ASOS Class 12 Assamese (MIL) Chapter 8 বনকুঁৱৰী

ASOS Class 12 Assamese (MIL) Chapter 8 বনকুঁৱৰী, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 8 বনকুঁৱৰী and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 8 বনকুঁৱৰী

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 8 বনকুঁৱৰী Solutions for All Subject, You can practice these here.

বনকুঁৱৰী

Chapter : 8

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া : 

১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল?

উত্তৰঃ ১৮৬৭ চনত শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্ৰহজান গাঁৱত।

২। চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ হৰিবিলাস আগৰৱালা।

৩। চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতালৈ কি পঢ়িবলৈ গৈছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতালৈ বি.এ. পঢ়িবলৈ গৈছিল। 

৪। চন্দ্ৰকুমাৰ আগৰৱালাই কিহৰ ব্যৱসায় আৰম্ভ কৰিছিল?

উত্তৰঃ চাহ আৰু ছপাখানাৰ।

৫। জোনাকী আলোচনী কোন চনত প্ৰকাশ হয়?

উত্তৰঃ ১৮৮৯ চনত।

৬। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

৭। চন্দ্ৰকুমাৰ আগৰৱালাই পৰিচালনা কৰা দুখন কাকতৰ নাম লিখা?

উত্তৰঃ ‘অসমীয়া’, ‘সাদিনীয়া অসমীয়া’।

৮। খালী ঠাই পূৰ কৰা :

নিজম দুপৰীয়া ____ মাৰি।

উত্তৰঃ সুহুৰিটি।

মাতিলে নো ___কাক?

উত্তৰঃ কোনে।

বিজন ___ কোন ক’ত আছে?

উত্তৰঃ  বনত।

হালিছে ____ আগ।

উত্তৰঃ গছৰ।

৯। গহীন গছৰ পাতবোৰ বতাহত কিদৰে কঁপিছে?

উত্তৰঃ থৰ থৰকৈ।

১০। নিচুক লতিকাবোৰে গছক সাৱটি কি কৰিছে?

উত্তৰঃ প্ৰতি অংগতে চুমা দিছে।

১১। পাঠভাগত ‘লাজুকি’ শব্দটোৱে কাক বুজাইছে?

উত্তৰঃ প্ৰাকৃতিক৷

১২। নৈৰ মুখলৈ চাই কোনে হাঁহিছে?

উত্তৰঃ বিৰিখে।

১৩। নৈখনে কি সুৰেৰে গীত গাইছে?

উত্তৰঃ কুলু কুলু সুৰে।

১৪। কাৰ মাত শুনিবলৈ কবিয়ে হেঁপাহ কৰিছে?

উত্তৰঃ মইনা চৰাইৰ।

১৫। বাঁহৰ ছঁয়াত গজালি গজিছে কোন নো ইয়াত ফুৰে?

উত্তৰঃ বনকুঁৱৰী।

১৬। ‘জুৰ জুৰ কৰি বতাহ বলিছে

বাঁহৰ মাজে মাজে ঘুৰে।’ 

—কবিতা ফাঁকিত কাৰ কথা কৈছে?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে নিজে কৰাৰ চেষ্টা কৰা।

১৭। কপৌ দুটিয়ে ইজনীয়ে সিজনীক কিদৰে মৰম যাচিছে?

উত্তৰঃ গাত গা লগাই, মুখত মুখ থৈ, বুকুৰ মাজত সুমুৱাই।

১৮। হৰিণা পোৱালীক কোনে পানী খুৱাইছে?

উত্তৰঃ বনকুৱৰীয়ে।

১৯। “খিল খিলকৈ হাঁহি গ’ল দিহাদিহি

চিঙ্গে ফুল কতোজনী”

—কবিতাফাঁকিৰ জৰিয়তে কোনে খিল খিলাই হাঁহি ফুল চিঙ্গাৰ কথা কৈছে?

উত্তৰঃ বনকুঁৱৰীয়ে।

২০। কপৌৰ বাঁহলৈ উৰি গৈ যখিনী ছোৱালীয়ে কি কৰিছিল?

