অমর্ত্য সেন ৰচনা | Amartya Sen Essay in Assamese

অমর্ত্য সেন ৰচনা | Amartya Sen Essay in Assamese

Join Telegram channel

অভাৱ নামক দৈত্য এটাৰ ত্ৰাসত আজি সমগ্র বিশ্ব স্তমান। এফালে ক্রমাগতভাৱে হ্রাসমান প্রাকৃতিক সম্পদ, আনফালে ব্যাপক বৰ্দ্ধিত জনসংখ্যাই বিশ্ববাসীৰ বাবে ভাত-কাপোৰৰ সমস্যাটোকে অতিশয় জটিল বৃহৎ সমস্যা কৰি তুলিছে। উৎপাদিত, উদ্ঘাটিত সম্পদ বৈষম্যমূলক বিতৰণে মুষ্টিমেয় সংখ্যক লোকক ভোগ-বিলাসৰ চূড়ান্ত সীমাত উপস্থাপন কৰাই গৰিষ্ঠ সংখ্যক লোকক পথৰ ভিকহুত পৰিণত কৰাই তেওঁলোকৰ জীৱন অন্ধকাৰাচ্ছন্ন কৰি তুলিছে।

অমর্ত্য সেন ৰচনা | Amartya Sen Essay in Assamese

এনে এক ভয়াবহ জটিল পৰিস্থিতিত জনসংখ্যা, উৎপাদন বৃদ্ধি আৰু সমবিতৰণৰ মাজত ভাৰসাম্য স্থাপন কৰিব নোৱাৰিলে বিশ্ববাসীৰ ভাত-কাপোৰৰ জলন্ত সমস্যাটোৰ কোনো ধৰণৰ সমাধান ওলোৱা টান। এই ক্ষেত্ৰত পুঁজিবাদী, সাম্রাজ্যবাদী শাসন-শোষণৰ প্ৰতিপালক, উদ্ভাৱক আৰু প্ৰবক্তা অর্থনীতিবিদসকলেও অর্থনীতিৰ বিমূৰ্ত তত্ত্বসমূহৰ চিন্তা-চৰ্চাৰে সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটোক অধিক জটিল কৰি তোলাৰ পৰিৱৰ্তে কল্যাণকামী অৰ্থনীতিৰ ওপৰত ব্যাপক গৱেষণা চলাই জনগণৰ ভাতকাপোৰৰ ঘাই সমস্যাটোৰ অন্ত পেলোৱাৰ প্ৰতি অধিক মনোনিৱেশ কৰা বাঞ্ছনীয়। সুখৰ বিষয়, অর্থনীতি বিষয়ত, ১৯৯৮ চনত বিশ্বৰ আপুৰুগীয়া বঁটা, নোৱেল বঁটা বিজয়ী অধ্যাপক অমর্ত্য সেন এই কল্যাণকামী অর্থনীতিৰে এগৰাকী বিদগ্ধ গৱেষক পণ্ডিত। তেওঁৰ এই সাফল্যত সমগ্ৰ ভাৰতবাসী উৎফুল্লিত আৰু গৌৰৱান্বিত।

