ASOS Class 12 Assamese (MIL) Chapter 5 কালিদাস আৰু শকুন্তলা

ASOS Class 12 Assamese (MIL) Chapter 5 কালিদাস আৰু শকুন্তলা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 5 কালিদাস আৰু শকুন্তলা and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 5 কালিদাস আৰু শকুন্তলা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 5 কালিদাস আৰু শকুন্তলা Solutions for All Subject, You can practice these here.

কালিদাস আৰু শকুন্তলা

Chapter : 5

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। তোমাৰ পাঠ্য পুথিৰ অন্তৰ্গত ‘কালিদাস আৰু শকুন্তলা’ পাঠটিৰ লেখক কোন?

উত্তৰঃ লম্বোদৰ বৰা।

২। লম্বোদৰ বৰাৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ শোণিতপুৰ জিলাৰ গমিৰিত।

৩। লম্বোদৰ বৰাৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ সাৱলীলতা আৰু লয়লা,যুক্ত, শব্দ চয়নৰ চমৎকাৰিত্ব। 

৪। লম্বোদৰ বৰাৰ ব্যঙ্গাত্মক ৰচনা দুখনৰ নাম লিখা।

উত্তৰঃ সদানন্দৰ কলাঘুমটি আৰু সদানন্দৰ সানমিহলি টোকা।

৫। কালিদাসৰ কোনখন কাব্য তেওঁ অসমীয়ালৈ অনুবাদ কৰে।

উত্তৰঃ অভিজ্ঞান শকুন্তলম।

৬। লম্বোদৰ বৰাৰ কোন চনত মৃত্যু হৈছিল?

উত্তৰঃ ১৮৯২।

৭। আজিৰ পৰা কিমান বছৰ আগতে কালিদাসে সংস্কৃত সাহিত্য ৰচনাত হাত দিছিল?

উত্তৰঃ প্ৰায় দুহেজাৰ।

৮। তেওঁ কোনজন ৰজাৰ ৰাজসভাৰ পণ্ডিতৰূপে আছিল? 

উত্তৰঃ বিক্রমাদিত্য।

৯। ‘নৱৰত্ন’ শব্দটোৱে পাঠটিত কি অর্থ বুজাইছে?

উত্তৰঃ বিক্রমাদিত্য ৰজাৰ ৰাজসভাৰ এগৰাকী পণ্ডিতক একেলগে বুজাইছে। 

১০। কোন কোন জাতিয়ে কালিদাসৰ সাহিত্য অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰঃ জার্মান আৰু ইংৰাজ।

১১। শকুন্তলা কাব্যখনিৰ নায়ক নায়িকা কোন?

উত্তৰঃ শকুন্তলা কাব্যখনিৰ নায়িকা শকুন্তলা আৰু নায়ক দুৰ্য্যন্ত। 

১২। শকুন্তলাৰ সখিয়েক দুগৰাকীৰ নাম কি?

উত্তৰঃ অনসূয়া আৰু প্ৰিয়ম্বদা।

১৩। শকুন্তলা কাব্যখনিৰ আখ্যানভাগ ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ মহাভাৰতৰ পৰা।

১৪। শকুন্তলা কাব্যখনি মন মোহিত কৰাৰ লগতে আমি কি শিক্ষা পাওঁ?

উত্তৰঃ নৈতিক শিক্ষা।

১৫। কালিদাসৰ জন্ম ক’ত হৈছিল। 

উত্তৰঃ কালিদাসৰ জন্ম হৈছিল উজ্জয়িনী নগৰত।

১৬। নৱৰত্নৰ ভিতৰত সবাতোকৈ উজ্জ্বল ৰত্ন কোন আছিল?

উত্তৰঃ নৱৰত্নৰ ভিতৰত সবাতোকৈ উজ্জ্বল ৰত্ন আছিল কালিদাস।

১৭। ব্যাস বাল্মীকিৰ নাম কি কাৰণে বিখ্যাত?

উত্তৰঃ ব্যাস আৰু বাল্মিকী হ’ল যথাক্রমে মহাভাৰত আৰু ৰামায়ণৰ প্ৰণেতা। মহাভাৰত-ৰামায়ণৰ ৰচয়িতা হিচাপে তেওঁলোক আজিও বিখ্যাত হৈ আছে।

১৮। খণ্ডকাব্য কি?

