ASOS Class 12 Economics Chapter 13 ৰাষ্ট্ৰীয় আয় পৰিমাপ সমূহৰ ব্যৱহাৰসমূহ

ASOS Class 12 Economics Chapter 13 ৰাষ্ট্ৰীয় আয় পৰিমাপ সমূহৰ ব্যৱহাৰসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 13 ৰাষ্ট্ৰীয় আয় পৰিমাপ সমূহৰ ব্যৱহাৰসমূহ and select needs one.

ASOS Class 12 Economics Chapter 13 ৰাষ্ট্ৰীয় আয় পৰিমাপ সমূহৰ ব্যৱহাৰসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 13 ৰাষ্ট্ৰীয় আয় পৰিমাপ সমূহৰ ব্যৱহাৰসমূহ Solutions for All Subject, You can practice these here.

ৰাষ্ট্ৰীয় আয় পৰিমাপ সমূহৰ ব্যৱহাৰসমূহ

Chapter : 13

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. মুদ্ৰাগত আয় আৰু প্ৰকৃত আয়ৰ পাৰ্থক্য উলিওৱা।

উত্তৰঃ কোনো এটা বৰ্ষত জনসাধাৰণে পোৱা আয়েই হ’ল মুদ্রাগত আয়। আনহাতে প্ৰকৃত আয় হ’ল মুদ্ৰাগত আয়েৰে ক্ৰয় কৰিব পৰা দ্ৰব্য আৰু সেৱাসমূহ।

2. চলিত মূল্যত ৰাষ্ট্ৰীয় আয় আৰু স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়ৰ মাজত পার্থক্য উলিওৱা।

উত্তৰঃ প্ৰকৃত আয় বুজাবলৈ হ’লে মুদ্রাগত আয়েৰে ক্ৰয় কৰা দ্ৰব্য আৰু সেৱাসমূহৰ পৰিমাণকেই দেখুওৱা হয়। ৰাষ্ট্ৰীয় আয়ৰ হিচাপ মুদ্ৰা আয় আৰু প্রৃত আয়ত ক্ৰমে চলিত মূল্যত ৰাষ্ট্ৰীয় আয় আৰু স্থিৰ আয়ত ৰাষ্ট্ৰীয় আয় বোলা হয়।

ৰাষ্ট্ৰীয় আয় নিৰ্ধাৰণত স্থিৰ মূল্য আৰু চলিত মূল্য এই দুয়োটাৰ ভিত্তিত কৰা হয়। স্থিৰ মূল্যৰ ৰাষ্ট্ৰীয় আয় নিৰ্ধাৰণৰ অৰ্থে এটা ভিত্তি বছৰ ধৰা হয় আৰু সেই ভিত্তি বছৰৰ দৰসূচীৰ আধাৰত নিৰূপণ কৰা ৰাষ্ট্ৰীয় আয়েই হৈছে স্থিৰ মূল্যৰ ৰাষ্ট্ৰীয় আয়। স্থিৰ মূল্যত নিৰ্ধাৰণ কৰা ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয়ে মানুহৰ প্ৰকৃত আয় বৃদ্ধিৰ গতিৰ বিষয়ে ইংগিত দি দেশখনৰ উন্নয়নৰ প্ৰকৃত ছবিখন দাঙি ধৰে। স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় নিৰূপণৰ সহায়ত দেশ এখনৰ উৎপাদন আৰু মানুহৰ উপাৰ্জন কি পৰিমাণে বৃদ্ধি হৈছে সেই বিষয়ে জানিব পাৰি। স্থিৰ মূল্যৰ ৰাষ্ট্ৰীয় আয় প্ৰকৃত ৰাষ্ট্ৰীয় আয় নামেৰে পৰিচিত।

