ASOS Class 12 Assamese (MIL) Chapter 21 লাচিত ফুকন

ASOS Class 12 Assamese (MIL) Chapter 21 লাচিত ফুকন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 21 লাচিত ফুকন and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 21 লাচিত ফুকন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 21 লাচিত ফুকন Solutions for All Subject, You can practice these here.

লাচিত ফুকন

Chapter : 21

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া:

১। দেৱকান্ত বৰুৱাক কিয় যুগসন্ধিৰ কবি বুলি কোৱা হয়?

উত্তৰঃ কাৰণ দেৱকান্ত বৰুৱাই ৰোমাণ্টিক যুগৰ শেষ আৰু আধুনিক যুগৰ আৰম্ভণিতে কবিতা ৰচনা কৰিছিল। এই দুই যুগৰ সন্ধিক্ষণত কবিতা ৰচা বাবে তেওঁক ‘যুগসন্ধি’ৰ কবি বুলি কোৱা হয়। 

২। দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ ‘সাগৰ দেখিছা’।

৩। অসমীয়া কাব্য সাহিত্যত নাটকীয় একোক্তি বা স্বগতোক্তি কোনে প্ৰথমে ব্যৱহাৰ কৰিলে?

উত্তৰঃ ইংৰাজী কবি ৰবাৰ্ট ব্রাউনিঙৰ নাটকীয় স্বগতোক্তি বা নিৰ্দনোক্তিৰ (dramatic monologue) আদৰ্শৰে অসমীয়া কাব্য সাহিত্যত নাটকীয় একোক্তি বা স্বগতোক্তি দেৱকান্ত বৰুৱাই প্ৰথমে ব্যৱহাৰ কৰিলে।

৪। ইব্রাহিম কোন?

উত্তৰঃ অতি ধৰ্মপৰায়ণ এজন ব্যক্তি। যিয়ে আল্লাৰ ইচ্চা পূৰণৰ বাবে নিজৰ পুত্ৰক বলি দিবলৈ অকণো সংকোচ কৰা নাছিল। 

৫। ‘মাতুল ঘাটক নবী’ বুলি কবিতাটিত কাক কোৱা হৈছে?

উত্তৰঃ কবিতাটিত ‘মাতুল ঘাটক নবী’ বুলি লাচিত বৰফুকনক কোৱা হৈছে। 

৬। ‘লাচিত ফুকন’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ স্বদেশ প্রেম মূলক কবিতা।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। কবিতাটিত ‘গাধৰ পাল’ বুলি কাক ব্যংগ কৰিছে? 

উত্তৰঃ কবিৰ মতে এতিয়াৰ (তেওঁৰ সময়ত) দেশনেতাসকল হ’ল ভণ্ডামিৰে ভৰা। তেওঁলোকে দেশখনৰ প্ৰকৃত সমস্যাৰ প্ৰতি মনোযোগ দিয়াৰ পৰিৱৰ্তে সাধাৰণ কথা কিছুমানতে লাগি থাকি প্ৰগতিৰ স্বাভাৱিক পথ ৰুদ্ধ কৰিছে। এইসকল দেশ নেতাই লোকেল ব’ৰ্ডৰ সদস্যপদ বা মন্ত্ৰীত্বকে জীৱনৰ সৰ্বস্ব বুলি ভাবে, এই আশাতহে দেশপ্ৰেমিকৰ ভাও জোৰে। এসময়ৰ গৌৰৱশালী এই অসমীয়া জাতিয়ে অতীত গৌৰৱ হেৰুৱাইছে। সিংহ পৰাক্ৰমী অসমীয়া জাতি আজি গাধত পৰিণত হৈছে। সংকীৰ্ণ চিন্তা-চৰ্চালৈয়ে তেওঁলোক ব্যস্ত। এইসকল নেতাক কবিতাটিত ‘গাধৰ পাল’ বুলি ব্যংগ কৰিছে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ স্বদেশানু ভুৱা স্বদেশানুৰাগ বুলি অভিহিত কৰিছে? যুক্তিসহ আলোচনা কৰা।