উত্তৰঃ চুমা দিছিল।

২১। যখিনী ছোৱালী খোপাত কি গুজি লৈছিল? 

উত্তৰঃ বন পখিলা।

২২। যখিনী ছোৱালী কিহৰ মৌ পাণ কৰিছিল?

উত্তৰঃ বন ফুলৰ।

২৩। বনকুঁৱৰীৰ মুখৰ বৰণ কেনেকুৱা?

উত্তৰঃ শ্যাম বৰণীয়া।

২৪। বনকুঁৱৰী কাৰ সৈতে বন্ধুত্ব পাতিছে?

উত্তৰঃ জলদেৱী নীয়ৰৰ সৈতে।

২৫। কোনে বনকুঁৱৰীৰ চুলি বান্ধি খোপাত মালা পিন্ধাই দিছে?

উত্তৰঃ জলদেৱী নিয়ৰে।

২৬। বনকুঁৱৰী আৰু জলকুঁৱৰীয়ে কবিক কি দান দিছিল?

উত্তৰঃ প্ৰাণৰ অমিয়া মাধুৰী।

২৭। বনকুঁৱৰী আৰু জলকুৱঁৰীৰ পৰা দান লাভ কৰি কবিয়ে কি অনুভৱ কৰিছে?

উত্তৰঃ প্ৰকৃতিৰ মাজত আনন্দৰ ঢল বোৱাই প্ৰাণ সঞ্চাৰ কৰা যেন অনুভৱ কৰিছে।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। ‘বনকুঁৱৰী কোন? বনকুঁৱৰীয়ে কাৰ সতে বন্ধুত্ব স্থাপন কৰিছিল?

উত্তৰঃ বনকুঁৱৰী কবিতাটিত কবিয়ে প্ৰকৃতিক এগৰাকী ৰাংঢালী গাভৰুৰ কল্পনাৰ মাজেৰে বিভিন্ন ৰূপৰ মনোমোহা বৰ্ণনাৰে দাঙি ধৰিছে। বনকুঁৱৰীয়ে কবিৰ সতে বন্ধুত্ব স্থাপন কৰিছিল।

২। চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যগ্ৰন্থ দুখনৰ নাম কি কি? তেওঁৰ এখন কাব্যগ্রন্থ সম্পর্কে বেজবৰুৱাই কি মন্তব্য আগবঢ়াইছিল?

উত্তৰঃ তেওঁৰ জোনাকীত প্ৰকাশ হোৱা ৩৫টা কবিতাৰ পুথি আকাৰত ছপোৱা কাব্যপুথিখন আছিল ‘প্ৰতিমা’। তেওঁৰ আনখন কবিতাপুথি হ’ল “বীণ বৰাগী”।

তেওঁৰ ‘প্রতিমা’ৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে যে “প্রতিমাখন সৰু কিন্তু নিভাজ সোণৰ”।

৩। প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰা— 

(ক) মৰম ভিখাৰী বিচাৰিছো দেৱী

প্ৰাণৰ অমিয়া মাধুৰী

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট চন্দ্ৰ কুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে কবিতাটিত প্ৰকৃতিৰ বিভিন্ন চিত্ৰ অতি সযতনে তুলি ধৰিছে আৰু প্রকৃতিক তেওঁ মানৱী ৰূপত কল্পনা কৰিছে। বনকুঁৱৰীয়ে যেন প্রকৃতি জগতখনক মোহময়ী কৰি তুলিছে। বনকুঁৱৰীৰ এই ৰূপ সৌন্দৰ্য দেখি মৰম আকলুৱা বতাহৰ মনত হোৱা উপলব্ধি প্রকাশ কৰাৰ প্ৰসংগত কবিয়ে এই ফাঁকি কবিতা ৰচনা কৰিছে।