নোবেল বঁটা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বঁটা ৰূপে স্বীকৃত। ডিনেমাইটৰ আৱিষ্কাৰক ড° আলফ্রেড বার্ণাড নোবেলৰ ইচ্ছানুসৰি তেওঁৰ সঞ্চিত ধনৰপৰা ৰয়েল ছুইডিছ একাডেমী অব্ চায়েঞ্চে’-এ সাহিত্য, বিজ্ঞান, চিকিৎসাশাস্ত্র, অর্থনীতি, বিশ্ব-শান্তি আদি কেতবোৰ বিষয়ত আগবঢ়োৱা অৱদানৰ ভিত্তিত বিশ্ব শ্রেষ্ঠজনলৈ এই বঁটা আগবঢ়ায়। একাডেমীয়ে সকলো ক্ষেত্ৰতে যে বিশ্বৰ শ্ৰেষ্ঠজনলৈকে এই বঁটা আগবঢ়াই আহিছে, এই কথা সত্য নহয়। ত্রুটিপূর্ণ বাছনিৰ বাবে ক্ষেত্র বিশেষে কম যোগ্যতাসম্পন্ন লোকো এই বঁটাৰ অধিকাৰী হৈছে আৰু যোগ্য লোকো বঞ্চিত হৈছে৷ উদাহৰণ হিচাপে সত্য, শান্তি, অহিংসাৰ পূজাৰী মহা মানৱ মহাত্মা গান্ধী, দিকপাল, সাহিত্যিক মেক্সিম গ’ৰ্কী, লিও টলষ্টয়, প্রখ্যাত অর্থনীতিবিদ ৰিচাৰ্ড কান, জোৱান ৰবিনচন, মৰিচ ডব আদি স্ব-স্ব ক্ষেত্ৰৰ খ্যাতিমান ব্যক্তি এই বঁটা প্ৰাপ্তিৰ ক্ষেত্ৰত বঞ্চিত হৈছে।

সেয়ে সময়ে সময়ে এই বঁটা সন্দৰ্ভত বিতৰ্কৰ ঢৌ উঠে। সপক্ষে বিপক্ষে বিভিন্নজনে আগবঢ়োৱা মতামতে প্ৰচাৰ মাধ্যমত তোলপাৰ লগায়। কিন্তু অধ্যাপক অমত্য সেনৰ নোবেল বঁটা প্রাপ্তিত কাৰো দ্বি-মত নাই। সকলোৱে যোগ্য জনেই এই বঁটা লাভ কৰা বুলি একমুখে স্বীকাৰ কৰাৰ মূলতে হ’ল এইগৰাকী অর্থনীতিবিদে জীৱন-ভৰ সাধনাৰে মানুহৰ কল্যাণৰ অৰ্থে কষ্টলব্ধ গৱেষণাৰে কল্যাণকামী অর্থনীতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদান।

জন্ম আৰু পৰিচয়

বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তিধাম শান্তিনিকেতনৰ গুৰুপল্লীত, ১৯৩৩ চনৰ ৩ নৱেম্বৰৰ এক শুভলগ্নত অমর্ত্য সেনৰ জন্ম হয়। পিতৃ ড° আশুতোষ সেন এগৰাকী ৰসায়নৰ কৃতি গৱেষক, অধ্যাপক, সুদক্ষ প্রশাসক আৰু ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিচনৰ সদস্য। মাতৃ অমিতা সেন হ’ল প্রখ্যাত পণ্ডিত প্ৰাচ্যশাস্ত্ৰ বিশাৰদ ক্ষিতিমোহন সেনৰ কনিষ্ঠা কন্যা। শান্তিনিকেতনৰ অধ্যাপনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি আশ্ৰমবাসীৰ জীৱন কটোৱা ক্ষিতিমোহন সেন বিশ্বকবিৰো বৰ প্ৰিয়পাত্ৰ আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰেই ক্ষিতিমোহন সেনৰ নাতিৰ অমর্ত্য নামকৰণ কৰিছিল। গতিকে অমর্ত্য সেনে পিতৃ-মাতৃ উভয় ফালৰপৰা শৈক্ষিক পৰিৱেশযুক্ত বুনিদায়ী পৰিয়ালত জন্মগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছিল।

