ASOS Class 12 Economics Chapter 1 অৰ্থ ব্যৱস্থা আৰু ইয়াৰ প্রক্রিয়াসমূহ

ASOS Class 12 Economics Chapter 1 অৰ্থ ব্যৱস্থা আৰু ইয়াৰ প্রক্রিয়াসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 1 অৰ্থ ব্যৱস্থা আৰু ইয়াৰ প্রক্রিয়াসমূহ and select needs one.

ASOS Class 12 Economics Chapter 1 অৰ্থ ব্যৱস্থা আৰু ইয়াৰ প্রক্রিয়াসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 1 অৰ্থ ব্যৱস্থা আৰু ইয়াৰ প্রক্রিয়াসমূহ Solutions for All Subject, You can practice these here.

অৰ্থ ব্যৱস্থা আৰু ইয়াৰ প্রক্রিয়াসমূহ

Chapter : 1

1.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) এখন দেশৰ কোনো এটা ভৌগোলিক এলেকাকে এটা অৰ্থব্যৱস্থা বুলি কোৱা হয়।

উত্তৰঃ অসত্য।

(খ) এটা অৰ্থব্যৱস্থা হ’ল এনে এটা ব্যৱস্থা য’ত মানুহে তেওঁলোকৰ উপাৰ্জন কৰিব পাৰে।

উত্তৰঃ সত্য।

(গ) কোনো এটা এলেকাত থকা কিছুমান উৎপাদন গোটক লৈয়ে এটা অর্থব্যৱস্থা গঠিত হয়।

উত্তৰঃ সত্য।

(ঘ) এটা অৰ্থব্যৱস্থায়ে কেৱল উপভোক্তা দ্ৰব্য আৰু সেৱাৰহে যোগান ধৰে।

উত্তৰঃ অসত্য।

(ঙ) এটা অর্থব্যৱস্থায়ে কেৱল উৎপাদক দ্ৰব্য আৰু সেৱাৰহে যোগান ধৰে।

উত্তৰঃ অসত্য।

(চ) দ্ৰব্য আৰু সেৱাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মানুহৰ অভাৱ পূৰণ কৰে।