বনকুঁৱৰীয়ে শ্যাম বৰণীয়া শৰীৰত নানান বনৰীয়া ফুল লতিকাৰ আভূষণ পিন্ধিছে। মূৰত মৰকত মনি জিলিকিছে। তেওঁৰ লগতে সাজি-কাচি ওলাইছে জলৰ দেৱী নীয়ৰী (নিয়ৰ) ৰাশি ৰাশি বনফুলেৰে শোভা কৰে। তেওঁৰ শৰীৰ সুগন্ধিৰে ভৰি পৰিছে। তেওঁৰ সুবাসত বতাহ জুৰ পৰিছে। চৌদিশে যেন কেতেকীৰ সুঘ্রাণহে মলমলাইছে। সেয়েহে বতাহে কৈছে বতাহ হ’ল মৰমৰ ভিখাৰী। বনকুঁৱৰীৰ পৰা সেয়েহে বতাহে অকণমান মৰম বিচাৰিছে। প্ৰতিদান – স্বৰূপে দুয়ো গৰাকী প্ৰকৃতি কুৱঁৰীয়ে মিচিকিয়া হাঁহিৰে সমিধান দিছে। অজান আনন্দত বতাহ মতলীয়া হৈ উঠিছে আৰু এই আনন্দই সকলো প্ৰাণীক বুৰাই পেলাইছে।

(খ) অথিৰ বায়ুৰ শিয়ৰিল নোম, 

উজলাইছে গৈ জান 

কাৰণ নেদেখা আনন্দৰ ঢৌৱে

বুৰূপে প্ৰাণীৰ প্ৰাণ।

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি অসমলৈ ৰমন্যাসৰ বাট কাটোতা কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ। আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট তেখেতৰ ‘বনকুঁৱৰী’ নামৰ গীতী কবিতাটোৰ পৰা এই ফাঁকি কবিতা লোৱা হৈছে।

কবিয়ে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিবৰ্তনৰ কথা কবলৈ গৈ এই কথাৰ অৱতাৰণা কৰিছে।

বন্য ফুল পাতেৰে সজ্জিতা বন কুঁৱৰীৰ ৰূপ সৌন্দর্যই বতাহক বলীয় কৰিছে। মুগ্ধ বতাহে সেয়েহে মৰমৰ সমিধান বিচাৰিছে। বনকুঁৱৰী আৰু জলকুঁৱৰী দুয়ো মিচিকিয়া হাঁহিৰে বতাহৰ প্ৰতি সমিধান দিছে। দুই কুঁৱৰীৰ এনে সমিধানত অস্থিৰ হৈ থকা বতাহৰ নোম যেন সিয়ৰি উঠিছে। এই শিহৰণে জান জুৰি পানী উছলাই তুলিছে। এক অজান আনন্দত সকলোৰে মন ভৰি পৰিছে। আচলতে কবিয়ে প্ৰকৃতিৰ মাজত চলি থকা এই বিচিত্র লীলাক মানবীয় ৰূপত প্রত্যক্ষ কৰিছে আৰু মানুহৰ প্ৰেম ভালপোৱা তাৰ মাজতেই অনুভৱ কৰিছে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। ‘বনকুঁৱৰী’ কবিতাটোৰ মূলভাৱ লিখা। 

উত্তৰঃ জোনাকী কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটো অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰথম প্রকাশ সার্থক উন্মেষ। পিছলৈ প্ৰতিমা নামৰ কাব্যপুথিত সংকলিত হোৱা এই কবিতাটো এটি উল্লেখনীয় গীতি কবিতা আৰু অসমীয়া প্ৰথম কাহিনী গীতৰ মালিতা।

বনকুঁৱৰী কবিতাত এটি কাহিনী আছে যদিও এই কাহিনী সুসংবদ্ধ নহয়। বনকুঁৱৰীৰ কাহিনী ভাগত এটি আধি দৈবিক জগতখনহে প্রতিফলিত হৈছে। এই কবিতাটোৰ আকষর্ণীয় দিশ হ’ল সংবেদনশীল মানবীয় আবেদন। কথা বস্তু ‘তুলনাত ইয়াৰ নৈসৰ্গিক চিত্ৰহে অধিক আকষর্ণীয়।