উত্তৰঃ মহাকাব্যৰ এটা অংশক লৈ ৰচিত হোৱা কাব্যকে খণ্ডবাক্য বোলে৷ যেনে মেঘদূত।

১৯। গ্যেটে কোন দেশৰ পণ্ডিত আছিল?

উত্তৰঃ গ্যেটে জার্মান দেশৰ পণ্ডিত আছিল।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। তলৰ পৰিচ্ছেদটো পাঠৰ অন্তৰ্ভুক্ত। পৰিচ্ছেদটো মনোযোগেৰ পঢ়ি চোৱা আৰু শেষত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰা।

আজি প্ৰায় দুহেজাৰ বছৰ হ’ল, …………… “মোৰ কপালত যেন কালিদাসৰ কবিতা জনমে জনমে ঘটে।”

(ক) সংস্কৃত সাগৰ মথি কাব্য মাণিক কোনে উৎপন্ন কৰিছিল? 

উত্তৰঃ কালিদাসে সংস্কৃত সাগৰ মথি কাব্য মাণিক উৎপন্ন কৰিছিল। 

(খ) বিক্রমাদিত্যৰ নৱৰত্নৰ ভিতৰত সকলোতকৈ উজ্জ্বল ৰত্ন কোন আছিল? 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে নিজে কৰাৰ চেষ্টা কৰা।

(গ) কালিদাসে আজিৰ পৰা কিমান বছৰ আগতে সাহিত্য ৰচনা কৰিবলৈ লৈছিল?

উত্তৰঃ প্ৰায় দুহেজাৰ বছৰ আগতে কালিদাসে সাহিত্য ৰচনা কৰিবলৈ লৈছিল।

(ঘ) পাঠটিত সৰস্বতীৰ বৰপুত্ৰ বুলি কাক আখ্যা দিয়া হয়?

উত্তৰঃ কালিদাসক সৰস্বতীৰ বৰপুত্ৰ বুলি আখ্যা দিয়া হয়।

(ঙ) এজন হিন্দু কবিয়ে কালিদাসৰ কবিতাৰ বিষয়ে কৰা মন্তব্যটো কি? 

উত্তৰঃ এজন হিন্দু কবিয়ে কালিদাসৰ কবিতাৰ বিষয়ে কৰা মন্তব্যটো এনেধৰণৰ “মোৰ কপালত যেন কালিদাসৰ কবিতা জনমে জনমে ঘটে।”

২। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 

(ক) স্বৰূপতে কালিদাসৰ (শকুন্তলা এক অনুপম বস্তু)।

উত্তৰঃ উদ্বৃত কথাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট লম্বোদৰ বৰা ৰচিত ‘কালিদাস আৰু শকুন্তলা’ শীৰ্ষক প্ৰৱন্ধটি পৰা লোৱা হৈছে।

প্ৰৱন্ধটিত কালিদাসৰ যুগজয়ী কাব্য প্ৰতিভাৰ বিষয়ে ক’বলৈ গৈ বৰাদেৱে কালিদাসৰ এই অনুপম সৃষ্টি শকুন্তলাৰ কাব্য গুণৰ বিষয়ে বৰ্ণনা কৰিছে। সংস্কৃতত এটি শ্লোকেই আছে—

“কাৱ্যেষু নাটকং ৰম্য তত্ৰ ৰম্যা শকুন্তলা—

কাব্যৰ ভিতৰত নাটকেই আটাইতকৈ ৰমনীয় আৰু নাটকৰ ভিতৰত আটাইতকৈ ৰমনীয় হ’ল শকুন্তলা।

শকুন্তলা বসন্তৰ ফুল, শৰতৰ ফল। স্বৰ্গ আৰু পৃথিৱীত যি যি মনোহৰ বস্তু আছে সেই সকলোবিলাক অকল শকুন্তলাতেই পোৱা যায়। কালিদাসৰ শকুন্তলাই অকল ভাৰতৰে নহয়, পৃথিৱীৰ কবি সমাজকো পুলকিত কৰিছে। ভাৰতীয় সমাজত প্রায় সকলোবোৰ প্ৰান্তীয় ভাষাতে কালিদাসৰ কীৰ্তিৰ প্ৰভাৱ পৰিছে আৰু তেওঁৰ সাহিত্যৰ নানা সম্পদ পৰবৰ্তী সময়ৰ কবি সমাজে বেলেগ বেলেগ ৰূপত ব্যৱহাৰ কৰিছে। আজিও কালিদাস ভাৰতীয় কবি সমাজৰ মাজত শ্রেষ্ঠ আসনত উপবিষ্ট হৈ আছে।