উত্তৰঃ সত্য।

(ছ) সকলোবোৰ একক ব্যৱহাৰযোগ্য দ্রব্যই হ’ল উপভোক্তা।

উত্তৰঃ অসত্য।

(জ) সকলোবোৰ সেৱাই একক ব্যৱহাৰযোগ্য।

উত্তৰঃ সত্য।

২. তলত দিয়া দ্ৰব্যবোৰ উপভোক্তা আৰু উৎপাদক দ্ৰব্যৰ শ্ৰেণীত বিভক্ত কৰা।

(ক) কৃষি কাৰ্য্যত ব্যৱহাৰ হোৱা সাৰ।

(খ) এজন দজ্জীয়ে ব্যৱহাৰ কৰা চিলাই মেচিন।

(গ) ঘৰুৱা ৰন্ধনশালত ব্যৱহৃত বাচন বৰ্ত্তন।

(ঘ) ইণ্ডিয়ান এয়াৰলাইনচৰ এৰোপ্পেনবিলাক। 

(ঙ) এখন ৰেষ্টুৰেণ্টৰ ৰন্ধনশালত ব্যবহৃত শাক পাচলি।

(চ) এখন স্কুলত থকা ব্লেকব’র্ড।

(ছ) এখন দোকানত থকা কাপোৰ কানি।

(জ) এখন বেকাৰীত ব্যৱহাৰ কৰা চেনি।

উত্তৰঃ

উৎপাদিত দ্রব্য

(ক) কৃষি কাৰ্য্যত ব্যৱহাৰ হোৱা সাৰ।

(খ) এজন দজ্জীয়ে ব্যৱহাৰ কৰা চিলাই মেচিন। 

(ঘ) ইণ্ডিয়ান এয়াৰলাইনচৰ এৰোপ্লেনবিলাক।

(ঙ) এখন ৰেষ্টুৰেণ্টৰ ৰন্ধনশালত ব্যৱহৃত শাক পাচলি।

(চ) এখন স্কুলত থকা ব্লেকব’ৰ্ড।

(ছ) এখন দোকানত থকা কাপোৰ কানি। 

(জ) এখন বেকাৰীত ব্যৱহাৰ কৰা চেনি। 

উৎপাদিত দ্রব্য

(গ) ঘৰুৱা ৰন্ধনশালত ব্যৱহৃত বাচন বৰ্ত্তন।

৩. তলত দিয়া দ্রব্যবিলাক একক ব্যৱহাৰযোগ্য আৰু দীৰ্ঘকালীন ব্যৱহাৰযোগ্য দ্ৰব্যৰ শ্রেণিবিভাগ কৰাঃ

(ক) গাখীৰ 

(খ) বীজ 

(গ) ঘিউ 

(ঘ) ৰন্ধনগেছ 

(ঙ) জোতা 

(চ) কাগজ

(ছ) ঘড়ী 

(জ) পাঙ্খা 

(ঝ) বাচন বৰ্ত্তন 

(ঞ) টাৰ/ফুল ৰোৱা পাত্র। 

উত্তৰঃ 

একক ব্যৱহাৰযোগ্য দ্রব্যসমূহ হ’ল— 

(ক) গাখীৰ। 

(খ) বীজ ।

(গ) ঘিউ। 

(ঘ) ৰন্ধনগেছ। 

(চ) কাগজ।

দীর্ঘকালীন ব্যৱহাৰযোগ্য দ্রব্যসমূহ হ’ল – 

(ঙ) জোতা। 

(ছ) ঘড়ী। 

(জ) পাঙ্খা। 

(ঝ) বাচন বৰ্ত্তন। 

(ঞ) টাব/ফুল ৰোৱা পাত্র। 

3. তলত দিয়া দ্রব্যবিলাক একক ব্যৱহাৰযোগ্য আৰু দীর্ঘকালীন ব্যৱহাৰযোগ্য দ্ৰব্যৰ শ্রেণিবিভাগ কৰাঃ

(ক) গাখীৰ। 

(খ) বীজ। 

(গ) ঘিউ। 

(ঘ) ৰন্ধনগেছ। 

(ঙ) জোতা। 

(চ) কাগজ। 

(ছ) ঘড়ী। 

(জ) পাঙ্খা। 

(ঝ) বাচন বৰ্ত্তন। 

(ঞ) টাব / ফুল ৰোৱা পাত্ৰ। 

উত্তৰঃ 

একক ব্যৱহাৰযোগ্য দ্রব্যসমূহ হ’ল— 

(ক) গাখীৰ। 

(খ) বীজ। 

(গ)ঘিউ। 

(ঘ) ৰন্ধনগেছ। 

(চ) কাগজ। 

দীর্ঘকালীন ব্যৱহাৰযোগ্য দ্রব্যসমূহ হ’ল— 

(ঙ) জোতা। 

(ছ) ঘড়ী। 

(জ)পাঙ্খা। 

(ঝ) বাচন বৰ্ত্তন। 

(ঞ) টাব/ফুল ৰোৱা পাত্ৰ ।

1.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিবোৰ সত্য নে অসত্য?

(ক) কোনো এখন বিদ্যালয়ত পাঠদান উৎপাদন কার্য্য।

উত্তৰঃ সত্য।

(খ) এজন দোকানীয়ে দ্ৰব্য বিক্ৰী কৰাটো উৎপাদন কার্য।

উত্তৰঃ সত্য।

(গ) এজন ছাত্ৰই লেখন সামগ্ৰী ব্যৱহাৰ কৰাটো উৎপাদন কার্য্য।

উত্তৰঃ অসত্য। 

(ঘ) চৰকাৰী কাৰ্য্যালয়ত কাম কৰাটো উৎপাদন কাৰ্য্যত ভাগ লোৱা।

উত্তৰঃ সত্য।

(ঙ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাপোৰ ধোৱা মেচিন ক্ৰয় কৰাটো উপভোগ কাৰ্য্য।

উত্তৰঃ সত্য।

(চ) পুনৰ বিক্ৰী কৰাৰ বাবে দ্ৰব্য সমূহ ক্ৰয় কৰাটো উপভোগ কাৰ্য।

উত্তৰঃ অসত্য।

2. তলত উক্তিবোৰৰ কোনটো উৎপাদন কাৰ্য্যৰ ভিতৰত পৰে?

