ্টিগত অৰ্থবিজ্ঞানত বিভিন্ন চলক বা গোটৰ মাজত থকা সম্পৰ্কৰ আলোচনা অন্তর্ভুক্ত হয়।

অৰ্থনৈতিক আচৰণ বিধি বিশ্লেষণ কৰিবৰ অৰ্থে দুটা পদ্ধতিৰ প্ৰচলন থাকিলেও, এই দুটা পদ্ধতি সম্পূৰ্ণ নহয়। দুয়োটা পদ্ধতিৰ মাজত সাধাৰণতে এক ওচৰ সম্বন্ধ পৰিলক্ষিত হয়। কাৰণ যেনেকৈ ব্যক্তিগত বিশ্লেষণ পদ্ধতিৰ বিষয়ে সবিশেষ জানিবৰ অৰ্থে সমষ্টিগত পদ্ধতিৰ জ্ঞানৰ প্ৰয়োজন, তেনেদৰেই সমষ্টিগত বিশ্লেষণৰ সবিশেষ জানিবৰ অৰ্থে ব্যক্তিগত জ্ঞানৰ প্ৰয়োজন অপৰিহাৰ্য। উদাহৰণস্বৰূপে, এক নিৰ্দিষ্ট দৰত এখন উৎপাদন প্রতিষ্ঠানে কিমান দ্রব্য বিক্ৰী কৰিব পাৰিব সেইটো জাতীয় আয় তথা মানুহৰ ক্ৰয় ক্ষমতাৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল।

সমুদায় অৰ্থনীতিৰ বিষয়ে জ্ঞান আহৰণৰ অৰ্থে যেনেকৈ সমষ্টিগত বিশ্লেষণ অপৰিহাৰ্য তেনেদৰেই ব্যক্তিগত অৰ্থনৈতিক গোটৰ আচৰণ বিধিৰ সম্পর্কে জানিবলৈ ব্যক্তিগত বিশ্লেষণৰ প্ৰয়োজন। ব্যক্তিগত গোটৰ আচৰণ বিধিয়েই অধিকাংশ ক্ষেত্ৰত সমুদায় অৰ্থনীতিৰ গতি নিৰ্ধাৰণ কৰে। উদাহৰণ স্বৰূপে, এখন দেশৰ প্ৰতিটো অৰ্থনৈতিক গোটৰ আয় বা উৎপাদন ৰাষ্ট্ৰীয় উৎপাদন নিৰ্ধাৰণৰ অতি প্রয়োজনীয় উপাদান। কাৰণ ব্যক্তিগত উৎপাদন সমষ্টিয়েই জাতীয় উৎপাদন। ব্যক্তিগত উৎপাদন বৃদ্ধি পালে ৰাষ্ট্ৰীয় উৎপাদনো বৃদ্ধি হয়।

2. ব্যক্তিবাদী অর্থনীতিৰ বিষয়বস্তু কি?

উত্তৰঃ ব্যষ্টিগত অৰ্থনৈতিক বিশ্লেষণ অর্থশাস্ত্র অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি। যেতিয়া দেশৰ বিভিন্ন অর্থনৈতিক গোট আৰু উপাদানসমূহক ক্ষুদ্র গোট আৰু সমষ্টি হিচাপে বিবেচনা কৰি সেইবোৰৰ অৰ্থনৈতিক আচৰণ, ক্রিয়া– প্ৰতিক্ৰিয়া ইত্যাদিৰ বিষয়ে পৃথকভাৱে আলোচনা কৰা হয়, তাকেই ব্যষ্টিগত বিশ্লেষণ বুলি কোৱা হয়। ব্যষ্টিগত বিশ্লেষণত কোনো এক অর্থনৈতিক গোট বা উপাদানৰ আচৰণৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। উদাহৰণস্বৰূপে, যেতিয়া এখন দেশৰ উপভোক্তা, উৎপাদনী গোট, উদ্যোগ আদিৰ ভাৰসাম্যৰ বিষয়ে পৃথকভাৱে আলোচনা কৰা হয় তেতিয়া সেই আলোচনা ব্যষ্টিগত আলোচনাৰ অন্তৰ্ভুক্ত হয়। ব্যষ্টিগত বিশ্লেষণত সমুদায় অৰ্থনীতিৰ বিষয়ে আলোচনা কৰা নহয়। উপভোক্তাৰ আচৰণ বিধি, উপভোক্তাৰ চাহিদা, উপভোক্তাৰ ভাৰসাম্য, প্ৰবাৰ বজাৰৰ চাহিদা, উদ্যোগ প্ৰতিষ্ঠানৰ ভাৰসমতা আৰু উদ্যোগৰ ভাৰসমতাৰ বিষয়ে আলোচনা ব্যষ্টিগত আলোচনাৰ অন্তৰ্ভুক্ত।

