ASOS Class 12 Assamese (MIL) Chapter 1 অসমীয়া সাহিত্যৰ চমু ইতিহাস

ASOS Class 12 Assamese (MIL) Chapter 1 অসমীয়া সাহিত্যৰ চমু ইতিহাস, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 1 অসমীয়া সাহিত্যৰ চমু ইতিহাস and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 1 অসমীয়া সাহিত্যৰ চমু ইতিহাস

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 1 অসমীয়া সাহিত্যৰ চমু ইতিহাস Solutions for All Subject, You can practice these here.

অসমীয়া সাহিত্যৰ চমু ইতিহাস

Chapter : 1

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰঃ

১। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ চমু আভাস দিয়া।

উত্তৰঃ পৃথিৱীৰ আন আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰো বুৰঞ্জী আৰম্ভ হৈছে লোক সাহিত্য বা মৌখিক সাহিত্যৰে। লিখিত সাহিত্যৰ সৃষ্টি হোৱাৰ বহু কাল পূর্বে, লিপিৰ উদ্ভৱ কালৰ বহু আগৰে পৰা জনসাধাৰণৰ মাজত এক প্ৰকাৰ সাহিত্য চলিছিল; তেনেবোৰ সাহিত্যকে লোক-সাহিত্য আখ্যা দিয়া হৈছে। এই শ্ৰেণী সাহিত্য নিৰক্ষৰ লোকৰ মুখে মুখে ৰচিত আৰু প্ৰচাৰিত হৈ আহিছে। সেইবাবে লোক সাহিত্য মানে পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে বাগৰি অহা সাহিত্য। ই জনসাধাৰণৰ সাহিত্য বা জন-সাহিত্য। বিশ্বৰ আন আন লোক সাহিত্যৰ দৰে অসমীয়া লোক-সাহিত্যৰ পথাৰখনো চহকী বুলি ক’ব পৰা যায়।

ৰচনা-ৰীতিৰ ফালৰ পৰা অসমীয়া লোক-সাহিত্যক তিনিটা ভাগত ভগাব পাৰি। শ্ৰেণীকেইটা হ’ল— (১) লোকগীত, 

(২) ফকৰা-যোজনা, প্রবাদ, পটন্তৰ, সাঁথৰ আদি আৰু (৩) সাধুকথা।

প্ৰাক্‌ শংকৰী যুগৰ অসমীয়া সাহিত্য বুলিলে সাধাৰণতে লোকগীত-চৰ্যাপদৰ পৰা আৰম্ভ কৰি শংকৰদেৱৰ আগলৈকে ৰচিত সমুদায় সাহিত্যকে বুজায়। প্রাক-শংকৰী যুগটো মূলতঃ কাব্য সাহিত্যৰ যুগ। প্ৰাক-শংকৰী যুগৰ কবি মুঠতে পাঁচগৰাকী। তেওঁলোক ক্ৰমে– হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ধৰ্ম প্ৰচাৰৰ বাবে সাহিত্যকে মাধ্য হিচাপে গ্ৰহণ কৰিছিল। ফলত শংকৰদেৱ আৰু তেওঁৰ অনুগামীসকলৰ দ্বাৰা সেই যুগটোক এক বিৰাট সাহিত্যৰ ভাণ্ডাৰ সৃষ্টি হৈছিল। শংকৰদেৱক কেন্দ্ৰ কৰিয়েই সেই সাহিত্যৰাজিৰ সৃষ্টি হোৱা বাবে যুগটোৰ নামকৰণ কৰা হৈছে শংকৰী যুগ বুলি। শংকৰী যুগৰ অসমীয়া সাহিত্যক প্রধানতঃ দুটা ভাগত ভগাব পাৰি (ক) বৈষ্ণৱ সাহিত্য আৰু (খ) পাঁচালী সাহিত্য।

আধুনিক যুগৰ অসমীয়া সাহিত্যক অৰুণোদয় যুগ, জোনাকী যুগ আৰু সাম্প্রতিক যুগ নামেৰে স্তৰ বিভাজন কৰিব পাৰি। আধুনিক অসমীয়া সাহিত্যৰ উন্মেষৰ স্তৰটোৰ নাম ‘অৰুণোদয়’ যুগ। ১৮৪৬ চনৰ পৰা ১৮৮৯ চনৰ ভিতৰত ৰচিত অসমীয়া সাহিত্যখিনিক ‘অৰুণোদয় যুগ’ৰ সাহিত্য নামেৰে অভিহিত কৰা হয়।

অৰুনোদই যুগত দুই শ্রেণী লেখকৰ আৱিৰ্ভাৱ হৈছিল। শ্ৰেণী দুটা হ’ল— এটা খ্ৰীষ্টিয়ান লেখক আৰু আনটো অ-খ্ৰীষ্টিয়ান বা অসমীয়া লেখক। খ্ৰীষ্টিয়ান লেখক শ্ৰেণীয়ে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ধৰ্মমূলক গ্রন্থ ৰচনা কৰিছিল। তদুপৰি অভিধান, ব্যাকৰণ, পঢ়াশলীয়া পুথি, সাধুকথাৰ পুথি আদিও লিখিছিল। অসমীয়া লেখকসকলে অসমীয়া ভাষাৰ উন্নতিৰ হকে নানাধৰণৰ পুথি ৰচনা কৰিছিল। অৰুনোদই যুগৰ সেইসকল লেখক আছিল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি।