(খ) জগতত এনে এখন দ্বিতীয় নাটক আছে নে নাই বৰ সন্দেহৰ কথা। 

উত্তৰঃ ব্যাখ্যায়ে কথাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট লম্বোদৰ বৰাৰ ‘কালিদাস আৰু শকুন্তলা’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

লেখক লম্বোদৰ বৰাই কালিদাসৰ ‘অভিজ্ঞান শকুন্তলম নাটখনৰ মাহাত্ম্যৰ কথা বর্ণনাবলৈ গৈ এই কথাৰ উল্লেখ কৰিছে।

আচলতে কালিদাস আৰু শকুন্তলা পাঠটিৰ মাজেৰে লেখক লম্বোদৰ বৰাই কালিদাসৰ মহান কাব্য-কীৰ্তিৰ কথা তুলি ধৰিছে। কালিদাসৰ শকুন্তলা ইমানেই বিখ্যাত যে এই নাট সকলো কাব্যৰ মাজত ৰমনীয় হৈ আছে। সংস্কৃতত আছে—

“কাব্যেষু নাটকং ৰম্য তত্ৰ ৰম্যা শকুন্তলা”—

অর্থাৎ কাব্যৰ ভিতৰত নাটক ৰমনীয় আৰু নাটকৰ ভিতৰত ৰমনীয় হ’ল শকুন্তলা। লেখকে জগতত এনে এখন দ্বিতীয় নাটক ওলাব নে নাই সন্দেহ প্ৰকাশ কৰিছে। কাৰণ শকুন্তলা পঢ়াৰ আগতে মহাকবি গ্যেটেই ইউৰোপৰ বাহিৰত কোনো উৎকৃষ্ট সাহিত্য আছে বুলিয়েই ভবা নাছিল। শকুন্তলা পঢ়াৰ পিছত তেওঁ স্বৰ্গ আৰু পৃথিৱী শকুন্তলাতে একাকাৰ হৈ থকা বুলি মন্তব্য কৰিলে। গতিকে গোটেই জগত জুৰি শকুন্তলাৰ মহিমা স্বীকৃত হৈ আছে আৰু সেয়েহে লেখকে এনে খন দ্বিতীয় নাটক ওলাব নে নাই সন্দেহ প্ৰকাশ কৰিছে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। কালিদাস আৰু শকুন্তলা পাঠৰ আধাৰত কালিদাসৰ সাহিত্য প্রতিভাৰ এটি চমু পৰিচয় দিয়া।

উত্তৰঃ কালিদাস আৰু শকুন্তলা নামৰ পাঠটিত লম্বোদৰ বৰাদেৱে কালিদাসৰ সাহিত্য প্ৰতিভাৰ বিষয়ে কম সময়ৰ মাজেৰে অতি সুন্দৰভাৱে দাঙি ধৰিছে। বৰাদেৱে কোৱাৰ দৰে কালিদাসে সঁচাই উজ্জৱিনী নগৰ পোহৰ কৰিছিল। বিক্রমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ আটাইতকৈ উজ্জ্বল ৰত্ন কালিদাসৰ নাটকৰ মাজত প্ৰতিফলিত তেওঁৰ কাব্য প্রতিভা, বিশেষকৈ তেওঁৰ মোহনীয়া অলংকাৰ আদিও কবি সমাজৰ ঈৰ্ষাৰ বস্তু হৈ আছে। এনে গুণৰ বাবেই তেওঁ ভাৰতীয় কবিসকলৰ মাজত উচ্চস্থানত আছে আৰু জগতে তেওঁক সৰস্বতীৰ বৰপুত্র বুলি পূজা কৰিছে।

কালিদাসৰ কাব্য প্রতিভা ইমানেই উজ্জ্বল যে তেওঁ বহু ভাৰতীয় কবিৰে আৰ্হি পুৰুষ। কালিদাস পঢ়িবলৈ পোৱাটো মানুহে ভাগ্য হিচাপেই বিবেচনা কৰা। তেওঁৰ এই প্ৰতিভা যে অকল দেশৰ মাটিতে সীমাবদ্ধ এনে নহয়। তেওঁৰ প্রতিভাই দেশৰ সীমা পাৰ হৈ পাশ্চাত্যৰ কবি সমাজকো সন্মোহিত কৰিছে।

