এইড্‌ছঃ এক ভয়াৱহ ব্যাধি ৰচনা | AIDS: A Terrible Disease Essay in Assamese

এইড্‌ছঃ এক ভয়াৱহ ব্যাধি ৰচনা | AIDS: A terrible disease Essay in Assamese

Join Telegram channel

এইড্‌ছঃ এক ভয়াৱহ ব্যাধি: জীৱশ্ৰেষ্ঠ মানুহৰ ক্ৰমাগত উন্নত চিন্তাচৰ্চাৰ মাধ্যমেৰে দিনে দিনে প্ৰগতিৰ জখলাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। নন চিন্তাচৰ্চাৰ বাবেই বৰ্তমান সময়ত অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক তথ্য বৈজ্ঞানিক আদি সকলো দিশতে সফলতা লাভ কৰিছে। বিজ্ঞানৰ চৰম প্ৰগতিৰ বাৱে মানুহে অসম্ভৱকো সম্ভৱ কৰিব পাৰিছে আৰু নিতৌ ন ন পৰীক্ষা-নিৰীক্ষা চলিয়েই আছে। বিজ্ঞানৰ চৰম উন্নতিয়ে অন্যান্য দিশৰ লগতে চিকিৎসা বিজ্ঞানৰ দিশতো যথেষ্ট ধনাত্মক প্রভাৱ পেলাইছে, ফল স্বৰূপে মানুহৰ মৃত্যুৰ সংখ্যা দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে। চিকিৎসা বিজ্ঞানে যিদৰে বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সফল হৈছে, তেনেদৰে আকৌ কিছুমান নতুন ৰোগ নিৰাময়ত বিফলো হৈছে।

এইড্‌ছঃ এক ভয়াৱহ ব্যাধি ৰচনা

বর্তমান সময়ত প্ৰতিৰোধৰ ক্ষেত্ৰত সফলতা লাভ কৰিব নোৱাৰা ৰোগ হৈছে- এইড্‌ছ। সমগ্র পৃথিৱীতে ভয়াৱহ ৰূপ লোৱা এই এইড্‌ছ ৰোগ হৈছে এবিধ ভাইৰাছজনিত ৰোগ। বৰ্তমান সমগ্ৰ বিশ্বত মুঠ জনসংখ্যাৰ প্ৰায় তিনি কোটিন লাখৰো অধিক লোক এই ৰোগত আক্ৰান্ত ৷ শেহতীয়া সমীক্ষা মতে, প্ৰতি বছৰে সমগ্ৰ বিশ্বত প্রায় বিশ লাখ আশী হাজাৰ লোক এইড্‌ছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ভাৰত বৰ্ষতো এইড্‌ছ ৰোগীৰ সংখ্য ৫০ লাখ ৭০ হজাৰৰো অতিক্ৰম কৰিছে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আকৌ এইড্‌ছ ৰোগৰ সংক্ৰমণৰ গতি ক্ৰমশঃ ক্ষীপ্ৰ হৈ আহিছে বুলি এইড্‌ছ কণ্ট্ৰ’ল ব’ৰ্ডৰ সমীক্ষাৰ পৰা জানিব পাৰি। উল্লেখযোগ্য যে বর্তমান কেৱল অসমতে এইড্‌ছ ৰোগীৰ সংখ্যা প্রায় ৪৩৭ জন হৈছেগৈ।

এইড্‌ছ ৰোগৰ উৎপত্তি

এইড্‌ছ (AIDS) শব্দটোৰ সম্পূৰ্ণ নাম হৈছে Acquired Immunodeficiency Syndrome ই এনে এক ৰোগ, যিয়ে আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি পেলায়। ফলস্বৰূপে দেহত এবাৰ আৰম্ভ হোৱা যিকোনো ৰোগ এইড্‌ছৰ প্ৰভাৱত প্ৰতিষেধক ল’লেও উপশম নহয়; বৰঞ্চ ৰোগীক মৃত্যুৰ মুখলৈহে ঠেলি দিয়ে।

