Application to the CM of Assam praying for educated unemployment allowance | শিক্ষিত নিবনুৱা ভাট্টা বিচাৰি মাননীয় মুখ্যমন্ত্ৰীলৈ আবেদন

শিক্ষিত নিবনুৱা ভাট্টা বিচাৰি মাননীয় মুখ্যমন্ত্ৰীলৈ আবেদন।

Join Telegram channel

মাননীয়

মুখ্যমন্ত্ৰী মহোদয় সমীপেষু

অসম, দিশপুৰ

গুৱাহাটী।

তাৰিখ: ৩০/১১/২০১০

বিষয়: শিক্ষিত নিবনুৱা ভাট্টা বিচাৰি মাননীয় মুখ্যমন্ত্ৰীলৈ আবেদন।

মাননীয় মহাশয়,

অধীনৰ বিনীত নিবেদন এই যে মই কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাৱৰ এজন স্থায়ী বাসিন্দা। মোৰ ঘৰৰ অৱস্থা খুবেই বেয়া। মোৰ দেউতাই দিনহাজিৰা কৰি পৰিয়ালটো কোনোমতে পোহপাল দি আছে।

ময়ো বি.এ. পাছ কৰিও যোৱা দহ বছৰে নিবনুৱা হৈ বহি থাকিবলগীয়া হৈছোঁ। এমপ্লয়মেণ্ট এক্সচেঞ্জত নামভৰ্ত্তি কৰিও কোনো ধৰণৰ সংস্থান লাভ কৰা নাই। বহুত ঠাইত দৰ্খাস্ত দিছো আৰু সাক্ষাৎকাৰো দিছো, তথাপি চাকৰি এটা নাপালো।

উপায়হীন হৈ সেয়েহে মই শিক্ষিত নিবনুৱা ভাট্টা বিচাৰি আপোনাৰ ওচৰ চাপিছো। গতিকে চাকৰি নোহোৱা পৰ্য্যন্ত যাতে নিবনুৱা ভাট্টাই মোক কিছু আৰ্থিক সকাহ দিয়ে। 

আশাকৰোঁ এই দুৰ্ভগীয়াৰ প্ৰতি সদয় হৈ মহোদয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মোক এটা শিক্ষিত নিবনুৱা ভাট্টা দিয়াৰ ব্যৱস্থা কৰে। এয়ে মহোদয়ৰ ওচৰত মোৰ কাতৰ প্ৰাৰ্থনা।

ইতি,

আপোনাৰ একান্ত বিশ্বাসী

শ্ৰীহৰিচৰণ দাস

স্থান: চৌধুৰীপাৰা, ছয়গাও

জিলা: কামৰূপ গ্ৰাম                                    

Application to the CM of Assam praying for educated unemployment allowance.

To,

Hon’ble Chief Minister

Govt. of Assam 

Dispur, Assam

Date: 30/11/2010

Subject: Application to the CM of Assam praying for educated unemployment allowance.

Respected Sir,

With due respect, I beg to state that I am a permanent resident of Chhaygaon in the district of Kamrup (Rural). The economic condition of my family is very pathetic. My father is supporting his family with utmost difficulty by engaging himself as daily wage earner.

Even I have been living idle as educated unemployed for last ten years after my graduation. I have not got any employment even after getting registered my name in the Employment Exchange. I have applied in many places and I have been interviewed in some places, but I have failed to get a job.

Being helpless, therefore, sir, I am approaching you formally through this application praying for educated unemployment allowance. So that I get some relief economically till I get a job to sustain myself.

I hope your honour would be kind enough to provide me with educated unemployed allowance. This is my humble prayer to you.

Thanking you,

Yours faithfully,

Shri Haricharan Das

Place: Choudhurypara (Chhaygaon)

District: Kamrup (Rural)

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top