কালিদাসৰ শ্ৰেষ্ঠ ৰচনা হ’ল ‘অভিজ্ঞান শকুন্তলম’ নামৰ নাটখন। এজন বিচক্ষণ লোকে কৈছে ‘কালিদাসস্য সর্বস্বমভিজ্ঞান শকুন্তলম।’ তাৰে ভিতৰত আকৌ তেওঁৰ উপমা হ’ল সর্বশ্রেষ্ঠ। সংস্কৃতত এটি শ্লোকেই আছে—

উপমা কালিদাসস্য ভাৰৱেৰৰ্থগৌৰৱম।

নৈষধে পদলালিত্যং মাঘে সন্তি এয়োগুণাঃ।।

অর্থাৎ সংস্কৃত কবিসকলৰ ভিতৰত কালিদাসৰ বৈশিষ্ট্য হ’ল উপমা আৰু ডাৰৱিৰ অৰ্থ গৌৰৱ। আনহাতে নৈষধৰ বিশেষত্ব হ’ল পদলালিত্য আৰু মাঘৰ বিশেষত্ব হ’ল তিনিটা গুণ।

কালিদাসে তেওঁৰ বিখ্যাত উপমাযুক্ত কাব্যৰে এনে ৰমণীয় সৃষ্টি কৰিছে যে শকুন্তলাৰ অনুবাদ পঢ়ি জার্মান কবি গ্যেটেও বিমোহিত হৈছে। মহাকবি জনাই শকুন্তলা পঢ়ি মন্তব্য কৰিছে— “হে শকুন্তলা, বসন্তকালৰ ফুলৰ কলি; শৰৎকালৰ ফল আৰু যি যি বস্তুৰ দ্বাৰাই মানুহৰ মন মোহিত, পুলকিত, তৃপ্ত আৰু উন্নত হয়, সেই সকলোবিলাকলৈ তোমাৰ মন গৈছেনে? নাইবা তুমি স্বর্গ আৰু পৃথিৱী দুয়োকো একেটা নামতে লগ লগাব খোজা? তেনেহলে মই তোমাৰ নাম কাঢ়ো আৰু নাম কঢ়া মাতকে সেই সকলোবিলাক কৈ দিয়া হ’ল।” আচলতে গ্যেটেই এই মন্তব্যৰ পাছত আৰু শকুন্তলাৰ গৰিমা গোৱাৰ প্ৰয়োজন নাই। তথাপি এই কথা কবই লাগিব যে শকুন্তলাৰ মাজেৰে কালিদাসে পিতৃস্নেহ তথা প্ৰকৃতিৰ গছ-লতা, জীৱ-জন্তুৰ লগত মানুহৰ হ’ব পৰা প্ৰেমৰ যি চিৰন্তন চিত্র অংকন কৰিছে তাৰ চিৰন্তনতা আৰু বৰ্ণন-বিলাসে পৃথিবীত সকলো কবিকে চিৰকাল সন্মোহিত কৰি ৰাখিব।

২। গ্যেটেই শকুন্তলাক কিহৰ লগত ৰিজাইছে? 

উত্তৰঃ জার্মান কবি গ্যেটে আছিল প্ৰখ্যাত কবি আৰু পণ্ডিত। তেওঁ নিজে এসময়ত ইউৰোপৰ বাহিৰতো যে ভাল সাহিত্য থাকিব পাৰে সেই কথা কল্পনাই কৰা নাছিল। কিন্তু বৃটিছ সাল ইয়ালৈ অহাৰ পিছত দুই এজন গুণবান ইংৰাজ লোকে আমাৰ সাহিত্যৰ বচা বচা সম্পদবোৰ ইংৰাজী লৈ ভাঙনি কৰাত লাগিল৷ সেই হিচাপে ছাৰ উইলিয়াম জন্সে শকুন্তলাখন ইংৰাজীলৈ ভাঙিলে। ১৭৯১ চনত জৰ্জ ফৰেষ্টাৰে জন্সৰ ইংৰাজী অনুবাদক মূল হিচাপে লৈ শকুন্তলাখন জার্মান ভাষালৈ অনুবাদ কৰিলে। এই অনুবাদ পঢ়ি তেওঁ লিখিছিল–

“Would thou the earth and heaven itself In one sole name combine

I hane thee O Sakuntala, and all at once said.” 