এইড্‌ছ ৰোগৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল সঠিককৈ কোৱা টান যদিও প্রথম ধৰা পৰিছিল ১৯৮১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু প্ৰায় লগে লগে ইউৰোপৰ বিভিন্ন ঠাইতো ইয়াৰ বীজাণু ধৰা পৰে। পিছত ১৯৮৩ চনত পেৰিছৰ কেইজনমান গৱেষকে এইড্‌ছ ৰোগৰ ভাইৰাছ আৱিষ্কাৰ কৰিছিল ৷ ভাৰত বৰ্ষত এই ৰোগ সংক্রমণ হোৱাটো প্ৰথম ধৰা পৰে ১৯৮৬ চনত মুম্বাইত ৷ ভাৰত বৰ্ষত বেছিকৈ এইড্‌ছ ৰোগী পোৱা ৰাজ্যকেইখন হৈছে- মহাৰাষ্ট্ৰ, কেৰালা, পাঞ্জাৱ, মণিপুৰ আৰু ৰাজধানী চহৰ দিল্লী। অসমত ১৯৯০ চনত প্ৰথমগৰাকী এইড্‌ছ ৰোগী চিনাক্ত হৈছিল। শেহতীয়া তথ্য মতে, (২০০৯ চনৰ মে’ মাহ পর্যন্ত) অসমত ৩,৩০৮ গৰাকী লোকং শৰীৰত এইছ আইভি বীজাণু থকাৰ তথ্য পোৱাৰ বিপৰীতে এইড্‌ছ আক্রান্ত লোক সৰ্বমুঠ ৯২৮জন চিনাক্ত কৰা হৈছে।

Read Also: ৰেগিং – এক সামাজিক ব্যাধি ৰচনা | Ragging – a social disease Essay in Assamese

এইড্‌ছ ৰোগৰ লক্ষণ

এইড্‌ছ আক্ৰান্ত ৰোগীৰ সাধাৰণতে প্ৰথম অৱস্থাত স্পষ্টভাৱে এইড্‌ছ হৈছে বুলি ধৰা পেলাব পৰা নাযায়৷ এনে ৰোগীৰ সাধাৰণতে বিভিন্ন সংক্রামক ৰোগে দেহত ঠাই লয়। এজন সুস্থ মানুহৰ দেহত ৰোগ প্রতিহত কৰিব পৰা ক্ষমতা থকাৰ বিপৰীতে এইড্‌ছ ৰোগীয়ে উক্ত ক্ষমতা হেৰুৱাই পেলায় বাবে বিভিন্ন সংক্রামক ৰোগে ৰোগীৰ দেহ আগুৰি ধৰে ৷ সাধাৰণতে এইড্‌ছ ৰোগ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত এজন ৰোগীৰ শৰীৰত বিভিন্ন ৰোগাদিৰ সূত্ৰপাতৰ পৰা পৰিবৰ্ধন হোৱালৈকে পাঁচ মাহৰ পৰা পাঁচ বছৰপৰ্যন্ত সময় লয়। এই ৰোগৰ প্ৰধান লক্ষণসমূহ হৈছে.বহুদিন ধৰি জ্বৰ হৈ থকা, শৰীৰৰ ওজন হ্ৰাস হোৱা, বহুদিন ধৰি কাহ হৈ থকা, বহুদিন ধৰি পনীয়া শৌচ হৈ থকা, শৰীৰত অত্যধিক যন্ত্রণা অনুভৱ কৰা, ৰাতি ৰাতি শৰীৰৰ পৰা ঘাম নিৰ্গত হোৱা, ছালত খজুৱতি বা জ্বৰশৃং আদি ওলোৱা তথা শৰীৰৰ বিভিন্ন স্থানত টেমুনাজাতীয় গাঙঠি উঠা ইত্যাদি। অৱশ্যে এইটো উল্লেখ কৰিব পাৰি, এই লক্ষণসমূহ দেখা দিলেই যে এজন লোকৰ এইড্‌ছ হৈছে, তাক সঠিককৈ ক’ব নোৱাৰি। অন্য কাৰণতো এই লক্ষণসমূহে দেখা দিব পাৰে। গতিকে এনে লক্ষণে দেখা দিলে চিকিৎসকৰ দ্বাৰা সঠিক পৰীক্ষা-নিৰীক্ষা কৰিহে প্রকৃত সত্য নিৰূপণ কৰিব পৰা যায়।

Read Also: Class 12 Education Question Answer

এইড্‌ছ ৰোগ সংক্ৰমণ হোৱাৰ কাৰণ

এইড্‌ছ ৰোগ মূলতঃ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাসৰ ফলতেই হয় আৰু এই ক্ষমতা হ্ৰাসকৰণত মুখ্য ভূমিকা গ্ৰহণ কৰে HIV (Human Immunodeficiency Virus) নামৰ ভাইৰাছবিধে। এই ভাইৰাছবিধে দেহৰ শ্বেত ৰক্ত কোষবিলাক ধ্বংস কৰে। তাৰ ফলস্বৰূপে ৰোগ প্ৰতিৰোধী ক্ষমতা হ্রাস হয় আৰু সাধাৰণ জীৱাণুৰ সংক্ৰমণতে ৰোগীজন মৃত্যুমুখলৈ আগবাঢ়ে।এইড্‌ছ ৰোগ সংক্রমণ হোৱাৰ বিভিন্ন কাৰণ হৈছে-