শিক্ষা আৰু ছাত্রজীৱন

বাল্যকালৰ আদি ছোৱাত অমর্ত্য সেনে পিতৃ-মাতৃৰ সৈতে ব্ৰহ্মদেশৰ মান্দালয়ত থাকিব লগা হয়। ১৯৪২ চনত ককাদেউতাক ক্ষিতিমোহন সেনৰ তত্ত্বাৱধানত পঢ়া-শুনা কৰিবৰ বাবে পিতৃ-মাতৃয়ে তেওঁক শান্তিনিকেতনলৈ লৈ আহে আৰু পাঠ ভৱনত ভৰ্ত্তি হয়। চাকৰিসূত্রে পিতৃ-মাতৃ দূৰে দূৰে থাকিব লগা হোৱাত ক্ষিতিমোহন সেনেই তেওঁৰ পঢ়া-শুনাৰ তত্ত্বাৱধান লয়। সেয়েহে অমর্ত্য সেনৰ জীৱনত ক্ষিতিমোহন সেন আৰু শান্তিনিকেতন আশ্ৰমৰ প্ৰভাৱ অপৰিসীম। ১৯৪৯ চনত প্রথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ ১৯৫১ চনত শান্তিনিকেতনৰ শিক্ষা ভৱনৰপৰা আই. এছ. চি পৰীক্ষাত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান লাভ কৰি উত্তীর্ণ হয়। ইয়াৰ পিছত দেউতাকৰ বন্ধু প্রখ্যাত অর্থনীতিবিদ অধ্যাপক অমিয় দাশগুপ্তৰ পৰামৰ্শক্রমে অর্থনীতি বিষয়ত অনাই লৈ পেছিডেন্সি কলেজত বি. এ. শ্রেণীত ভর্তি হয়।

ইয়াতে অধ্যাপক ভৱতোষ দত্ত আৰু তাপস মজুমদাৰৰ প্ৰভাৱত অমর্ত্যৰ কল্যাণ অৰ্থনীতিৰ প্রতি আগ্রহ জন্মে। ১৯৫৩ চনত অর্থনীতিত অনাৰ্ছসহ প্রথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি বি. এ পৰীক্ষাত কৃতিত্বৰ পৰিচয় দি উচ্চ শিক্ষার্থে লণ্ডনৰ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ট্রিনিটি কলেজত বি. এ. শ্ৰেণীত ভৰ্তি হৈ ১৯৫৫ চনত এই কলেজৰপৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি বি. এ. আৰু ১৯৫৯ চনত প্ৰথম স্থান দখল কৰি এম. এ. পাছ কৰি সৰ্বশ্ৰেষ্ঠ ছাত্ৰ-ৰূপে ৰেনবেৰি স্কলাৰচিপ্‌ আৰু আদাম স্মিথ পুৰস্কাৰ লাভ কৰে। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ “উন্নয়নশীল দেশৰ যথাৰ্থ কৃৎ-কৌশলৰ নিৰ্বাচন” বিষয়ত গৱেষণা কৰি, পি. এইচ. ডি. লাভ কৰে। এই কেম্বিজ বিশ্ববিদ্যালয়তে তেওঁ প্ৰখ্যাত অর্থনীতিবিদ মচি ডব, ডেনিচ- ৰবাৰ্টচন, জোন ৰবিনচন, পিয়েৰো স্ৰাফা, নিকি কেলডৰ আদিক শিক্ষক হিচাপে পোৱাৰ সৌভাগ্য ঘটে আৰু এইসকল বিশ্বখ্যাত লোকৰ দ্বাৰা প্ৰভাৱান্বিত হয়। বিভিন্ন পৰীক্ষাসমূহত দেখুওৱা কৃতিত্বই তেওঁৰ অত্যন্ত মেধাৱী ছাত্ৰৰ স্বাক্ষৰ বহন কৰে।

