ASOS Class 12 Assamese (MIL) Chapter 18 নাৱৰীয়া

ASOS Class 12 Assamese (MIL) Chapter 18 নাৱৰীয়া, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 18 নাৱৰীয়া and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 18 নাৱৰীয়া

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 18 নাৱৰীয়া Solutions for All Subject, You can practice these here.

নাৱৰীয়া (ক)

Chapter : 18

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। ‘নাৱৰীয়া (ক)’ কবিতাটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? 

উত্তৰঃ ‘নাৱৰীয়া (ক)’ কবিতাটি কবিৰ ‘আপোন সুৰ’ কাব্যপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে। 

২। ‘নাৱৰীয়া (ক)’ শীর্ষক কবিতাটিত উল্লেখ কৰা নাৱৰীয়া গৰাকী প্রকৃততে কোন?

উত্তৰঃ কবিয়ে এই কবিতাত নিজকে এগৰাকী নাৱৰীয়াৰ ৰূপত কল্পনা কৰিছে।

৩। কোনখন কবিতা পুথিৰ বাবে দুৱৰাই সাহিত্য অকাডেমি পুৰস্কাৰ পাইছিল?

উত্তৰঃ ‘বনফুল’ কবিতা পুথিৰ বাবে তেওঁ ১৯৫৫ চনত সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিছিল।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। কবিতাটিত উল্লেখ কৰা ‘মালতী’ কোন? তেওঁ কাৰ লগত বাৰ্তালাপ কৰিছে?

উত্তৰঃ ‘মালতী’ হ’ল কবি-কল্পিত এগৰাকী মোহময়ী নাৰী। তেওঁ নাৱৰীয়াৰূপী কবিৰ লগত বাৰ্তালাপ কৰিছে। 

২। কবি যতীন্দ্র নাথ দুৱৰা প্ৰভাৱান্বিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা।

উত্তৰঃ ইংৰাজ কবি গ্রে. শ্বেলি, টেনিছন, কথা কবিতাৰ ৰুছ কবি টুর্গেনিভ, পাৰস্যৰ কবি ওমৰ খায়াম, হাফেজ আদিৰ কবিতাৰ প্ৰভাৱ দুৱৰাৰ কবিতাত দেখা যায়।

৩। যতীন্দ্ৰনাথ দুৱৰাই কোন গৰাকী বিদেশী কবিৰ কবিতাৰ আৰ্হিত কথা-কবিতা ৰচনা কৰিছিল?

উত্তৰঃ ১৯৩৩ চনত ৰুছ সাহিত্যিক টুর্গেনিভৰ Poems in Prose -অৰ আদৰ্শত ‘কথা-কবিতা’ নামৰ গদ্য পুথি প্ৰকাশ হৈছিল।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। ‘মালতী’ ৰ সৈতে হোৱা বাটৰুৱাৰূপী কবিৰ কথোপকথনখিনি বৰ্ণনা কৰা।

উত্তৰঃ কবিয়ে এই কবিতাত নিজকে এগৰাকী নাৱৰীয়াৰ ৰূপত কল্পনা কৰিছে। লাহে লাহে সন্ধিয়া নামি আহিছে আৰু তৰাবোৰে চিক্‌মিক্ কৰি মিচিকিয়াবলৈ ধৰিছে। মিলনৰ এটি সুৰ বতাহৰ কোলাত ওপঙি ফুৰিছে। এনে সময়তে নদীৰ পাৰত ফুলি থকা ফুলনিৰ মাজত কবিয়ে প্ৰত্যক্ষ কৰিছে ‘মালতী’ৰ ছবিখনি। মালতীয়ে নাও বাই বাই নদীৰ ঘাটৰ কাষ চপা নাৱৰীয়াক পৰিচয় সুধিছে। উত্তৰত নাৱৰীয়াই কৈছে যে তেওঁ অসীম সীমাৰ মাজত ভ্ৰমি ফুৰা এজন পথৰ পথিক। মালতীয়ে স্বাভাৱিকভাৱেই অকলশৰীয়া নাৱৰীয়াক ৰাতি হোৱা দেখি তেওঁলোকৰ ঘৰতে থকাৰ নিমন্ত্ৰণ দিছে। লগতে কৈছে যে সকলোৱে তেওঁক আদৰ-সাদৰ কৰিব আৰু দাস-দাসীয়ে প্ৰয়োজনীয় সেৱা কৰিব। কিন্তু নাৱৰীয়া আলহী হ’ব নোখোজে। তেওঁ নিজকে ক্ষুদ্র প্রাণী বুলি কৈছে আৰু তেওঁ এনে আদৰৰ যোগ্য নহয় বুলি জনাইছে। তদুপৰি তেওঁ নিজৰ প্ৰয়োজন নিজেই সাধিব বুলিও জনাইছে।