উত্তৰঃ ‘লাচিত ফুকন’নামৰ কবিতাটিত কবিয়ে অসমৰ সুযোগ্য বীৰ সন্তান লাচিতৰ স্বদেশপ্ৰেমৰ কথা সুঁৱৰিছে। সেই স্বদেশানুৰাগৰ কথা সুঁৱৰি বৰ্তমানক তাৰ লগত ৰিজাই চাবলৈ যত্ন কৰিছে আৰু দেশৰ এনে অৱস্থাৰ বাবে আক্ষেপ কৰিছে। তেওঁ প্ৰথমেই উল্লেখ কৰিছে যে বৰ্তমানৰ স্বদেশপ্ৰেমীসকল হ’ল নকল- নবীছ। অর্থাৎ অন্তৰৰ পৰা কোনেও একো নকৰে। স্বদেশপ্রেমী দেখুৱাবৰ বাবে প্রয়োজন হ’লে তেওঁলোকে নিজৰ মাজতে ব্যংগ যুদ্ধৰ অৱতাৰণা কৰে। 

দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘণ্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই বেদিত ৰাখি এওঁলোকে পৰিৱৰ্তন আনিব খোজে। এওঁলোকৰ স্বদেশ প্ৰেমৰ কোবাল সোঁতত দেশ টলমল কৰিবলৈ ধৰিছে, গছে, শিলে, বাঁহৰ তলে সকলোতে দেশপ্ৰেমৰ ঢৌ উঠিছে, কিন্তু দেশৰ মানুহ যে খাবলৈ নাপায় মৰিছে তাৰ কোনো খৰ ৰাখোতা নাই। বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত এইচাম দেশপ্রেমিকে কানিৰ মূল্য নিৰূপণতে ব্যস্ত থাকিব খোজে। সমস্ত শাস্ত্ৰৰ তলি উদং কৰিও এওঁলোকে মৰ আঁউসীত হাল বালে কেনেধৰণৰ পৰাচিত তাকে ঠিৰাং কৰিব নোৱাৰিলে বা মৃতকৰ কাম ত্রিশ দিনত কৰিব নে এঘাৰ দিনত কৰিব তাকে ঠাৱৰাব নোৱাৰিলে। অর্থাৎ এইসকল দেশহিতেশায়ে কেতবোৰ অৰ্থহীন কথাত লাগিত সময় নষ্ট কৰে; সমাজখনক ক্ৰমে কুপমুণ্ডকতালৈ লৈ যায় কিন্তু বাহিৰৰ পৃথিৱীখনৰ পৰিবৰ্তনৰ লগত খাপ খুৱাই দেশখনক আগবঢ়াই নিয়াৰ প্ৰতি এওঁলোকৰ কোনো প্রচেষ্টা নাই। এইচাম দেশপ্রেমিক হ’ল ভণ্ডামীৰে ভৰা। 

এওঁলোকে বক্তৃতাৰে ৰণ জিনিব পাৰে আৰু বে বাঁহৰ কামীত চূণ সানি লৈ ৰণ কৰিব পাৰে। কিন্তু এওঁলোকৰ স্বদেশ পূজাৰ মন্দিৰ হ’ল লোকেল ব’ৰ্ড। অর্থাৎ লোকেল ব’ৰ্ডৰ সদস্য পদ, এছেম্বলী বা মন্ত্রীত্ব আদিয়েই এওঁলোকৰ লক্ষ্য, এইবোৰৰ মাজেৰেহে এওঁলোকে দেশসেৱা কৰিব পাৰে। সেয়েহে এওঁলোকে লাচিতৰ দৰে প্ৰকৃত স্বদেশ-প্রেমী বীৰৰ ভাষা বুজি নোপাৱাই স্বাভাৱিক। এনে ধৰণৰ স্বদেশানুৰাগক কবিয়ে অতি সঠিকভাৱেই ভুৱা স্বদেশপ্ৰেম বুলি আখ্যায়িত কৰিছে।

২। ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ মাজেৰে কবিয়ে কামনা কৰা স্বদেশ প্ৰেমৰ ৰূপৰেখা অংকন কৰা।

উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবিয়ে অসম জননীৰ বীৰ সন্তান লাচিত বৰফুকনৰ বীৰত্ব ব্যঞ্জক কাহিনী আৰু দেশপ্ৰেমৰ কথা মনত পেলাই তাৰ সেই সুবিধাতে দেশৰ বৰ্তমান অৱস্থাৰ এটি বিৱৰণ দাঙি ধৰিছে আৰু এইক্ষেত্ৰত তেওঁ বিশেষভাৱে ভুৱা স্বদেশানুৰাগৰ কথাখিনি বৰ্ণনা কৰিছে।