১৮৮৯ চনত ‘জোনাকী’ কাকত প্ৰকাশ হোৱাৰে পৰা অসমীয়া সাহিত্যত জোনাকী যুগ বা ৰোমাণ্টিক যুগ আৰম্ভ হয়। ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈ অসমীয়া সাহিত্যৰ এই সময়খিনিকে ৰোমাণ্টিক যুগৰ সাহিত্য বা জোনাকী যুগৰ সাহিত্য বুলি ধৰা হয়। জোনাকী কাকতেই শিক্ষিত ডেকাসকলৰ ‘সাহিত্য প্ৰচেষ্টাৰ বিকীৰণ কেন্দ্ৰ’ (Radiating Centre) স্বৰূপ হৈ পৰিল। জোনাকী কাকতৰ প্রথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী কাকতে প্ৰাচ্য আৰু পাশ্চাত্য ভাবধাৰাৰ মাজত সংযোগসেঁতু স্থাপন কৰিলে। ইউৰোপৰ বিশেষকৈ ইংৰাজী সাহিত্যৰ ভাব আৰু ৰূপৰ আদৰ্শত অসমীয়া সাহিত্য প্ৰণয়ন কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী, পদ্মনাথ গোহাঞি বৰুৱা আদি লোকসকল উঠি-পৰি লাগে। জোনাকী কাকতৰ যোগেদিয়ে প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ‘বনকুঁৱৰী, প্ৰথম অসমীয়া চনেট হেমচন্দ্ৰ গোস্বামীৰ ‘প্ৰিয়তমাৰ চিঠি’, প্ৰথম অসমীয়া চুটিগল্প লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘সেউতী’ প্রকাশ পায়। অকল এইখিনিয়ে নহয়, অসমীয়া সাহিত্যৰ বিকাশত উপন্যাস, নিবন্ধ-প্রবন্ধ, নাটক প্রহসন, কবিতা, চুটিগল্প, হাস্য-ব্যংগ ৰচনাসম্ভাৰেৰে জোনাকী যুগত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈ উঠে।

চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পিচত ৰোমাণ্টিক যুগৰ অৱসান হয়। ১৯৫১ চনত ৰামেধনু আলোচনীৰ জন্ম হয়। ১৯৪০ ৰ পৰা ১৯৭০ চনলৈ এইছোৱা কালক অসমীয়া সাহিত্যত ‘ৰামধেনু যুগ’ বুলি আখ্যা দিয়া হৈছে।

২। প্ৰাক্ শংকৰী যুগৰ সাহিত্যৰ পৰিচয় দিয়া।

উত্তৰঃ প্ৰাক্‌ শংকৰী যুগৰ অসমীয়া সাহিত্য বুলিলে সাধাৰণতে লোকগীত- চৰ্যাপদৰ পৰা আৰম্ভ কৰি শংকৰদেৱৰ আগলৈকে ৰচিত সমুদায় সাহিত্যকে বুজায়। কিন্তু আমাৰ পাঠ্যপুথিত সংস্কৃত গ্ৰন্থৰ আলমত ছন্দোবন্ধভাবে ৰচনা কৰা লিখিত সাহিত্য খিনিকহে সাঙুৰি লৈছে। সেই হিচাপে 

প্ৰাক-শংকৰী যুগৰ পাঁচগৰাকী কবিৰ কথা পাওঁ। তেওঁলোক হ’ল– হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী আৰু মাধৱ কন্দলী। তলত এইসকল কবিৰ সাহিত্যৰাজিৰ বিষয়ে আলোচনা দাঙি ধৰা হ’ল।

কবি হেম সৰস্বতীয়ে প্ৰাদ চৰিত্ৰ আৰু হৰ-গৌৰী সংবাদ নামৰ দুখন কাব্য ৰচনা কৰে। হেম সৰস্বতীয়ে বামণ-পুৰাণ চাই এশটা পদত ‘  ‘প্রহলাদ চৰিত্ৰ ৰচনা কৰে। কাব্যখনিত হৰিভক্ত প্রহলাদৰ ওপৰত পিতৃৰ অত্যাচাৰ, নৰহিংসৰ হাতত হিৰণ্যকশিপুৰ মৃত্যু কাহিনী বৰ্ণিত হৈছে। কাব্যখনত বৈষ্ণৱ প্রভাব পৰিলক্ষিত হয়।

হেম সৰস্বতীৰ দ্বিতীয়খন কাব্য হ’ল হৰ-গৌৰী সংবাদ। পুথিখনৰ প্ৰথম অধ্যায় নৃসিংহ-পুৰাণ আৰু বাকী অংশ সংস্কৃত হৰগৌৰী-সংবাদৰ পৰা লোৱা হৈছিল ইয়াত তাৰকাসুৰৰ অত্যাচাৰ, হৰগৌৰীৰ বিবাহ, কাৰ্তিকৰ জন্ম আদিৰ বিষয়ে বর্ণনা আছে। পুথিখনত মুঠ ৮৯৯ টা পদ আছে। পুথিখনৰ ভাষাত প্ৰাচীনত্বৰ চিন আছে।