(ক) নদীত গা ধোৱা।

(খ) পৰিয়ালৰ বাবে গাখী ক্ৰয় কৰা ;প্ত।

(গ) নাপিতে চুলি কটা।

(ঘ) ছবিঘৰত চিনেমা চোৱা।

(ঙ) ব্যক্তিগত ব্যৱহাৰৰ বাবে আচবাব ক্ৰয় কৰা।

উত্তৰঃ (গ) নাপিতে চুলি কটা।

3. শুদ্ধ উত্তটোত (√) চিন দিয়াঃ

(ক) উপভোগ হ’ল এইবিলাকৰ ব্যৱহাৰ যোগ্য—

—দ্ৰব্যৰ ব্যৱহাৰ

—অভাৱ পূৰণৰ অৰ্থে দ্ৰব্য আৰু সেৱাৰ ব্যৱহাৰ

— দীর্ঘকালীন সময়ত দ্ৰব্যৰ ব্যৱহাৰ।

— উপকাৰী দ্ৰব্য বিলাকৰ ব্যৱহাৰ। 

উত্তৰঃ অভাৱ পূৰণৰ অৰ্থে দ্ৰব্য আৰু সেৱাৰ ব্যৱহাৰ।

(খ) বিনিয়োগ হ’ল উৎপাদনৰ ওপৰত এনেবিলাক ক্ষেত্ৰত থকা অতিৰিক্ততা—

— বিক্রি নোহোৱা মজুত।

—অৱক্ষয়।

— উপভোগ।

—সঞ্চয়।

উত্তৰঃ উপভোগ।

(গ) উৎপাদন কাৰ্য্যত এনেবিলাক অন্তর্ভুক্ত—

— কেৱল দ্রব্যসমূহ।

—কেৱল উৎপাদক দ্রব্যসমূহ।

—কেৱল উৎপাদক দ্ৰব্য আৰু সেৱাসমূহ। 

—দ্ৰব্য আৰু সেৱাসমূহ।

উত্তৰঃ কেৱল উৎপাদক দ্ৰব্য আৰু সেৱাসমূহ।

(ঘ) কোনো এটা পৰিয়ালত এখন চাইকেল ক্রয় কৰাটো কোনটো কাৰ্যৰ ভিতৰত পৰে?

—বিনিয়োগ।

—উৎপাদন।

—উপভোগ।

—এইকেইটাৰ কোনোটোৱেই নহয়।

উত্তৰঃ উপভোগ।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

১. এটা অৰ্থব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ অর্থ ব্যবস্থা সাধাৰণতে এখন দেশৰ লগত জড়িত। কিন্তু সদায় তেনে হ’ব লাগে বুলি কোনো কথা নাই। অর্থাৎ অর্থব্যৱস্থা বুলিলে কোনো এখন চহৰ, নগৰ বা গাঁৱৰ অৰ্থব্যৱস্থাও হ’ব পাৰে। এখন মহানগৰৰ অৰ্থব্যৱস্থা বুলি ক’লে ইয়াত থকা সকলো কল-কাৰখানা, দোকান-পোহাৰ, কাৰ্যালয়, স্কুল-কলেজ, বেঙ্ক আদি কৰ্মস্থলী লৈয়েই গঠিত হ’ব পাৰে। সেইদৰে এখন গাঁৱৰ অৰ্থব্যৱস্থা সেই গাঁৱৰ মানুহে কাম কৰা খেতি-পথাৰ, দোকান-পোহাৰ আৰু অন্যান্য অনুষ্ঠান প্রতিষ্ঠান লৈ গঠিত সেইদৰে আমি বিশ্ব অর্থব্যৱস্থাৰ কথা ক’ব পাৰোঁ য’ত সকলোবোৰ উৎপাদন গোট আদি থাকে। গতিকে যদি ভাৰতীয় অৰ্থনীতিৰ কথা কওঁ তেন্তে ভাৰতত অৱস্থিত সকলোবোৰ উৎপাদনৰ গোট অথবা কর্মস্থলী বুজাও।