তেওঁ শকুন্তলাক বসন্তকালৰ ফুলৰ কলি, শৰৎকালৰ ফল আৰু মানুহৰ মন মোহিত, পুলকিত, তৃপ্ত আৰু উন্নত হোৱা উপাদানৰ লগত ৰিজাইছে আৰু স্বৰ্গ আৰু পৃথিৱী দুয়োটাৰে যুগ্ম অনুভৱ শকুন্তলাৰ নাম উচ্চাৰণ কৰা মাত্ৰকে উপলব্ধি হ’ব বুলি মন্তব্য দিছে।

পাঠভিত্তিক ব্যাকৰণঃ

১। তলৰ বিশেষ্য শব্দবোৰ বিশেষণলৈ পৰিবৰ্তন কৰা— 

বছৰ = বছৰেকীয়া, কোমল = কোমলতা।

উত্তৰঃ 

বিশেষ্যবিশেষণ
বছৰবছৰেকীয়া
কোমলকোমলতা

২। তলৰ বিশেষণ শব্দবোৰ বিশেষ্যলৈ পৰিবৰ্তন কৰা—

সৰলতা, মধুৰতা, মোহিত, অমৃতময়, সৌন্দর্য, পুলকিত, = সৰল, মধুৰ, মোহ, অমৃত, সুন্দৰ, পুলক।

উত্তৰঃ 

বিশেষণবিশেষ্য
সৰলতাসৰল
মধুৰতামধুৰ
মোহিতমোহ
অমৃতময়অমৃত
সৌন্দর্যসুন্দৰ
পুলকিতপুলক

৩। তলৰ শব্দবোৰ সন্ধি ভাঙি দেখুওৱা–

মহাপুৰুষে, দুহেজাৰ, নালাগে, এজনা।

উত্তৰঃ 

মহাপুৰুষেমহাপুৰুষ + এ
দুহেজাৰদুই+ হাজাৰ
নালাগেন + লাগ + এ
এজনাএ + জনা

৪। তলৰ শব্দবোৰ প্ৰত্যয় ভাঙি দেখুওৱা– 

পাৰ্গতালি, পুলকিত, মতলীয়া।

উত্তৰঃ 

পাৰ্গতালিপাৰ্গত – আলি
পুলকিতপুলক – ইত
মতলীয়ামত – অলীয়া

৫। তলৰ শব্দবোৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা : 

পোহৰ, ভাল, সমান, উন্নত, স্বৰ্গ, নায়ক, সুন্দৰ, অবৈধ, মিলন, সুখ।

উত্তৰঃ 

পোহৰআন্ধাৰ
ভালবেয়া
সমানঅসমান
উন্নতঅনুন্নত
স্বৰ্গনৰক
নায়কনায়িকা
সুন্দৰকুৎসিত
অবৈধবৈধ
মিলনবিচ্ছেদ
সুখদুখ

৬। তলৰ দিয়া শব্দবোৰ সমার্থক শব্দ লিখা :

ভাল, ওখ, বৰ, নিজ, মধুৰ আনন্দ, উন্নত, পৃথিৱী

উত্তৰঃ 

ভালউত্তম
ওখউচ্চ
বৰবেছি
নিজআপোন
মধুৰমিঠা
আনন্দসুখ
উন্নতভাল
পৃথিৱী ধৰিত্ৰী
স্নেহমৰম

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। নৱৰত্ন কাৰ ৰাজসভাৰ কবি আছিল? 

উত্তৰঃ নৱৰত্ন বিক্রমাদিত্যৰ ৰাজসভাৰ কবি আছিল।

২। সকলোৱে একবাক্যে কালিদাসক ভাৰতৰ কবিসকলৰ মাজত ক’ত বহুৱাইছে আৰু কি বুলি পূজা কৰিছে?