প্ৰাক-শংকৰী যুগৰ দ্বিতীয় গৰাকী কবি হৰিবৰ বিপ্ৰই তিনিখন কাব্য ৰচনা কৰে। বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ। বব্ৰুবাহনৰ যুদ্ধ কাব্যত অৰ্জুন আৰু বব্ৰুবাহনৰ মাজত যুদ্ধ লাগি অৰ্জুনৰ মৃত্যু হোৱা আৰু চিত্ৰাংগদাৰ দিহামতে বব্ৰুবাহনে পাতালৰ পৰা সঞ্জীৱনী মণি আনি পিতৃ অৰ্জুনক প্ৰাণ দিয়াৰ কাহিনী বর্ণিত হৈছে। একেদৰে ‘লৱ-কুশৰ যুদ্ধ’ কাব্যত অশ্বমেধ যজ্ঞৰ ঘোঁৰা উদ্ধাৰ কৰিবলৈ যাওতে বাল্মীকি ঋষিৰ আশ্ৰমত লৱ-কুশৰ লগত শ্ৰীৰামেৰ ভাতৃ সকলৰ যুদ্ধ লগাৰ বৰ্ণনা দিয়াৰ লগতে যুদ্ধত মৃত ভাতৃসকলৰ লগতে শ্ৰীৰামক বাল্মীকিয়ে দিয়া পুনৰ্জীৱনৰ কাহিনী বৰ্ণিত হৈছে।

‘তাম্ৰধ্বজৰ যুদ্ধ’ কাব্যত তাম্ৰধ্বজ আৰু কৃষ্ণ-অৰ্জুনৰ মাজত হোৱা যুদ্ধৰ বৰ্ণনা দাঙি ধৰা হৈছে।

কাব্য তিনিখনত কবিৰ কবি-প্ৰতিভাৰ চানেকি বিদ্যমান। যুদ্ধৰ বৰ্ণনাত দক্ষতাৰ পৰিচয় দিব পাৰিছে।

প্ৰাক-শংকৰী যুগৰ তৃতীয় গৰাকী কবি কবিৰত্ন সৰস্বতীয়ে ‘জয়দ্ৰথ-বধ’ নামে এখন কাব্য ৰচনা কৰে। কবিয়ে কাহিনী ভাগ মহাভাৰতৰ দ্ৰোণ পৰ্বৰ পৰা আহৰণ কৰিছে। কবিৰ ভাষা সৰল আৰু কম জতুৱা। কাব্যখনিৰ কৈলাশ বৰ্ণনা অংশটি আকর্ষণীয়। কবিয়ে ‘শকুন্তলা উপখ্যান’ আৰু ‘যযাতি চৰিত্ৰ’ নামে আন দুখন পুথি ৰচা বুলি উল্লেখ কৰিছে।

প্ৰাক-শংকৰী যুগৰ আন এগৰাকী কবি হ’ল ৰুদ্ৰ কন্দলী। এওঁ প্ৰাচীন কামৰূপ কমতা ৰাজ্যৰ ৰজা তাম্ৰধ্বজৰ পৃষ্ঠ পোষকতা লাভ কৰিছিল। ৰুদ্ৰ কন্দলীয়ে ‘সাত্যকী-প্ৰৱেশ’ নামে এখনি সৰু কাব্য ৰচনা কৰে। সাত্যকীয়ে পাণ্ডবৰ ফলীয়া হৈ যুদ্ধ কৰি কেনেকৈ বীৰত্ব দেখুৱাইছিল তাৰেই মধুৰ বৰ্ণনা কাব্যখনিত পোৱা যায়। যুদ্ধৰ বৰ্ণনা, ভাষাৰ ঘৰুৱা ঠাঁচ আৰু উপমা প্ৰয়োগৰ ক্ষেত্ৰত কবিয়ে দক্ষতাৰ পৰিচয় দিব পাৰিছে।

প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি গৰাকী হ’ল মাধৱ কন্দলী। মাধৱ কন্দলীয়ে চতুৰ্দশ শতিকাতে বাল্মীকীৰ ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰে। বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে কাব্য চৰ্চা কৰিছিল। কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণৰ ভাঙনি কৰোতে মূল শ্লোকবোৰ অনুবাদ কৰিলেও সমাজিক চিত্র, ঋতু সম্বন্ধীয় প্রাকৃতিক দৃশ্যৰ বৰ্ণনা, যুদ্ধ-বিগ্ৰহৰ ভয়ংকৰ চিত্ৰ, শৃংগাৰ বীৰ, হাস্য, কৰুণ আদি ৰস সৃষ্টি, নৰনাৰীৰ সৌন্দৰ্য আদিৰ বৰ্ণনাত বিশেষ দক্ষতা দেখুৱাব পাৰিছে।

কবিৰ আন এখন কাব্য হ’ল ‘দেৱজিত’। দেৱজিত কাব্যত বৈষ্ণৱ আদর্শ প্ৰচাৰৰ যত্ন কৰা দেখা যায়।

উপৰোক্ত সাহিত্য ৰাজিয়ে প্ৰাক-শংকৰী যুগৰ কবিসকলে অসমীয়া সাহিত্যলৈ এক অমূল্য অৱদান আগবঢ়াইছিল। যি সকলৰ সাহিত্যৰ আদৰ্শতে পৰৱৰ্তী কালৰ কবি সকলে কাব্য ৰচনা কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল বুলি ক’ব পাৰি। 

৩। শংকৰদেৱৰ সাহিত্যকৃতিৰ বিষয়ে লিখা।

উত্তৰঃ অসমীয়া ভাষা-সাহিত্যত শ্ৰীমন্ত শংকৰদেৱৰ সাগৰসদৃশ ৰচনাৰাজিৰ বিস্তৃত পৰিচয় দাঙি ধৰাটো সহজ সাধ্য হয়। নিজৰ সৃষ্টিতো বাদেই অসমীয়া সাহিত্যৰ স্বর্ণযুগ আখ্যা দিব পৰা এই বৈষ্ণৱ সাহিত্যৰাজিৰ কেন্দ্ৰীয় সত্বাও আছিল তেওঁ। এটা ধৰ্মীয় আন্দোলনক নেতৃত্ব দিয়াৰ মাজতো তেওঁ এক বিশাল সাহিত্য-সম্ভাৰ আমালৈ আগবঢ়াই গৈছে।