মালতীয়ে পুনৰবাৰ অনুৰোধ জনাইছে যে ৰাতি হৈ আহিছে আৰু আন্ধাৰ নামিছে। গতিকে লক্ষ্যবিহীনভাৱে এনেদৰে যাব নালাগে। নাৱৰীয়াই কৈছে যে তেওঁ অকলশৰীয়া নহয়। গছ-লতা, পশু-পক্ষীকে ধৰি এই প্ৰকৃতিৰ সকলো বস্তুৱেই তেওঁৰ আপোন। সেয়েহে তেওঁ নিজ মনে এনেদৰে গাও বাই আগুৱাই যায়। য’তে ৰাতি ত’তে কাতি হয় আৰু পুৱা উঠি দুগুণ উছাহেৰে এনেদৰে পাও মেলি ভটিয়াই যায়।

নাৱৰীয়াৰ এনে নিৰাশ মনোভাৱ দেখি মালতীয়ে জানিব খুজিছে ইমান নিৰাশ কিয়? মানুহৰ মৰম তেওঁ কেতিয়াও পোৱা নাই নেকি? অথবা তেওঁ হিয়াত কেতিয়াও আশাৰ মনোমোহা ছবি অঁকা নাই নেকি? এইবাৰ নাৱৰীয়া কৈছে যে মানুহৰ ভালপোৱা আছে যদিও তেওঁ সেই লৈ চিন্তিত নহয়, কাৰণ তেওঁ জগতক ভাল পায় আৰু জগতখনৰ সকলোৱেই তেওঁৰ প্রিয়। সেয়েহে তেওঁক ধন সোণ একোৰে প্ৰয়োজন নাই। এই বিশ্বলৈ তেওঁ সুদাহাতে আহিছে আৰু সুদা হাতে আঁতৰি যাবলৈ পালেই তেওঁ সুখী। কাৰণ তেওঁ জানে ধন-বস্তু সকলো দুদিনীয়া। তদুপৰি আশাও পাতৰ আগত লাগি থকা নিয়ৰৰ কণাৰ দৰে। নিয়ৰ যেনেকৈ দুপৰীয়া ৰ’দৰ তাপ পৰাৰ লগে লগে কেনি উৰি যায় কোনেও নেদেখে, মানুহৰ আশাও তেনেকুৱাই কোনো স্থায়িত্ব নাই।

মালতীয়ে প্রশ্ন কৰিছে যে তেওঁ সংসাৰত সুখৰ কণিকা নিবিচাৰে নেকিহ্ল নাৱৰীয়াই কৈছে সুখ ৰাতি জুই খেদাৰ দৰে। আচলতে সুখ দুখ সকলো মনৰ কল্পনা কাৰোবাৰ বাবে যিটো সুখ, অইন কাৰোবাৰ বাবে যি দুখো হ’ব পাৰে। মালতীয়ে পুনৰ সুধিছে যে ৰাতি যেতিয়া জগত নিতাল মাৰে তেতিয়া তেওঁ ক’ত থাকে? নাৱৰীয়াই মালতীক জনাইছে যে তেওঁ নিজৰ পঁজাত নতুবা গছৰ তলত মুকলি মুৰীয়া হৈ থাকে। ফাঁকি-ফুকা নথকা, সমাজৰ কঠোৰ শাসন নথকা নির্জন ঠায়েই তেওঁৰ থকা ঠাই।

