এচিয়ান গেমচ্ ৰচনা | Asian Games Essay in Assamese

এচিয়ান গেমচ্ ৰচনা | Asian Games Essay in Assamese

সূচনা, বিগত আঠবাৰ খেলৰ সম্যক জ্ঞান | Introduction, Knowledge of the Game for the Last Eight Times

Join Telegram channel

Table of Contents

এচিয়ান গেমক বিশ্বৰ সৰ্ববৃহৎ মহাদেশৰ নিজস্ব অলিম্পিক আখ্যা দিব পাৰি। ভাৰতবৰ্ষই পোনপ্ৰথমে এচিয়ান গেমচ্ অনুষ্ঠিত কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। এই গুৰুত্বৰ মূলতেই আছিল অলিম্পিকৰ অনুসৰণত এক ক্রীড়া প্রতিযোগিতাৰ আয়োজন। ভাৰতবৰ্ষৰ মাটিতেই ১৯৫০ চনত প্ৰথমবাৰৰ বাবে ৰাজধানী চহৰ দিল্লীত এচিয়ান গেমচ্ অনুষ্ঠিত কৰা হয় আৰু বৰ্তমানলৈকে প্ৰতি চাৰিবছৰৰ অন্তৰে অন্তৰে এই ক্রীড়া প্রতিযোগিতা পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে। ১৯৫৪ চনত দ্বিতীয় এচিয়ান গেমচ্‌ আয়োজক দেশ আছিল, ফিলিপাইনচ। ১৯৫৮ চনৰ তৃতীয় এচিয়ান গেমচ্ অনুষ্ঠিত হৈছিল জাপানৰ ৰাজধানী ট’কিঅ’ চহৰত। ইয়াৰ পিছত ক্ৰমে ইণ্ডোনেচিয়াৰ জাকাৰ্টা, থাইলেণ্ডৰ বেংকক তথা ইৰাণৰ তেহৰাণত এচিয়ান গেমচ্ অনুষ্ঠিত হৈছিল। ১৯৭৮ চনৰ অষ্টম এচিয়ান গেম কেন্দ্ৰ আছিল বেংকক।

এচিয়ান গেমচ্ ৰচনা | Asian Games Essay in Assamese

খেলা ধূলাত ভাৰতবৰ্ষৰ অনগ্ৰসতা | India’s underdevelopment in sports

এচিয়ান গেমত ভাৰতবৰ্ষৰ ভূমিকা আশানুৰূপ নহয়। ফুটবল, ভলীবল, হকী, বাস্কেটবল- এই সকলোতে ভাৰবতৰ্ষৰ স্থান ক্ৰমশঃ তললৈ আহি আছে। যি ভাৰতবৰ্ষই এদিন এচিয়ান গেমচ্‌ৰ স্বর্ণপদক জয় কৰিছিল, মেলবোৰ্ণ অলিম্পিকৰ ফুটবলত চতুর্থ স্থানলৈ গতি কৰিছিল সেই ভাৰতবৰ্ষই নৱম এচিয়ান গেমচ্‌ত শূন্যৰ মালা পিন্ধিব লগা হৈছিলগৈ। সেইদৰে নৱম এচিয়ান গেমচ্‌ত কোৱাৰ্টাৰ ফাইনেলত চৌদি আৰবৰ ওচৰত পৰাজয়বৰণ কৰিবলগা হৈছিল। পিছত দশম তথা দ্বাদশ এচিয়ান গেমচ্লৈ ভাৰতে ফুটবলৰ দল পঠাবলৈও সক্ষম নহ’ল। ইয়াৰ উপৰি হকী খেলৰ ৰজাস্বৰূপ ভাৰতবৰ্ষৰ বর্তমান অৱস্থা শোচনীয়। এচিয়া তথা বিশ্ব হকীত এতিয়া পাকিস্তানৰ আধিপত্য দিনকদিনে প্রকট হৈ উঠিছে। উল্লেখ্য যে অষ্টম, নৱম, দশম তথা একাদশ এচিয়ান গেমচ্‌ত ভাৰতে পাকিস্তানৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। অন্যহাতে ভলীবল আৰু বাস্কেট বলত ভাৰতবৰ্ষৰ পুৰুষ, মহিলা উভয় শাখাতে শোচনীয়ভাৱে পৰাজয় হয়। কিন্তু ইয়াৰ বিপৰীতে উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, থাইলেণ্ড, ইন্দোনেচিয়া আদি সৰু সৰু দেশসমূহে এথলেটিক্‌চতো বাদেই অন্যান্য খোলাতো দ্রুত প্ৰগতি লাভ কৰিছে।

Read Also: ক্রীড়াক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি ৰচনা | India’s Progress in Sports Essay in Assamese