কাব্য : হৰিশচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলিছলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান ইত্যাদি।

অংকীয়া নাট : পত্নী প্রসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰাম বিজয়।

গীত : বৰগীত, তোটয় ভটিমা

ৰামকথা : ৰামায়ণৰ উত্তৰাকাণ্ড

অনুবাদ : ভাগৱদত-প্রথম, দ্বিতীয়, দশম, একাদশ, নৱমস্কন্ধ, কুৰুক্ষেত্ৰ, নিন্নিনৱসিদ্ধ সংবাদ গুণমালা ইত্যাদি।

তত্বমূলক গ্ৰন্থ : ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ ইত্যাদি।

এই বিশাল সাহিত্য সম্ভাৰৰ সৃষ্টিৰ উপৰিও মহাপুৰুষ জনাই নামঘৰ, সত্ৰ আদি স্থাপন কৰি অসমত গ্রাম্য জীৱনক ভক্তিৰ দোলেৰে বান্ধি থৈ যায়। সমাজৰ সৰু বৰ সকলোকে একেলগে বহি হৰি কীৰ্তন কৰাৰ অধিকাৰ প্ৰদান কৰে আৰু কীর্তন নাম প্ৰসংগ,গীত-নৃত্য আদিৰে এক উন্নত সাংস্কৃতিক জীৱন প্ৰদান কৰে। সেয়েহে পণ্ডিতসকলে মন্তব্য কৰে— সমাজত ঋষি মুনিসকল আছে, সমাজ সংস্কাৰক আছে, সঙ্গীতজ্ঞ আছে, দার্শনিক আছে, কিন্তু শংকৰদেৱ এনে এজন ব্যক্তি যাৰ ব্যক্তিত্বত এই সকলো গুণৰ সমাহাৰ ঘটিছে।”

৪। পাঁচালী সাহিত্য কি? মনকৰৰ কাব্যকৃতিৰ পৰিচয় দিয়া। 

উত্তৰঃ নৱ-বৈষ্ণৱ যুগত আত্ম প্রকাশ কৰিলেও বৈষ্ণৱ সাহিত্যৰাজিৰ বিষয়বস্তু, ৰচনাশৈলী ৰূপ, গটন আৰু আদৰ্শগত পার্থক্য বজাই ৰাখি এক শ্ৰেণীৰ নতুন সাহিত্যৰ সৃষ্টি হৈছিল। অর্থাৎ পাঁচালী বা পাঞ্চালী সাহিত্যৰ সৃষ্টি হৈছিল। মূলতঃ লৌকিকতাক প্রাধান্য দি ওজাপালিৰ উদ্দেশ্যে এই শ্ৰেণীৰ সাহিত্যৰাজি ৰচনা কৰা হৈছিল।

আন এক তথ্য অনুসৰি, সৰ্পৰ অধিষ্ঠাত্ৰী দেৱী হ’ল মনসা। যিবোৰ কাব্যত দেৱী মনসাৰ মাহাত্ম্য প্ৰকাশ পাইছে সেই শ্ৰেণী অসমীয়া সাহিত্যক মনসা সাহিত্য বা পাঁচালী সাহিত্য বুলি কোৱা হয়।

গতিকে পাঁচালী সাহিত্য দুটা ভাগত ভগাব পাৰি। এটা মনসা বা পদ্মাদেবীৰ মহাত্ম্য প্ৰকাশক আৰু আনটো ৰামায়ণ, মহাভাৰত আদি পুৰাণৰ কাহিনী সম্বলিত। বিষয়বস্তুৰ পাৰ্থক্য থাকিলেও ৰচনা-ৰীতি দুই বিধৰে একে। দুয়োভাগ ওজাপালি অনুষ্ঠানৰ উদ্দেশ্যে লিখা।

মনকৰ ৰজা বিশ্বসিংহৰ ৰাজত্ব কালৰ কবি। মনকৰে ৰচনা কৰা পুথিখন হ’ল ‘পদ্মাপুৰাণ’বা ‘মনসাপুৰাণ’বা ‘মনসাকাব্য’ বা ‘মনকী’। অৱশ্যে কবিবৰে তেওঁৰ দ্বাৰা বিৰচিত মনসা কথা বৃত্তক ‘পদুমাইৰ গীত’,‘পাঞ্চালী’বা ‘শ্রাবণেৰে গীত’ বুলিহে আখ্যা দিছে। মনকৰৰ ৰচনাৰ ভিতৰত কেৱলমাত্ৰ পদ্মা-পুৰাণৰ অংশ বিশেষহে পোৱা গৈছে। প্রকাশিত ‘মনকী’কাব্যত সৃষ্টি বর্ণনা,হৰ-পাৰ্বতীৰ বিবাহখণ্ড আৰু পদ্মাৰ জন্মখণ্ড পোৱা গৈছে। মনকৰৰ মনসা কাব্যত থকা মূল চৰিত্ৰ হ’ল-তিনিটা। চৰিত্ৰ কেইটি হ’ল- মহাদেৱ, নাৰদ আৰু দুৰ্গা। মনকৰৰ ৰচনাত লৌকিক আৰু সামাজিক বৰ্ণনাৰ প্ৰাধান্য দেখা যায়। ঠায়ে ঠায়ে ৰুচি-বিগর্হিত বৰ্ণনাৰ যোগেদি হাস্য ৰস সৃষ্টি কৰিছে।