নিজম দুপৰীয়া আপোন মনে বনৰ মাজত সুহুৰি মাৰি হালি জালি দেও দি দি নাচি নাচি ফুৰা বনকুঁৱৰীয়ে ইটিয়ে সিটিক মৰম যাচিছে। প্রকৃতি জীয়ৰী বনকুঁৱৰী যেন সংসাৰৰ বিষয় বাসনাৰ পৰা বহু আতঁৰত। উজ্জ্বল মুখখনি, শিৰত মৰকতমনি, বিবিধ বন লতাৰ আভূষণেৰে সজ্জিত বনকুঁৱৰী দেৱী নে আন কিবা কবিয়ে ধৰিব পৰা নাই। আচলতে কবিয়ে এগৰাকী মুকুলিমুৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে। তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন। প্রকৃতিৰ এই অনিবৰ্চনীয় ৰূপ আৰু স্বাধীন সত্বাটোৱে কবিক আকৰ্ষিত কৰিছে। তেওঁ সেয়েহে প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘুৰি ফুৰি টুক টুক চাপৰি বজোৱা ছোৱালীজনী। প্ৰকৃতিৰ সত্বাৰ এই ভূবন ভুলোৱা ৰূপত তেওঁ বিমোহিত হৈছে, মিচিকণি হাঁহিৰ এটি সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দেৰে ভৰপুৰ হৈ পৰিছে।

কবিতাটোৰ আকষর্ণীয় দিশটো হ’ল প্ৰকৃতিৰ মানবয়ন। প্রকৃতিক তেওঁ বনকুঁৱৰীৰ ৰূপত কল্পনা কৰিছে যাৰ সত্বা কবিৰ বাবে এগৰাকী পূর্ণযৌৱনা চঞ্চলা গাভৰুৰ দৰে। কিন্তু তেওঁৰ ৰূপত বা চাল-চলনত কোনো কৃত্রিমতা নাই। সম্পূর্ণ স্বাভাৱিক, ঠিক প্ৰকৃতিৰ বুকুত লালিত-পালিত হোৱা সৰল মনৰ গাভৰু গৰাকীৰ দৰে । চঞ্চলতা আছে; ৰাংঢালী, মুকলিমুৰীয়া কিন্তু কৃত্ৰিম নহয় । কবিতাটোত প্ৰকৃতিৰ এই ৰূপ লাৱণ্যকে মানবী ৰূপত কল্পনা কৰা হৈছে।

২। ‘বনকুঁৱৰী’ কবিতাটিক কবিগৰাকীয়ে দেখা প্ৰকৃতিৰ ৰূপৰ এটি বর্ণনা দিয়া।

উত্তৰঃ বনকুঁৱৰী কবিতাটিত কবিয়ে প্ৰকৃতিৰ বিভিন্ন ৰূপৰ মনোমোহা বর্ণনা দিছে আৰু এই বৰ্ণনা দাঙি ধৰিছে এগৰাকী ৰাংঢালী গাভৰুৰ কল্পনাৰ মাজেৰে। 

প্রকৃতিয়ে যেন নিজম দুপৰীয়া বনৰ মাজত সুহুৰি মাৰিছে, হালি জালি ফুৰিছে। গহীন গছবোৰত যেন বনকুঁৱৰীজনী বতাহত ছটিৰ দৰে। পাতবোৰ কঁপাই যায়। গছবোৰক সাৱটি ধৰি মৰম যাচে। ফুটা নুফুটা মাতেৰে তাই মৰমৰ গীত জুৰিছে। গছবোৰে নৈৰ মুখলৈ চাই হাঁহি মাৰি হালি পৰিছে। নৈৰ বুকুতো কুলু কুলু শব্দ যেন বুজিব নোৱাৰা বহুত কথা। গছৰ আগত ময়না চৰাইটিয়ে মাত মাতি মাতি নিচুপ হৈ পৰিল; কিন্তু সেই মাত শুনাৰ হেঁপাহ শেষ নহ’ল। আৰু শুনো শুনোকৈ মনৰ হেঁপাহ মনতে ৰ’ল। সেই বকুল জোপা দেখি কবিয়ে ভাবিছে যে এইখন নিশ্চয় কাৰোবাৰ তামোল লেটেকুৰে ভৰা ঘৰেই আছিল। এতিয়া এৰাবাৰী হ’ল। বাঁহৰ ছাঁত গজা গজালিবোৰ দেখিলে কোনোবা ঘুৰি ফুৰা যেন লাগে। আচলতে বাঁহৰ মাজে মাজে জুৰ মলয়া ছাটিহে ঘুৰি ফুৰিছে।

