ASOS Class 12 Assamese (MIL) Chapter 12 পত্র লিখন

ASOS Class 12 Assamese (MIL) Chapter 12 পত্র লিখন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 12 পত্র লিখন and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 12 পত্র লিখন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 12 পত্র লিখন Solutions for All Subject, You can practice these here.

পত্র লিখন

Chapter : 12

সম্ভাব্য প্রশ্নোত্তৰঃ

১। আবেদন বা দৰ্খাস্তৰ গাঁথনিৰ সম্পৰ্কে চমুকৈ বুজাই লিখা।

উত্তৰঃ আৱেদন বা দৰ্খাস্ত এখন প্রস্তুতি কৰোঁতে বা লিখোঁতে কেইবাটাও মূল কথাৰ ওপৰত বিশেষভাৱে মন কৰিব লাগে।

(১) শিৰোনামা : শিৰোনামৰ দুটা অংশ আছে। সেই কেইটা হ’ল : 

(ক) আৱেদনকাৰী ঠিকনা : আৱেদনকাৰীয়ে নিজৰ নামটো ইয়াত উল্লেখ কৰাৰ প্ৰয়োজন নাই।

(খ) তাৰিখ : ঠিকনাৰ লগতে তাৰিখ উল্লেখ কৰিব লাগে। কিন্তু ‘তাৰিখ’ শব্দটো লিখিব নালাগে।

পৰম্পৰাগতভাৱে শিৰোনামা সোঁফালে ওপৰত লিখা হয়। কিন্তু আধুনিক আৰ্হিত শিৰোনামা ওপৰত বাওঁফালে কোনো খালী স্থান নোহোৱাকৈ লিখা হয়।

(২) ঠিকনাধাৰী ঠিকনা (নিয়োগকাৰীৰ ঠিকনা) : ইয়াক সম্বোধনৰ ওপৰতে লিখিব লাগে। বিজ্ঞাপনত প্ৰকাশ পোৱাৰ দৰে যালৈ দৰ্খাস্ত দিয়া হয়, তেওঁৰ ঠিকনা একে ধৰণে লিখিব লাগে। উদাহৰণস্বৰূপে—

The Personnel Manager       

BLJ Co. (P) Ltd.              

Guwahati      

বা        

The Advertiser

Box No………

The Telegraph 

Guwahati

যদি আৱেদনকাৰীৰ ঠিকনা ওপৰত বাওঁফালে লিখা হয়, তেন্তে তেওঁৰ ঠিকনাৰ আগত ‘From’ (প্রেৰক) আৰু নিয়োগকাৰীৰ ঠিকনাৰ আগত ‘To’ (প্রতি) শব্দ দুটা প্রয়োগ কৰি তলত দেখুওৱা ধৰণে লিখিব লাগে।

From :               25, K. B. Road,

                          Panbazar

                          Guwahati – 1

To :                   The Advertiser

                         Box No. ……..

                         The Telegraph

                         Guwahati

(৩) সম্বোধন : আৱেদনৰ সম্বোধন হিচাবে ‘Sir’ বা ‘Dear Sir(s)’ বুলি লিখা উচিত। চৰকাৰী বিভাগত আৱেদন কৰিবলৈ সাধাৰণতে ‘Sir’ শব্দটো লিখিব পাৰে। যদি আৱেদনখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে লিখা হয়, তেন্তে ‘Dear Sir’ ব্যৱহাৰ কৰা উচিত।

(৪) বিষয় : সম্বোধনৰ তলত বা ওপৰত, যিটো পদৰ বাবে আবেদন কৰা হয় সেইটো উল্লেখ কৰা উচিত।

(ক) শিক্ষক পদৰ বাবে আবেদন।

(খ) হিচাপ নিৰীক্ষণ বিষয়া পদৰ বাবে আৱেদন।

(৫) বিষয়বস্তু : আৱেদনৰ বিষয় বস্তুৱেই মুখ্য অংশ। আৱেনদখনৰ আৱশ্যকতা আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি বিভিন্ন দফা কৰা হয়। সাধাৰণতে ইয়াৰ বিষয়বস্তু (Body) তিনিটা দফাত বিভক্ত কৰা হয়।

(ক) প্রথম দফাত, খালী হোৱা পদটোৰ বিষয়ে কি উৎসৰ পৰা জানিব পাৰিলে উল্লেখ কৰিব লাগে। তথ্যৰ উৎস ‘Solicited’ আৰু ‘Unsolicited’ হ’ব পাৰে। (পৰৱৰ্তী অধ্যায়ত আৰম্ভণিৰ বিভিন্নতা উল্লেখ কৰা হৈছে)।

(খ) দ্বিতীয় দফাত ব্যক্তিজনৰ শিক্ষা, অভিজ্ঞতা, বয়স, অভিৰুচি আদি বিষয়ক ব্যক্তিগত তথ্য উল্লেখ কৰা উচিত। কিন্তু যদি আৱেদনখন চিঠি আৰ্হিৰ হয় আৰু ইয়াৰ লগত ‘Bio-Data’ বা ‘Curriculum Vitae’ পৃথকে গাঁথি দিয়া হয়, তেন্তে ব্যক্তিগৰাকীৰ নিজৰ বিভিন্ন তথ্য ‘Bio-Data’ বা ‘Curriculum’ ত উল্লেখ কৰিব লাগে, আৱেদনখনত নহয়।

(গ) তৃতীয় দফা সামৰণিৰ দফা। এই দফাটো আৰম্ভণিৰ দফাৰ দৰেই গুৰুত্বপূৰ্ণ। ই গতানুগতিক বা মিনতি কৰা বা কাবৌ কৰা ধৰণৰ হ’ব নালাগে। বৰঞ্চ আৱেদনকাৰীৰ আকাংক্ষা বা সন্তুষ্টি অধিক বিনম্ৰতাৰে উপস্থাপন কৰিব লাগিব। সাধাৰণতে, এই দফাত সাক্ষাৎকাৰৰ বাবে অনুৰোধ কৰিব লাগে।

(৬) শুভেচ্ছাজ্ঞাপন : Subscription অর্থাৎ শুভেচ্ছাজ্ঞাপন সদায় সম্ভাষণেৰে নিৰ্দ্ধাৰিত হয়। ইয়াক চিঠিখনৰ বিষয়বস্তুৰ (Body) শেষত এটা বা দুটা খালী স্থান ৰাখি সাধাৰণতে বাওঁফালে বা সোঁফালে লিখিব লাগে।

(৭) স্বাক্ষৰ : আৱেদনকাৰীয়ে শুভেচ্ছাজ্ঞাপনৰ তলত নিজ হাতে স্বাক্ষৰ কৰিব লাগে। আৱেদনকাৰীয়ে (পুৰুষ/মহিলা) নিজৰ নাম বন্ধনীৰ ভিতৰত চহী বা স্বাক্ষৰৰ তলত স্পষ্টীকৰণৰ বাবে উল্লেখ কৰিব লাগে।

(৮) আৱেদনৰ সংলগ্ন বস্তু বা নথি-পত্ৰ : আৱেদনৰ সংলগ্ন বস্তু বা নথি- পত্র (The enclosers) ৰ অৰ্থ হ’ল চিঠি/আৱেদনৰ লগত পঠোৱা তথ্য বা কাগজ। এখন আৱেদন পত্ৰত তিনি ধৰণৰ Enclosers থাকিব পাৰে আৰু সেইবোৰ লিখাৰ উত্তম উপায় হ’ল :