চলিত দৰসূচীত ৰাষ্ট্ৰীয় আয়ৰ বাৰ্ষিক হিচাবেই হৈছে চলিত মূল্য বা দৰত ৰাষ্ট্ৰীয় আয়। দ্বিতীয় মহাযুদ্ধৰ পিছত মুদ্রাস্ফীতিৰ উচ্চ হাৰ পৃথিৱীৰ সকলোবোৰ দেশৰে এক উল্লেখযোগ্য বৈশিষ্ট্যৰূপে পৰিগণিত হৈছে। মুদ্রাস্ফীতিৰ উচ্চ হাৰৰ কাৰণে চলিত মূল্যত হিচাব কৰা ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় অতি উচ্চ হোৱাটো স্ফাভাৱিক। অৱশ্যে চলিত মূল্যত নিৰ্ধাৰণ কৰা ৰাষ্ট্ৰীয় আৰু জনমূৰি আয় দেশখনৰ প্ৰকৃত অৰ্থনৈতিক উন্নয়নৰ পৰিচায়ক নহয়। কাৰণ এনে অৱস্থাত মানুহৰ আৰ্থিক উপাৰ্জন বৃদ্ধি পালেও মুদ্ৰাৰ ক্ৰয় ক্ষমতা হ্ৰাস হোৱাৰ কাৰণে মানুহৰ প্ৰকৃত উপাৰ্জন হ্ৰাস হয়। চলিত মূল্যৰ ৰাষ্ট্ৰীয় আয়ক মৌদ্রিক আয় বুলি কোৱা হয়।

3. চলিত মূল্য ৰাষ্ট্ৰীয় আয়ৰ পৰা স্থিৰ মূল্যৰ ৰাষ্ট্ৰীয় আয় কেনেদৰে উলিওৱা হয়?

উত্তৰঃ যিকোনো এটা বছৰৰ ৰাষ্ট্ৰীয় আয় পৰিমাপ কৰিবলৈ হ’লে সেই বছৰৰ ভৌতিক দ্রব্য উৎপাদনক চলিত মূল্যৰে পূৰণ কৰিলেই হয়। উদাহৰণ স্বৰূপে 1996 চনৰ ৰাষ্ট্ৰীয় আয় উলিয়াবলৈ হ’লে 1996 চনত উৎপাদিত সকলোবোৰ উৎপাদিত দ্ৰব্য আৰু সেৱাক ইবিলাকৰ মূল্যৰে পূৰণ কৰিলেই পোৱা যায়। ইয়াক চলিত মূল্যত ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয়।

প্ৰথমে ৰাষ্ট্ৰীয় আয় চলিত মূল্যত নিৰ্ণয় কৰা হয় আৰু পিছত দৰ সূচকাঙ্কৰ সহায়ত স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়লৈ ৰূপান্তৰিত হয়। এনে ধৰণৰ স্থিৰ মূল্যৰ পৰিমাপবিলাক পোৱা যায় চলিত মূল্যৰ দৰ সূচকাঙ্কৰে ভাগ কৰি। দৰ সূচকাঙ্ক প্ৰস্তুত কৰিবলৈ হ’লে প্ৰথমে এটা নিৰ্দিষ্ট বৰ্ষ বাছি ল’ব লাগে। এইদৰে নিৰ্বাচিত হোৱাৰ বছৰটোক ভিত্তি বৰ্ষ বুলি কোৱা হয়। ভিত্তিবৰ্ষৰ মূল্যস্তৰক 100 বুলি ধৰা হয়। অন্যান্য সকলো বৰ্ষৰ মূল্যস্তৰক ভিত্তি বৰ্ষৰ মূল্যস্তৰৰ শতাংশত প্ৰকাশ কৰা হয়। যদি 1991 চনৰ বছৰটোক ভিত্তি বৰ্ষ হিচাপে ধৰা হয় তেন্তে ইয়াৰ মূল্যস্তৰ হ’ল 100। ধৰা হ’ল 1996 চনত মূল্যস্তৰ 50 শতাংশ বৃদ্ধি পালে, তেন্তে 1996 চনৰ মূল্যস্তৰ হ’ব 150। এইদৰেই সকলোবিলাক বৰ্ষৰে মূল্যস্তৰ প্ৰস্তুত কৰা হয় যাৰ বাবে ৰাষ্ট্ৰীয় আয় পৰিমাণবিলাকৰ তুলনা কৰিব পৰা যায়।

তলত এটা সাংখ্যিকীয় উদাহৰণৰ সহায়ত এই কথাটো সহজে বুজিব পাৰি—

বছৰচলিত মূল্যত ৰাষ্ট্ৰীয় আয় মূল্য মুদ্রাগত আয় (কোটি টকাত)সূচকাঙ্ক (1991=100)
199120,000100
199630,000150