ব্যক্তিগত বিশ্লেষণক মূল্যৰ আখ্যা দিয়া হয়। কাৰণ, এই বিশ্লেষণ দ্রব্য–সামগ্ৰীৰ মূল্য নির্ধাৰণ, উপাদানসমূহৰ মূল্য নির্ধাৰণ আৰু অর্থনৈতিক কল্যাণ বিষয়ক আলোচনাত আবদ্ধ থাকে।

দেশৰ দুষ্প্ৰাপ্য সম্পদসমূহ বিভিন্ন দ্রব্য–সামগ্ৰীৰ উৎপাদনত কেনেকৈ ব্যৱহাৰ কৰা হয় বা ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে ব্যষ্টিবাদী বিশ্লেষণত। আলোচনা কৰা হয়। মুক্ত অৰ্থনীতিত সম্পদৰ প্ৰয়োগৰ ধাৰা বিভিন্ন দ্রব্য–সামগ্ৰীৰ আপেক্ষিক মূল্যৰদ্বাৰা নিৰ্ধাৰিত হয়। একে সূত্ৰৰ ভিত্তিতেই উৎপাদনৰ উপাদানসমূহৰ প্ৰয়োগৰ অনুপাত নিৰ্ধাৰণ হয়। ব্যষ্টিগত বিশ্লেষণত দ্রব্য–সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ আৰু উৎপাদনৰ উপাদানসমূহৰ মূল্য নিৰ্ধাৰণৰ বিষয়ে আলোচনা কৰা হয়। দ্ৰব্যৰ আৰু উপাদানসমূহৰ চাহিদা আৰু যোগানৰ ভিত্তিতেই এইবোৰৰ মূল্য নিৰ্ধাৰণ হয়।

 3. ব্যষ্টিবাদী অর্থনৈতিক তত্ত্বসমূহ কেনেদৰে গঠন কৰা হয়?

উত্তৰঃ ব্যষ্টবাদী অর্থনৈতিক তত্ত্বসমূহ গঠন কৰা পদ্ধতিসমূহ হ’ল— (খৰ নিগমনমূলক পদ্ধতি আৰু (খৰ আগমনমূলক পদ্ধতি ।