2. এটা উদাহৰণৰ সহায়ত উপভোক্তা দ্ৰব্য আৰু উৎপাদক দ্ৰব্যৰ মাজৰ পার্থক্য দেখুওৱা।

উত্তৰঃ উপভোক্তা দ্ৰব্য আৰু উৎপাদক দ্ৰব্যৰ মাজৰ পাৰ্থক্য হ’ল— 

আনহাতে, যিবিলাক দ্রব্য অধিক দ্ৰব্য আৰু সেৱা উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়, সিবিলাকক উৎপাদক দ্রব্য বুলি কোৱা হয়। সেই হিচাপত মেচিন, আহিলা, ঘৰ-দুৱাৰ, কেঁচামাল আদি সকলোৱেই উৎপাদক দ্ৰব্যৰ ভিতৰত পৰে। এই দ্রব্যবিলাক উৎপাদকসকলে অধিক দ্রব্য উৎপাদনত ব্যৱহাৰ কৰে।

3. এটা উদাহৰণৰ সহায়ত উপভোক্তা সেৱা আৰু উৎপাদক সেৱাৰ মাজৰ পার্থক্য দেখুওৱা।

উত্তৰঃ উপভোক্তা হিচাপে আমাৰ দ্রবাৰ উপৰিও সেবাসমূহৰো প্রয়োজন। উদাহৰণস্বৰূপে আমাৰ চুলি কটাৰ বাবে নাপিত সেৱা, বেমাৰৰ বাবে ডাক্তৰৰ সেৱা, বেঙ্ক সেৱা, ডাক-সেৱা, পৰিবহণ সেবা ইত্যাগি। এই সকলোবোৰ সেৱাকে উপভোক্তা সেৱা বুলি কোৱা হয়, কিয়নো সিবিলাক প্রত্যক্ষভাৱে উপভোক্তাৰ অভাৱ পূৰণ কৰে। কিন্তু দ্ৰব্যৰ দৰে উপভোক্তা সেৱা বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰি। কোনো এটা সেৱাৰ উৎপাদন আৰু ইয়াৰ উপভোগ একে সময়তে সংঘটিত হয়। সেয়ে কোনো এটা সেৱাৰ উৎপাদন আৰু উপভোগ পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰি। সেয়ে সকলো সেৱাৰ কেৱল এবাৰহে ব্যৱহাৰ হয়।

আনহাতে, উৎপাদন গোট সমূহক দ্ৰব্যৰ বাহিৰেও সেৱাৰো প্রয়োজন। উদাহৰণ স্বৰূপে উৎপাদন গোটবোৰক বেঙ্কিং, পৰিবহণ, বীমা বিজ্ঞাপন আদি সেৱাসমূহৰ প্ৰয়োজন। এই সকলোবোৰ সেৱাই দ্ৰব্য আৰু সেৱাসমূহ উৎপাদন কৰাত সহায় কৰে। অৱশ্যে উৎপাদক সেৱাসমূহো কেৱল একক ব্যবহারযোগ সেবাহে।

4. একক ব্যৱহাৰ যোগ্য উৎপাদক দ্ৰব্য আৰু একক ব্যৱহাৰযোগ উপভোক্তা দ্ৰব্যৰ মাজত প্ৰভেদ দেখুওৱা।

উত্তৰঃ যিবিলাক দ্ৰব্যই প্রত্যক্ষভাৱে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে, সিবিলাক উপভোক্তা দ্রব্য বুলি অভিহিত কৰা হয়। কিছুমান দ্রব্য আমি ক্রয় কৰোঁ কিয়নো সিবিলাকে আমাৰ প্ৰত্যক্ষভাৱে অভাৱ পূৰণ কৰে; যেনে— বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী, কাপোৰ কানি, জোতা, কিতাপ, আচবাব, স্কুটাৰ ইত্যাদি দ্রব্যই আমাৰ প্ৰত্যক্ষভাৱে অভাৱ পূৰণ কৰে। আমি আৰু আমাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে এনে দ্রব্যবিলাক ক্ৰয় কৰোঁ।