এনেদৰে বহু কথা পতাৰ পিছত মালতী লাজত ৰাঙলী হ’ল। হিয়া আবেগেৰে পূৰ্ণ হৈ পৰিল। নাৱৰীয়াই তেনে সময়তে বিদায় মাগিলে। মালতীয়ে মাত্ৰ সুধিলে পুনৰ তেওঁৰ লগত দেখা হবনে? নাৱৰীয়াই জনালে যে তেওঁ সিপাৰত নীৰলে-নিজানে থাকে। যদি কেতিয়াবা ইপাৰত থাকি তেওঁৰ আমনি লাগে তেতিয়া সিপাৰত শান্তি বিচাৰি সিপাৰলৈ উঠিলেই তেওঁ নাৱৰীয়াক লগ পাব। এইখিনি কথোপকথনৰ মাজেৰেই কবিতাটিৰ সমাপ্তি ঘটিছে।

২। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা : 

(ক) সুখ দুখ একো নাই সকলোটি মিছা

ই এটি মনৰ কল্পনা 

যিটিয়ে তোমাৰ সুখ হ’ব পাৰে সিটি

অইনৰ দুখৰে ভাৱনা। 

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সান্নিবিষ্ট যতীন্দ্ৰনাথ দুৱৰা দেৱৰ নাৱৰীয়া (ক) কবিতাটিৰ পৰা তুলি হৈছে।

নদীৰ কাষত ফুলনি ডৰাত প্ৰত্যক্ষ কৰা মালতীৰ ছবিটিয়ে যেন নাৱৰীয়ৰূপী কবিক প্রশ্ন কৰিছে। তেওঁ কলৈ যাব, কিয় এনেদৰে অকলশৰে ঘূৰি ফুৰিছে ইত্যাদি। নাৱৰীয়াই মালতীৰ এনে বহু প্রশ্নৰ উত্তৰ দিছে। কিন্তু যেতিয়া মালতীয়ে নাৱৰীয়াৰ মনত এক নিৰাশাৰ ভাব দেখিবলৈ পাইছে, তেতিয়া সুধিছে যে তেওঁ সংসাৰত সুখৰ কণিকা অকণ নিবিচাৰেনে? মালতীৰ এই প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰসংগতে এই ফাঁকি কবিতাৰ অৱতাৰণা কৰা হৈছে।

নাৱৰীয়াই কৈছে যে সুখ দুখ বুলি সংসাৰত কোনো বস্তু বা উপলব্ধি নাই। সকলো আচলতে মনৰ কল্পনা। তদুপৰি সুখ দুখৰ ধাৰণাও তেনেই আপেক্ষিক। কাৰণ যিটি কথা বা কামে এজনৰ মনত সুখৰ সঞ্চাৰ কৰে সেই একেটা কথা বা কামে আন এজনৰ মন দুখৰ ভাবনাৰে শোকাকুল কৰি তুলিব পাৰে। গতিকে কবিয়ে তেওঁৰ এই ব্যক্তিগত ভাবৰ মাজেৰে এক চূড়ান্ত সত্যক প্ৰতিফলিত কৰিব বিচাৰিছে।

(খ) ফাঁকি-ফুকা য’ত নাই আৰু নাই য’ত

সমাজন কঠোৰ শাসন, 

সেয়ে মোৰ থকা ঠাই এই জগতত

সেই ঠাই অতি নিৰজন।

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি যতীন্দ্ৰনাথ দুৱৰা দেৱৰ নাৱৰীয়া (ক) শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে। 