Enclosers :

(ক) প্ৰমাণপত্ৰৰ প্ৰমাণ কপি (Certified copies of certificates)।

(খ) বায়’ডাটা বা ব্যক্তিগত উদ্ধৃতি পত্ৰ (Bio-data or personal quoted sheet)।

(গ) প্ৰমাণপত্ৰ (Testimonials)।

২। পূর্ণাঙ্গ আৱেদন এখন লিখিবলৈ কোনবোৰ কথাৰ ওপৰত অধিক মন দিব লাগে? চমুকৈ বুজাই লিখা৷

উত্তৰঃ এখন পূৰ্ণাঙ্গ সুন্দৰ আৱেদন লিখিবলৈ তলত উল্লিখিত নীতিসমূহ মনত ৰখা দৰকাৰ—

(১) বিজ্ঞাপন আৰু তুমি / আপুনি : প্রথমে বিজ্ঞাপনটো ভালদৰে অধ্যয়ন কৰিব লাগিব। (তোমাৰ/আপোনাৰ) অৰ্হতাৰ সৈতে কামটোৰ সামঞ্জস্য আছে নে নাই চাব লাগে। যদি সেইবোৰ মিলে তেন্তে আৱেদনখন দাখিল কৰিব লাগে। যদি নিমিলে তেন্তে অতিৰঞ্জিত কৰি আৱেদন কৰিব নালাগে। কিয়নো ‘সাধুতাই হৈছে উত্তম উপায়’।

(২) টাইম ফেক্টৰ : খালী পদৰ বিষয়ে পোনপটীয়াকৈ বা বিজ্ঞাপনৰ জৰিয়তে জনাৰ লগে লগে (আপুনি/তুমি) সোনকালে আৱেদন কৰা, কিয়নো সময় পাৰ হোৱাৰ আগতে আৱেদনখন পোৱাত তেতিয়া সুবিধা হয়।

(৩) দৈহিক সাৱধানতা : যদিহে আৱেদনখন সুন্দৰ নহয়, তেন্তে তোমাৰ/আপোনাৰ আৱেদনখন নপঢ়াকৈয়ে নাকচ কৰিব পাৰে।

(ক) আৱেদনখন লিখিবলৈ ভাল কাগজ ব্যৱহাৰ কৰা উচিত। সদায় বগা পৰিষ্কাৰ কাগজত লিখিব লাগে। ৰঙীন লেটাৰ পেড চাকৰিৰ আৱেদনৰ কাৰণে প্রযোজ্য নহয়।

(খ) তোমাৰ/আপোনাৰ আৱেদনখনত বাওঁফালে উপযুক্ত মার্জিন টানিব লাগে। সাধাৰণতে আৱেদনখনৰ ওপৰতকৈ তলত অধিক খালী ঠাই লাগে।

(গ) কাগজখনৰ এটা পৃষ্ঠাহে ব্যৱহাৰ কৰিব লাগে। কোনো পৰিস্থিতিত যদি আৱেদনখন দীঘল হয়, তেন্তে পৰৱৰ্তী কাগজখনত লিখিব লাগে।

(ঘ) আৱেদনখন হাতে লিখা বা টাইপ কৰা হ’ব লাগে। নিযুক্তি দিওঁতাৰ আৱশ্যকতা অনুসৰি এইখন পঠাব লাগে। যদি হাতে লিখা আৱেদন বিচৰা হয়, তেনে টাইপ কৰা আৱেদন কেতিয়াও পঠোৱা উচিত নহয় বা টাইপ কৰা আৱেদন বিচাৰিলে তেনে অৱস্থাত হাতে লিখা আৱেদন কেতিয়াও পঠোৱা উচিত নহয়।

(ঙ) আৱেদনখন পৰিষ্কাৰ হ’ব লাগে। কটা-কটি কৰা, দাগ লগা, মচি দিয়া বা চিয়াঁহীৰে শুধৰোৱা আদি এৰাই চলিব লাগে। লাইনৰ মাজত শুধৰোৱা আৰু লিখা আদিৰ প্ৰতি বিশেষ সতর্কতা অবলম্বন কৰিব লাগে।

(চ) কোনো সন্থা বা অনুষ্ঠানৰ লেটাৰ পেড ব্যৱহাৰ কৰিব নালাগে৷ 

(ছ) আৱেদনখন দৰকাৰী বিষয়টো বা শিৰোনামা আদিত বৰফলাৰ আখৰ বা আণ্ডাৰলাইন কৰি দিব লাগে।

(জ) আৱেদনত কেতিয়াও কার্বন কপি ব্যৱহাৰ কৰিব নালাগে। সাধাৰণ ছপা বা ছাইক্ল-ষ্টাইল আৱেদনত ব্যৱহাৰ কৰিব নালাগে। 

(ঝ) আৱেদন কৰা কাগজখন উপযুক্ত দৈৰ্ঘ্যৰ খামত ভৰাই দিয়া উচিত, যাতে ভিতৰৰ কাগজবোৰ ফাটি/ভাঁজ খাই নাযায়।

(ঞ) আৱেদনখন পোষ্টকার্ড বা বুক পোষ্টৰ আৰ্হিত পঠাব নালাগে। তেনে সঞ্চয় প্রকৃততে অধিক খৰচ বহনকাৰীহে হয়।

(ট) বাতৰি কাকতৰ বক্স নং শিতানত আৱেদন ৰেজিষ্টাৰ কৰি পঠাব নালাগে। ডাকঘৰ বা বাতৰি কাকতে এইটো গ্ৰহণ নকৰে।

(৪) ভাষাৰ সাৱধানতা :

(ক) আৱেদন এখন লিখোঁতে সৌজন্যতা বা নম্রতা অৱলম্বন অতিকৈ জৰুৰী। তোমাৰ ভাষা কৰ্কশ (Rough) বা দাম্ভিক (Haughty) হ’ব নালাগে। আকৌ মিছা প্ৰশংসা বা সহানুভূতিক নম্ৰতাৰ কাৰক বুলি ভুলকৈ ভাবিব নালাগে। দুয়োটাৰ মাজত স্পষ্ট প্রভেদ আছে।

(খ) তোমাৰ আৱেদনখনত সুসংবদ্ধতা বা স্পষ্টতা থাকিব লাগে। লগতে, অতিৰঞ্জিত কথা ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। সংক্ষিপ্তকৰণৰ নামত কোনো সত্যতাকেই বাদ দিব নালাগে।

(গ) আৱেদনখন পৰিষ্কাৰ-পৰিপাটি আৰু সুন্দৰ হ’ব লাগে, যাতে নিযুক্তি দিওঁতাই তোমাক/আপোনাক ব্যক্তিগতভাৱে লগ পাবলৈ ইচ্ছুক হয়। কেতিয়াও দীঘল, নীৰস আৰু আমনিদায়ক আৱেদন পঠিয়াব নালাগে।

(ঘ) তুমি নিজৰ অৰ্হতাক লৈ কেতিয়াও গৌৰৱবোধ নকৰিবা বা নিজকে হেয়জ্ঞান নকৰিবা। যদি তোমাক চাকৰিটো দিয়া হয়, তেন্তে তুমি কেনে ধৰণৰ কাম কৰিব পাৰিবা সেইটো আৰু তোমাৰ প্ৰকৃত অৰ্হতাটোহে উল্লেখ কৰিব লাগে।

