বিশ্বকাপ ক্রিকেট ৰচনা | World Cup Cricket Essay in Assamese

বিশ্বকাপ ক্রিকেট ৰচনা | World Cup Cricket Essay in Assamese

Join Telegram channel

সম্প্রতি ক্রিকেট খেল বিশ্ববাসীৰ বাবে এটা অতি জনপ্রিয় খেল হিচাপে দিনে দিনে ব্যাপক জনপ্ৰিয় হৈ উঠিছে। 

ক্রিকেট ভাৰতৰো এবিধ জনপ্রিয় খেল। কথাছবিৰ তাৰকাৰ দৰে ক্ৰিকেটৰ তাৰকাৰো বৰ সমাদৰ। অসমতো এইবিধ খেলৰ অনুৰাগী দৰ্শক দিনে দিনে বাঢ়িছে। অসমৰ গাঁৱে-ভূঞে পথাৰতো ল’ৰাই জেওৰা খুঁটিৰে উইকেট্ সাজি ক্রিকেট খেলটো এতিয়া সাধাৰণ দৃশ্যত পৰিণত হৈছে। ভাৰতৰ খেল থাকিলে কাম-কাজ এৰি অসমতো মানুহে টি.ভি.ৰ সমুখত বহি থাকে। চৰকাৰী কাৰ্যালয়তো উপস্থিতিৰ সংখ্যা কমে।

বিশ্বকাপ ক্রিকেট ৰচনা | World Cup Cricket Essay in Assamese

ক্রিকেট উৎপত্তি | The Origin of Cricket

অসমত আগতে টাংগুটি নামৰ এবিধ খেল আছিল, তাৰ নিময়বোৰ ক্ৰিকেটৰ লেখীয়াই, পিছে ক্ৰিকেটৰ জন্ম হৈছিল ইংলণ্ডত দ্বাদশ-ত্রয়োদশ শতিকামানত। কোনোৱে ফৰাচী Criquet শব্দৰ পৰাই ক্ৰিকেটৰ জন্ম হৈছিল বুলি ক’ব খোজে। কিন্তু সেই সময়ত ফ্ৰান্সত তাৰ প্ৰচলনৰ বিষয়ে জানিবলৈ পোৱা নাযায়।

প্রতিযোগিতা

ইংলণ্ড; ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, নিউজিলেণ্ড, শ্রীলংকা, দক্ষিণ আফ্রিকা, বাংলাদেশ, কেনিয়া আদিৰ পিছত লাহে লাহে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে। প্ৰথমতে দুখন দেশৰ মাজত একোলানি টেষ্ট খেলাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। এনেকৈ প্ৰতিযোগিতাৰ মাজেদি দেশবোৰৰ মাজত পাৰস্পৰিক সৌহার্দ্যৰ ভাব বিনিময় হ’ল। একোখন টেষ্ট সচৰাচৰ পাঁচ দিনীয়া হয়। সময়ৰ খৰচ, সাজ পাৰ, ক্রীড়া-সামগ্ৰী, খেলপথাৰ, খোৱা-বোৱা এই সকলো ধৰি ই এক অভিজাত খেল ৰূপে পৰিগণিত হৈছিল। কালক্ৰমত দীঘলীয়া টেষ্টৰ লগে লগে এদিনীয়া ক্রিকেট অথবা সীমিত অভাৰৰ ক্ৰিকেট আৰম্ভ হ’ল । আন্তর্জাতিক পৰ্যায়ত এদিনীয়া ক্রিকেটে মর্যাদা লাভ কৰিলে আৰু এনেকৈয়ে বিশ্বকাপ ক্ৰিকেটৰ জন্ম হ’ল।

Read Also: টেষ্ট ক্রিকেট বনাম এদিনীয়া ক্রিকেট ৰচনা | Test Cricket vs ODI Cricket Essay in Assamese