উল্লেখ কৰিবলগীয়া কথা এইখিনি যে লাচিত বৰফুকনে মোগল সেনাক ৰোধিবলৈ ৰাতিৰ ভিতৰতে গড় বান্ধিবলৈ দিয়াত আৰু গড় বন্ধা কামত হেমাহি হোৱাত নিজৰ মোমায়েককে কটিছিল, নৰীয়া গাৰেই নাওত উঠি যুদ্ধ কৰি মোগল সেনাক খেদি পঠিয়াইছিল। সেয়ে তেওঁ লাচিতক দেৱতাৰ বাবে পুত্ৰৰ বুকুত তৰোৱাল বহুওৱা ইব্রাহীমৰ উদাহৰণ দাঙি ধৰিছে আৰু লাচিত ফুকনৰ ত্যাগৰ মূৰ্তি বুলি কোৱাৰ লগতে নবী (perfect) বা মহাপুৰুষ বুলিছে। কিন্তু তাৰ ঠাইত বর্তমান কেনে দেশপ্রেম হ’ল তাৰ নমুনা কবিতাটিৰ মাজেৰে বৰ্ণাইছে।

এই পবিত্র অসম ভূমিত এতিয়া প্ৰভুভক্ত গাধৰ পালহে বাস কৰে। যিসকলৰ প্ৰভুৰ আজ্ঞামতে বোজা বওতে বওতে পিঠিৰ ছাল বাকলি গৈছেগৈ। গতিকে লুইতৰ বিশাল পাৰত আজি অসমীয়া বুলি পৰিচয় দিব পৰা বীৰ নাই। প্ৰভুৰ চৰ-কিল পায়ো কাৰো গা নলৰে। সিংহৰ সন্তানসকলে আজি গাধৰ দৰে অৱস্থাটোকে মানি লৈছে।

ইফালে অন্ধ অনুকৰণকাৰীসকলে মুক্তিৰ নাম ব্যংগ যুঁজ কৰি ফাঁকিৰে দেশখন ভৰাই পেলাইছে। মন্দিৰত শংখ-ডবাৰ ঠাইত পিয়ানো বাজিব ধৰিছে, বেদীত মমৰ আৰতি চলিছে। কবিয়ে এনেবোৰ কথৰ মাজেৰে আধুনিকতাৰ নামত এচামে দেশখনলৈ অনা অর্থহীন অনুকৰণবিলাকৰ কথা দেখুৱাইছে, যিবোৰে লাহে লাহে আমাক আমাৰ পৰিচয়ৰ পৰা আঁতৰাই নিব। সেয়েহে তেওঁ কৈছে “মুক্তি পলাল দেখিকে পূজাৰ অদ্ভুত আয়োজন।” স্বদেশৰ নামত এওঁলোকে হাহাকাৰ কৰি মৰে অথচ দেশৰ মানুহৰ দূৰৱস্থাৰ বিষয়ে এওঁলোকে খবৰ নাৰাখে। 

সাধাৰণ নীতি-নিয়ম আদিৰ মাজতে সোমাই এইসকল দেশপ্রেমিকে বাহিৰৰ বিপ্লৱৰ বিষয় গমেই পোৱা নাই। বছৰি বীৰ স্মৃতিসভা পাতি দেশপ্ৰেমৰ বক্তৃতা দিয়াসকলে আবকাৰী দাৰোগাৰ চাকৰি একোটাৰ কাৰণে হাবাথুৰি খায়। লোকেল ব’ৰ্ডৰ সদস্যপদেই এওঁলোকৰ দেশসেৱাৰ মন্দিৰ বা কোনোমতে ওকালতি পাছ কৰাকে এওঁলোকে জ্ঞানৰ আৰু মন্ত্ৰীত্ব, এছেম্বলী আদিয়েই যাৰ আশা সেইসকলে দেশপ্রেমিকে লাচিতৰ ৰণৰ ভাষা কি বুজিব?