এই তথ্যৰ ভিত্তিত আমি স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় এনেদৰে প্ৰস্তুত কৰিব পাৰো

দেখা যায় যে 1996 চনত চলিত মূল্যত ৰাষ্ট্ৰীয় আয় হ’ল 30,000 কোটি টাকা, আনহাতে স্থিৰ মূল্যত এই পৰিমাণ 20,000 কোটি টাকা।

4. কোনো এখন দেশৰ ৰাষ্ট্ৰীয় আয় পৰিমাপৰ চাৰিটা ব্যৱহাৰ ব্যাখ্যা কৰা।

উত্তৰঃ ৰাষ্ট্ৰীয় আয় পৰিমাপৰ চাৰিটা ব্যৱহাৰ হ’ল—

(ক) ৰাষ্ট্ৰীয় আয় অর্থনৈতিক বিকাশৰ এটা পৰিমাপঃ কোনো এখন দেশত স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়ৰ পৰিমাপে ইয়াৰ অৰ্থনৈতিক বিকাশ নির্দেশ কৰে। কোনো এখন দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ পৰিমাপ কৰা হয় স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়ৰ বিকাশৰ হাৰৰ দ্বাৰা।

(খ) ৰাষ্ট্ৰীয় আয় হ’ল পৰিকল্পনাৰ সফলতা বা বিফলতাৰ এটা মাপঃ এটা পৰিকল্পিত অর্থনীনতত উৎপাদন আৰু অৰ্থনৈতিক বিকাশৰ হাৰ ধাৰ্য্য কৰি লোৱা হয় আৰু সেই মতেই সম্পদৰো আৱণ্টন দিয়া হয়। এই ধৰণে ধাৰ্য্য কৰা লক্ষ্যত উপনীত হ’ব পৰা হ’লনে নাই, সেই কথা নির্দেশ কৰে উদ্যোগিক খণ্ড বিলাকৰ উৎপাদিত দ্ৰব্যৰ বিকাশ হাৰ আৰু স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়ে৷ এইদৰে ৰাষ্ট্ৰীয় আয়ৰ তথ্যই পৰিকল্পনাৰ সফলতা আৰু বিফলতা মাপ কৰাত সহায় কৰে।

(গ) জনমূৰি আয় পৰিমাপ কৰাত সহায়ক দ্ৰব্যঃ এখন দেশৰ মুঠ জনসংখ্যাৰে সেই দেশখনৰ ৰাষ্ট্ৰীয় আয়ক ভাগ কৰিলেই জনমূৰি আয় পোৱা যায়। ই কোনো এটা বৰ্গৰ জনসাধাৰণে কিমান পৰিমাণৰ দ্ৰব্য আৰু সেৱা গড়ে উপভোগ কৰিবলৈ পাইছে সেই কথা দেখুৱায়। যিমানে জনমুৰি আয় বেছি হয়, সিমানে জনসাধাৰণে গড়ে দ্ৰব্য আৰু সেৱা বেছিকৈ উপভোগ কৰিবলৈ পায় অথবা প্রাপ্ত হয় আৰু সিমানে গড় জীৱন ধাৰণৰ মানদণ্ডও বৃদ্ধি পায়।

(ঘ) বিভিন্ন উৎপাদন খণ্ডক কাম কাজৰ মূল্যায়ন কৰাত সহায়ক হয়ঃ কোনো এখন দেশত উৎপাদন গোটবোৰক বিস্তৃতভাৱে প্রাথমিক, গৌণ আৰু সেৱা খণ্ডত বিভক্ত কৰা হয়। প্রাথমিক খণ্ডত থকা উৎপাদন গোটবোৰ প্ৰাকৃতিক সম্পদসমূহ কৃষি, মৎস্য, খনি আদিৰ কাৰ্যত নিয়োজিত হয়। গৌণ খণ্ডই কাৰখাখানাজাত দ্রব্যসমূহ উৎপাদন কৰে আৰু সেই সেৱাখণ্ডই কিছুমান সেৱা যেনে— পৰিবহণ, বেঙ্কিং, বীমা চৰকাৰী প্ৰশাসন আদি উৎপাদন কাৰ্য্যত ব্যস্ত থাকে। এই খণ্ডবিলাকে উৎপাদন আয় উদ্ভৱ কৰে। এই খণ্ডবিলাকৰ পৰা উদ্ভৱ হোৱা উপাদান আয়ৰ তথ্যসমূহ ৰাষ্ট্ৰীয় আয়লৈ ইবিলাকে আপেক্ষিক বৰঙণি কেনেদৰে যোগায় সেই বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা হয়।