প্রথম বিশ্বকাপ

ইংলণ্ডত ভ্ৰমণকাৰী দলৰ স’তে খেলা টেষ্টৰ পিছফালে সীমিত অভাৰৰ (৫০ অভাৰ) ক্রিকেট প্রতিযোগিতাৰ সূচনা ১৯৭২ চনতে হৈছিল যদিও প্রকৃত অৰ্থত প্রথম বিশ্বকাপ প্রতিযোগিতা হৈছিল ১৯৭৫ চনৰ ৭ জুনৰপৰা ২১ জুনলৈ। ইংলণ্ডতে হোৱা এই প্রতিযোগিতাত মুঠতে ৮ খন দেশে যোগদান কৰিছিল। এই প্রতিযোগিতাৰ আয়োজক আছিল প্রুডেন্সিয়েল নামৰ বিখ্যাত বীমা সংস্থা। সেয়ে ইয়াক প্রথম প্রুডেন্সিয়েল বিশ্বকাপ বোলা হৈছিল। এখন উত্তেজনাপূর্ণ খেলত অষ্টেলিয়াক ১৮ ৰাণত পৰাজিত কৰি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ পোন প্রথম বিজয়ীব মুকুট পিন্ধিছিল ওৱেষ্ট ইণ্ডিজে। ইংলণ্ড আৰু নিউজিলেণ্ডে ছেমি ফাইনেল পাইছিল। ফাইনেলত শ্ৰেষ্ঠ খেলুৱৈ হৈছিল ক্লাইভ লয়ড্। অস্ট্রেলিয়া দলত তেতিয়া ডেনিচ্ লিলী, গেৰী গিলমৌৰৰ লেখীয়া বেগী বলাৰ আছিল। এই প্রতিযোগিতাত ভাৰতে লাভ কৰিছিল পঞ্চম স্থান।

১৯৭৯ চনত ৯ জুনৰপৰা ২৩ জুনলৈ দ্বিতীয় প্ৰুডেন্সিয়েল বিশ্বকাপ পুনৰ ইংলণ্ডতে অনুষ্ঠিত হৈছিল। এইবাৰো বিজয়ী হৈছিল ৱেষ্ট ইণ্ডিজ দল। ফাইনেলত ৯২ ৰাণত পৰাজিত হৈছিল ইংলণ্ড। ছেমি ফাইনেলত উপনীত হোৱা দুটা দল আছিল পাকিস্তান আৰু নিউজিলেণ্ড! ভাৰতৰ স্থান হৈছিলগৈ শেষত। ভিভিয়ান ৰিচাৰ্ডে শ্রেষ্ঠ খেলুৱৈৰ সম্মান পাইছিল।

তৃতীয় বিশ্বকাপ

১৯৮৩ চনত ৯ জুনৰপৰ৷ ২৫ জুনলৈ ইংলণ্ডত অনুষ্ঠিত হোৱা তৃতীয় বিশ্বকাপ প্রতিযোগিতাত কপিল দেৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে ইতিহাস ৰচনা কৰিলে। দুর্দান্ত ৱেষ্ট ইণ্ডিজক ফাইনেলত পৰাজিত কৰি ভাৰত বিশ্বকাপ বিজয়ী হ’ল। ভাৰতে ৫৪.৪ অভাৰত মুঠতে কৰিছিল ১৮৩ ৰাণ, কিন্তু ৱেষ্ট ইণ্ডিজ দল ৫২ অভাৰতে ১৪০ ৰাণত অলআউট হৈ গ’ল ৷ ভাৰতৰ মহীন্দৰ অমৰনাথ শ্রেষ্ঠ খেলুৱৈৰূপে পৰিগণিত হয়। এই প্রতিযোগিতাতে জিম্বাবুৱেৰ বিৰুদ্ধে কপিল দেৱে ১৭৫ ৰাণৰ অভিলেখ সৃষ্টি কৰিছিল।