(ঙ) যদি নেতৃস্থানীয় পদবী বা সৃষ্টিমূলক দক্ষতাৰ পদৰ বাবে আৱেদন কৰা হয়, তেন্তে তোমাৰ আৱেদনখনতে তেনে প্রতিদ্বন্দ্বিতামূলক চাকৰিটো কৰিব পৰাৰো কথাটো নিৰ্ভৰযোগ্যভাৱে উপস্থাপন কৰিব লাগে। কিন্তু কেতিয়াও অস্পষ্ট বা বিভিন্ন অর্থ প্রকাশক শব্দ ব্যৱহাৰ কৰিব নালাগে।

(৫) আৱেদনত যতি-চিহ্ন প্ৰয়োগৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা : সাধাৰণতে য’ত যতি-চিহ্ন ব্যৱহাৰ কৰা দৰকাৰ, তেনে ক্ষেত্ৰত আৱেদনৰ বিষয়বস্তুত (Body of the application) য’ত যতি-চিহ্ন দিব লাগে তাৰ দুটা পদ্ধতি আছে।

১ম পদ্ধতি মতে, শিৰোনামাৰ সম্বোধনৰ আৰু শেষত কমা (,) দিব লাগে। পদ মর্যদা, নাম, তাৰিখ আৰু পিন নম্বৰৰ পাছত ফুলস্টপ (.) দিব নালাগে। 

২য় পদ্ধতি মতে, আৱেদনকাৰীৰ নাম, তাৰিখ, ঠিকনা আদিত যতি চিন ব্যৱহাৰ কৰা নহয়। কিন্তু, সম্ভাষণ আৰু শুভেচ্ছাজ্ঞাপনৰ বাবে সদায় কমা দিব লাগে। এনে আৰ্হিত বৰফলাৰ আখৰ ব্যৱহাৰ কৰিব পাৰি।

যিবোৰ শব্দৰ সংক্ষিপ্তকৰণত শব্দৰ শেষৰ আখৰটো একে হয়, তেনে ক্ষেত্ৰত Rd (Road), Mr. (Mister) আদি শব্দত ফুলষ্টপ দিব নালাগে। কিন্তু ref. (reference) আৰু Esq. (Esquire) আদি শব্দত ফুলষ্টপ দিব লাগে। সেই নিয়মটো ব্যক্তিৰ নামৰ চহী আদিৰ ক্ষেত্ৰতো প্রযোজ্য হয়। এই পুথিখনত যতি চিহ্নৰ দুয়োটা পদ্ধতিয়েই প্ৰয়োগ কৰা হৈছে।

৩। বায়’ডাটা (Bio-Data), ৰিজিউম (Resume) বা কাৰিকুলাম ভেইট (Curriculum Vitae or CV) কেনেদৰে প্ৰস্তুত কৰা হয়?

উত্তৰঃ এখন Bio-data/Resume/Curriculum vitae ত আৱেদনকাৰীৰ অৰ্হতা, আৱেদনকাৰীৰ সবিশেষ আৰু কৰ্মৰ বিৱৰণ দিব লাগে। ব্যক্তিগৰাকীৰ সবিশেষ ইয়াত দিব লাগে, যাতে সেইবোৰ Guide ৰ লেখীয়া হয়।

সম্পূৰ্ণ Bio-data ৰে পৰিপূৰ্ণ এখন পৰিষ্কাৰ আৰু আকর্ষণীয় আৱেদনৰ ওপৰত সাফল্যৰ আধাখিনি নিৰ্ভৰ কৰে।

এখন Curriculum Vitae/Resume/Bio-data ত সাধাৰণতে তলত উল্লেখিত বিষয়সমূহ অন্তর্ভুক্ত কৰিব লাগে :

(ক) ব্যক্তিগত সবিশেষ : নাম, জন্মৰ তাৰিখ, ঠিকনা, বিবাহিত নে অবিবাহিত।

(খ) শিক্ষাগত অৰ্হতা।

(গ) বিশেষ প্রশিক্ষণ, যদি আছে।

(ঘ) অভিজ্ঞতা আৰু কৃতকার্যতা।

(ঙ) বিশেষ সন্মান আৰু স্বীকৃতি যদি আছে।

(চ) ব্যক্তিগত বিশেষ গুণ, যিবোৰে তোমাক /আপোনাক কামটোৰ বাবে উপযুক্ত কৰিব।

(ছ) প্ৰমাণপত্ৰ আৰু References : এনে ব্যক্তিৰ নাম, ঠিকানা উল্লেখ কৰিব লাগে, যিয়ে তোমাৰ/আপোনাৰ সাফল্যৰ নিশ্চয়তা প্রদান কৰে। যিয়ে নহওঁক Bio-data ৰ বিষয়বস্তুৰ সন্দৰ্ভত কোনো ধৰা বন্ধা নিয়ম নাই। নিযুক্তি দিওঁতাই বিজ্ঞাপনৰ যোগেদি যিবোৰ অৰ্হতা বিচাৰে, সেই সকলোবোৰ Bio-data ত উল্লেখ কৰিব লাগে।

উদাহৰণস্বৰূপে : যদি নিযুক্তি দিওঁতাই তোমাৰ প্ৰত্যাশিত দৰমহাৰ কথা জানিব খোজে, তেন্তে আৱেদনৰ লগত সংযুক্ত Curriculam Vitae ত তাক সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগে। অৱশ্যে সাক্ষাৎকাৰৰ সময়তো এই বিষয়ে আলোচনা কৰিব পাৰি। আকৌ বিদেশৰ চাকৰিৰ বাবে আবেদন কৰিলে ৰাষ্ট্ৰীয়তা বা জাতীয়তা (Nationality) উল্লেখ কৰাটো জৰুৰী।

৪। চিঠি এখন লিখোঁতে কোন কেইটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে? 

উত্তৰঃ (ক) সহজ সৰল ভাষাই হ’ল নিজকে প্ৰকাশ কৰাৰ উত্তম উপায়। চিঠিত ব্যৱহৃত শব্দবোৰ যথাসম্ভৱ সহজ সৰল হোৱা উচিত।

(খ) হাতৰ লিখা পৰিষ্কাৰ হ’ব লাগিব।

(গ) বানানবোৰ সঠিক আৰু ছেদ বিন্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব। 

(ঘ) সম্ভৱ হ’লে প্ৰথমে অন্য এখন কাগজত চিঠি লিখি এবাৰ পঢ়ি ল’ব লাগে। পাঠকৰ নিজৰ চকুৰে পঢ়িব পাৰিলে খুবেই ভাল হয়।

(ঙ) চিঠি অঙ্গসজ্জাৰ বিষয়ত যত্ন ল’ব লাগে। প্ৰতিটো শাৰী বহল বহলকৈ লিখিব লাগে।

(চ) অভিনন্দন আৰু সমাপ্তিসহ চিঠিৰ অংশবোৰ সুন্দৰভাবে সজাব লাগে। আকর্ষণীয় অঙ্গ সজ্জাই পাঠকৰ মনত তৃপ্তি আনে।

(ছ) বাণিজ্যিক চিঠিপত্র লিখাৰ বিষয়ত অতি ভদ্ৰ, কোমল আৰু কম কথাত লিখিব লাগে। যেনে– ‘আপুনি যদি পঠাই দিয়ে মই আপোনাৰ প্ৰতি কৃতজ্ঞ থাকিম’– এইদৰে নিলিখি লিখিব লাগে ‘অনুগ্ৰহ কৰি পঠাই দিয়ক।