৫। অসমীয়া সাহিত্যলৈ অৰুণোদই কাকতৰ অৱদান সম্পর্কে লিখা।

উত্তৰঃ মিছনেৰীসকলৰ লগতে তেওঁলোকে প্ৰকাশ কৰা অৰুণোদয় কাকতখনে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়োৱাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভালেখিনি উন্নতি সাধন কৰিলে। তাৰে বিশেষ কেইটামান অৱদানৰ সম্পৰ্কে তলত উল্লেখ কৰা হ’ল—

(ক) মিছনেৰীসকলে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে যুঁজ দি অসমীয়া ভাষাক পঢ়াশালী আৰু আদালতত পুনৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিলে। অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰমাণ কৰাৰ লগতে মাতৃভাষাৰ যোগেদি লাভ কৰা শিক্ষাৰ পৰাহে অসমীয়া জনসাধাৰণৰ উন্নতি যে সম্ভৱ এই কথা প্রমাণসহ ব্যাখ্যা কৰাৰ ক্ষেত্ৰত মিছনেৰীসকলে যি অহোপুৰুষাৰ্থ কৰিলে তাৰ বাবে অসমীয়া ভাষা-ভাষী তেওঁলোকৰ ওচৰত চিৰদিনৰ বাবে ঋণী।

(খ) অভিধান, ব্যাকৰণ আৰু পাঠ্যপুথি নহ’লে যে কোনো ভাষা আয়ত্ত কৰা আৰু সাহিত্য ৰচনা কৰা সম্ভৱ নহয় সেই কথা অনুধাৱন কৰি তেওঁলোকে অসমীয়া ব্যাকৰণ, অভিধান আৰু পাঠ্যপুথি প্ৰস্তুত কৰি অসমীয়া সাহিত্যৰ বৰভেটি বান্ধিলে।

অৱশ্যে এইবোৰ তেওঁলোকে নিজৰ সুবিধাৰ বাবেই প্ৰণয়ন কৰিছিল। 

(গ) এওঁলোকেই অসমীয়া ভাষাত প্ৰথমে আলোচনী-বাতৰি কাকত উলিয়াই অসমীয়া মানুহক পাশ্চাত্য জগতৰ সন্ধান দিছিল।

(ঘ) মিছনেৰীসকলে পুৰণি জ্ঞান-বিজ্ঞান আৰু বুৰঞ্জীৰ পুথি সংগ্ৰহ কৰি তেওঁলোকৰ প্ৰেছৰ পৰা প্ৰকাশ কৰিছিল। এয়াই আছিল পুৰণি পুথি সংগ্রহ আৰু সংৰক্ষণৰ প্ৰথম প্ৰচেষ্টা। ইয়াৰ জৰিয়তে তেওঁলোকে মূল্যবান তথা দুষ্প্ৰাপ্য বস্তু কেনেদৰে আৰু কিয় সংগ্ৰহ কৰি ৰাখিব লাগে সেই কথাও অসমীয়া জাতিক শিকাই থৈ গ’ল। নহ’লে বহুতো প্রাচীন অসমীয়া পুথি হয়তো কাল সোঁতত কেতিয়াবাই বিলুপ্ত হ’লহেঁতেন।

(ঙ) মিছনেৰীসকলে ইংৰাজী শব্দৰ ভাব লৈ বহুত নতুন শব্দৰ সৃষ্টি কৰিলে, যেনে— ice ৰ বাবে ‘শিলপানী’ বা পানীশিল’ grape ৰ বাবে লতা-‘পনীয়ল’ ইত্যাদি। অৱশ্যে এনে আচহুৱা শব্দবোৰ সৰ্বসাধাৰণ ৰাইজে গ্রহণ নকৰিলে৷

(চ) মিছনেৰীসকলে আমাৰ ভাষাক এটা নতুন সুৰ শিকাই থৈ গ’ল। সেই সুৰটি অসমীয়া ভাষাই আগতে নাজানিছিল। ভাৰতবৰ্ষৰ কোনো ভাষাই নাজানিছিল। ই পাশ্চাত্য সাহিত্যৰ নিজা সৃষ্টি আৰু মিছনেৰীসকলে সাত সাগৰ তেৰ নৈ পাৰ হৈ আহি ভাৰতবৰ্ষৰ ভাষাবোৰক শিকাই দিলেহি। বৰ্তমান যুগৰ ভাৰতবৰ্ষৰ আন আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰো য’তে টোকাৰ মৰা যায় তাতেই এই বিলাতী সুৰটোৰ গুণগুণনি শুনিবলৈ পোৱা যায়। সেইবাবেই হেমচন্দ্র গোস্বামীয়ে মন্তব্য কৰিছে— ‘তুমি সেই সুৰটিৰ স্বভাৱ নুবুজিব পাৰা, কিন্তু শংকৰদেৱক মাতা, মাধৱদেৱক মাতি অনা তেওঁলোকে ততালিকে বুজাই দিব যে এইটো ভাৰতবৰ্ষীয় সুৰ নহয়, বিলাতী সুৰ, আন কথাত ক’বলৈ হ’লে মিছনেৰীসকলৰ লেখনিৰ যোগেদিয়েই পাশ্চাত্য ভাবধাৰাই অসমীয়া ভাষাত প্ৰৱেশ কৰে।