নৱম গেমচ আৰু ভাৰতবৰ্ষ | 9th Games and India

নৱম এচিয়ান গেমচ্ অনুষ্ঠিত হৈছিল ১৯৮২ চনৰ শেষৰফালে দিল্লীত। এই গেমচ্‌ৰ ফলাফল অনুসৰি ৬১ টা স্বর্ণপদকসহ মুঠ ১৫৩ টা পদক লাভ কৰি গণ প্রজাতন্ত্র চীনে শীর্ষস্থান লাভ কৰিছিল। আনহাতে ৫৭ টা স্বর্ণপদকসহ জাপানে দ্বিতীয় স্থান অধিকাৰ কৰিছিল। ইয়াৰ পিছৰ স্থানত ক্ৰমে দক্ষিণ কোৰিয়া, উত্তৰ কোৰিয়া আৰু তাৰ পিছতে ভাৰতৰ স্থান। ১৩ টা স্বর্ণপদক, ১৯ টা ৰূপ আৰু ২৫ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৫৭ টা পদক লাভ কৰিছিল। সন্দেহ নাই যে ইয়াৰ পূৰ্বে ভাবতে ইমান পদক লাভ কৰাৰ উদাহৰণ নাছিল তথাপি ভাৰতৰ ভূমিকা উল্লেখনীয় বুলি ক’ব নোৱাৰি। অৱশ্যে ৪০০ মিটাৰ দৌৰত এম. ভি. বালচাম্মাই ভাৰতৰ প্রথম মহিলা ক্রীড়াবিদ হিচাপে নরম এচিয়ান গেমচ্‌তে নতুন ৰেকৰ্ড স্থাপন কৰিছিল।

দশম তথা একাদশ এচিয়ান গেমচ্ | 10th and 11th Asian Games

দশম এচিয়ান গেমচ্ অনুষ্ঠিত হৈছিল ১৯৮৩ চনত দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলত। ১৪ টা স্বর্ণপদক লাভ কৰি শীৰ্ষস্থান অধিকাৰ কৰিছিল চীনে। দ্বিতীয় তথা তৃতীয় স্থান লাভ কৰিছিল ক্ৰমে দক্ষিণ কোৰিয়া আৰু জাপানে। দশম এচিয়ান গেমচ্‌ত ভাৰতবৰ্ষ পঞ্চম স্থানতে ৰ’বলৈ বাধ্য হৈছিল। এই প্রতিযোগিতাত মহিলা এলিট পি. টি. ঊষাই ৪০০ মিটাৰ হাৰ্ডলচ, ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰ তথা ৪×৪০০ মিটাৰ ৰিলে দৌৰত স্বর্ণপদক লাভ কৰিছিল। একাদশ এচিয়ান গেমচ্‌ৰ আয়োজক দেশ আছিল চীন। চীনৰ ৰাজধানী বেইজিঙত ১৯৯০ চনৰ ২২ চেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই গেমচ্‌ত ৩৬ খন দেশৰ মুঠ ৫, ২৩১ জন প্রতিযোগী তথা কর্মকর্তাই অংশগ্ৰহণ কৰিছিল। এইবাৰো চীনদেশে ১৮৩ টা স্বর্ণপদক, ১০৭ টা ৰূপৰ পদক আৰু ৫০ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩৪১ টা পদকেবে শীর্ষস্থান অক্ষুণ্ণ ৰাখে। এই একাদশ এচিয়াদত ১ টা স্বর্ণ, ৮ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জৰ পদকসহ শোচনীয় প্রদর্শনেৰে ভাৰতবৰ্ষ একাদশ স্থানলৈ অবনমিত হয়। একমাত্র স্বর্ণপদকটি লাভ কৰিছিল কাবাডি প্রতিযোগিতাৰ যোগেদি।