(জ) পৰিষ্কাৰ আৰু সুন্দৰভাৱে দুয়ো পক্ষৰে ঠিকনা লিখিব লাগে।

৫। পত্ৰৰ বৈশিষ্ট্যসমূহ কি কি? আলোচনা কৰা।

উত্তৰঃ পত্ৰ লিখোঁতে পৰীক্ষাৰ্থীয়ে তলত দিয়া কথা কেইটি বিশেষভাে মন কৰিব লাগে।

(ক) সংক্ষিপ্ততা।

(খ) ভাষাৰ স্পষ্টতা।

(গ) ভাষাৰ সৰলতা। 

(ঘ) বাক্যৰ সংলগ্নতা।

(ঙ) সৌজন্যবোধ।

(চ) অকপটতা। 

(ছ) নির্দিষ্টতা বা নিশ্চয়তা।

(জ) আঙ্গিক।

পত্ৰৰ প্ৰথম বৈশিষ্ট্য হ’ল তাৰ সংক্ষিপ্ততা। বর্তমান যুগ কৰ্ম ব্যস্ততাৰ যুগ। সেয়েহে বিশেষকৈ বাণিজ্যিক ব্যস্ততাৰ যুগত পত্ৰৰ সংক্ষিপ্ততা একান্তভাৱে কাম্য। ইয়াত বাহিৰেও বাণিজ্য পত্র দীঘল হ’লে বাণিজ্যৰ গোপন তথ্য প্রকাশ পোৱাৰো সন্দেহ থাকে। পৰীক্ষাৰ্থীৰ বাবে ই দীঘল হ’লে বানান আৰু আনুষঙ্গিক ভুল হৈ যোৱাৰ সম্ভাৱনাও নোহোৱা নহয়।

পত্র লিখোঁতে আন এটি মনত ৰাখিবলগীয়া বৈশিষ্ট্য হ’ল, তাৰ স্পষ্টতা। যি বাক্যৰ অৰ্থ একাধিক অস্পষ্ট তাক বর্জনীয়। কিয়নো একাধিক অর্থ থকা বাক্য ব্যৱহাৰ কৰিলে পত্র লিখকে যি অৰ্থ বুজাব বিচাৰে, সেই অর্থ নুবুজি পত্র প্রাপকে আন অৰ্থ বুজিব পাৰে। ফলত পত্ৰ লিখাৰ উদ্দেশ্যই ব্যৰ্থ হ’ব পাৰে।

পত্ৰৰ ভাষা সহজ সৰল হ’ব লাগে। সহজ ভঙ্গীয়ে শ্রেষ্ঠ ভঙ্গী। কাব্যিক বর্ণনা বা ভাষাৰ অতিমাত্ৰা সৌষ্ঠৱ ইয়াৰ বাবে উপযুক্ত নহয়। অৱশ্যে তাৰ অৰ্থ এয়ে নহয় যে একেবাৰে দুৰ্বল ভাষা পত্ৰত ব্যৱহাৰ কৰা হ’ব। অর্থযুক্ত উপযুক্ত শব্দ বিন্যাসৰ দ্বাৰা সহজ সৰল কিন্তু সাৱলীল ভাষা ব্যৱহাৰ কৰাৰ বাবে পৰীক্ষাৰ্থী যত্নপৰ হ’ব লাগে। আঙ্গিকক সুন্দৰ কৰি তোলে তাৰ লিখনভঙ্গীয়ে (style)। লিখনভঙ্গী বা ষ্টাইল বাণিজ্যিক পত্ৰ লিখকৰ কৃতিত্বৰ পৰিচায়ক।

পত্ৰৰ গঠন ৰীতি : পত্ৰৰ গঠন এক বিশেষত্বপূর্ণ কথা। যোগাযোগ পত্ৰৰ গঠন ৰীতিক তলত দিয়া ধৰণে সজাবলৈ যত্ন কৰিব লাগে। যেনে-

(ক) শিৰোনামা : এই অংশত পত্ৰৰ সোঁফালে প্রেৰকৰ নাম, ঠিকনা, টেলিফোন নং, টেলিগ্রাফৰ সাংকেতিক ঠিকনা লিখিব লাগে।

(খ) অন্তবর্তী ঠিকনা : পত্ৰৰ বাওঁফালে ওপৰত প্ৰাপক প্ৰতিষ্ঠানৰ নাম আৰু ঠিকনা লিখিব লাগে। বিজ্ঞাপনত নাম উল্লেখ নাথাকিলে বিজ্ঞাপনদাতা, বক্স নং এনেদৰে লিখিব লাগে। তাৰ অলপ তলতে চিঠিৰ মাজভাগত পূৰ্বসূত্ৰৰ নম্বৰ, পত্ৰ সংখ্যাৰ নম্বৰ আৰু তাৰ ঠিক তলতে পত্ৰৰ বিষয়বস্তুৰ উল্লেখ থাকিব লাগে।

(গ) সম্বোধন : প্ৰেৰকে সদায় প্ৰাপকলৈ চিঠিৰ সম্বোধন কৰোঁতে শিষ্টাচাৰ জ্ঞাপক সম্বোধন কৰিব লাগে। যেনে— মহাশয়, সবিনয় নিবেদন, মান্যবৰেষু, শ্রদ্ধেয় ইত্যাদি।

(ঘ) বিষয়বস্তু : পত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল বিষয়বস্তু। গতিকে প্রাপকে চিঠিখন পঢ়োঁতে যাতে কোনো অসুবিধা নাপায় সেই কথালৈ প্ৰেৰকে লক্ষ্য ৰাখিব লাগে। সেয়েহে বিষয়বস্তু সহজ সৰল ভাষাত প্ৰকাশ কৰাৰ যত্ন কৰা উচিত। যি বিষয়বস্তু লৈ বাণিজ্য পত্ৰ লিখা হয় সেই বিষয়বস্তুৰ গুৰুত্ব চিঠিত প্রকাশ পাব লাগে।

(ঙ) বিদায় সম্ভাষণ : বিষয়বস্তু সার্থকভাৱে প্ৰকাশ হ’ব লাগে। 

পত্ৰৰ চতুৰ্থ বৈশিষ্ট্য হ’ল বাক্য বিন্যাস। কেৱল শব্দ যোজনা বা বাক্য যোজনাৰ দ্বাৰা উৎকৃষ্ট বাণিজ্যিক পত্ৰ সম্ভৱ নহয়। বাক্যসমূহৰ মাজত সম্পৰ্ক ৰক্ষিত হোৱাটো ইয়াৰ মূল কথা। সুপৰিকল্পিত যুক্তি সহকাৰে নিজৰ পত্ৰ আগবঢ়াই নিবলৈ পৰীক্ষাৰ্থীয়ে যত্ন কৰা উচিত।

সৌজন্যবোধ পত্ৰৰ মূল কথা। বাণিজ্য পত্ৰ যিহেতু বাণিজ্য সংক্রান্ততেই লিখা হয়, সেয়েহে সৌজন্যবোধ ইয়াৰ মূল কথা। যিকোনো কাৰণতে প্রাপকে সৌজন্যবোধৰ অভাৱ পালে বাণিজ্য পত্ৰৰ মূল উদ্দেশ্যই সম্পূর্ণ ব্যর্থ হ’ব। 