গছৰ পাতবোৰে ইটি সিটি লগ লাগি ফুচফুচাই মেল পাতিছে, মিটিক মাচাক হাঁহিছে। সুখৰ যেন কোনোবাই সুৰ সুৰাইহে দিছেহি।

কপৌ দুটিয়ে গাত গা লগাই মুখত মুখ দি আছে, অকণি বুকুৰ মাজতে ইটিয়ে সিটিক সুমুৱাই মৰম যাচিছে। ফুলৰ পাহি যে কোনোবা প্রেত কন্যাই আহি যেন জানৰ কাষত হৰিণা পোৱালিটিক পানী খুৱাইছেহি। ৰ লাগি চাই থাকে। কিনো চাইছ বুলি সুধিলে লাজতে গাল ৰঙা পৰি যায়। দেও দি লৰি গৈ সিহঁত মাজ পালেগৈ বনফুলৰ সাজ পিন্ধি আহঁতৰ তলত নাচিবলৈ ধৰিলে। মুকলি মনেৰে টুক টুক চাপৰি বায় নাম গোৱা দেৱকন্যাহে যেন। খিল খিলাই হাঁহি দিহা দিহি যায়। কোনোবা জনীয়ে ফুল চিঙে। কোনোবা জনীয়ে কপৌৰ বাঁহলৈ উৰি গৈ চুমা যাচে।

খোপাত বনৰ পখিলা, শ্যামলী শৰীৰত বনফুলৰ বিভিন্ন আভুষণ, শিৰত মৰকত মণিৰে সুশোভিতা হৈ বনকুঁৱৰী ওলাইছে। লগত জলৰ দেৱী নিয়ৰ (নীয়ৰী) নিয়ৰৰ টোপালবোৰ মুকুতা মণিৰ দৰে শোভা কৰিছে। বন-বননিৰ নানান সৌন্দৰ্য্য আৰু সুন্দৰ সুবাসেৰে পৰিপূৰ্ণ হৈ উঠিছে তাই। তাই যেন জুৰ বতাহছাটি বোৱাই আনিছে। সেই বতাহতে উৰি আহিছে কেতেকীৰ সুবাস। কেতেকীৰ গোন্ধত চৌদিশ মলমলাই গৈছে। বতাহে হাঁহি মাৰি মৰমৰ সমিধান বিচাৰিছে। দুয়ো গৰাকী প্ৰকৃতি কুঁৱৰীয়ে মিচিকি হাঁহিৰে তাৰ প্ৰতিদান দিছে আৰু সকলোৰে মনত আনন্দৰ ঢৌ উঠিছে।

কবিতাটোত কবিয়ে অতি সুক্ষ্মভাৱে প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু বিচিত্ৰ খেলা পৰ্য্যবেক্ষণ কৰিছে। প্ৰতিটো ৰং ৰূপৰ মাজতে বিচাৰি পাইছে এক মানৱী সত্বাৰ উপলব্ধি। প্ৰকৃতিৰ মাজত এনে ৰং ৰূপৰ পোহাৰ মেলিছে যেন কোনোবা বনকুৱৰীয়ে। সেই বনকুঁৱৰীৰ পৰশত চাৰিওফালে সুন্দৰতা ভৰি পৰিছে। প্ৰকৃতিৰ সৌন্দর্য্য, চঞ্চলতা, চপলতা, মুকুলিমুৰীয়া মনটোৰ চিত্ৰকে কবিয়ে অতি নিটোল ৰূপত ফুটাই তুলিছে।