(ছ) মিছনেৰীসকল তথা অৰুণোদয় কাকতখনকেই আধাৰ হিচাপে লৈ আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিৰ দৰে এদল অসমীয়া ভাষা-সাহিত্যৰ সেৱকৰ সৃষ্টি হ’ল।

(জ) অৰুণোদয় কাকতখনৰ যোগেদিয়েই অসমীয়া জনসাধাৰণে এখন বহল জগতৰ সন্ধান পালে। দেশ-বিদেশৰ বতৰা, জ্ঞান-বিজ্ঞান, ইতিহাস, বিজ্ঞানৰ আৱিষ্কাৰ আদিৰ বতৰা এই কাকতৰ জৰিয়তেই মানুহে লাভ কৰে। সেইবাবেই মহেশ্বৰ নেওঁগে মন্তব্য দিছে– ‘ৰাজভগনৰ পৰা বাদুলিয়ে কলঠোক খোৱালৈকে’ সকলো কথা প্ৰকাশ পাইছে।

(ঝ) মিছনেৰীসকলৰ স্থাপন কৰা ইংৰাজী শিক্ষাৰ অনুস্থানসমূহৰ পৰাই অসমত ইংৰাজী শিক্ষাৰ শিক্ষানুস্থানৰ আৰম্ভ হয়। ইয়াৰ ফলত কেইবাজনো অসমীয়া ব্যক্তি ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে আধুনিক সাহিত্যৰাজি ৰচনা কৰিবলৈ এক ভেটি লাভ কৰিলে।

মিছনেৰীসকলে অৰুণোদয় কাকত প্ৰকাশ কৰি অসমীয়া ভাষা— সাহিত্য তথা সমাজ জীৱনলৈ এক অভূতপূর্ব অৱদান আগবঢ়াই থৈ গৈছে। এই কাকতখনে অসমীয়া মানুহৰ মনত গভীৰ আত্মপ্রত্যয়, জাতীয় চেতনা আৰু ঐতিহ্যপ্রীতিও সৃষ্টি কৰি আধুনিক অসমীয়া সাহিত্যৰ বিকাশত প্ৰভূত প্ৰেৰণা প্ৰদান কৰিছিল। সেইবাবে অৰুণোদয় কাকতখনত বা সমসাময়িক সময়ত ৰচিত অসমীয়া সাহিত্যৰ গুণগত মূল্য যিয়েই নহওঁক লাগিলে, অসমীয়া মানুহ আৰু অসমীয়া সাহিত্যক স্থবিৰতাৰ পৰা গতিশীলতালৈ, প্ৰাচীনৰ পৰা আধুনিকলৈ, পূৰ্বৰ সীমাবদ্ধতাৰ পৰা বিশালতাৰ জগত এখনলৈ লৈ যোৱাত এই যুগৰ বৰঙণি অসমীয়া জীৱনৰ বাবে চিৰস্মৰণীয়।

৬। “জোনাকী’তে আধুনিক অসমীয়া সাহিত্যৰ প্ৰাণ প্রতিষ্ঠা হয়”।— আলোচনা কৰা।

উত্তৰঃ ১৮৮৯ খৃঃ জানুৱাৰি মাহত কলিকতাৰ পৰা প্ৰকাশিত জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যলৈ এক নতুন ধাৰা কঢ়িয়াই আনে। প্রকৃতপক্ষে পাশ্চাত্যৰ ৰোমাণ্টিক ভাৱাদর্শক জোনাকী কাকতে অসমীয়া সাহিত্যলৈ বোৱাই আনে, অসমীয়া ৰোমাণ্টিক সাহিত্যৰ জন্ম আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সেয়ে ৰোমাণ্টিক সাহিত্যৰ অৰ্ধশতাব্দীকাল নামান্তৰে ‘জোনাকী যুগ’ বুলিও কোৱা হয়। সাহিত্যৰ অন্যান্য দিশৰ তুলনাত এই সময়ছোৱাত কাব্য সাহিত্যৰ বিশেষ চৰ্চা আৰু বিকাশ সম্ভৱ হয়।

জোনাকী আলোচনীখনক কেন্দ্ৰ কৰিয়েই কলিকতীয়া (অসমৰপৰা পঢ়িবলৈ যোৱা) ছাত্ৰসকলে পাশ্চাত্য সাহিত্যত প্ৰবাহিত আৰু কিছুকাল আগৰে পৰা বাংলা সাহিত্যতো প্ৰৱেশ কৰা ৰোমান্টিক ভাৱধাৰা অসমীয়া সাহিত্যলৈ বোৱাই আনিলে। অসমীয়া সাহিত্যৰ ‘ত্রিমূর্তি’ বুলিলে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামীকে জনা যায়। এই ত্রিমূর্তিয়ে ৰোমান্টিক যুগ সৃষ্টিৰ বাবে অশেষ প্ৰয়াস কৰিছিল।