কপটতাৰ দ্বাৰা বাণিজ্যিক সুনাম নষ্ট হ’ব পাৰে। বাণিজ্যিক সুনাম এবাৰ নষ্ট হ’লে তাক আকৌ নতুনকৈ ঘূৰাই অনা কঠিন। সেয়েহে বাণিজ্যিক পত্ৰৰ এটি অন্যতম গুণ হ’ল অকপটতা। অকপটতা ব্যৱসায়ীসকলৰ অন্যতম গুণ। সেয়েেহে বাণিজ্যিক পত্ৰত সকলো কথা অকপটভাৱে স্বীকাৰ কৰা উচিত আৰু সেইবাবে বাণিজ্যিক পত্ৰৰ ভাষাও হ’ব লাগে অকপট আৰু নিৰলংকাৰ।

বাণিজ্যিক পত্ৰৰ ক’বলগীয়া কথাখিনি সুনির্দিষ্ট আৰু সুনিশ্চিতভাৱে ব্যক্ত কৰা উচিত। কিয়নো বাণিজ্য পত্ৰ লিখাৰ একোটা নিৰ্দিষ্ট কাৰণ থাকে। সেই কাৰণ যাতে সফল হয় সেই কথা বাণিজ্য পত্ৰ লিখোঁতে মন কৰা উচিত।

বাণিজ্যিক পত্ৰ একোটা নির্দিষ্ট আঙ্গিক (Form) আছে। সেই আঙ্গিক ৰক্ষা কৰি বাণিজ্যিক পত্ৰ ৰচনা কৰিব লাগে। ভিন্‌ ভিন্‌ প্ৰকাৰৰ বাণিজ্যিক পত্ৰৰ ভিন্‌ ভিন্ আঙ্গিক আছে। সেই আঙ্গিক যথাযথভাৱে পৰীক্ষাৰ্থীয়ে পালন কৰিবলৈ যত্নপৰ হ’ব লাগে। চিঠিৰ সোঁহাতে তলত বিনীত, নিবেদন, ভৱদীয় আদি শব্দ ব্যৱহাৰ কৰিব লাগে।

(চ) স্বাক্ষৰ : প্ৰেৰকৰ নাম, প্ৰতিষ্ঠানৰ নাম আৰু পদাধিকাৰৰ উল্লেখ থাকিব লাগে।

(ছ) প্ৰমাণ পত্ৰ : চিঠিৰ তলত বাওঁপিনে প্ৰমাণপত্ৰ বুলি লিখি ক্রমিক সংখ্যা দি সংযোজিত চিঠিৰ নাম উল্লেখ কৰিব লাগে।

(জ) ঠিকনা : খামৰ ওপৰত সোঁফালে প্ৰাপক প্ৰতিষ্ঠানৰ নাম আৰু ঠিকনা আৰু বাওঁফালে পত্ৰ প্ৰেৰকৰ নাম আৰু ঠিকনা দিব লাগে।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

১। তুমি বাস কৰা অঞ্চলত বিজুলীৰ অনিয়মীয়া যোগানৰ প্ৰতিবাদ জনাই আৰু তাৰ প্ৰতিবিধান বিচাৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন চিঠি লিখা।

উত্তৰঃ

প্রতি,

সম্পাদক

দৈনিক অসম

নলবাৰী

গুৱাহাটী-৩ ১০                                                 আগষ্ট ২০১৭

বিষয় : আমাৰ অঞ্চলত বিজুলী নিয়মীয়াকৰণৰ বাবে প্ৰতিবিধান বিচাৰি সম্পাদক মহোদয়লৈ আবেদন।

সবিনয় নিবেদন,

আজি কেইমাহমানৰ পৰা টিহু অঞ্চলত বিজুলীৰ যোগান তেনেই অনিয়মীয়া হৈ পৰিছে। একেবাৰে দুই-তিনি ঘণ্টা পর্যন্ত বিজুলীৰ যোগান বন্ধ থাকে।

এনেদৰে বিদ্যুতৰ এই অনিয়মিত যোগানৰ বাবে অঞ্চলটোত প্ৰতিষ্ঠিত ক্ষুদ্র উদ্যোগসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত অতিশয় ব্যাঘাত জন্মিছে। বিদ্যুৎ বিভাগৰ কৰ্মীসকলে এই অৱস্থা আঁতৰ কৰাৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা নাই।

সেয়েহে আপোনাৰ কাকতৰ জৰিয়তে এনে অনিয়মিত যোগান ব্যৱস্থাৰ প্রতি কর্তৃপক্ষক সকিয়াই দিলোঁ; যাতে ৰাইজৰ স্বাৰ্থৰ প্ৰতি গভীৰভাৱে লক্ষ্য কৰি অতি সোনকালে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ ব্যৱস্থা হাতত লয়। আশাকৰোঁ ৰাইজৰ দুখ-দুৰ্গতি উপশম কৰাৰ বাবে বিদ্যুৎ বিভাগে আন্তৰিকতাৰে যত্ন ল’ব। ইতি।

ভৱদীয়

                                           ‌                                                    ‌                                                            নাম……………..

                                                                  ঠিকনা…………

২। তুমি বাস কৰা অঞ্চলত মেলেৰিয়া ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এইক্ষেত্ৰত ৰোগ নিৰাময়ৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ ৰাজ্যৰ চিকিৎসা বিভাগলৈ অনুৰোধ জনাই

বাতৰিকাকতৰ সম্পাদকলৈ এখন চিঠি লিখা।

উত্তৰঃ

প্রতি,

সম্পাদক,

দৈনিক অসম

গুৱাহাটী-৩                                          তাৰিখ : ২৫-৬-২০১৭ 

বিষয় : আমাৰ অঞ্চলত মেলেৰিয়া ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে ব্যৱস্থা ল’বলৈ চিকিৎসা বিভাগলৈ অনুৰোধ।

সবিনয় নিবেদন,

আজি কেইদিনমান ধৰি টংলা অঞ্চলত মেলেৰিয়া ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। অঞ্চলৰ প্ৰতি ঘৰতে দুই-তিনিজক মেলেৰিয়াই আক্ৰান্ত কৰিছে। বহুকেইজনে ইতিমধ্যে প্ৰাণো হেৰুৱাইছে।

এনে অৱস্থাত চহৰৰ মাজ মজিয়াত থকা চিকিৎসালয়খনলৈ যাবলৈও অসুবিধা। আনপিনে গ’লেও তাত উপযুক্ত পথ্য পোৱা নাযায়। সকলো দৰৱ কিনি খোৱাটো গঁৱলীয়া দৰিদ্ৰ পৰিয়ালৰ পক্ষে অসম্ভৱ। এইক্ষেত্ৰত ৰাজ্যৰ চিকিৎসা বিভাগে তেনে কোনো তৎকালীন ব্যৱস্থা হাতত লোৱা নাই।

সেয়েহে আপোনাৰ কাকতৰ জৰিয়তে আমাৰ টংলা অঞ্চলৰ স্বাস্থ্য ৰক্ষাৰ্থে তথা মেলেৰিয়া ৰোগ নিৰ্মূলৰ অৰ্থে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ স্বাস্থ্য বিভাগক অনুৰোধ জনালো। আশা কৰো, আমাৰ দুৰৱস্থাৰ কথা বুজি সমস্যা। সমাধানৰ ব্যৱস্থা ল’ব। 

                                                                 ইতি

                                                                 ভৱদীয়

                                                         নাম…………..