৩। চন্দ্ৰকুমাৰ আগৰৱালাৰ চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ অসমীয়া কবিতাৰ প্ৰথম প্ৰকাশ সার্থক উন্মেষ ঘটোৱা ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত। কলিকতাত উচ্চশিক্ষা লাভ কৰি থকাৰ সময়তে তেওঁ অ.ভা.উ.সা. সমিতি গঠনত আগভাগ লয় আৰু জোনাকী কাকতৰ প্ৰতিস্থাপক সম্পাদক হিচাপে থাকি অসমীয়া ভাষা সাহিত্যৰ সৰ্বাঙ্গীন বিকাশৰ হকে আত্মোৎসৰ্গা কৰিবলৈ ধৰে। ১৮৮৯ চনত প্রকাশিত জোনাকী কাকতৰ তেৱেঁই আছিল প্ৰতিষ্ঠাপক সম্পাদক। চন্দ্ৰকুমাৰৰ জোনাকীত প্ৰকাশ হোৱা ‘বনকুঁৱৰী’ নামৰ লিৰিকটোৱেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। তেওঁৰ জোনাকীত প্ৰকাশ, হোৱা ৩৫টা কবিতাৰ পুথি আকাৰত ছপোৱা পুথিখন আছিল ‘প্রতিমা’। 

বেজবৰুৱাই ‘প্রতিমা’ৰ বিষয়ে লিখিছে যে “প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ”। তেওঁৰ আনখন কবিতাপুথি হ’ল “বীন বৰাগী”। তেখেতে ‘অসমীয়া’, ‘সাদিনীয়া অসমীয়া’আৰু ‘তিনিদিনীয়া অসমীয়া আদি কাকত সুখ্যাতিৰে পৰিচালনা কৰে। স্বতন্তৰীয়া ব্যৱসায়েৰে আত্ম প্রতিষ্ঠা কৰা আগৰৱালা দেৱে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে নিস্বার্থভাৱে ভালেখিনি সেৱা আগবঢ়াই থৈ যায়। ১৯৩৭ চনত গুৱহাটীৰ নিজা ঘৰত তেওঁৰ মৃত্যু হয়।

পাঠভিত্তিক ব্যাকৰণ :

১। লিংগ পৰিৱৰ্তন কৰা।

লাজুকী, ছোৱালী, যখিনী, কুমাৰী, ৰূপহী, কুঁৱৰী, দেৱী।

উত্তৰঃ 

লাজুকীলাজুক
ছোৱালীল ‘ৰা
যখিনীযখ
কুমাৰীকুমাৰ
ৰূপহীৰূপহ
কুঁৱৰীকোঁৱৰ
দেৱীদেৱ

২। বিশেষ্য শব্দবোৰ বিশেষণ আৰু বিশেষণবোৰ বিশেষণলৈ নিয়া। 

লতিকা, মৰম, পানী, মুখনি, মাধুৰী

উত্তৰঃ 

লতিকালতা
মৰমমৰমিয়াল
পানীপনীয়া
মুখনিমুখ
মাধুৰীমধুৰ

৩। প্রত্যয় ভাঙা।

দুপৰীয়া, কুমাৰী, ৰূপহী, দেৱী

উত্তৰঃ 

দুপৰীয়াদুপৰ + ঈয়া
কুমাৰীকুমাৰ + ঈ
ৰূপহীৰূপহ + ঈ
দেৱীদেৱ + ঈ

৪। নির্দিষ্টতাবাচক প্রত্যয়ৰ ব্যৱহাৰ : জনী, জনা

উত্তৰঃ 

জনীদুজনী, কতোজনী
জনাইজনা

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

১। ৰোমাণ্টিক কবিতাৰ প্ৰধান লক্ষণসমূহ কি কি?