নিগমনমূলক পদ্ধতিৰে অৰ্থনৈতিক তত্ত্ব তৈয়াৰ কৰোতে তলৰ পদক্ষেপসমূহ গ্ৰহণ কৰা হয় –

(i) বিশ্লেষণৰ বাবে সমস্যাটোৰ নিৰ্বাচন।

(ii) অভিধাৰণাসমূহ নিশ্চিত আৰু বিস্তৃতভাৱে নিৰ্ধাৰণ কৰা।

(iii) যুক্তিৰ দ্বাৰা এটা স্বতঃসিদ্ধ বাহিৰ পৰা অথবা প্ৰস্তুত কৰা।

(iv) স্বতঃসিদ্ধবিলাকৰ পৰীক্ষণ অথবা সত্যতা নিৰূপণ।

আগমনমূলক পদ্ধতিৰে অৰ্থনৈতিক তত্ত্ব তৈয়াৰ কৰোতে তলৰ পদক্ষেপসমূহ গ্ৰহণ কৰা হয় –

(i) বিশ্লেষণৰ বাবে সমস্যাটো নিৰ্ধাৰণ।

(ii) তথ্যৰ সংগ্ৰহ শ্ৰেণীকৰণ আৰু বিশ্লেষণ।

(iii) যুক্তিৰে সম্পৰ্ক স্থাপন কৰিব লাগিব।

4. তলৰ তথ্যসমূহ এটা চিত্ৰত বহুওৱা। প্রাপ্ত ৰেখাডাল (বিভিন্ন বিন্দুবিলাক যোগ কৰিৰ সৰলৰেখা হয়নে। যুক্তি দিয়া?

প্রাথমিক এককৰ মূল্য (টকা হিচাপত)চাহিদা কৰা পৰিমাণ (গোট)
5100
4120
3180
2200

উত্তৰঃ যেতিয়া প্ৰাথমিক এককৰ দামৰ পৰিৱৰ্তন হৈছে, ই চাহিদাৰ পৰিমাণৰ ওপৰতো প্ৰভাৱ পেলাইছে। সেই কাৰণে এককৰ দামটো হ’ব স্বতন্ত্র চলক আৰু ইয়াক Y অক্ষত দেখুওৱা হৈছে। চাহিদাৰ পৰিমাণক নিৰ্ভৰশীল চলক বুলি কোৱা হয় আৰু ইয়াক X অক্ষত দেখুওৱা হৈছে।

চিত্ৰত মুঠ তথ্য দাঙি ধৰিছে। যদি আমি চাৰিটা বিন্দু যোগ কৰো, আমি এডাল সৰলৰেখা পাম আৰু ইয়াক সৰল ৰৈখিক বক্ৰ ৰেখা বুলিও কোৱা হয়। এই ৰেখাত প্ৰত্যেকটো বিন্দুৱে এককৰ দাম আৰু সেই দামত ক্ৰয় কৰা চাহিদাৰ সংখ্যা দেখুৱাইছে। দেখা যায় যে এই ৰেখাডাল বাঁহাতৰ পৰা সোঁহাতলৈ হালি পৰা। এই কথাকে দেখুৱাই যে স্বতন্ত্র চলক আৰু নিৰ্ভৰশীল চলকৰ মাজৰ সম্পৰ্কটো ওলোটা। এটা কমিলে আনটো বাঢ়ে। ইয়াত দাম কমি যোৱাৰ লগে লগে ক্ৰয় কৰা কলমৰ সংখ্যা বাঢ়িছে।

5. এটা স্বতন্ত্ৰতীয়া চলক আৰু এটা নিৰ্ভৰশীল চলকৰ মাজত পাৰ্থক্য উলিওৱা। অর্থনীতিত প্ৰত্যেকটো চলক কোনো এটা অক্ষত কেনেদৰে উপস্থাপন কৰা হয়?

উত্তৰঃ কলমৰ দাম বঢ়াৰ লগে লগে কলম ক্ৰয় কৰাৰ সংখ্যাও বিভিন্ন হয়। ইয়াত কলমৰ দাম হৈছে এটা চলক আৰু কলমৰ দাম হৈছে এটা চলক।

কলমৰ দামক্ৰয় কৰা কলমৰ সংখ্যা
510
420
330
240
a50

তালিকাত দেখা গৈছে যে যেতিয়া কলমৰ দামৰ পৰিৱৰ্তন হৈছে, ই কলম ক্ৰয় কৰা সংখ্যাটো প্ৰভাৱ পেলাইছে। সেই কাৰণে দামটো হ’ল স্বতন্ত্র চলক আৰু ইয়াক Y অক্ষত দেখুওৱা হয়। আনহাতে ক্ৰয় কৰা কলৰ সংখ্যাক নিৰ্ভৰশীল চলক বুলি কোৱা হয় আৰু ইয়াক X অক্ষত দেখুওৱা হৈছে। গতিকে Y অক্ষত কলমৰ দাম আৰু X অক্ষত কলমৰ সংখ্যা দেখুওৱা হৈছে।