একক ব্যৱহাৰযোগ্য উৎপাদক দ্রব্যবিলাক কেৱল এটা কামৰ উৎপাদনতহে ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে ব্যবহৃত কেঁচামাল একক ব্যৱহাৰযোগ্য উৎপাদক দ্রব্য। যি মুহূর্ততে ইবিলাক উৎপাদন কার্যত ব্যৱহাৰ কৰা হয়, তেতিয়াই ইবিলাকে নিজৰ অস্তিত্ব নেহেৰুৱায়।

যিবিলাক দ্রব্য অধিক দ্রব্য আৰু সেৱা উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়, সিবিলাক উৎপাদক দ্রব্য বুলি কোৱা হয়। সেই হিচাপত মেচিন, আহিলা, ঘৰ-দুৱাৰ, কেঁচামাল আদি সকলোৱেই উৎপাদক দ্ৰব্যৰ ভিতৰত পৰে। এই দ্ৰব্যবিলাক উৎপাদক সকলে অধিক দ্রব্য উৎপাদনত ব্যৱহাৰ কৰে।

উৎপাদক দ্রব্যবিলাক অধিক দ্রব্য উৎপাদনত ব্যৱহাৰ কৰাৰ উপৰিও অধিক সেৱা উৎপাদনতো ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে কোনে এখন চিকিৎসালয়ত থকা ৰঞ্জন ৰশ্মিৰ মেচিনটো অথবা এজন চিকিৎসকে ব্যৱহাৰ কৰা ষ্টেথোস্কোপডাল উৎপাদক দ্ৰব্য আৰু ই স্বাস্থ্যসেৱা আগবঢ়োৱাত সহায় কৰে।

5. দীর্ঘকালীন ব্যৱহাৰযোগ্য উৎপাদক দ্ৰব্য আৰু উপভোক্তা দ্ৰব্যৰ মাজত উলিওৱা।

উত্তৰঃ যিবিলাকে দ্রব্যই প্রত্যক্ষভাৱে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে, সিবিলাক উপভোক্তা দ্রব্য বুলি অভিহিত কৰা হয়। কিছুমান দ্রব্য আমি ক্রয় কৰোঁ কিয়নো সিবিলাকে আমাৰ প্ৰত্যক্ষভাৱে অভাৱ পূৰণ কৰে; যেনে— বিভিন্ন ধৰণৰ খাদ্যসামগ্রী, কাপোৰ কানি, জোতা, কিতাপ, আচবাব, স্কুটাৰ ইত্যাদি দ্রব্যই আমাৰ প্ৰত্যক্ষভাৱে অভাৱ পূৰণ কৰে। আমি আৰু আমাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে এনে দ্রব্যবিলাক ক্রয় কৰোঁ। আকৌ উপভোক্তা দ্রব্যক দুটা ভাগত বিভক্ত কৰিব পাৰি। 

(ক) একক ব্যৱহাৰযোগ্য উপভোক্তা দ্ৰব্য। আৰু

(খ) স্থাৱৰ উপভোক্তা দ্রব্য। 

একে ব্যৱহাৰ যোগ্য দ্রব্যবিলাক এবাৰহে ব্যৱহাৰ কৰিব পাৰি, যেনে— গাখীৰ, চেনি, শাক, পাচলি, চাবোন, কাগজ, চিয়াঁহী আদি। আনহাতে কিছুমান দ্রব্য উপভোক্তা দ্রব্য উপভোক্তাই বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰে। যেনে— চকী, মেজ, কাপোৰ, জোতা, ৰিফ্ৰিজাৰেটৰ, টেলিভিছন ইত্যাদি। এনেবিলাক দ্রব্যক স্থৱৰ উপভোগ্য দ্রব্য বা দীর্ঘকালীন ব্যৱহাৰযোগ্য উপভোক্তা দ্রব্য বুলি কোৱা হয়।

যিবিলাক দ্রব্য অধিক দ্ৰব্য আৰু সেৱা উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়, সিবিলাক উৎপাদক দ্রব্য বুলি কোৱা হয়। সেই হিচাপত মেচিন, আহিলা, ঘৰ-দুৱাৰ, কেঁচামাল আদি সকলোৱেই উৎপাদক দ্ৰব্যৰ ভিতৰত পৰে। এই দ্রব্যবিলাক উৎপাদক সকলে অধিক দ্রব্য উৎপাদনত ব্যৱহাৰ কৰে।