কবিতাটিত নাৱৰীয়াই তেওঁৰ নিজৰ থকা ঠাই ক’ত তাকে বৰ্ণাবলৈ গৈ এই কথাৰ অৱতাৰণা কৰিছে। কবিতাটিত নাৱৰীয়া আচলতে কবি নিজেই। তেওঁ এই কবিতাৰ মাজেৰে দেখুৱাইছে যে মানুহৰ জীৱনটো এটা নাৱৰীয়াৰ দৰেই। ভাটিয়নী সোঁতত নাও এৰি মানুহে সিপাৰৰ ধুনীয়া দেশলৈ যাত্ৰা কৰে। তেওঁ দেখুৱাইছে যে মনে আচলতে ফাঁকি ফুকা নোহোৱা, হিংসা দ্বেষ নোহোৱা এটুকুৰা নির্জন ঠাই বিচাৰে। সমাজৰ কঠোৰ অনুশাসনে মানুহৰ জীৱনৰ স্বতঃস্ফূর্ত্ততা নোহোৱা কৰে। গতিকে তেওঁ তেনে অনুশাসন নথকা নির্জন ঠাইত থাকে। ইয়াৰ মাজেৰে ৰোমাণ্টিক কবিতাত স্বতঃস্ফুৰ্ত্ততা আৰু প্ৰকৃতিৰ বুকুলৈ প্ৰত্যাবৰ্তন আদি বৈশিষ্ট্যবোৰ অতি সুন্দৰ ৰূপত ফুটাই তোলা হৈছে।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। অসমীয়া কথা কবিতাৰ জনক কোন?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰা।

২। যতীন্দ্ৰ নাথ দুৱৰা একমাত্ৰ কথা-কবিতাৰ লক্ষণসমৃদ্ধ কাব্যপুথিখনৰ নাম কি?

উত্তৰঃ ‘কথা-কবিতা’।

৩। কোনখন কবিতাপুথিৰ বাবে যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰে?

উত্তৰঃ ‘বনফুল’।

৪। যতীন্দ্ৰ নাথ দুৱৰাই কিমান চনৰ অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুবিংশ অধিৱেশনত যতীন্দ্ৰ নাথ দুৱৰাই সভাপতিত্ব কৰিছিল। 

৫। যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতা পুথি কেইখনৰ নাম লিখা। 

উত্তৰঃ ‘ওমৰ তীৰ্থ’, ‘আপোন-সুৰ’, ‘বনফুল’, ‘মিলন সুৰ’ আৰু ‘মৰমৰ সুৰ’।

৬। যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কেতিয়া ক’ত হৈছিল? 

উত্তৰঃ ১৮৯২ চনৰ ৪ মাৰ্চত; শিৱসাগৰত।

৭। যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যু ক’ত কেতিয়া হৈছিল? 

উত্তৰঃ শিৱসাগৰত ১৯৬৪ বৰ্ষত।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। যতীন্দ্ৰ নাথ দুৱৰাই কিহৰ আলমত ‘কথা-কবিতা’ ৰচনা কৰিছিল?

উত্তৰঃ টুর্গেনিভৰ ‘Poems in prose’ ৰ অন্তৰ্গত ‘The Begger’ ৰ লগত দুৱৰাই ৰচনা কৰা ‘কথা-কবিতা’ৰ সাদৃশ্য আছে। আফ্ৰিকাৰ মহিলা লেখক অলিভ শ্রাইনৰৰ ৰচনাৰ আলমত যতীন্দ্ৰ নাথ দুৱৰাই ‘কথা-কবিতা’ ৰচনা কৰিছে। 

২। “নাৱৰীয়া’ (ক) কবিতাটিত উল্লেখ কৰা মালতী কোন? কিহৰ লগত তেওঁক দেখা পোৱাৰ কথা কৈছে? 