উত্তৰঃ কালিদাসক সকলোৱে ভাৰতৰ কবিসকলৰ মাজত সকলোতকৈ ওখ আসনত বহিবলৈ দিছে আৰু সৰস্বতীৰ বৰপুত্ৰ বুলি পূজা কৰিছে।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

২। চমু টোকা লিখা :

(ক) কালিদাস।

(খ) নৱৰত্ন।

(গ) গ্যেটে।

(ঘ) মহাকাব্য। 

(ঙ) খণ্ডকাব্য। 

উত্তৰঃ (ক) কালিদাস : প্রাচীন ভাৰতৰ বিক্রমাদিত্য ৰজাৰ ৰাজসভাত নবৰত্ন নামে এজন পণ্ডিত আছিল। এই পণ্ডিত কুলৰ মাজত উজ্জ্বল ৰত্ন বুলি পৰিচিত কবিজনেই আছিল কালিদাস। তেওঁৰ কাব্য-কীৰ্তিয়ে উজ্জয়িনী পাৰ হৈ সমগ্ৰ ভাৰতবৰ্ষ আনকি পিছলৈ জগতকো আনন্দ প্ৰদান কৰিছিল। মহাকবি গ্যেটেও তেওঁৰ শকুন্তলা পঢ়ি অভিভূত হৈছিল। তেওঁৰ দ্বাৰা ৰচিত মহাকাব্য হ’ল ‘কুমাৰ সম্ভৱ’ আৰু ৰঘুবংশ ; নাটক হ’ল মানবিকান্মিমিত্র, বিক্ৰমোবৰ্শী আৰু ‘অভিজ্ঞান শকুন্তলম’ আৰু গীতিকাব্য হ’ল ঋতুসংহাৰ আৰু মেঘদূত। এই সকলোবোৰ ৰচনাৰ ভিতৰত শকুন্তলাৰ কাব্যকীৰ্তিয়ে কালিদাসক সৰ্বশ্ৰেষ্ঠ কবিৰ আসনত প্রতিষ্ঠা কৰিছে।

(খ) নৱৰত্ন : প্রাচীন ভাৰতৰ শক্তিশালী ৰজা বিক্রমাদিত্যৰ ৰাজসভাত নগৰাকী পণ্ডিত আছিল। তেওঁলোকক একেলগে নৱৰত্ন আখ্যা দিয়া হৈছিল। এই নৱৰত্ন আছিল– কালিদাস, ধনন্তৰি, ক্ষপনক, অমৰসিংহ, শঙ্কু, বেটালভট্ট, ঘটকপৰি, বৰাহমিহিৰ আৰু বৰৰুচি।

(গ) গ্যেটে : গ্যেটে আছিল জাৰ্মান দেশৰ বিখ্যাত কবি, নাট্যকাৰ ঔপন্যাসিক আৰু চিন্তাবিদ। আধুনিক বিশ্বৰ চিন্তা জগতলৈ গ্যেটেৰ বৰঙণি আছিল অতি উল্লেখনীয়। তেওঁ শকুন্তলা পঢ়ি যি মনোভাব পোষণ কৰিছিল তাৰ ফলস্বৰূপেই পিছলৈ বিশ্বসাহিত্যৰ ধাৰণাই গঢ় লৈছিল। সাহিত্যক জাতীয় পৰিসীমাৰ পৰা উলিয়াই বিশ্বমুখী দৃষ্টিৰে চোৱাৰ ক্ষেত্ৰত তেওঁৰ বৰঙণি উল্লেখীয়।

(ঘ) মহাকাব্য : ৰামায়ণ, মহাভাৰত, ইলিয়াড, ওডিচি আদি গ্ৰন্থবোৰক মহাকাব্য হিচাপে আখ্যায়িত কৰা হৈছে। অৱশ্যে প্ৰাচ্য আৰু পাশ্চাত্য দুয়ো ঠাইতে মহাকাব্য ধাৰণা কিছু পৃথক।

প্রাচ্য মতানুসৰি মহাকাব্য অষ্টাধিক সৰ্গত বিভক্ত আৰু কাহিনী ইতিহাস প্রসিদ্ধ হ’ব লাগিব। মহাকাব্যৰ নায়ক হ’ব লাগিব ধীৰ, উদাৰ চৰিত্ৰৰ দেৱতা বা উচ্চবংশীয় ক্ষত্ৰিয়। শৃংগাৰ, বীৰ আৰু শান্ত ৰসৰ যিকোনো এবিধে প্ৰধান ৰস হিচাপে আৰু বাকীবোৰ ৰসে গৌণ ৰস হিচাপে মহাকাব্যৰ স্থান পোৱা উচিত। ইয়াৰ নামকৰণো হ’ব লাগিব কবি, নায়ক অথবা কথাবস্তুৰ আধাৰত।