ৰমন্যাসবাদ বা ৰোমান্টিকতাবাদ জোনাকী যুগৰ সাহিত্যৰ প্ৰধান বৈশিষ্ট্য যদিও এই ৰোমান্টিকতা ইংৰাজী সাহিত্যৰ অধ্যয়ন আৰু বাংলা সাহিত্য-সংস্কৃতিৰ সংস্পৰ্শত অসমীয়া ভাষা-সাহিত্যৰ দুৰ্দশাৰ উপলব্ধিৰ পৰা উদ্ভৱ হোৱা ৰোমান্টিকতাহে। অষ্টাদশ শতিকাৰ শেষৰফালৰ পৰা ঊনবিংশ শতিকাৰ আগছোৱাত ইংৰাজী সাহিত্যত সমকালীন আর্থ-সামাজিক ৰাজনৈতিক পটভূমিত ৰোমান্টিক ভাৱধাৰাৰ বিকাশ হৈছিল। জোনাকীয়ে সৃষ্টি কৰা সাহিত্য ধাৰাটো প্ৰৱাহিত কৰাৰ ক্ষেত্ৰত অসম বন্তি (১৯০০-১৯৪৪), ঊষা (১৯০৭-১২), বাঁহী (১৯০৯-১৯৪৬), অসমীয়া (১৯১৯-৫৮), চেতনা (১৯১৯-২৭), মিলৰ (১৯২৩), আদি কাকত আলোচনীৰ অৱদানো অনস্বীকার্য। জোনাকী যুগৰ অসমীয়া সাহিত্যৰ পটভূমিত অৰুণোদয় স্তৰৰ হেমচন্দ্ৰ বৰুৱাৰ গভীৰ প্ৰভাৱপুষ্ট অসমীয়া সাহিত্য-চৰ্চা আৰু চৰ্চাকাৰীসকলৰ কথা নিতান্তই প্ৰাসংগিক। হেমচন্দ্র গুণাভিৰামৰ সাহিত্যিক প্রয়াস আৰু অৰুণোদয় গোষ্ঠী আৰু মিছনেৰীসকলৰ লগত আনন্দৰামৰ অসমীয়া ভাষা পুনৰুদ্ধাৰৰ প্ৰয়াস-এই দুটা সমকালীন ঘটনা বা পৰিস্থিতিয়ে নতুনকৈ আধুনিক শিক্ষা-সভ্যতাৰ পোহৰ দেখা অসমীয়া ছাত্ৰসকলক এটা চেতনা দিছিল। 

১৮৭৩ চনত অসমত অসমীয়া ভাষা পুনপ্ৰচলন হোৱাৰ পিছতো অভিজাত শ্ৰেণীৰ অসমীয়া মানুহৰ মনৰ পৰা বাংলা ভাষা আৰু সংস্কৃতি অনুকৰণৰ ঢং আঁতৰা নাছিল, পাঠ্যপুথিৰ অভাৱৰ বাবে বেছ কিছু বছৰলৈ স্কুলত বাংলা ভাষাই চলি আছিল। গতিকে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিবলৈ বা অসমীয়া সাহিত্য পঢ়িবলৈও শিক্ষিত অসমীয়া মানুহৰ সংখ্যা তেনেই নগণ্য ভাগহে আছিল। এনে অৱস্থাত অসমীয়া ভাষা চৰ্চাৰ বাবে প্ৰেণা-উৎসাহ নোহোৱা হোৱাহে স্বাভাৱিক। কিন্তু বাংলা ভাষাৰ ঠাইত অসমৰ স্কুল-কাছাৰীত অসমীয়া ভাষা প্ৰৱৰ্তনৰ বাবে মিছনেৰী-আন্দাৰামে যি প্ৰযত্ন কৰিলে সিয়েই নবা শিক্ষিত ডেকাচামৰ মনত এটা অসমীয়া ভাষাকেন্দ্ৰীক জাতীয়তাৰ চেতনা নিশ্চিতভাৱে ৰোপণ কৰিছিল। অসমীয়া ভাষাবিহীন অসমীয়া সাহিত্য কল্পনাতীত। 

আনহাতে ইতিমধ্যেই সাংস্কৃতিক ক্ষেত্ৰত বঙালী সমাজ ভাৰতবৰ্ষৰ ভিততেই তেতিয়া আগবঢ়া আছিল। গতিকে অসমৰ যদি ভাষাৰেই স্বীকৃতি নাথাকে তেন্তে অসমখনো যে বংগ-সংস্কৃতি-সভ্যতাৰে সম্প্ৰসাৰিত ক্ষেত্ৰলৈ ৰূপান্তৰ হ’ব এই শংকা বেছি ঘনীভূত হৈছিল ডেকাচামৰ মাজত। ইফালে হেমচন্দ্র বৰুৱাই আসাম-নিউচ নামৰ ইংৰাজী অসমীয়া আলোচনীখনৰ জৰিয়তে অসমীয়া ভাষাক বৰ্তমান ৰূপত প্ৰতিষ্ঠাৰ বাবে অহোপুৰুষাৰ্থ কৰিলে। বেজবৰুৱাই লিখিছে— ‘… বাস্তৱিকতে আসাম নিউচ পঢ়ি, তাৰ অসমীয়া লিখাৰ গঢ়ৰ ফালে ভালকৈ মন দিহে প্ৰথমতে মই অসমীয়া ভাষাত ৰচনা লিখিবলৈ শিকো। আসাম নিউচে নিশ্চয় অসমীয়া ভাষাৰ যুগান্তৰ উপস্থিত কৰিলে।”

আসাম বন্ধু (১৮৮৫-৮৬) ৰ আয়ুসকাল চুটি যদিও ইয়েই আছিল ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত জোনাকীৰ অগ্ৰদূত’। আসাম বন্ধুৰ সম্পাদক গুণাভিৰামে ভাষা বিষয়ত হেমচন্দ্ৰ বৰুৱাৰ কঠোৰ নীতি সকেলা সময়তে মানি চলা নাছিল। এই বিষয়ে নগেন শ‍ইকীয়াই কৈছে— ‘আসাম নিউচে যদি ভাষাৰ বুনিয়াদ সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল, আসাম বন্ধুএ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰখন মুকলি কৰি দিলে। জোনাকীত বিকাশ লাভ কৰা ৰোমান্টিক কাব্যধাৰাটিৰো আৰম্ভণি আসাম বন্ধুৰ বুকুতে হয় ভোলানাথ দাস আৰু ৰত্নেশ্বৰ মহন্তৰ কবিতাৰ মাজত।’