                                                       ঠিকনা………….

৩। অসুখৰ বাবে তুমি দুদিন স্কুললৈ আহিব পৰা নাছিলা, সেই দুদিনৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখনি আৱেদনপত্ৰ প্ৰস্তুত কৰা। 

(নাম-ঠিকনা নিলিখিবা, লিখিলে নম্বৰ কটা যাব) 

উত্তৰঃ

প্রতি,

         মাননীয় প্রধান শিক্ষক মহোদয়।

         গোপালথান পলিটেকনিক্যাল ইনষ্টিটিউচন 

         নলবাৰী। 

        (মাননীয় শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে)।

বিষয় : ছুটীৰ বাবে আবেদন।

তাংঃ ২৬-০৩-২০১১

মহাশয়,

বিনীত নিৱেদন এই যে মই যোৱা ২৪ আৰু ২৫                     তাৰিখে শাৰীৰিক অসুস্থাতাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলো। গতিকে দয়ালু মহোদয়ে উক্ত দুদিনৰ ছুটী দি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰে যেন।

            এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি।

                                                         আপোনাৰ বিশ্বাসী।

                                                    নাম: …………

                                                    শ্ৰেণী: ……….

                                                    শাখা: ……….

                                                  ৰোল নং: ……..

৪। ধৰিলোৱা, তুমি বিদ্যালয়ৰ খেল-বিভাগৰ সম্পাদক, সেয়েহে ছাত্র- ছাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ প্ৰধান শিক্ষক / অধ্যক্ষলৈ খেল- ধেমালিৰ অধিক সা-সুবিধা প্ৰদান কৰিবলৈ এখনি আবেদন পত্ৰ প্ৰস্তুত কৰা। 

(আবেদনত তোমাৰ নাম-ঠিকনা নিলিখিবা, লিখিলে নম্বৰ কটা যাব)

উত্তৰঃ

প্রতি,

        মাননীয় অধ্যক্ষ মহোদয়

        বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়।

বিষয় : খেল-ধেমালিৰ সুবিধা প্ৰদানৰ বাবে আবেদন।

                                                          তাংঃ ২৪-০৩-২০০১

মহাশয়,

           বিনীত নিৱেদন এই যে মই এই বিদ্যালয়ৰ খেল বিভাগৰ সম্পাদক। কিন্তু মই মন কৰিছো আমাৰ বিদ্যালয়ত খেল-ধেমালিৰ বিশেষ সা-সঁজুলি নাই। মহোদয়ৰ জ্ঞাতাৰ্থে জনাওঁ যে আমাৰ বিদ্যালয়ত মাত্ৰ ফুটবল দুটা, কেৰম বৰ্ড এখন আৰু ভলীবল দুটা আছে। তদুপৰি ইয়াত টেনিছ আৰু ক্ৰিকেট খেলিবৰ বাবে সুবিধা কৰি দিয়াৰ লগে লগে ছেচ খেলিবৰ সুবিধা দিলে আমি অধিক উপকৃত হ’লোহেঁতেন। উক্ত খেলকেইবিধৰ সুবিধা কৰি দিবৰ বাবে মহোদয়ক অনুৰোধ জনালো।

      এয়াই মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি।

                                                                         ইতি

                                                              আপোনাৰ বিশ্বাসী।

                                                                      …………..

৫। জন্মৰ প্ৰমাণপত্ৰৰ বাবে তোমাৰ চহৰৰ পৌৰ নিগমলৈ এখন আৱেদন লিখা।

উত্তৰঃ

প্রতি,

         বাৰ্থ ৰেজিষ্টাৰ,

        ……………পৌৰ নিগম

                                                            তাংঃ ২৪-০৮-২০০১

বিষয় : জন্মৰ প্ৰমান পত্ৰৰ বাবে আৱেদন।

মহাশয়, 

           যথাবিহিত সম্মানপূর্বক নিৱেদন এই যে, মোৰ পুত্ৰ শ্ৰীমান…………….. পাঁচ বছৰ আগতে এই চহৰত জন্ম গ্ৰহণ কৰে। সেইমতে সেই সময়ত তাৰ জন্ম আপোনালোকৰ অফিচত নথিভুক্ত কৰা হয়। এতিয়া তাক স্কুলত ভৰ্তি কৰিব লগা হোৱা বাবে জন্মৰ প্ৰমাণ পত্ৰৰ আৱশ্যক হৈছে।

         সেয়েহে আপোনাৰ ওচৰত মোৰ অনুৰোধ, অনুগ্ৰহ কৰি তাৰ জন্মৰ প্ৰমাণ পত্ৰখন দি বাধিত কৰিব।

          আশা কৰো, মোৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি অবিলম্বে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

ধন্যবাদ

আৱেদনকাৰীৰ ঠিকনা : ……………

                                                            আপোনাৰ বিশ্বাসী

তাৰিখ ……………

                                                              ………………….

৬। নতুন পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড বিচাৰি ৰেচনিং কৰ্তৃপক্ষলৈ এখন আবেদন লিখা।

উত্তৰঃ

প্রতি,

         ৰেচনিং অফিচাৰ,

          ………………… জোন)

          ঠিকনা : ……………..              

                                                             তাৰিখ: …………….

বিষয় : নতুন পৰিয়াল পৰিচয় পত্ৰৰ বাবে আৱেদন।

মহাশয়,

মোৰ………. জনীয়া পৰিয়ালৰ কোনোজনেৰে ৰেচন কাৰ্ড নাই। এই বিষয়ে তলত বিস্তাৰিত বিৱৰণ দিলো। অনুগ্ৰহ কৰি সকলোৰে প্ৰয়োজনীয় ৰেচন কার্ড দি বাধিত কৰিব।

এই বিষয়ে আপোনাক জনাও যে, আগতে মই পৰিয়ালৰ সৈতে ……. ত আছিলো আৰু তাৰ পৰা গুচি অহাৰ সময়ত আমাৰ ৰেচন কাৰ্ডবোৰ তাত থকা কৰ্তৃপক্ষৰ ওচৰত জমা দি আহিছো। (যেতিয়া প্ৰয়োজন হ’ব ৰেচন কাৰ্ড জমা দিয়া ৰছিদ আপোনাক দেখুৱাম/দিম)। মই পৰিয়ালৰ সকলোকে লৈ … তাৰিখে ইয়ালৈ আহিছো আৰু তেতিয়াৰ পৰাই এই ঠিকনাত বাস কৰিছো। 

এই বিষয়ে অতি সোনকালে বিহিত ব্যৱস্থা ল’লে উপকৃত হ’ম।

ধন্যবাদ                                                             

পৰিয়ালৰ সদস্য :                                     

(ক)……………                                           

(খ)…………….         

(গ)…………….  

                                                                         ইতি

                                                              আপোনাৰ বিশ্বাসী।

                                                                    ……………

                                                        দৰখাস্তকাৰীৰ ঠিকনা।

৭। তুমি থকা ঠাইৰ ঠিকনা পৰিবৰ্তনৰ পিছত ৰেচন দোকান পৰিবৰ্তন বাবে কৰ্তৃপক্ষলৈ এখন আৱেদন লিখা। 

উত্তৰঃ   

     অফিচাৰৰ পদ আৰু

     অফিচৰ ঠিকনা,………       তাৰিখ : ……..