চতুর্থ বিশ্বকাপ

চতুর্থ বিশ্বকাপ প্রতিযোগিতা বিলায়েঞ্চ কাপ ৰূপে প্ৰসিদ্ধ, ইয়াৰ খেলসমূহ ভাৰত আৰু পাকিস্তানত হৈছিল। ১৯৮৭ চনৰ ৮ অক্টোবৰৰপৰা ৮ নৱেম্বৰলৈ আগৰবাৰৰ দৰেই মুঠ আঠোটা দলৰ ভিতৰত হোৱা এই ৪ৰ্থ বিশ্বকাপ প্রতিযোগিতাৰ বিজয়ী আছিল এলান বৰ্ডাৰৰ নেতৃত্বাধীন অস্ট্রেলিয়া দল। ফাইনেলত ৭ ৰাণত পৰাজিত হৈছিল ইংলণ্ড দল। ভাৰত আৰু পাকিস্তান ছেমিফাইনেলত পৰাজিত হৈছিল। ফাইনেলত শ্রেষ্ঠ খেলুৱৈ হৈছিল ডেভিড বুন।

পঞ্চম বিশ্বকাপ

পঞ্চম বিশ্বকাপৰ খেলসমূহ অনুষ্ঠিত হৈছিল অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডত। বেনচন্ আৰু হেজেছ বিশ্বকাপ ৰূপে খ্যাত এইবাৰৰ প্ৰতিযোগিতাত দক্ষিণ আফ্রিকাকে ধৰি ন খন দেশে অংশগ্রহণ কৰিছিল। ১৯৯২ চনৰ ২২ ফেব্ৰুৱাৰীৰপৰা ২৫ মাৰ্চলৈকে এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল। ইমৰান খানৰ নেতৃত্বত পাকিস্তান দলে ইংলণ্ডক হৰুৱাই বিজয়ী হৈছিল। নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকা ছেমি ফাইনেলত পৰাজিত হৈছিল। ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছিল ৱাচিম আক্ৰাম।

ষষ্ঠ বিশ্বকাপ

ষষ্ঠ বিশ্বকাপ উইলছ বিশ্বকাপ ৰূপে অনুষ্ঠিত হয় ১৯৯৬ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ১৭ মাৰ্চলৈ। খেলসমূহ হৈছিল ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাত। কেনিয়া, সংযুক্ত আৰব গণৰাজ্য আৰু হলেণ্ডৰ যোগদানৰ ফলত এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দল হৈছিল ১২ টা। শ্রীলংকাই অস্ট্রেলিয়াক ৭ উইকেটত পৰাজিত কৰি বিশ্বকাপ বিজয়ীৰ তালিতাত নাম চিহ্নিত কৰিলে ৷ ছেমি ফাইনেল পোৱা আন দুটা দল আছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজ। ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল অৰবিন্দ ডা-চিল্ভা। প্রতিযোগিতাত শচীন টেন্ডুলকাৰ আৰু অনিল কুম্বেলেই ক্রমান্বয়ে বেট আৰু বলত শ্রেষ্ঠতা প্ৰদৰ্শন কৰিলেও সামগ্ৰিকভাৱে ভাৰতৰ প্ৰদৰ্শন আশানুৰূপ নাছিল।

সপ্তম বিশ্বকাপ

সপ্তম বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনি অনুষ্ঠিত হৈছিল ১৯৯৯ চনত ইংলণ্ডত। মুঠ ১২ টা  দলে অংশ গ্ৰহণ কৰা এই প্রতিযোগিতাত ফাইনেল খেলখন খেলিছিল অষ্টেলিয়া আৰু পাকিস্তানে ৷ অষ্ট্ৰেলিয়াই পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰি বিশ্বকাপ বিজয়ী হয়। এই খেলত শ্রেষ্ঠ প্ৰদৰ্শনৰ বাবে অষ্টেলিয়াৰ চেন ৱাৰ্ণক শ্রেষ্ঠ খেলুৱৈ বঁটা আৰু দক্ষিণ আফ্ৰিকাৰ লেন্স ব্লুজনাৰক মেন অৱ ডা ছিৰিজ বঁটা প্ৰদান কৰে।

Read Also: Class 10 Assamese Solution

অষ্টম বিশ্বকাপ

অষ্টম বিশ্বকাপ ২০০৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈ যায়। এই বিশ্বকাপত ভাৰত আৰু অষ্টেলিয়াৰ মাজত ফাইনেল খেল অনুষ্ঠিত হয়। ভাৰতৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে পুনৰ অষ্ট্ৰেলিয়া চেম্পিয়ন হয়। এইবাৰ মেন অব্ ডা মেচ বঁটা লাভ কৰে ৰিকি পন্টিঙে। ভাৰতৰ হৈ এই বিশ্বকাপত শচীন তেণ্ডুলকাৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে।