উত্তৰঃ ৰমন্যাসবাদ মূলতঃ পাশ্চাত্যৰ চিন্তা। ফৰাচী বিপ্লৱৰ ফল, ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাৱৰ্ত্তনৰ ধাৰণা আদি বিভিন্ন কাৰণত পাশ্চাত্যত ৰমন্যাসবাদৰ মূল চিন্তা চেতনাই গা কৰি উঠে আৰু ই ক্ৰমান্বয়ে সমস্ত বিশ্বত ব্যাপ্ত হৈ পৰে।

অসমলৈ ৰোমাণ্টিক চিন্তা চেতনাৰ বাট কাটি আনে কলিকতাত শিক্ষাৰত হৈ থকা প্ৰৱসুৱা ছাত্ৰসকলে। বিশেষকৈ চন্দ্ৰকুমাৰৰ ‘বনকুঁৱৰী’ নামৰ লিৰিকটোতে প্ৰথম ৰোমাণ্টিক কবিতাৰ প্ৰকাশ সাৰ্থক উম্বেষ দেখিবলৈ পোৱা যায়। ৰমন্যাসবাদীসকলৰ ৰচনাৰ কেতবোৰ বিশেষ লক্ষণ সমালোচক সকলে প্রত্যক্ষ কৰিছে। তাৰে ভিতৰত উল্লেখনীয় লক্ষণবোৰ হ’ল–

১। প্রকৃতি প্রীতি : ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাবৰ্ত্তনৰ ধাৰণাই ৰোমাণ্টিক কবি সকলৰ মনত প্ৰকৃতিৰ প্ৰতি এক আকৰ্ষণৰ জন্ম দিয়ে। জগতৰ সকলো সৎগুণ প্ৰকৃতিৰ বুকুতে নিহিত হৈ আছে বুলি বিশ্বাস কৰা ৰোমাণ্টিক কবি সকলে সেয়েহে প্ৰকৃতিৰ অনিৰ্বাচনীয় সৌন্দৰ্য্যৰ সন্ধানত নিজকে ব্ৰতী কৰিছিল আৰু সেয়েহে প্ৰকৃতি প্রীতি আছিল ৰমন্যাসিক কবি সকলৰ এক বিশিষ্ট লক্ষণ।

২। সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ : ৰোমাণ্টিক কবি সকলে জগতৰ সকলো সৰু বস্তুৰ মাজতে অসাধাৰণত্ব দেখিবলৈ পাইছিল। আমাৰ ৰঘুনাথ চৌধাৰীদেৱে কেতেকীৰ মাজতো পৃথিৱীৰ সকলো সততা সকলো সৌন্দৰ্য দেখিবলৈ পোৱাৰ দৰে তেওঁলোকে সাধাৰণ বস্তুৰ মাজতে অসাধাৰণত্ব আৰোপ কৰিছিল।

৩। ৰহস্যৰ সুক্ষ্ম অনুভূতি : ৰোমাণ্টিক কবিসকলে অতি বিচক্ষণ ভাবে সৌন্দৰ্য্য ৰহস্য আৰু বিস্ময়ক একীভূত কৰিছিল। তেওঁলোকে সকলোৰে মাজত এক সূক্ষ্ম ৰহস্য বিচাৰৰ যত্ন কৰিছিল। 

৪। মন্ময় ধৰ্মিতা : অন্তৰৰ ভাবৰাজিক এক সার্বজনীন ৰূপ দিয়াই হ’ল মন্ময়ধৰ্মিতা। ৰোমাণ্টিক কবিসকলৰ কল্পনাত তেওঁলোকৰ মনৰ সকলোবোৰ সৰু বস্তুৱেই একোটা সাৰ্বজনীন ৰূপ ল’বৰ চেষ্টা কৰিছে। বস্তু একোটাৰ অস্তিত্বই তাৰ অৰ্ন্তলোকৰ অভিজ্ঞতা আৰু তাৰ সামগ্ৰিক ৰূপ তৃষ্ণাৰ অম্বেষণে ৰোমাণ্টিক কবিসকলৰ ভাৱনাক সার্বজনীন ৰূপ দিছে।