উৎপাদক দ্রব্যবিলাক অধিক দ্রব্য উৎপাদনত ব্যৱহাৰ কৰাৰ উপৰিও অধিক সেৱা উৎপাদনতো ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে কোনে এখন চিকিৎসালয়ত থকা ৰঞ্জন ৰশ্মিৰ মেচিনটো অথবা এজন চিকিৎসকে ব্যৱহাৰ কৰা ষ্টেথোস্কোপডাল উৎপাদক দ্ৰব্য আৰু ই স্বাস্থ্যসেৱা আগবঢ়োৱাত সহায় কৰে।

6. উৎপাদন আৰু উপভোগৰ মাজৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ উৎপাদন আৰু উপভোগৰ মাজৰ সম্বন্ধসমূহ তলত ব্যাখ্যা কৰা হ’ল—

১। উৎপাদনেই হ’ল উপভোগ আৰু বিনিয়োগৰ উৎস। উৎপাদন নহ’লে উপভোগ আৰু বিনিয়োগ সংঘটিত নহয়। এটা নিৰ্দ্দিষ্ট পৰিমাণৰ উৎপাদনত উপভোগৰ পৰিমাণ বেছি হ’লে বিনিয়োগৰ পৰিমাণ কমি যাব। 

২। উপভোগেও উৎপাদন আৰু বিনিয়োগৰ বাবে উদগনি যোগায়। যদি উপভোগৰ প্ৰায়োজনীয়তা নাথাকে, তেন্তে বিনিয়োগ আৰু উৎপাদন কৰাৰো প্রয়োজনীয়তা নাথাকে।

৩। বিনিয়োগ উৎপাদনৰ পৰ্যায় নিৰ্দ্ধাৰণ কৰে। যিমানে আমি বেছি বিনিয়োগ কৰো, সিমানে বেছি উৎপাদন পাব পাৰো।

৪। বিনিয়োগৰ বাবে বিত্তৰ প্ৰধান উৎস হ’ল সঞ্চয়। বেছিকৈ সঞ্চয় হ’লেই বিনিয়োগো বেছি হ’ব আৰু ইয়েই উৎপাদন অধিক হোৱাতো সহায় কৰিব। উৎপাদন অধিক হ’লেই উপভোগ আৰু বিনিয়োগ বৃদ্ধি পাব।

7. মুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগৰ মাজৰ পাৰ্থক্য উলিওৱা। 

উত্তৰঃ মুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগৰ মাজৰ পাৰ্থক্য তলত ব্যাখ্যা কৰা হ’ল।

এটা উৎপাদন গোটৰ কিছুমান স্থিৰ মূলধন আছে। এই স্থিৰ মূলধন বিলাক হ’ল যন্ত্ৰ পাতি, মেচিন, কাৰখানা, ঘৰ ইত্যাদি। যেতিয়া এই স্থিৰ মূলধনবিলাক উৎপাদন কার্যত ব্যৱহৃত হয়, তেতিয়া কোনো এটা বছৰত সিবিলাকৰ ক্ষয়-ক্ষতি অথবা হৰণ ভগনো সংঘটিত হয়। তদুপৰি কিছুমান আকস্মিকভাৱে নষ্ট হয়। 