এতিয়া Y অক্ষৰ 5 টকা দামটোক লোৱা হওঁক আৰু Y অক্ষৰ সৈতে 90° যোগ কৰাকৈ এই বিন্দুৰ পৰা লম্ব টনা হওক। এই দামত ক্ৰয় কৰা কলমৰ সংখ্যা হ’ল 10 টা। X অক্ষত 10 টা কলম দেখুওৱা বিন্দুটো লোৱা হওঁক আৰু এই বিন্দুৰ পৰা এডাল লম্ব টনা হ’ল। X অক্ষৰ আৰু Y অক্ষৰ পৰা টনা এই দুয়োডাল লম্বই পৰস্পৰ A বিন্দুত ছেদ কৰিছে। A বিন্দুটোৱে কলমৰ 5 টকা আৰু এই দামত ক্ৰয় কলমৰ সংখ্যা 10 দেখুৱাইছে। এইদৰে B বিন্দুটোৱে কলমৰ দাম 4 টকা আৰু এই দামত ক্ৰয় কৰা কলমৰ সংখ্যা 20 টা দেখুৱাইছে। এনেদৰে C, D আৰু E বিন্দুকেইটা বহুওৱা হৈছে। এইদৰে A, B, C, D আৰু E পাঁচোটা বিন্দুৱে চিত্ৰত মুঠ তথ্য দাঙি ধৰিছে। আৰু আমি এই বিন্দুবোৰ যোগ কৰি, আমি এডাল সৰল ৰেখা পাম আৰু ইয়াৰ ৰৈখিক বক্ৰ ৰেখা বুলিও কোৱা হয়। এই ৰেখাত থকা প্ৰত্যেকটো বিন্দুৱে কলমৰ দাম আৰু সেই দামত ক্ৰয় কৰা কলমৰ সংখ্যা দেখুৱাইছে। দেখা গ’ল যে ৰেখাডাল বাঁওহাতৰ পৰা সোঁহাতলৈ হালি পৰা। এই কথাই ইয়াকে বুজায় যে দাম স্বতন্ত্ৰৰীয়া চলক আৰু ক্ৰয় কৰা কলমৰ সংখ্যা নিৰ্ভৰশীল চলক। এই দুয়োটা চলকৰ সম্পৰ্ক গুলোটা। অর্থাৎ এটা কমিলে আনটো বাড়ে।

6. দুটা চলকৰ মাজত সম্পৰ্ক কেনেদৰে দেখুওৱা হয় (কৰ উদ্ধমুখী ৰেখাৰ ক্ষেত্ৰত আৰু (খৰ নিম্নগামী ৰেখাৰ ক্ষেত্ৰত।

উত্তৰঃ (কৰ উৰ্দ্ধমুখী ৰেখাৰ ক্ষেত্ৰত যদি দুটা চলকৰ মাজৰ সম্পৰ্কটো পোনপটীয়া হয় অর্থাৎ এটা চলক বৃদ্ধি পালে আনটোও বৃদ্ধি পায় আৰু ইয়াৰ বিকল্পনটোৱো হয় অৰ্থাৎ এটা হ্রাস পালে অনটোও হ্ৰাস বায় তেস্তে ৰেখাডাল বাঁওফালৰ পৰা সোঁফাললৈ উৰ্দ্ধমুখী হয়। তলৰ তালিকাৰ পৰা সহজে এইটো কথা বুজিব পাৰি।

কলমৰ দাম (টকা হিচাপতৰবিক্ৰেতাই যোগান ধৰা কলমৰ সংখ্যা
220
330
440
550
660

যদি কলমৰ দাম বৃদ্ধি পায় বিক্রেতাই বেছিকৈ কলমৰ যোগান ধৰিব।

চিত্ৰত A বিন্দুটোৱে দেখুৱাইছে যে 2 টকা দাম যোগান ধৰা কলমৰ সংখ্যা 20 টা, B বিন্দুটোৱে 3 টকা দামত যোগান ধৰা কলমৰ সংখ্যা 30 টা। SS যোগান ৰেখাডাল বাঁওফালৰ পৰা সোঁফাললৈ উৰ্দ্ধমুখী।