(ক) এইড্‌ছ আক্রান্ত লোকৰ পৰা তেজ ল’লে।

(খ) এইড্‌ছ আক্রান্ত লোকৰ শৰীৰত দিয়া বেজী সুস্থ লোকৰ শৰীৰত দিলে।

(গ) এইড্‌ছ আক্রান্ত মহিলা বা পুৰুষৰ লগত মুক্ত যৌন সম্পৰ্ক কৰিলে।

(ঘ) এইড্‌ছ আক্ৰান্ত মাতৃৰ শৰীৰৰ পৰা গৰ্ভস্থ সন্তানৰ শৰীৰলৈও সংক্রমিত হয়।

কি কি কৰিলে এইড্‌ছ ৰোগৰ সংক্ৰমণ নহয়

বৰ্তমান সময়ত এইড্‌ছ ৰোগ সম্পর্কে বিশ্ব এইড্‌ছ নিয়ন্ত্ৰণ সংস্থাই বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে। এই ৰোগৰ ভয়াৱহতা সম্পর্কে প্রায় লোকেই জনা হৈছে যদিও আমাৰ ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশত; বিশেষকৈ নিৰক্ষৰ তথা পিছপৰা শ্ৰেণীৰ লোকৰ মাজত এই ৰোগ সংক্রমণ সম্পর্কে ভিন ভিন বিশ্বাস তথা উৰা বাতৰি প্ৰচাৰ হৈ আহিছে। এইক্ষেত্ৰত স্পষ্ট কৰি দিব পাৰি যে এইড্‌ছ আক্ৰান্ত ৰোগীৰ সৈতে কৰমৰ্দন কৰিলে, একেটা পাত্ৰত আহাৰ গ্ৰহণ কৰিলে, চুমা খালে, একেটা স্নানাগাৰ বা শৌচাগাৰ ব্যৱহাৰ কৰিলে, মহে কামুৰিলে এইড্‌ছ ৰোগ সংক্ৰমিত নহয়।

এইড্‌ছ ৰোগ প্ৰতিৰোধৰ উপায়

সজাগতাই হৈছে এইড্‌ছ ৰোগ প্ৰতিৰোধৰ প্ৰধান উপায়। সেয়ে ৰক্ত গ্ৰহণ কৰাৰ সময়ত যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰা, বেজি লোৱাৰ সময়ত ডিছপোজেল ছিৰিঞ্জ ব্যৱহাৰ কৰা, অপৰিচিত লোকৰ সৈতে যৌন সম্পৰ্ক কৰোতে কনডম ব্যৱহাৰ কৰা আদি মানি চলিলে বহুক্ষেত্ৰত এইড্‌ছ প্ৰতিৰোধ কৰিব পাৰি। এইড্‌ছ ৰোগ প্ৰতিৰোধ মানেই হৈছে সজাগতা, সেয়ে ‘Prevention is better than cure’ কথাষাৰ মানি চলাই শ্রেয়।

সামৰণি

মানৱ জীৱন অতিকৈ অমূল্য। সেয়ে এনে মূল্যৱান জীৱনক অকালতে ধ্বংস হ’বলৈ নিদি প্রত্যেকেই নিজৰ জীৱনক সুন্দৰ কৰি তুলিবলৈ প্ৰয়াস কৰা উচিত। এইড্‌ছৰ দৰে ভয়াৱহ ৰোগবিধক সংহাৰ তথা নিঃশেষ কৰাৰ দায়িত্ব আমাৰ সকলোৰে। সেয়ে আমি ইয়াৰ সজাগতা বৃদ্ধি কৰিবলৈ সকলো মাৰ বান্ধি ওলাই আহিব লাগিব। কাৰণ সুস্বাস্থ্যৰ আঁৰতেই থাকে সুন্দৰ চিন্তাধাৰা আৰু সুন্দৰ চিন্তাধাৰা মানেই দেশৰ প্ৰগতি।

আমি আশা কৰিছো এইড্‌ছঃ এক ভয়াৱহ ব্যাধি ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ এইড্‌ছঃ এক ভয়াৱহ ব্যাধি ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top