Read Also: প্ৰণৱ মুখার্জী ৰচনা | Pranab Mukherjee Essay in Assamese

কৰ্মজীৱন

ছাত্ৰ-জীৱনৰ অন্তত, ১৯৫৬ চনত স্বদেশলৈ উভতি আহি মাত্র ২৩ বছৰ বয়সত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ প্ৰধান পদত যোদ দি অধ্যাপনাৰে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৬০ চনত এই বিশ্ববিদ্যালয়ৰ পৰাই ভিজিটিং প্রফেছৰ হিচাপে মেচাচুছেটচ্ ইনষ্টিটিউট অব্ টেকনোলজি আৰু ষ্টেনফোর্ড বিশ্ববিদ্যালয়ত যোগদান কৰে। ইয়াৰ ম্যাদ শেষ হোৱাৰ লগে লগে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ফেলো নির্বাচিত হৈ ট্রিনিটি কলেজত অধ্যাপনা কৰিবলৈ লয়। ১৯৬৩ চনত স্বদেশলৈ পুনৰ উভতি আহি “দিল্লী স্কুল অব্ ইকনমিক্স”ত অধ্যাপনা কৰি ১৯৭১ চনত “লণ্ডন স্কুল অব্ ইকনমিক্স”ত, ১৯৭৭ চনত অক্সফোর্ড বিশ্ববিদ্যালয়, ১৯৮৮ চনত হার্ভার্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। হার্ভার্ড বিশ্ববিদ্যালয়ত তেওঁ এনে সময়তে অর্থনীতি আৰু দৰ্শন দুয়োটা বিষয়তে অধ্যাপনা কৰে। ১৯৯৮ চনত ট্রিনিটি কলেজৰ ‘মাষ্টাৰ’ পদত নিযুক্ত হয়।

পৃথিৱীৰ নামী বিশ্ববিদ্যালয়সমূহত কৃতিত্বৰে অধ্যাপনা কৰাৰ বাহিৰেও তেওঁ ৰাষ্ট্ৰসংঘৰ এডভান্সড্ স্কুল এণ্ড টেকনলজিৰ চেয়াৰমেন পদত, ৰাষ্ট্ৰসংঘৰ এছিয়া বিষয়ক বিশেষজ্ঞ কমিটীৰ সদস্য পদত, দিল্লী বিশ্ববিদ্যালয়ৰ কৃষি-অর্থনীতি গৱেষণা কেন্দ্ৰৰ সন্মানীয় ডিৰেক্টৰৰ পদত; আমেৰিকান ইকনমিক ছোচাইটিৰ সভাপতি পদত আৰু বিভিন্ন অর্থনীতি বিষয়ক অনুষ্ঠানৰ বিভিন্ন পদত যোগ্যতাৰে কাৰ্য-নিৰ্বাহ কৰে। তেওঁৰ পাণ্ডিত্যৰ স্বীকৃতি স্বৰূপে বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহে তেওঁলৈ সন্মানসূচক বিভিন্ন উপাধি প্ৰদান কৰে।

অর্থনীতি বিষয়ৰ এগৰাকী উচ্চখাপৰ সাংবাদিক আৰু লেখক হিচাপেও তেওঁ গোটেই পৃথিৱীত জনাজাত। অর্থনীতি বিষয়ক বিভিন্ন পত্রিকা যোগ্যতাৰে সম্পাদনা কৰাৰ লগে লগে তেওঁ অর্থনীতি বিষয়ক বিভিন্ন কাকত, আলোচনীত ভালেমান গৱেষণামূলক প্রবন্ধ-পাতি প্রকাশ কৰে। তেওঁ ব্যক্তিগতভাৱে আৰু যৌথভাৱে ৰচনা কৰা আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা প্রায় দুকুৰিখন। তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ’ল চয়েচ অব্ টেকনিকছ, কালেক্টিভ চয়েচ এণ্ড ছোছিয়েল ওৱেলফেয়াৰ, অন ইকনমিক ইনইকুৱালিটি, এমপ্লয়মেন্ট, টেকনোলজি এণ্ড ডেভেলপ্‌মেণ্ট, পভার্টি এণ্ড ফেমিনছ, চয়েচ ওৱেলফেয়াৰ এণ্ড মেজাৰমেণ্ট, কমোডিটিজ এণ্ড কেপাবিলিটিচ, অন থিকচ এণ্ড ইকমিক্স পলিটিকেল ইকনমি অব্ হাঙ্গাৰ, ভাৰতীয় অর্থবিদ্যা, জীৱনযাত্রা ও অর্থনীতি ইত্যাদি।