5. কোনো এটা অৰ্থনীতিৰ বিভিন্ন উদ্যোগিক খণ্ডই সম্পন্ন কৰা কামকাজৰ মূল্যায়ন কৰাত ৰাষ্ট্ৰীয় আয়ৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ কোনো এখন দেশত উৎপাদন গোটবোৰক বিস্তৃতভাৱে প্রাথমিক, গৌণ আৰু সেৱা খণ্ডত বিভক্ত কৰা হয়। প্রাথমিক খণ্ডত থকা উৎপাদন গোটবোৰ প্রাকৃতিক সম্পদসমূহ কৃষি, মৎস্য, খনি আদিৰ কাৰ্যত নিয়োজিত হয়। গৌণ খণ্ডই কাৰখাখানাজাত দ্রব্যসমূহ উৎপাদন কৰে আৰু সেই সেৱাখণ্ডই কিছুমান সেৱা যেনে— পৰিবহণ, বেঙ্কিং, বীমা চৰকাৰী প্ৰশাসন আদি উৎপাদন কাৰ্য্যত বাস্ত থাকে। এই খণ্ডবিলাকে উৎপাদন আয় উদ্ভৱ কৰে। এই খণ্ডবিলাকৰ পৰা উদ্ভৱ হোৱা উপাদান আয়ৰ তথ্যসমূহ ৰাষ্ট্ৰীয় আয়লৈ ইবিলাকে আপেক্ষিক বৰঙণি কেনেদৰে যোগায় সেই বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা হয়।

উদাহৰণ স্বৰূপে ভাৰতত তিনিটা খণ্ডৰ ৰাষ্ট্ৰীয় আয়লৈ আপেক্ষিক বৰঙণি তলত দিয়া ধৰেণে দেখুৱাব পাৰি —

ভাৰতত বিভিন্ন খণ্ডৰ পৰা GDPf লৈ শতাংশ বৰঙণি (1980–81 মূল্যমানত)

খণ্ডসমূহ1950–511994–95
প্রাথমিক খণ্ড57%31%
গৌণ খণ্ড15%28%
সেৱা খণ্ড 28%41%
সকলোবিলাক খণ্ড28%41%
সকলোবিলাক খণ্ড100%100%

1994–95 চনৰ হিচাপ অনুসৰি আমি পাব পাৰো যে সেৱা খণ্ডই ৰাষ্ট্ৰীয় আয়লৈ সৰ্বাধিক বৰঙণি যোগায়। প্রাথমিক খণ্ডই ইয়াৰ পিছতে দ্বিতীয় স্থান আৰু সেৱা খণ্ডই তৃতীয় স্থান পাইছে। যদি আমি 1950–51 চনৰ সৈতে 1994–95 চনৰ এই তিনিটা খণ্ডৰ বৰঙণি তুলনা কৰো তেন্তে দেখা যায় যে যোৱা 45 বছৰত বিভিন্ন খণ্ডৰ আপেক্ষিক বৰঙণিও সলনি হৈছে। তালিকাৰ পৰা দেখা যায় যে যোৱা 45 বছৰত প্ৰাথমিক খণ্ডৰ বৰঙণি কমিছে আৰু গৌণ আৰু সেৱা খণ্ডৰ বৰঙণি বাঢ়ি হৈছে। ইয়াৰ অৰ্থ এইটো হ’ব যে ভাৰতীয় অৰ্থনীতিৰ কৃষিখণ্ডৰ আপেক্ষিক গুৰুত্ব কমিছে আৰু কাৰখানা আৰু সেৱা খণ্ডৰ গুৰুত্ব বাঢ়িছে। ভাৰতত এইটো এটা তাৎপৰ্যপূৰ্ণ গাঠনিমূলক পৰিৱৰ্তন, কিয়নো কৃষিখণ্ডৰ পৰা কাৰখানা তথ্য উদ্যোগ আৰু সেৱা খণ্ডলৈ উৎপাদনৰ দিশত গতি কৰাটো এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ পৰিচায়ক। এইদৰেই ৰাষ্ট্ৰীয় আয়ৰ তথ্য কোনো এটা সময়ত অৰ্থনীতিৰ গাঠনিমূলক পৰিৱৰ্তন বিচাৰি উলিওৱাত সহায়ক হয়।