     বিষয় : ঠিকনা পৰিবৰ্তনৰ বাবে আবেদন।

মহাশয়, 

           মই আপোনাৰ এই বিষয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে, মই আগতে পৰিয়ালসহ …. বাস কৰিছিলো আৰু সেই অঞ্চলৰ ৰেচন দোকানৰ পৰাই ৰেচন লৈছিলো। কিন্তু বৰ্তমান ম‍ই নিম্নলিখিত ঠাইলৈ ঘৰ বদলি কৰিছো৷ এতিয়া আৰু আগৰ দোকানৰ পৰা ৰেচন লোৱা সম্ভৱ নহয়৷ কাৰণ আমাৰ ইয়াৰ পৰা সেই দোকানলৈ বহুত দূৰ। আপোনাৰ ৰেচন এলেকাৰ ভিতৰতে ৰেচন দোকান নং….. মোৰ বাবে সুবিধাজনক হ’ব।

         সেয়েহে মোৰ অনুৰোধ, আপুনি অনুগ্ৰহ কৰি মোৰ ৰেচন দোকান পৰিবৰ্তন কৰি দিলে আমাৰ ৰেচন অনায়াসে তুলিব পাৰো।

         ধন্যবাদ

আবেদনকাৰীৰ ঠিকনা          

      তাৰিখ : ………..                     

                                                              আপোনাৰ বিশ্বাসী।

                                                                  ………………

৮। তোমালোকৰ অঞ্চলৰ জনসিঞ্চন বিভাগৰ পানী যোগান বৃদ্ধি কৰিবলৈ পৌৰ নিগম বা পৌৰসভাৰ ওচৰত এখন আৱেদন লিখা।

উত্তৰঃ 

অফিচাৰৰ পদৰ নাম আৰু পৌৰ নিগম / 

পৌৰ সভা অফিচৰ নাম ঠিকনা 

        ‌                          

                                                                  তাৰিখ : ……….

বিষয় : পানীৰ যোগান বৃদ্ধিৰ বাবে আবেদন।

মহাশয়, 

            আমি……. নম্বৰ ৱাৰ্ডৰ বাসিন্দা। আজি বহুদিন ধৰি আমি পানীৰ অভাৱ ভোগ কৰি আহিছো। বৰ্তমান আমাৰ ইয়াত যি পৰিমাণৰ পানী যোগান ধৰা হয় সেইখিনি আমাৰ প্ৰতিদিনৰ প্ৰয়োজনৰ তুলনাত যথেষ্ট নহয়। আমাৰ বহুতেই নিত্য ব্যৱহাৰৰ বাবে আৱশ্যকীয় পানী দূৰৰ পৰা আনিব লাগে।

          বছৰৰ প্ৰায় সকলো সময়তে আমি পানীৰ অভাৱ ভোগ কৰিবলগীয়া হয়, কিন্তু গ্ৰীষ্মকালত এই অভাৱ আৰু বেচি হয়। প্ৰথমতে আমি আশা কৰিছিলো আপোনালোকে পর্যাপ্ত পৰিমাণৰ পানী যোগান ধৰিব। কিন্তু আমি ঠিকমতে টেক্স দিয়া সত্ত্বেও পানী যোগান ব্যৱস্থাৰ কোনো উন্নতি পৰিলক্ষিত হোৱা নাই। দিনে দিনে পানীৰ কষ্ট বাঢ়িহে গৈছে। সেয়েহে আপোনাৰ/আপোনালোকৰ ওচৰত বিনীত অনুৰোধ এই যে, যিমান সোনকালে সম্ভৱ এই অঞ্চলত পৰ্য্যাপ্ত পৰিমাণৰ পানী যোগানৰ ব্যৱস্থা কৰিব।

            আমি নিশ্চিত যে, এই আৱেদন পোৱাৰ পিছত পানী যোগানৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

                                                              ইতি

                                      আপোনাৰ/আপোনালোকৰ বিশ্বাসী

                                                           …………….

৯। ঘৰ এৰি দিয়াৰ বাবে ভাড়াতীয়াৰ প্ৰতি ঘৰৰ মালিকৰ হৈ এখন চিঠি লিখা।

উত্তৰঃ 

ভাড়াতীয়াৰ নাম আৰু ঠিকনা।

                                                            পত্ৰ লিখনৰ ঠিকনা।

                                                                 তাৰিখ: ………

বিষয় : ঘৰৰ এৰি দিয়াৰ বাবে জাননী।

ডাঙৰীয়া,

               ম‍ই আপোনাক স্মৰণ কৰি দিব বিচাৰিছো যে, আপুনি আপোনাৰ আগৰ চিঠিখনত মোৰ ঘৰ এৰি দিয়াৰ কথা দি তাৰিখ আৰু সময় ধাৰ্য্য কৰি মোক জনাইছিল। আপুনি যোৱা চাৰি মাহে মোক ভাড়া দিয়া নাই আৰু বৰ্তমানে বাকী ভাড়া দিয়াৰ দৰে আৰ্থিক সামর্থও আপোনাৰ নাই। যদি আপুনি মোৰ লগত সহযোগিতা কৰিলেহেঁতেন তেতিয়াহ’লে বাকী ভাড়াৰ বাবে আপোনাক  চাপ নিদিলোহেঁতেন আৰু নিৰ্ধাৰিত দিনত ঘৰ এৰি দিলে ম‍ই চাৰি মাহৰ ভাড়া এৰি দিলোহেঁতেন।

যাহওঁক, মই দুঃখেৰে সৈতে জনাইছো যে, আপুনি চুক্তিমতে কাম কৰা নাই আৰু নিৰ্ধাৰিত সময়ৰ পিচতো আপুনি মোৰ ঘৰত বাস কৰি আছে। আপোনাক আৰু কিছু সুবিধা দিয়াৰ বাবে আৰু এমাহ সময় দিছো যাতে আপুনি অন্য ঠাইলৈ উঠি যাব পাৰে। ইয়াৰ পাচত মই যদি আপোনাৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা অৱলম্বন কৰো তেতিয়াহ’লে মোক কোনো দোষ নিদিব। 

নমস্কাৰ ল’ব।                                    

                                                                        ইতি

                                                                  ………………

১০। কৰ বৃদ্ধিৰ বাবে আপত্তি জনাই তোমাৰ চহৰৰ পৌৰনিগমলৈ এখন আৱেদন লিখা।

উত্তৰঃ 

অফিচাৰৰ পদৰ নাম আৰু 

পৌৰনিগম কৰ্তৃপক্ষৰ ঠিকনা।

                                                                  তাৰিখ: …………

বিষয় : কৰ কমোৱাৰ বাবে আবেদন।

মহাশয়,

           মই নিম্নস্বাক্ষৰকাৰীৰ সম্মানপূর্বক নিৱেদন এই যে, মই……. নং – ৰ মালিক আৰু দখলকাৰী।মই প্ৰতি কোৱাৰ্টাৰত ২৫ টকা হাৰে নিয়মিত পৌৰ কৰ আদায় দি আছো। এই বছৰ ঘৰৰ মূল্য পুনৰ্মূল্যায়নত ৪০,০০০ টকা ধাৰ্য্য কৰা হৈছে যিটো আগতে আছিল ২৫,০০০ টকা আৰু সেই অনুসাৰে ঘৰৰ কৰ ৬০ টকা ধাৰ্য্য কৰা হৈছে। উপৰোক্ত চাৰি কোঠাৰ দুই তলা ঘৰটো আমি নিজেই ব্যৱহাৰ কৰো। ঘৰটো আগৰ দৰে একেই অৱস্থাত আছে। কোনো উন্নয়ন কাৰ্য্য কৰা হোৱা নাই আৰু ইয়াৰ পৰিসৰো কোনো দিন বঢ়া নাই। এই অৱস্থাত মই মুঠেই বুজিব পৰা নাই, কোন যুক্তিত ঘৰৰ কৰ ইমান বাঢ়িল। ম‍ই ভাবো মোৰ ঘৰৰ মূল্যয়ন আৰু পৌৰ কৰ উভয় ক্ষেত্ৰতে মোৰ প্ৰতি অবিচাৰ কৰা হৈছে। ইমান পৰিমাণৰ কৰ মোৰ পক্ষে আদায় দিয়া অতিকৈ কষ্টকৰ।