তথাপি তেওঁ ভাবে যে এতিয়াও দেশৰ বাবে বহু যুৱকৰ প্ৰাণে কান্দে আৰু বহুতেই লাচিতৰ দৰে বীৰৰ এটা আদেশৰ বাবে বাট চায় ৰয়। সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যেন তেওঁ আকৌ তেওঁৰ সেই দেশপ্ৰেমৰ মন্ত্ৰেৰে অসমত নিঃস্বার্থ সেনানীসকলক দেশৰ স্বাৰ্থত থিয় দিবলৈ আহ্বান জনায়। 

৩। দেশপ্রেমমূলক কবিতা কাক বোলে? দেশপ্ৰেমৰ নমুনা কবিতাটিত কেনেদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা।

উত্তৰঃ যিবোৰ কবিতাত নিজৰ দেশ তথা জাতিৰ প্ৰতি প্রেমভাৱ উঠে, উথলি উঠে,তেনে কবিতাকে স্বদেশ প্রেম মূলক কবিতা বোলে।

যিবোৰ কবিতাত নিজৰ দেশ তথা জাতিৰ প্ৰতি প্রেমভাৱ উথলি উঠে, তেনে কবিতাকে স্বদেশ প্রেম মূলক কবিতা বোলে। এনেবোৰ কবিতাত আমি সাধাৰণতে বিদ্ৰোহ আৰু আশাবাদ, এই দুয়ো ভাবেৰে প্ৰকাশ দেখিবলৈ পাওঁ। 

দেৱকান্ত বৰুৱাৰ ‘লাচিত ফুকন’ এটি দেশ প্রেমমূলক কবিতা। কবিতাটিত দেশ প্ৰেম আৰু আশাৰে আমাৰ অতীত ঐতিহ্যক বিচাৰ কৰি চাবলৈ সুবিধা দিছে। এইখন এনে এখন দেশ য’ত লাচিত বৰফুকনৰ দুৰ্জয় সাহস আৰু শৌর্য, ৱীৰ্থ, পৰাক্ৰমে অসমীয়া মানুহৰ মন উথলাই তুলিছিল। যাৰ ফলস্বৰূপে মোগলৰ বিশাল সেনা বাহিনীক অসমীয়া সেনাই পৰাজিত কৰিছিল। দেশৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে কৰ্তব্যত অৱহেলা কৰা মোমায়েককো হত্যা কৰিবলৈ লাচিতে কুণ্ঠাবোধ কৰা নাছিল।

কিন্তু এসময়ৰ গৌৰৱশালী এই অসমীয়া জাতিয়ে অতীত গৌৰৱ হেৰুৱাইছে। সিংহ পৰাক্ৰমী অসমীয়া জাতি আজি গাধত পৰিণত হৈছে। সংকীৰ্ণ চিন্তা- চৰ্চালৈয়ে তেওঁলোক ব্যস্ত। ৰাজনৈতিক ক্ষমতা দখলৰ আশাত এনেবোৰ অসমীয়াই আন্তৰিকতা বিহীনভাৱে লাচিত দিৱস পাতি বীৰ পূজা কৰিছে। কবিয়ে আশা কৰিছে আকৌ এবাৰ লাচিতৰ বজ্র নিনাদ বাজি উঠিব, অসমীয়া ডেকাৰ মনত দেশপ্ৰেমৰ অগনি জ্বলি উঠিব। কবিয়ে সেয়ে কৈছে—

আকউ এবাৰ শুনোৱা তোমাৰ আহবান বাণী,

আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগাপানী।

৪। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—

(ক) হে অসমৰ ত্যাগৰ মূৰ্তি মাতুল-ঘাতক নবী।

তোমাৰ আৰতি কৰিলে সিদিনা অসম-ভাগ্য ৰবি।। 

উত্তৰঃ বাখ্যেয় কবিতাংশ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট দেৱকান্ত বৰুৱা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। 

কবিয়ে কবিতাটিৰ মাজেৰে অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কথা স্মৰণ কৰিছে।

এইখন এনে এখন দেশ য’ত লাচিত বৰফুকনৰ দুৰ্জয় সাহস আৰু শৌর্য,বীর্য, পৰাক্ৰমে অসমীয়া মানুহৰ মন উথলাই তুলিছিল। যাৰ ফলস্বৰূপে মোগলৰ বিশাল সেনা বাহিনীক অসমীয়া সেনাই পৰাজিত কৰিছিল। দেশৰ প্ৰতি থকা  দায়িত্ববোধৰ বাবে কৰ্তব্যত অৱহেলা কৰা মোমায়েককো হত্যা কৰিবলৈ লাঠিতে কুণ্ঠাবোধ কৰা নাছিল।

(খ) ত্রিশ দিন আৰু এঘাৰ দিনৰ গচকত হায় পৰি। 

দুখুনী অসম জননীৰ দেহি কোঙা হ’ল হাত-ভৰি।।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট দেৱকান্ত বৰুৱা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবি বৰুৱাদেৱে লাচিত বৰফুকনৰ দেশপ্ৰেমৰ কথা সুঁৱৰি তেওঁৰ সময়ত দেশপ্ৰেমৰ নমুনা কেনে হৈছেগৈ তাৰে উদাহৰণ দিবলৈ গৈ এই কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