আৰু যেতিয়া যদি দুটা চলকৰ মাজৰ সম্পৰ্কটো বিপৰীতমুখী হয় অর্থাৎ এটা চলক বৃদ্ধি পালে আনটোও হ্রাস পায় আৰু ইয়াৰ বিকল্পনটোৱো হয় অর্থাৎ এটা হ্রাস পালে আনটো বৃদ্ধি পায় তেন্তে ৰেখাডাল বাঁওফালৰ পৰা সোঁফাললৈ নিম্নমুখী হয়। তলৰ চিত্ৰৰ পৰা সহজে এইটো কথা বুজিব পাৰি।

চিত্ৰত A বিন্দুটোৱে কলমৰ 5 টকা আৰু এই দামত ক্ৰয় কলমৰ সংখ্যা 10 দেখুৱাইছে। এইদৰে B বিন্দুটোৱে কলমৰ দাম 4 টকা আৰু এই দামত ক্ৰয় কৰা কলমৰ সংখ্যা 20 টা দেখুৱাইছে। এনেদৰে C, D আৰু E বিন্দুকেইটা বহুওৱা হৈছে। এইদৰে A, B, C, D আৰু E পাঁচোটা বিন্দুৱে চিত্ৰত মুঠ তথ্য দাঙি ধৰিছে। আৰু আমি এই বিন্দুবোৰ যোগ কৰি, আমি এডাল সৰল ৰেখা পাম আৰু ইয়াৰ ৰৈখিক বক্ৰ ৰেখা বুলিও কোৱা হয়। এই ৰেখাত থকা প্ৰত্যেকটো বিন্দুৱে কলমৰ দাম আৰু সেই দামত ক্ৰয় কৰা কলমৰ সংখ্যা দেখুৱাইছে। দেখা গ’ল যে ৰেখাডাল বাঁওহাতৰ পৰা সোঁহাতলৈ হালি পৰা।

7. অর্থনৈতিক তত্ত্ব প্রস্তুত কৰণত আগমনমূলক আৰু নিগমনমূলক পদ্ধতিৰ পাৰ্থক্য উলিওৱা।

উত্তৰঃ আগমন পদ্ধতিৰ অৰ্থনৈতিক বিশ্লেষণ বাস্তৱ ঘটনাৰ ওপৰত প্রতিষ্ঠিত। কোনো বিশেষ অর্থনৈতিক ঘটনা বা সমস্যাৰ সকলোবোৰ প্ৰয়োজনীয় তথ্যপাতি সংগ্ৰহ আৰু বিশ্লেষণ কৰি যেতিয়া অর্থনৈতিক ব্যাখ্যা বা সূত্র গঠন কৰা হয় তাকেই আগমন পদ্ধতিৰ বিশ্লেষণ বুলি কোৱা হয়। এনে ধৰণৰ ব্যাখ্যাত যিবিলাক ধাৰণা কৰা হয় সেইবিলাক অনুসন্ধান আৰু বাস্তৱ পৰীক্ষা–নিৰীক্ষাৰ জৰিয়তে প্রমাণিত কৰাৰ ব্যৱস্থা আছে। আগমন পদ্ধতিৰ সহায়ত অর্থনৈতিক ঘটনা বা সমস্যাৰ বিশ্লেষণ দুই ধৰণেৰে কৰা হয়। এই ব্যৱস্থাত পদার্থ বা ৰসায়ন বিজ্ঞানৰ দৰে পৰীক্ষা–নিৰীক্ষাৰ ভিত্তিত কোনো অর্থনৈতিক ঘটনাৰ ব্যাখ্যা প্রমাণিত কৰাৰ ব্যৱস্থা আছে আৰু পৰিসংখ্যাৰ ভিত্তিত এনে ঘটনাৰ সত্যতা নিৰূপণ কৰাৰো ব্যৱস্থা আছে। অৱশ্যে মানুহক লৈ পৰীক্ষা–নিৰীক্ষা চলোৱাৰ অসুবিধাৰ কাৰণে পৰিসংখ্যা গ্রহণৰ পদ্ধতিৰ সহায়ত কোনো ঘটনা বা বিষয়ৰ সত্যতা নিৰ্ধাৰণ কৰা ব্যৱস্থা অর্থবিজ্ঞানত অধিক জনপ্রিয়। উদাহৰণস্বৰূপে, মানুহৰ উপার্জন বৃদ্ধিৰ লগে লগে সঞ্চয়ৰ হাৰ বৃদ্ধি হয় আৰু দ্রব্য–সামগ্ৰীৰ উপভোগৰ হাৰ কমি যায়— উপভোগৰ এই সূত্ৰটো তথ্য–পাতিৰ ভিত্তিত প্ৰতিষ্ঠিত আৰু আগমন পদ্ধতিৰ বিশ্লেষণৰ অন্তৰ্ভুক্ত।