গৃহস্থ জীৱন

১৯৬০ চনত বিবাহপাশত আবদ্ধ হোৱা অমর্ত্য সেনৰ প্ৰথমা পত্নী প্রখ্যাত লেখিকা নবনীতা দেবসেন। এওঁৰ পক্ষৰ দুগৰাকী কন্যা সন্তান- অন্তৰা আৰু নন্দনা। ১৯৭৫ চনত নবনীতা দেবসেনৰ সৈতে বিবাহ বিচ্ছেদ হোৱাত ১৯৭৮ চনত অর্থনীতিবিদ ইভা কার্লোনিক বিয়া কৰায়। এওঁৰ পক্ষৰ কবিৰ আৰু ইন্দ্ৰাণী নামৰ এহাল ল’ৰা-ছোৱালী। ১৯৮৫ চনত ইভাৰ মৃত্যু হয়। ইভাৰ মৃত্যুৰ পিছত অমর্ত্য সেনে ইতিহাসবিদ এমা ৰথাচাইল্ড-ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ঘৰুৱা জীৱনত বৰ সহজ-সৰল এই বিৰল প্ৰতিভাবৰ অধ্যাপক গৰাকী অত্যন্ত মানৱদৰদী। মানুহৰ কল্যাণ সাধনেই তেওঁৰ জীৱনৰ মূল লক্ষ্য। লগ-বন্ধুৰ সৈতে আড্ডা দি ভাল পায়। সেয়ে জীৱনৰ বেছিভাগ সময় বিদেশত কটাব লগীয়া হ’লেও বছৰত এবাৰ শান্তিনিকেতনৰ মেলাৰ সময়ত স্বদেশলৈ আহি লগ-বন্ধুৰ সৈতে মিলিত হয় আৰু শিক্ষাগুৰু সকলৰ সৈতেও দেখা কৰেহি। বিশ্বৰ শীর্ষস্থানীয় অর্থনীতিবিদ হৈয়ো তেওঁৰ চৰিত্ৰত এধানমানিও অহংবোধ নাই। অমর্ত্য সেনৰ চৰিত্ৰৰ মহত্ত্বও এইখিনিতে।

গৱেষণা

থোৰতে ক’বলৈ হলে সুতীক্ষ্ণ মেধাশক্তি, তীক্ষ্ণ পৰ্যৱেক্ষণ, অসাধাৰণ বিশ্লেষণ ক্ষমতা, প্ৰখৰ মানৱতাবোধ, একাণপতীয়াকৈ কষ্টসাধ্য গৱেষণাত লিপ্ত থাকিব পৰা মানসিকতা, বিশ্বৰ প্ৰায়ভাগ উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানত কৃতিত্বৰে অধ্যাপনা কৰাৰ বিৰল অভিজ্ঞতা আদিয়ে অমর্ত্য সেনৰ গৱেষণাৰ সাফল্যৰ মূল চাবি কাঠী। অধ্যাপক অমর্ত্য সেনৰ আগতে অর্থনীতিত নোবেল বঁটা লাভ কৰাসকলৰ মুষ্টিমেয় কেইজনমানৰ বাহিৰে অধিক সংখ্যকেই হ’ল বিমূৰ্ত তত্ত্বৰ অনুৰাগী দক্ষিণ পন্থী চিন্তাধাৰাৰ অৰ্থনীতিবিদ। পুঁজিবাদী আৰু সাম্ৰাজ্যবাদী শাসন-শোষণ অব্যাহত ৰখাৰ স্বাৰ্থত বুর্জোৱা অৰ্থনীতি লালন-পালন কৰাৰ হ’ল তেওঁলোকৰ গৱেষণাৰ মূল লক্ষ্য। কিন্তু শান্তি নিকেতনৰ আশ্ৰমগৃহত থাকি ককা-দেউতাক ক্ষিতিমোহন সেনৰ তত্ত্বাৱধানত বিশ্বকবি রবীন্দ্রনাথ ঠাকুৰৰ মানৱতাবোধৰ দ্বাৰা বাল্যকালৰপৰাই অনুপ্ৰাণিত অমর্ত্য সেনে যোৱা পাঁচ-ছয় দশক ধৰি গাণিতিক সূত্ৰ নিৰ্ভৰ তাত্ত্বিক, নৈর্ব্যত্তিক আৰু সামাজিক নীতি নিৰপেক্ষ অর্থনৈতিক ধাৰাটোৰ সহজলভ্য পথ পৰিহাৰ কৰি অৰ্থনৈতিক দিশৰপৰা সমাজৰ একেবাৰে দুৰ্বল শ্ৰেণীৰ মানুহৰ সমস্যাক লৈ এক অসম্ভৱপ্ৰায় জটিল গৱেষণা কাৰ্যত লিপ্ত হৈ পৰে।