এনে পটভূমিতেই জোনাকী কাকতৰ গুৰুত্ব বুজিব পাৰি, লগতে জোনাকী যুগটোৰো।

৭। বৰ্তমান কালৰ অসমীয়া উপন্যাস সাহিত্যৰ চমু পৰিচয় দাঙি ধৰা। 

উত্তৰঃ সাম্প্ৰতিক যুগ যুদ্ধোত্তৰ যুগৰ এটা বিকাশমান বা পৰিবৰ্ধিত অৱস্থা যদিও সত্তৰৰ দশকৰ পৰা অসমীয়া সাহিত্যৰ প্ৰকৃতি আৰু অলপ সলনি হোৱা দেখা যায়। বিশেষকৈ ১৯৭০ চনৰ পৰা ভাৰতবৰ্ষৰ ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক মূল্যবোধৰ আমূল পৰিৱৰ্তন সাধন হয়। উল্লেখযোগ্য যে এই পৰিৱৰ্তন ইমান দ্ৰুতগতিত ঘটিবলৈ আৰম্ভ কৰে যে, আগৰ পৰিস্থিতিৰ পৰাই কিছু পৰিমাণে ফালৰি কাটি আহে। এনে পৰিস্থিতিত অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনটো যুগৰ প্ৰতিবিম্ব ফুটি উঠিল আৰু পৰ্বৰ ধাৰাৰ পৰা বহুলাংশে ফালৰি কাটি আহিল। সেইবাবে তেওঁলোকে ১৯৭০ চনৰ পৰা বিংশ শতিকাৰ শেষৰ সময়ছোৱাৰ সাহিত্যৰ, অৰ্থাৎ এই ৩০ বছৰৰ অসমীয়া সাহিত্যৰ ইতিহাসক সাম্প্ৰতিক যুগৰ সাহিত্য বুলি অভিহিত কৰিব বিচাৰে।

স্বৰাজোত্তৰ কালত অসমীয়া সমাজৰ মূল্যবোধ, চিন্তা-চৰ্চা আদিৰ পৰিৱৰ্তন সাধন হৈছে। সত্তৰৰ দশকৰ পৰা সেই মূল্যবোধ, চিন্তা-চৰ্চা আদি আৰু অনেক পৰিৱৰ্তন সাধন হৈছে জীৱন আৰু জগত সম্পৰ্কে মানুহে নতুন মূল্যবোধ গঢ়ি তুলিছে। এই নতুন জীৱনবোধ আৰু সমাজবোধৰ উপলব্ধিয়ে সত্তৰৰ দশকৰ পৰৱৰ্তী কালৰ অসমীয়া সাহিত্যত নতুন যুগৰ সূচনা কৰিছে আৰু যগ ধৰ্ম অনুযায়ী সাহিত্যৰ আঙ্গিক আৰু বিষয়বস্তুৰ আমূল পৰিৱৰ্তন সাধন হৈছে।

অসমীয়া উপন্যাস সাহিত্যইও বিংশ শতাব্দীৰ সত্তৰৰ দশকৰ পৰা বৈচিত্ৰ্যৰ মাজেৰে যাত্ৰা আৰম্ভ কৰে। এই সময়ছোৱাৰ ঔপন্যাসিকসকলে কেৱল সুখপাঠ্য। কাহিনী বৰ্ণনা কৰাৰ বিপৰীতে নিজৰ অধ্যয়ন বা অভিজ্ঞতাৰ মাজেদি লাভ কৰা একোটি ধাৰণাক কাহিনীৰ জৰিয়তে প্ৰকাশ কৰাত অধিক গুৰুত্ব আৰোপ কৰে। লগতে চৰিত্ৰৰ যি কোনো কার্য কলাপৰ আঁৰত থকা কাৰকৰ কথা বিশ্লেষণ কৰিবলৈ গৈ মনোবিশ্লেষণ বা মনস্তত্বৰ সূত্ৰ কথা উল্লেখ কৰি প্ৰতিটো চৰিত্ৰ স্পষ্ট ৰূপে চৰিত্ৰায়ণ কৰিবলৈ চেষ্টা কৰিছে।

যুদ্ধোত্তৰ যুগৰ দ্বিতীয় পৰ্বৰ নতুন লেখকসকলে ঐতিহাসিক, ৰাজনৈতিক, নদীকেন্দ্রীক, জীৱনীভিত্তিক, জনজাতীয় জীৱনভিত্তিক, বাস্তৱবাদী, কল্প-বিজ্ঞান ভিত্তিক, মহাকাব্যকেন্দ্রিক আদি বিভিন্ন বিষয়ৰ উপন্যাস ৰচনা কৰিবলৈ আৰম্ভ কৰে আৰু উপন্যাসৰ ক্ষেত্ৰলৈ মনস্তত্ব, অস্তিত্ববাদ, প্ৰকৃতিবাদ আদি বিভিন্ন দৰ্শন আৰু কৌশল ব্যাপকভাৱে আদৰি আমি অসমীয়া উপন্যাসলৈ নতুনত্ব তথ্য অভিনৱত্ব কঢ়িয়াই আনিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top