আনহাতে সাধাৰণ ঘটনাৰ বা সমস্যাৰ পৰা কোনো বিশেষ ঘটনাৰ বা সমস্যাৰ কাৰণ বা অৱস্থা ব্যাখ্যাৰ যি ব্যৱস্থা তাকেই নিগমন পদ্ধতি বুলি কোৱা হয়। এই পদ্ধতিৰ বিশ্লেষণ পদ্ধতি সংক্ষেপ। নিগমন পদ্ধতিত কোনো সাধাৰণ ঘটনা নিৰীক্ষণ কৰি কোনো বিশেষ ঘটনাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা হয়। উদাহৰণস্বৰূপে, চাহিদাৰ বিধিৰ উল্লেখ কৰিব পাৰি। এই বিধিটো নিগমন পদ্ধতিৰ অন্তৰ্ভুক্ত। কাৰণ, বজাৰত দ্ৰব্যৰ দামৰ লগত গ্ৰাহকৰ চাহিদাৰ সাধাৰণ সম্পৰ্ক বিচাৰ কৰি চাহিদাৰ বিধিটোত কোৱা হৈছে যে এটা দ্ৰব্যৰ দাম বৃদ্ধি পালে ইয়াৰ চাহিদা কমি যায় আৰু দাম কমি গ’লে চাহিদা বৃদ্ধি হয়। প্ৰতিটো দ্ৰব্যৰ দামৰ লগত চাহিদাৰ সম্পৰ্কৰ বিষয়ে তথ্যপাতি সংগ্ৰহ নকৰাকৈ গ্ৰাহকৰ সাধাৰণ প্ৰতিক্ৰিয়া লক্ষ্য কৰি চাহিদাৰ বিধিটো গঠন কৰা হৈছে। নিগমন পদ্ধতিত সাধাৰণ ঘটনাৰপৰা কোনো বিশেষ ঘটনাৰ ব্যাখ্যা প্ৰদান কৰোতে কিছুমান চৰ্ত আৰোপ কৰা হয় আৰু এই চৰ্তসমুহৰ উপস্থিতিত বিশেষ ঘটনাৰ ব্যাখ্যাৰ সত্যতা প্রমাণিত হয়। উদাহৰণস্বৰূপে, এটা দ্ৰব্যৰ চাহিদাৰ সূত্ৰটো ব্যাখ্যা কৰোতে গ্ৰাহকৰ উপাৰ্জন আৰু ৰুচি অপৰিৱৰ্তিত বুলি ধাৰণা কৰা হৈছে। এই দুটা প্ৰধান চৰ্তৰ উপস্থিতিত চাহিদাৰ বিধিটো দ্ৰব্যটোৰ ক্ষেত্ৰত প্ৰয়োগ হ’ব; কিন্তু চৰ্তকেইটাৰ অনুপস্থিতিত চাহিদাৰ বিধিৰ প্ৰয়োগৰ বিষয়ে নিশ্চিত কৰিব পৰা নেযায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top