মানুহৰ কল্যাণ সাধনৰ বাবে দৰিদ্ৰ, অনাহাৰ, অপুষ্টি আৰু দুৰ্ভিক্ষই হ’ল তেওঁৰ গৱেষণাৰ মূল বিষয়। সেয়ে লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁ অৰ্থনীতিৰপৰা দৰ্শন, দৰ্শনৰপৰা অৰ্থনীতিলৈকে বিচৰণ কৰিবলগা হোৱাৰ ফলত আন পণ্ডিতৰ তুলনাত গৱেষণাৰ পথাৰখনো বেছ বিস্তৃত হৈ পৰিল। মানৱ সম্পদ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় প্ৰয়াসৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সম্ভাৱনা সম্পর্কে এটা সন্তোষজনক সিদ্ধান্তত উপনীত হ’বলৈ তেওঁ থিওৰি অব্ প্ল্যানিং, ইক্‌নমিক্স অব্ এগ্রিকালচাৰ, থিওৰি অব্ ছোচিয়েল চইচ, ওয়েলফেয়াৰ ইকনমিক্স, কষ্ট বেনেফিট এনালিছিছ আৰু পভার্টি এণ্ড ফেমিন আদিৰ ওপৰত গৱেষণা চলাই সমাজ কল্যাণ সম্পর্কে কথা প্রচলিত ধ্যান-ধাৰণাৰ আমূল পৰিৱৰ্তন সাধন কৰে। কেতবোৰ গাণিতিক সূত্ৰ আৱিষ্কাৰ কৰা বা শ্বেয়াৰ বজাৰৰ ব্যৱসায় লাভজনক কৰি তোলাৰ দিশ নিৰ্ণয় কৰাটোকে তেওঁ অৰ্থনীতিৰ গৱেষণাৰ মূল লক্ষ্য বুলি নাভাবে। মানুহৰ কল্যাণৰ বাবে তেওঁ গৱেষণাৰ বৃহৎ অংশ ভাৰত আৰু আফ্ৰিকাৰ দৰিদ্ৰ দেশসমূহৰ মূল আর্থিক, সামাজিক সমস্যাসমূহৰ বিশ্লেষণ আৰু আলোচনাই আগুৰি আছে। এইবোৰ দেশৰ দুৰ্ভগীয়া মানুহবোৰক দুর্ভিক্ষ, অপুষ্টি, অশিক্ষা আৰু স্বাস্থ্যহীনতাৰ পৰা ৰক্ষা কৰাৰ দিশ উন্মোচন কৰাই হ’ল তেওঁ পৰম লক্ষ্য। তেওঁৰ মতে, নৈব্যক্তিক জ্ঞানৰ পোহৰ বিলোৱাটো নহয় অর্থনৈতিক কল্যাণৰ অনুসন্ধান কৰাটোহে অৰ্থনীতিবিদৰ প্ৰধান কৰ্ম।