কবি বৰুৱাদেৱে ‘লাচিত ফুকন’ কবিতাটিতব্যংগভাৱে বহুকথা আলচ কৰিছে, ওপৰে ওপৰে চালে যিবোৰ কথা বুলি পোৱা টান। অসমীয়া সমাজখনত ধর্মীয়ভাৱে ভালেমান নীতি-নিয়মৰ পয়োভৰ আছে। বিশেষকৈ আঁউসী পূর্ণিমাত হাল বাব পায় নে নাপায়, মৃতকৰ কাম ত্রিশ দিনত কৰিব লাগে নে এঘাৰ দিনত কৰিব লাগে এইবোৰ লৈ আমাৰ সমাজ ভাঙি থান-বান হয়। সেয়েহে কবিয়ে খেদ কৰি কৈছে যে এইবোৰৰ গচকত পৰি অসমী জননীৰ হাত-ভৰি কোঙা হ’ল অৰ্থাৎ অসম দেশৰ গৌৰৱ কেনিও যাব নোৱাৰা হ’ল। এইবোৰৰ চৰ্চাতে নিমগ্ন অসমীয়াই অসমী জননীক কোঙা কৰি পেলালে।

(গ) মন্ত্ৰীত্ব যাৰ শেষ কল্পনা, এছেমব্লী যাৰ আশা। 

সিনো কি বুজিব হে বীৰ তোমাৰ ৰণ দুর্মদ ভাষা।

উত্তৰঃ বাখ্যেয় কবিতাংশ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট দেৱকান্ত বৰুৱা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিয়ে কবিতাটিৰ মাজেৰে অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কথা স্মৰণ কৰি তাৰ লগতে তেওঁৰ সমসাময়িক। দেশসেৱকসকলৰ দেশসেৱাৰ এটি নমুনা দাঙি ধৰিছে আৰু সেই প্ৰসংগতে এনে দেশসেৱকসকলৰ লক্ষ্য নো কি তাকে প্রকাশ কৰিছে।

কবিৰ মতে এতিয়াৰ (তেওঁৰ সময়ত) দেশনেতাসকল হ’ল ভণ্ডামিৰে ভৰা। তেওঁলোকে দেশখনৰ প্ৰকৃত সমস্যাৰ প্ৰতি মনোযোগ  দিয়াৰ পৰিৱৰ্তে সাধাৰন কথা কিছুমানতে লাগি থাকি প্ৰগতিৰ স্বাভাবিক পথ ৰুদ্ধ কৰিছে। এইসকল দেশ নেতাই লোকেল ব’ৰ্ডৰ সদস্যপদ বা মন্ত্রীত্বকে জীৱনৰ সৰ্বস্ব বুলি ভাবে, এই আশাতহে দেশপ্ৰেমিকৰ ভাও জোৰে। তেনে লোকে লাচিতৰ দৰে ত্যাগি বীৰপুৰুষৰ দুৰ্মদ ভাষা বুজি পোৱাটো সঁচাই অস্বাভাবিক।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। ৰোমাণ্টিক যুগৰ শেষৰগৰাকী কবি বুলি কাক কোৱা হয়?

উত্তৰঃ কলংপৰীয়া কবি দেৱকান্ত বৰুৱাক।

২। কোন গৰাকী ইংৰাজ কবিৰ আৰ্হিত দেৱকান্ত বৰুৱাই তেওঁৰ কবিতাত নাটকীয় স্বৰ্গতোক্তি ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ইংৰাজ কবি ৰৱাৰ্ট ব্রাউনিংৰ আৰ্হিত।

৩। যুগ সন্ধিৰ কবি কোন?

উত্তৰঃ দেৱকান্ত বৰুৱা।

৪। ‘সাগৰ দেখিছা’ কাব্য সংকলনখনত সৰ্বমুঠকেইটা কবিতা আছে?

উত্তৰঃ এই কাব্য সংকলনটিত মুঠতে একুৰি পোন্ধৰটি কবিতা আছে। 

৫। “লাচিত ফুকন’ কবিতাটি কোনখন কাব্য সংকলনৰ অন্তৰ্গত?

উত্তৰঃ ‘সাগৰ দেখিছা’ নামৰ কাব্য সংকলনখনৰ অন্তৰ্গত।

৬। বৰুৱাৰ কবিতাৰ প্ৰধান সুৰটি কি? 