আনহাতে পাশ্চাত্য সমালোচক এৰিষ্টটলে মহাকাব্যত অনুকৰণৰ প্ৰাধান্য স্বীকাৰ কৰিছে। কথাবস্তুৰ আদি, মধ্য, অন্ত সুসংগঠিত হ’ব লাগিব। কথাবস্তুৰ ইতিহাস প্রসিদ্ধ হ’ব লাগিব যদিও কল্পনাৰ প্ৰয়োগো থাকিব। তেওঁলোকে মহাকাব্যত বীৰৰসৰ প্ৰাধান্য স্বীকাৰ কৰিছে।

(ঙ) খণ্ডবাক্য : মহাকাব্যৰ এটা অংশক লৈ যি কাব্য ৰচিত হয়, তাৰ নাম খণ্ডকাব্য। বিশ্বনাথ কবিৰাজে খণ্ডবাক্যৰ উদাহৰণস্বৰূপে ‘মেঘদূত’ৰ কথা উল্লেখ কৰিছে। এনে কাব্যত কাহিনীৰ কোনো বিকশিত ৰূপ নাই; নানা ৰসৰ পয়োভৰ দেখা নাযায়। গল্প আৰু উপন্যাসৰ মাজত আকৃতি আৰু প্ৰকৃতিগত দিশত যেনে পাৰ্থক্য, মহাকাব্য আৰু খণ্ডবাক্যৰ ক্ষেত্ৰটো অনুৰূপ পার্থক্য পৰিলক্ষিত হয়।

৩। কালিদাস আৰু শকুন্তলা পাঠটিৰ লিখক লম্বোদৰ বৰাৰ জীৱন আৰু স্মৃতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বর্তমান শোণিতপুৰ জিলাৰ গমিৰি অঞ্চলত ১৮৬০ চনত লম্বোদৰ বৰাৰ জন্ম হৈছিল। কলা বিজ্ঞানত স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁ কিছুদিন কহিমা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল। পিছত বি. এল ডিগ্ৰী লৈ তেজপুৰত ওকালতি আৰম্ভ কৰে। কৰ্ম জীৱনত পাহাৰীয়া অঞ্চললৈ গৈ শিক্ষা প্ৰদানত ব্ৰতী হোৱাটো বৰাদেৱৰ এক বিশেষ বৰঙণি।

তেখেতে কালিদাসৰ ‘অভিজ্ঞানম শকুন্তলম’ৰ অসমীয়া ভাঙনি কৰাৰ উপৰিও ‘আনন্দৰাম বৰুৱাৰ জীৱন চৰিত’, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ’ আদি গ্ৰন্থ ৰচনা কৰে ‘ল’ৰাবোধ আৰু ‘জ্ঞানোদয় পঢ়াশলীয়া ছাত্ৰৰ বাবে ৰচিত তেখেতৰ উল্লেখনীয় ৰচনা।

ছাত্ৰাৱস্থাৰে পৰা সাহিত্য চৰ্চাত বিশেষ ৰাগ দেখুৱা বৰাদেৱে ‘আসাম বিলাসিনী’, আসাম-বন্ধু’, ‘আসাম তৰা’, ‘আসাম নিউজ’আদিতে বিভিন্ন প্ৰৱন্ধ পাতিৰে সাহিত্য জীৱন আৰম্ভ কৰিছিল। সাৱলীল লয়যুক্ত গদ্য আৰু চমৎকাৰ শব্দৰাজিয়ে বৰাদেৱৰ গদ্যক এক বিশেষ ওজন দিছে। তদুপৰি গতিশীল বাক্যৰীতি আৰু অলংকাৰৰ সফল প্ৰয়োগেও তেওঁৰ গদ্যক ওজস্বিতাপূৰ্ণ কৰি তুলিছে। ‘সদানন্দৰ কলাঘূমটি’, ‘সদানন্দৰ সানমিহলি টোকা’ ‘সদানন্দৰ নতুন অভিধান’, আদি ব্যংগাত্মক ৰচনাৰে তেখেতে ব্যংগাত্মক সাহিত্য ৰচক হিচাপেও নিজকে প্রতিষ্ঠা কৰি থৈ গৈছে। চিন্তাশীল, বলিষ্ঠ প্রবন্ধ লেখক হিচাপে তেখেত উনবিংশ শতিকাৰ লেখকসকলৰ মাজত সদায় জিলিকি থাকিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top