৫। জীৱনৰ মৌলিক সৰলতাৰ প্ৰতি আকর্ষণ : ৰুচোৰ ধাৰণাই আছিল যে জীৱটো মৌলিকভাৱে সৎ আৰু সুন্দৰ। সামাজিক আবহাৱাইহে মানুহক অসুন্দৰ কৰি তোলে। সেয়েহে আকর্ষণ তেওঁলোকে সাধাৰণ মানুহ বা চহা জীৱনৰ সৰলতাৰ প্ৰতি এক বিশেষ ধৰণৰ আদান অনুভব কৰিছিল। জীৱনৰ এই মৌলিক সৰলতাৰ প্ৰতি অন্বেষণ ৰোমাণ্টিক কবিতাৰ এক অন্যতম বৈশিষ্ট্য।

৬। অতীত প্ৰীতি আৰু মধ্যযুগৰ ভাবাম্বেষণ : মধ্যযুগৰ মাজত থকা লোক জীৱনৰ এক বিশেষ আকৰ্ষণ আছিল। অতীতৰ বিভিন্ন বৈচিত্র্যই তেওঁলোকৰ মনত বিশেষভাৱে ধৰা দিছিল। আনকি অসমীয়া ৰোমাণ্টিক কবি সকলৰ কল্পনাতো বাৰে বাৰে মধ্যযুগৰ ভাবাম্বেষণ প্রত্যক্ষ কৰিব পাৰি।

৭। কাৰুণ্যতা : সমসাময়িক সামাজিক ঘটনাৱলীৰ বাবে ৰোমাণ্টিক কবিসকল হয়তো বৰ সুখী নাছিল। সৎ আৰু অসৎৰ দ্বন্দ্বই সৃষ্টি কৰা এক দোদ্যোল্যমান মানসিক অৱস্থাই অনবৰতে তেওঁলোকৰ অন্তৰ আলোড়িত কৰি ৰাখিছিল। সেয়েহে প্রচলিত অৱস্থা বা সংসাৰখনৰ প্ৰতি এক অনীহা আৰু কাৰুণ্যতাৰ ভাবো তেওঁলোকৰ কবিতাৰ মাজত ফুটি উঠিছিল। 

৮। এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা : ৰোমাণ্টিক কবিসকল যদিও বিশেষভাৱে কল্পনাপ্ৰৱণ আছিল বা সৌন্দৰ্য্যৰ কল্পলোকত উটি ভাঁহি ফুৰিছিল তথাপিও তেওঁলোকৰ চিন্তাৰ মাজত আছিল এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা।

৯। স্বতঃস্ফুৰ্ত্ততা : ৰোমাণ্টিক কবি সকলে তাহানিৰ ধৰা-বন্ধা নীতি নিয়মবোৰ ভাঙিবলৈ যত্ন কৰিছিল আৰু নিজৰ কবিতাৰ কাননত মুক্তভাবে বিচৰণ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ কল্পনা আছিল স্বতঃস্ফুৰ্ত্ত, উন্মুক্ত।

১০। পুৰণি ছন্দ ৰীতি আদিৰ পুনৰুত্থান : ৰোমাণ্টিক কবিসকলে যেনেদৰে অতীতৰ প্ৰতি প্ৰীতি অনুভৱ কৰিছিল, তেনেকৈ অতীতৰ ছন্দ অলংকাৰবোৰক নতুন ৰূপত সজাই তুলিছিল আৰু নিজৰ কবিতাত স্থান দিছিল।

সামগ্রিকভাৱে ৰমন্যাসবাদ মুক্ত ধাৰণা, কল্পনাৰ বিচৰণৰ ক্ষেত্র। এই কেন্দ্ৰখনকে তেওঁলোকে ৰহস্যৰ অনুভূতি, বৌদ্ধিক অনুসন্ধিৎসা আদিৰে সজাই তুলিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top