উত্তৰঃ ‘মালতী’কবিৰ মনৰ ভিতৰৰ এখনি ছবি। মিলনৰ এটি সুৰ বতাহৰ কোলাত ওপঙি ফুৰিছে আৰু তটিনী তীৰৰ ফুলি থকা ফুলনিৰ মাজত তেওঁ মালতীৰ ছবিটি দেখা পাইছে।

৩। “নহয় অকলে দেৱী জগতৰ মাজত 

আছে মোৰ শত লগৰীয়া,

পশু-পক্ষী গছ-লতা প্রকৃতি বুকুৰ

সকলোটি কেনেনো ধুনীয়া।।” –কবিতাফাকিত মমার্থ কি? 

উত্তৰঃ কবিয়ে এই কবিতা ফাঁকিৰ মাজেৰে ইয়াকে ক’ব বিচাৰিছে যে যিজনে গাটেই পৃথিৱীখনকে নিজৰ বুলি ল’ব পাৰে তেওঁৰ বাবে লগৰীয়াৰ কোনো অভাৱ নাই। গছ-লতা, পশু-পক্ষীকে ধৰি প্ৰকৃতিৰ সকলো বস্তুৱেই তেওঁৰ বাবে সুন্দৰ। সকলো তেওঁৰ আপোন। তেওঁ কেতিয়াও অকলশৰীয়া নহয়।

৪। “পথৰ পথিক মই ফুৰো ঘূৰি ঘূৰি

অসীমৰ সীমাৰ মাজত।” 

—কবিয়ে কিয় অসীমৰ সীমা থকাৰ কথা কৈছে?

উত্তৰঃ এই জগতখন অসীম। কিন্তু আমি এই অসীম সত্বাক বুজি নাপাও বা সেই অসীমক আমি স্পৰ্শও কৰিব নোৱাৰো৷ সেয়েহে মানুহ অসীমৰ মাজেৰে এক সীমাৰ ভিতৰত ঘূৰি ফুৰে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। ‘যতীন্দ্ৰনাথ দুৱৰা”ৰ এটি পৰিচয় দিয়া।

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ (১৮৯২-১৯৬৪) জন্ম শিৱসাগৰত। কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা তেওঁ ১৯১৩ চনত বি এছ ডিগ্ৰী লাভ কৰে। দুৱৰাই এম এ আৰু ল. অধ্যয়ন কৰিছিল যদিও সি সম্পূৰ্ণ নহ’ল।

যতীনৰ ‘য’ আৰু দুৱাৰৰ ‘দু’ মিলাই ‘যদু’ এই ছদ্মনামেৰেও তেওঁ কবিতা লিখিছিল। দুৱৰা স্কুলীয়া ছাত্ৰাৱস্থাৰ পৰাই কবিতাৰ ৰসাগ্রহী। কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যলৈ অহাৰ পিছত তেওঁৰ সাহিত্য-স্পৃহা আৰু কবি প্ৰতিভা বিকাশ হয়। পদ্মনাথ গোহাঞি বৰুৱাৰ ‘উষা’ত (১৯০৭) তেওঁ ছদ্মনামেৰে কবিতা লিখিছিল। ঊষাৰ পিছত যেতিয়া বেজবৰুৱাৰ বাঁহী (১৯০৯) ওলাল তাত তেওঁ বিশেষকৈ লিখিবলৈ ল’লে৷ তেওঁ নিজেও এইদৰে লিখি থৈ গৈছে, “ বেজবৰুৱা বাঁহীৰ লগতেই মোৰ সাহিত্যিক জীৱন আৰম্ভ হোৱা বুলি ধৰিব পাৰি।”