        সেয়েহে আপোনাৰ ওচৰত মোৰ নিবেদন এই যে মোৰ আবেদনৰ ভিত্তিত বিষয়টো পুনর্বিবেচনা কৰিব আৰু কৰৰ হাৰ বিশেষভাবে কমাই বর্ধিত কৰৰ বোজাৰ পৰা মোক অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিব। 

আৱেদনকাৰীৰ নাম, ঠিকনা।

তাৰিখ : ………..

                                                                        ইতি

                                                                  ……………..

১১। তুমি পোৱা পাৰ্চেলৰ ক্ষতিপূৰণ বিচাৰি ৰেল কৰ্তৃপক্ষলৈ এখন চিঠি লিখা।

উত্তৰঃ     

প্রতি,

চীফ কর্মাচিয়েল মেনেজাৰ, 

এন, এফ, ৰেলৱে, ঠিকনাইতি

                                                                   তাৰিখ : ……….

বিষয় : পাৰ্চেলৰ ক্ষতিপূৰ্ণ বিচাৰি আবেদন।

মহাশয়,

           আমি দুঃখেৰে আপোনাক জনাইছো যে, যোৱা…… তাৰিখে আপোনালোকৰ বুকিং অফিচৰ……… নম্বৰৰ ৰচিদ অনুযায়ী এটা পাৰ্চেল পাও। পাৰ্চেলটো অতি শোচনীয় অৱস্থাত আছিল। পাৰ্চেলটো খোলা অৱস্থাত আছিল আৰু আমি সেইটো ৰচিদত লিপিবদ্ধ কৰিছিলো। পাৰ্চেলটোৰ ভিতৰৰ বস্তু পৰীক্ষা কৰি দেখো যে, তাত…….. নাই।

পাৰ্চেলটো আপোনালোকৰ দায়িত্বত আছিল সেয়েহে আমি এই ক্ষতিৰ কাৰণে আপোনালোকক দায়ী নকৰি নোৱাৰিলো। এতিয়া যদি আপুনি ক্ষতি পূৰণৰ বাবদ আমালৈ……টকা পঠাই দিয়ে তেতিয়াহ’লে আমি বাধিত হ’ম। 

তাৰিখ…………..

ঠিকনা………….

                                                                         ইতি

                                                                 ………………….

১২। ঘৰত নতুন টেলিফোন সংযোগ লোৱাৰ বাবে কৰ্তৃপক্ষলৈ পুনৰ সোঁৱৰণী পত্ৰ এখন লিখা।

উত্তৰঃ 

            প্রতি,

       ……………….

বিষয় : নতুন টেলিফোন সংযোগ বিচাৰি আবেদন পত্ৰ।

মহাশয়,

            দুঃখেৰে সৈতে জনাব লগা হৈছে যে,যোৱা ……. তাৰিখে নিৰ্দিষ্ট প্ৰপত্ৰত মই নতুন টেলিফোনৰ বাবে আবেদন কৰিছিলো আৰু আপোনাৰ প্ৰাপ্তি স্বীকাৰৰো ৰচিদ পাইছিলো……… তাৰিখে। তাৰ পিচত দুই বছৰৰো বেছি সময় পাৰ হৈ গ’ল তথাপি আজিলৈকে মই টেলিফোন পোৱা নাই। আপোনাৰ পৰা কোনো চিঠিপত্রও পোৱা নাই। অনুগ্ৰহ কৰি কেতিয়ামানে মই টেলিফোন পাব পাৰে সেই বিষয়ে মোক জনাব। টেলিফোনৰ মোৰ অতি আৱশ্যক।

যিহেতু বিষয়টো ইতিমধ্যে বহুত পলম হৈ গৈছে, সেইবাবে আপুনি যদি সদয় হৈ এই বিষয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ’লে ম‍ই বিশেষ বাধিত হ’ম।

ধন্যবাদ

আবেদনকাৰীৰ ঠিকনা

তাৰিখ: …………

                                                                     ইতি

                                                                …………….

১৩। ঠিকনা পৰিবৰ্তনৰ বিষয়ে জনাই প’ষ্টমাষ্টৰলৈ এখন চিঠি লিখা। 

উত্তৰঃ 

           প্ৰতি,

    প’ষ্টমাষ্টৰ মহাশয়,

___প’ষ্ট অফিচ।

                                                                  তাৰিখ : ………. 

বিষয় : ঠিকনা পৰিবৰ্তনৰ বিষয়ে জনাই আবেদন পত্র।

মহাশয়,

           মই আপোনাক জনাব বিচাৰিছো যে, ম‍ই আগৰ ঠিকনা………. পৰা এই ঠিকনালৈ উঠি আহিছো। অনুগ্ৰহ কৰি আপুনি এই পৰিবৰ্তিত ঠিকনা নথিভুক্ত কৰিব। ইয়াৰ পিছৰ পৰা আপুনি মোৰ চিঠি, মণিঅৰ্ডাৰ, ৰেজিষ্টাৰ চিঠি, পাৰ্চেল প্রভৃতি মোৰ নিম্নলিখিত ঠিকনালৈ পঠাই বাধিত কৰিব।

      ধন্যবাদ

   ঠিকনা : ……….. 

                                                                             ইতি

                                                                       ……………

১৪। টেলিফোন ডাইৰেক্টৰীত টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে অভিযোগ জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আৱেদন লিখা।

উত্তৰঃ 

অফিচাৰৰ পদৰ নাম আৰু 

টেলিফোন অফিচৰ নাম 

ঠিকানা………..

                                                                  তাৰিখ : ……….

বিষয় : টেলিফোন ডাইৰেক্টৰীত নম্বৰ সংশোধনৰ বাবে আবেদন।

মহাশয়,

           আপোনালোকে ছপা কৰা নতুন টেলিফোন ডাইৰেক্টৰীত মোৰ টেলিফোন নম্ব……. পৰিবৰ্তে ………. হিচাপে ছপা হৈছে।

ইমান প্রয়োজনীয় এখন ডাইৰেক্টৰীত ইমান ডাঙৰ এটা ভুল কেনেকৈ হ’ল সেইটোহে বুজিব পৰা নাই।

যিহওঁক যিমান সোনকালে সম্ভৱ ভুলটো সংশোধন কৰি দিলে বাধিত হ’ম। 

ধন্যবাদ—

অভিযোগকাৰীৰ ঠিকনা……..

                                                                             ইতি

                                                                     ……………….

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top