এনে কল্যাণৰ অনুসন্ধানত ৰত থাকিয়ে তেওঁ অৰ্থনীতি আৰু দৰ্শনৰ মিলন সেঁতু ৰচি মৌলিক অর্থনৈতিক সমস্যাৰ আলোচনাত নৈতিকতাবোধক সংযুক্ত কৰিবলৈ সক্ষম হৈছে। সত্তৰ দশকৰ মাজভাগৰ পৰাই দাৰিদ্ৰ, ক্ষুধা আৰু দুর্ভিক্ষজনিত সমস্যাসমূহৰ বিষয়ে ইতিবাচক প্রবন্ধ, গ্ৰন্থ আদি ৰচনা কৰি তেওঁ আন আন অর্থনীতিবিদসকলক এইবোৰ বিষয়ত মনোযোগ দিবলৈ বাধ্য কৰাইছে। জনকল্যাণ বিষয়ক তেওঁৰ গৱেষণাই অর্থনীতি বিষয়টোক নতুন দিশৰ সন্ধান দিছে। এইবোৰ কথা বিচাৰ কৰিয়েই নোবেল বঁটা অকাডেমীয়ে তেওঁক নোবেল বঁটাৰে সন্মানীত কৰিছে। অমর্ত্য সেন সম্পর্কে নোবেল বঁটা প্ৰদান একাডেমীৰ বক্তব্য হ’ল- “দুর্ভিক্ষৰ কাৰণ অনুসন্ধানৰ ক্ষেত্ৰত কল্যাণ অৰ্থনীতিত তেওঁৰ অৱদান আৰু তাত্ত্বিক দৃষ্টিভংগীৰ প্ৰয়োগে আমালোকৰ চিন্তা-ভাৱনাক সমৃদ্ধ কৰিছে আৰু পৰৱৰ্তী প্ৰজন্মৰ গৱেষকসকলৰ বাবেও তেওঁ ভালেমান নতুন ক্ষেত্ৰত সন্ধান দিছে।” অকাডেমীয়ে উল্লেখ কৰা এই ভালেমান নতুন ক্ষেত্ৰৰ মাজতে লুকাই আছে অমর্ত্য সেনৰ অন্তহীন গৱেষণাৰ বিস্তৃত পথাৰখন।

Read Also: Class 11 Education Solution

সামৰণি

ভাৰত মাতৃৰ সু-সন্তান অমর্ত্য সেন এগৰাকী অদম্য সাহসী, বিৰল কষ্ট-সহিষ্ণু আৰু অতি নিষ্ঠাৱান গৱেষক। মানব কল্যাণৰ প্ৰতি থকা মনৰ অদম্য হেঁপাহৰ বাবেই তেওঁ অত্যন্ত কষ্টসাধ্য গৱেষণাত লিপ্ত হৈ, সকলো অৰ্থনীতিবিদৰ বাবেই নতুন পথৰ সন্ধান দি, অৰ্থনীতিৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে। তেওঁৰ গৱেষণাৰ ফলতে অর্থনীতিবিদসকলে শোষিত, বঞ্চিত, পীড়িত, দৰিদ্ৰ জনগণৰ প্ৰতি নতুন দৃষ্টিভংগী ল’ব লগা হৈছে। তেওঁ গৱেষণাৰ ভিত্তিতে UNDP-য়ে তৈয়াৰ কৰিছে মানৱ উন্নয়নৰ সূচক (Human Development Index)। কিন্তু অৰ্থনীতিৰ লাইখটাস্বৰূপে এইগৰাকী বিদগ্ধ অর্থনীতিবিদ পণ্ডিতৰ গৱেষণাৰ আজিও অন্ত পৰা নাই। তেওঁৰ গৱেষণাই, তেওঁৰ কল্যাণকামী অর্থনীতিয়ে বিশ্বৰ শোষিত, বঞ্চিত, পীড়িত, দৰিদ্ৰ জনগণৰ কিমানখিনি কল্যাণ সাধন কৰিব পাৰিব সেই প্রশ্নলৈ নগৈ নামি মাথো ইয়াকে ক’ব পাৰো যে অমর্ত্য সেনৰ গৱেষণাই এইসকল উপেক্ষিত মানুহৰ প্ৰতি সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ “প্রতীচী ট্ৰাষ্ট’ গঠন কৰি ভাৰত আৰু বাংলাদেশৰ স্বাস্থ্য আৰু শিক্ষা শিতানত খৰচ কৰাৰ সংকল্পলৈ স্বদেশপ্রীতি আৰু মানৱপ্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ গৱেষণাই শোষিত, বঞ্চিত, পীড়িত দৰিদ্ৰই জনগণৰ মুখত হাঁহি বিৰিঙাওক- এয়াই আমাৰ আশা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top