ইংৰাজ কবি গ্রে. শ্বেলি, টেনিছন, কথা কবিতাৰ ৰুছ কবি টুর্গেনিভ, পাৰস্যৰ কবি ওমৰ খায়াম, হাফেজ আদিৰ কবিতাৰ প্রভাৱ দুৱৰাৰ কবিতাত দেখা যায়। তেওঁৰ ওমৰ তীৰ্থ (১৯২৬) পাৰস্যৰ বিখ্যাত কবি ওমৰ খায়ামৰ ৰুবায়তৰ সুন্দৰ আৰু নিমজ অসমীয়া ভাঙনি। ১৯৩৩ চনত ৰুছ সাহিত্যিক টর্গেনিভৰ Poems in Prose -অৰ আদৰ্শত ‘কথা-কবিতা’ নামৰ গদ্য পুথি প্ৰকাশ হৈছিল। ‘কথা-কবিতা” দুৱৰাৰ প্ৰকাশিত দ্বিতীয় পুথি। আপোন সুৰ’ (১৯৩৮), বনফুল (১৯৫২) তেওঁৰ অন্যতম কবিতা পুথি। তেওঁৰ মৃত্যুৰ পিছত ‘মৰমৰ সুৰ’ (১৯৭৬) প্রকাশ পায়।

‘বনফুল’ কবিতা পুথিৰ বাবে তেওঁ ১৯৫৫ চনত সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিছিল। অসমীয়া গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ বঁটা পোৱা তেওঁ প্রথম অসমীয়া সাহিত্যিক।

১৯৫৫ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনৰ তেওঁ সভাপতি আছিল। 

২। নাৱৰীয়া কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃ নাৱৰীয়া কবিতাটিত কবিয়ে মালতীৰ লগত হোৱা আলোচনাৰ মাজেৰে এখন জীৱন্ত ছবি অংকণ কৰিব বিচাৰিছে আৰু এই সুন্দৰ পদ্ধতিৰ মাজেৰে তেওঁ জীৱন সম্পৰ্কত এক বিশেষ দৰ্শন প্ৰকাশ কৰাৰ চেষ্টা কৰিছে। তেওঁ দেখুৱাইছে যে জীৱন গতিশীল। জিৰাবৰ বাবে অকণো আহৰি নাই। জন্মৰ পিছৰে পৰা মানুহে ভটিয়নী সোঁতত নাও বাই আগুৱাই যাই জীৱনৰ সিপাৰৰ দেশলৈ। বাটৰ সকলো নিমন্ত্ৰণ ক্ষন্তেকীয়া। মানুহৰ ভালপোৱা, ধন, সম্পদ যদি কোনো বস্তুৱেই স্থায়ী নহয়। আশা-নিৰাশা বা দুখ সুখো সম্পূর্ণ আপেক্ষিক। তদুপৰি আমি যদিও কাৰোবাক আপোন বুলি ভাবো, নিজৰ জ্ঞান কৰোঁ, তাৰো আচলতে কোনো অর্থ নাই। আচলতে জগতখনক আপোন বুলি লোৱাজনৰ বাবে মানুহৰ মৰমৰ কোনো বিশেষ অর্থ নাথাকে।

মানুহৰনো আচলতে শান্তি ক’ত? কবিয়ে তাৰ ইংগিত দিছে যে হিংসা, দ্বেষ, ফাঁকি-ফুকা নথকা বা কঠোৰ শাসন নথকা মুকলি মুৰীয়া ঠাই কণতে মানুহে শান্তি পায়। কিন্তু জীৱনটো এনে স্বতন্ত্রভাবে নচলে। সেয়েহে কবিয়ে কৈছে যে আচলতে সিপাৰতহে মানুহে শান্তি পায়। কবি সেই শান্তিৰ আশাত। অর্থাৎ শান্তিৰ বাবে মানুহে পার্থিৱ মোহত আৱদ্ধ হৈ থাকিলে নহ’ব। জীৱনত কাৰোবাৰ মমতাৰ প্রয়োজন থাকিলেও বিশ্বখনেই যেতিয়া নিজৰ হৈ পৰিব তেতিয়াহে মানুহে প্রকৃত শান্তি লাভ কৰিব পাৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top