দ্বাদশ এচিয়াদ | 12th Asiad

দ্বাদশ এচিয়ান গেমচ্ জাপানৰ বুৰঞ্জীপ্ৰসিদ্ধ হিৰোচিমাত ১৯৯৪ চনৰ ২ অক্টোবৰৰ পৰা ১৬ অক্টোবৰৰ পর্যন্ত অনুষ্ঠিত হৈছিল। এই প্রতিযোগিতাত সৰ্বমুঠ ৪২ খন দেশৰ ৭,৩০০ প্রতিযোগীয়ে অংশগ্রহণ কৰিছিল। উল্লেখযোগ্য যে বর্তমানলৈকে অনুষ্ঠিত হোৱা এচিয়ান গেমচ্ প্রত্যেক দেশৰ ৰাজধানী চহৰত অনুষ্ঠিত হৈছিল কিন্তু দ্বাদশ গেমচে এইনিময় উলংঘা কৰিছিল। তদুপৰি চোভিয়েট ইউনিয়নৰ পৰা বিচ্ছিন্ন হোৱা কাজাখাস্তান, ক্ৰিৰগিস্থান, তাজিকস্থান, তুর্কমেনিস্তান তথা উজবেকিস্থানে এই এচিয়াদত অংশগ্ৰহণ কৰিছিল। আনহাতে সম্পূৰ্ণ ২০ বছৰৰ পিছত কাম্বোডিয়া এচিয়ান গেমচ্লৈ ঘূৰি আহিছিল। এই এচিয়াদত ১৩৭ স্বর্ণ পদকসহ মুঠ ২৮৯ পদক লাভ কৰি চীন শীৰ্ষত। ইয়াৰ পিছতে ক্ৰমে দক্ষিণ কোৰিয়া, জাপান আৰু কাজাখাস্তানৰ স্থান। এইবাৰ ভাৰতে ৪টা স্বর্ণ, ৩টা ৰূপ আৰু ২৫ টা ব্ৰঞ্জপদক সহ অষ্টম স্থানত থাকে।

Read Also: Class 12th Education Solution

ত্রয়োদশ আৰু চতুৰ্দশ এচিয়ান গেমচ্ | 13th and 14th Asian Games

ত্রয়োদশ এচিয়ান গেমচ্‌ আয়োজক দেশ আছিল থাইলেণ্ড। বেংকক চহৰত ১৯৯৮ চনত অনুষ্ঠিত এই গেমচত ৪১ খন দেশৰ ৪,০০০ হেজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। মুঠ ইভেন্ট আছিল ৩৬ টা। চতুর্দশ এচিয়ান গেমচ্ অনুষ্ঠিত হৈছিল দক্ষিণ কোৰিয়াৰ পুচানত ২০০২ চনৰ ২৯ চেপ্তেম্বৰ পৰা ১৪ অক্টোবৰলৈকে। একবিংশ শতিকাৰ প্ৰথম এই এচিয়ান গেমচ্‌ত ৪৩ খন দেশৰ সৰ্বমুঠ ১৭,০০০ হেজাৰ প্ৰতিযোগী আৰু কৰ্মকৰ্তাই অংশগ্ৰহণ কৰিছিল। মুঠ ইভেণ্ট আছিল ৩২ টা। উল্লেখযোগ্য যে ত্রয়োদশ তথা চতুর্দশ দুয়োখন এতিয়াদতে চীনে শীর্ষস্থান অক্ষুণ্ণ ৰাখিছিল। অন্যহাতে ভাৰতৰ ক্ৰমাগত শোচনীয় অৱস্থাক উন্নত পৰ্যায়লৈ ধাৱমান কৰাত ব্যৰ্থ হৈছিল।

২০০৬ চনৰ দোহাত অনুষ্ঠিত এছিয়ান গেমছত ৪৫ খন দেশৰ প্ৰায় ১৩,০০ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এই গেমছত চীনে প্রথম স্থান, কোৰিয়াই দ্বিতীয় স্থান আৰু কাজাখস্থানে তৃতীয় স্থান লাভ কৰিছিল। ভাৰতবৰ্ষই ১০ টা সোণ, ১৭ টা ৰূপ আৰু ২৬ টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। উল্লেখযোগ্য যে এই গেমছত পিষ্টল ইভেন্টত তিনিটা সোণৰ পদক লাভ কৰি যশপাল ৰাণাই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল। অসমৰ হৈ ধনুর্বিদ জয়ন্ত তালুকদাৰে ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। পৰবৰ্তী এছিয়ান গেমছ ২০১০ চনত চীনত অনুষ্ঠিত হৈ যায়। এই গেমছত চীন শীৰ্ষত থাকে। ২০১৪ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত এছিয়ান গেমছতো চীন শীৰ্ষত থাকে। ভাৰতে ৰৰটা সোণ, ১০টা ৰূপ আৰু ৩৬টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

এছিয়ান গেমছৰ জৰিয়তে এছিয়া মহাদেশৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ তথা মৰমৰ এনাজৰী এডাল গঢ় লৈ উঠিছে। তদুপৰি এই গেমছৰ পৰাই অলিম্পিক্ খেলিবলৈ অনুপ্ৰেৰণা লাভ কৰি খেলুৱৈ সকলে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। অভিনৱ বিন্দ্ৰা, বিজেন্দ্ৰৰ কুমাৰ, প্ৰবীণ কুমাৰ, লিয়েণ্ডাৰ পেজ, দীপাংকৰ ভট্টাচাৰ্য আদি খেলুৱৈসকল তাৰেই উদাহৰণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top