উত্তৰঃ ইন্দ্ৰিয়গ্রাহ্য মানৱীয় প্ৰেম আৰু স্বদেশপ্ৰেম।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। দেৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ দেৱকান্ত বৰুৱা অসমীয়া কবিতাৰ ইতিহাসৰ এক সুপৰিচিত নাম।ৰোমাণ্টিক আৰু আধুনিক, এই দুয়োটা যুগসন্ধিত কবিতা ৰচনা কৰি, অসমীয়া কবিতাক ভাব-ভাষা- আংগিকৰ অভিনৱত্ববে এক স্বকীয় ৰূপ প্ৰদান কৰে। তেওঁৰ কবিতা পুঞ্জৰ কিছুমান সাধাৰণ বৈশিষ্ট্য আছে, যেনে—

দেবকান্ত বৰুৱা প্ৰেম আৰু যৌৱনৰ কবি। প্ৰেম তেওঁৰ কাব্য চিন্তাৰ মূল কেন্দ্রবিন্দু। এই প্রেম কবিৰ বাবে ইন্দ্ৰিয়াতীত প্ৰেম নহয়, বৰং ই দেহজ প্রেমৰ বন্দনাৰে মুখৰিত।

দেৱকান্ত বৰুৱাই ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় একোক্তিৰ আৰ্হিৰে অসমীয়া কবিতাক নতুন মাত্ৰা প্ৰদান কৰিছে। এই নাটকীয় একোক্তিয়ে বৰুৱাৰ প্রত্যেকটো কবিতাকে অধিক প্ৰাণৱন্ত কৰি তুলিছে।

ইয়াৰ উপৰিও ছন্দৰ সাৱলীলতা, শব্দ বাছনিত অভিনৱত্ব, কল্পচিত্ৰৰ সার্থক প্রয়োগ, কবি প্রসিদ্ধি পৰিহাৰ কৰি নতুন ভংগীত প্ৰেমৰ অভিনৱ প্ৰকাশ দেৱকান্ত বৰুৱাৰ কবিতাৰ মন কৰিবলগীয়া বৈশিষ্ট্য।

২। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান বাণী, আকউ এবাৰ ৰহা কৰি মৰোঁ লুতিৰ বগপানী।

উত্তৰঃ বাখ্যেয় কবিতাফাঁকি দেৱকান্ত বৰুৱাদেৱৰ ‘লাচিত ফুকন’ কবিতাৰ। কবিয়ে ‘লাচিত ফুকন’ নামৰ কবিতাটিত অসম ইতিহাসৰ উজ্জ্বল নক্ষত্র স্বৰূপ বীৰ যোদ্ধা লাচিত বৰফুকনৰ ত্যাগ আৰু বীৰত্বৰ সোঁৱৰণ কৰাৰ লগতে বৰ্তমান দেশপ্ৰেমিকসকলৰ ভণ্ডামিক অতি ব্যংগভাৱে আক্ৰমণ কৰিছে আৰু শেষত লাচিতৰ আদৰ্শক জীয়াই ৰাখিবলৈ যে এতিয়াও অসমীয়া ডেকাৰ অভাৱ হোৱা নাই সেই কথা প্ৰকাশ কৰিছে। আজিও দেশৰ অজস্ৰ সেনানীয়ে কি বিচাৰে তাকে বর্ণোৱাৰ প্ৰসংগত তেওঁ ওপৰৰ কবিতা দুফাঁকিত অৱতাৰণা কৰিছে।

করিয়ে লাচিত ফুকনক উদ্দেশ্যি কৈছে যে যদিওবা এতিয়াৰ দেশপ্রেমকিসকলৰ বেছিভাগেই ভণ্ড আৰু বেছিভাগেই ক্ষমতা বিচৰাত মত্ত তথাপি দেশ মাতৃৰ কাৰণে আজিও হাজাৰ হাজাৰ ডেকা ল’ৰাৰ হিয়াই বিনায়, তেওঁলোকে যেন লাচিতৰ দৰে নেতৃত্ব বিচাৰে। এতিয়াও লুইতৰ বগপানী ৰঙা কৰি হ’লেও দেশমাতৃৰ হকে যুদ্ধ দিবলৈ বহু সেনা সাজু আছে। মাত্র প্রয়োজন লাচিতৰ দৰে বীৰৰ হুকুমৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top