ইয়াৰ ফলত স্থিৰ মূলধনবিলাকৰ মূল্য কমি যায়। অপ্ৰচলনৰ বাবেও স্থিৰ মূলধনৰ মূল্য কমি যায়। ইয়াত অপ্ৰচলন মানে উৎপাদন কৌশলৰ পৰিৱৰ্তনৰ বাবে স্থিৰ মূলধনৰ মূল্য কমি যোৱা অথবা উৎপাদিত দ্রব্যবিলাকৰ চাহিদা কমি যোৱাকে বুজোৱা হৈছে। এনেবিলাক পৰিৱৰ্তনৰ বাবে পুৰণা যন্ত্রপাতি, মেচিন আদি স্থিৰ মূলধনবিলাক অপ্ৰচলিত হৈ পৰে। উদাহৰণ স্বৰূপে যেতিয়া ডিজেল ইঞ্জিনৰ ব্যৱহাৰ হয় তেতিয়া ভাপ ইঞ্জিন অপ্ৰচলিত হৈ পৰে। সেইদৰে যেতিয়া ইলেকট্রিক ইঞ্জিন ব্যৱহাৰ কৰা হয়, তেতিয়া ডিজেল ইঞ্জিনো অপ্ৰচলিত হৈ পৰে। আকৌ ৰুচি, ফেশ্বন আদিৰ পৰিৱৰ্তন হ’লেও যন্ত্রপাতি, মেচিন আদি অপ্ৰচলিত হৈ পৰে। এনেদৰে হৰণ ভগন অথবা অপ্ৰচলনৰ বাবে স্থিৰ মূলধনৰ মূল্য কমি গ’লে মূল্য অৱনতি নাইবা অবমূল্যায়ণ হোৱা বুলি কোৱা হয় অথবা স্থিৰ মূলধন ক্ষয় বুলি আখ্যা দিয়া হয়।

গতিকে আমি মুঠ বিনিয়োগৰ পৰা অৱক্ষয় অথবা স্থিৰ মূলধনৰ ক্ষয় বাদ দিলে শুদ্ধ বিনিয়োগ পাব পাৰোঁ।

শুদ্ধ বিনিয়োগ = মুঠ বিনিয়োগ – অৱক্ষয়।

৪. মজুত বিনিয়োগ আৰু স্থিৰ বিনিয়োগৰ মাজৰ পাৰ্থক্য দেখুওৱা। 

উত্তৰঃ মজুত বিনিয়োগ আৰু স্থিৰ বিনিয়োগৰ মাজৰ পাৰ্থক্য তলত দিয়া হ’ল।

কোনো এটা বৰ্ষত মজুত থকা কেঁচা সামগ্ৰী, অৰ্দ্ধ সমাপ্ত সামগ্ৰী আৰু পূৰ্ণ উৎপাদিত সামগ্ৰীৰ ওপৰত অতিৰিক্ত আহৰণ কৰাকে মজুত বিনিয়োগ অথবা দ্রব্যজাত বিনিয়োগ বোলে। বছৰৰ আৰম্ভণিতে মজুত থকা পৰিমাপণক প্ৰাৰম্ভিক মজুত আৰু বছৰৰ শেষত থকা মজুতক সমাপ্তি মজুত বুলি অভিহিত কৰা হয়। ধৰাহ’ল 1997ৰ পৰা 31 মাৰ্চ 1998ৰ বছৰটো ধৰা যাওঁক। 1997 চনৰ পহিলা এপ্ৰিলত মজুত থকা কেঁচা সামগ্রী, অর্দ্ধ উৎপাদিত আৰু শেষ উৎপাদিত দ্ৰব্যৰ মুঠ পৰিমাণটো হ’ব প্ৰাৰম্ভিক মজুত আৰু 1998 চনৰ 31 মাৰ্চত থকা উক্ত সামগ্ৰীখিনিৰ মুঠ পৰিমাণাটো হ’ব সমাপ্তি মজুত। এতিয়া প্ৰাৰম্ভিক মজুত পৰা সমাপ্তি মজুতলৈ যিমানখিনি অতিৰিক্ত আহিলা সেইয়াই হ’ব দ্রব্যজাত ব্যৱসায়িক বিনিয়োগ অথবা মজুত বিনিয়োগ। অৱশ্যে কোনো এটা বৰ্ষত এনেকুৱাও হ’ব পাৰে— উপভোক্তা দ্ৰব্যৰ মুঠ পৰিমাণতকৈ উৎপাদক দ্ৰব্যৰ পৰিমাণ কম। ইয়াৰ অৰ্থ হ’ব যে সামৰণি মজুতৰ পৰিমাণ প্ৰাৰম্ভিক মজুততকৈ কম। ইয়াকে ঋণাত্মক বিনিয়োগ বা বিনিয়োগ বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top