২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেটৰ আয়োজক দেশ আছিল ৱেষ্ট ইণ্ডিজ্‌। এই প্রতিযোগিতাত ভাৰতৰ প্ৰদৰ্শন অতিশয় দুৰ্বল আছিল; যাৰ পৰিণাম স্বৰূপে লিগ মেছতে বাংলাদেশৰ ওচৰত পৰাজয় স্বীকাৰ কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব লগা হৈছিল। এই বিশ্বকাপত অষ্ট্ৰেলিয়া আৰু শ্ৰী লংকাৰ মাজত চূড়ান্ত খেলখন হৈছিল আৰু অষ্ট্ৰেলিয়া দলটি চূড়ান্ত বিজয়ী হৈছিল। সুন্দৰ প্ৰদৰ্শনৰ বাবে চূড়ান্ত খেলৰ ‘মেন অব দা মেছ’ সন্মান লাভ কৰিছিল আদাম গ্রিলখ্রিষ্টে। ২০০৭ চনৰ বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰোতা অছিল মেথিউ হেডেন আৰু সাৰ্বাধিক উইকেট লওতা আছিল গ্লেণ্ড মেকগ্রাথ। মেকগ্রাথেই মেন অব দা চিৰিজৰ দৰে সন্মানো লাভ কৰিছিল।

২০১১ চনৰ বিশ্বকাপ ক্রিকেট খেল ভাৰত, শ্রীলংকা, বাংলাদেশ আৰু পাকিস্তানে সমূহীয়াকৈ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে সন্ত্রাসবাদী কাৰ্য কলাপৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট সংস্থাই শেহতীয়াকৈ পাকিস্তানত হ’ব লগা খেলকেইখন বাতিল কৰে। এই বিশ্বকাপৰ আৰম্ভণি খেলখন বাংলাদেশৰ শ্বেৰ-ইবাংলা ষ্টেডিয়ামত অনুষ্ঠিত হয় আৰু প্ৰথম খেলখন ভাৰত আৰু বাংলাদেশ মুখামুখি হয়। ভাৰতে জয়লাভ কৰা এই প্রথম খেলখনতেই ২০১১ বিশ্বকাপৰ প্ৰথম শতক অৰ্জন কৰে বীৰেন্দ্ৰ সেৱাগে। চৰৰ বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল মুম্বাইৰ বাংখাড়ে ষ্টেডিয়ামত শ্রীলংকা আৰু ভাৰতৰ মাজত। তীব্ৰ উৎকণ্ঠাৰে পূৰ্ণ এই খেলৰ বিজয়ী হাঁহি ভাৰতবৰ্ষই মাৰিবলৈ সক্ষম হয়। যুৱৰাজ সিং মেন অৱ দা মেচ ঘোষিত হয়।

২০১৫ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত বিশ্বকাপ ক্রিকেটত অস্ট্রেলিয়াই নিউডিলেগুক ৭ উইকেটত হৰুৱাই বিজয়ী হৈছিল। এই বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শন আছিল দুখলগা বিধৰ। চেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৯৫ ৰাণৰ ব্যৱধানত ভাৰত হাৰ মানিবলগীয়া হয়।

সামৰণি

বিশ্বকাপ ক্রিকেট প্রতিযোগিতাই বিশাল প্ৰচাৰ লভিবলৈ সক্ষম হৈছে। আনহাতে ই বিপুল অর্থ ব্যয়ৰ খেল। খেলুৱৈসকলো আর্থিক দিশত প্ৰচুৰ লাভৱান হয়। কিন্তু ঘাই কথা দেশৰ সন্মান, তাৰ বাবে দায়বদ্ধ, পৰিকল্পিত ক্রীড়া-নৈপুণ্যহে আমি সদায় বাঞ্ছা কৰো।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top