6. আয় পদ্ধতিৰ যোগেদি সংগৃহিত ৰাষ্ট্ৰীয় আয়ৰ তথ্য কেনেদৰে কোনো এটা অৰ্থনীতিৰ আৱশ্যকীয় সিদ্ধান্ত গ্ৰহণত ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা।

উত্তৰঃ আয় পদ্ধতিৰ যোগেদি সংগৃহিত ৰাষ্ট্ৰীয় আয়ৰ তথ্যই জনসাধাৰণৰ মাজত আয় কিমান সমান অথবা সমভাৱে বিতৰত কৰা হয়, সেই কথা জানিব পাৰো। ইয়াৰ অৰ্থ হ’ল ৰাষ্ট্ৰীয় আয় জনসাধাৰণ মাজত সমভাৱে বিতৰণ কৰা হয়। অৱশ্যে অয়াৰ বিতৰণত এটা মাত্ৰাত অসমতা থাকিবই। ইয়াৰ কাৰণ হ’ল ব্যক্তিসকলৰ বয়স, লিঙ্গ, কামৰ অভিজ্ঞতা, শাৰীৰিক শক্তি, বিপদ–শঙ্কা থকা কাম কৰাৰ আগ্ৰহ আদি উপাদানসমূহ আৰু ইবিলাকৰ ওপৰত ভিত্তি কৰিয়েই আয়ৰ বিতৰণ অসমতাপূৰ্ণ হয়। কিন্তু যেতিয়া আয়ৰ অসমতাৰ মাত্ৰা খুব বেছি হয়, আৰু ইয়াৰ কাৰণসমূহ স্বাভাৱিক উপাদানৰ দ্বাৰা ব্যাখ্যা কৰা নাযায়, তেতিয়াই ই অবাঞ্ছিত হৈ পৰে। কোনো এখন দেশৰ আয়ৰ অসমতাৰ পৰ্যায় পৰিমাপ কৰিবলৈ হ’লে আয় বিতৰণ পদ্ধতিৰ দ্বাৰা সংগৃহীত ৰাষ্ট্ৰীয় আয়ৰ তথ্য ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, এই তথ্যৰ পৰা শ্ৰমিক শ্ৰেণীৰ অংশ (অর্থাৎ মজুৰি দৰমহা ইত্যাদি) সম্পত্তিৰ মালিকৰ অংশ (অর্থাৎ সুদ খাজনা আদি) বিষয়ে জানিব পাৰি। যদি চৰকাৰে এই অসমতাৰ বাবে অৱগত হয়, তেন্তে ইয়াক ৰোধ কৰিবৰ বাবে ব্যৱস্থা কৰিব পাৰে। এই তথ্যসমূহৰ পৰা চৰকাৰে লোৱা ব্যৱস্থাসমূহৰ কার্যকাৰিতাৰ মূল্যায়ণো কৰিব পৰা যায়।

7. ৰাষ্ট্ৰীয় আয়ৰ তথ্য কেনেদৰে কোনো এখন দেশত বিনিয়োগৰ পৰ্যায় আৰু জীৱন ধাৰণৰ মানদণ্ড নিৰ্ণয় কৰাত ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা।

উত্তৰঃ কোনো এখন দেশৰ জনসাধাৰণৰ জীৱনধাৰণৰ মানদণ্ড নিৰ্ধাৰিত হয় তেওঁলোকৰ উপভোগ দ্ৰব্য আৰু সেৱাসমূহত যেনে খাদ্যদ্রব্য, কাপোৰ, গৃহ, শিক্ষা, অন্যান্য আৱশ্যকীয় আৰামদায়ক আৰু বিলাসী সামগ্ৰী আদিত কিমান পৰিমাণ ব্যয় কৰে, তাৰ দ্বাৰা। যিমানে উপভোগ্য দ্রব্যত কৰা ব্যয় বেছি হ’ব সিমানে জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড বাঢ়িব। উপভোগ আৰু বিনিয়োগৰ পর্যায় আৰু ধৰণৰ বিষয়ে আমি জানিব পাৰো।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top