ছুনামি ৰচনা | Tsunami Essay in Assamese

ছুনামি ৰচনা | Tsunami Essay in Assamese

Join Telegram channel

প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্ক অতি পুৰণি। সভ্যতাৰ আৰম্ভণি, বিকাশ আদি সকলো ক্ষেত্ৰতে মানুহে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীয়াই থাকে। মানুহৰ বাবে প্ৰকৃতি হৈছে মাতৃস্বৰূপা। প্রকৃতিয়ে উদাৰ হৃদয়েৰে মানুহক যুগ যুগান্তৰে সৰ্বস্ব দান কৰি আহিলেও কিন্তু প্ৰকৃতিৰ আধিপত্যৰ ওচৰত মানুহ সদায় পৰাজিত হৈ আহিছে। প্ৰকৃতিৰ ওপৰতেই সকলো নিৰ্ভৰ কৰিলেও এই প্ৰকৃতিৰ ওচৰতেই কেতিয়াবা মানুহ অসহায় হৈ পৰে। সেয়ে হয়তো কোৱা হয় মানুহ প্ৰকৃতিৰ দাস।

ছুনামি ৰচনা | The Tsunami Essay in Assamese

প্ৰকৃতিৰ খাম-খিয়ালি | The envelope of nature

প্ৰকৃতিৰ নিয়মৰ অনুৱৰ্তী সূৰ্য পূবত উদয় হৈ পশ্চিমত মাৰ যায়, দিনৰ পিছত ৰাতি হয়, নৈ বৈ যায়, বতাহ বলে, গছ-লতিকা পত্রে-পুষ্পে সু-শোভিত হয়। এনে স্বাভাৱিক নিয়ম-নীতিৰ বিপৰীতে কেতিয়াবা প্ৰকৃতিৰ চৰিত্ৰতো খাম-খেয়ালিয়ে দেখা দিয়ে আৰু তেতিয়াই মানুহৰ জীৱনলৈ নামি আহে অবর্ণনীয় দুর্যোগ। ভয়ংকৰ হৈ উঠে প্রকৃতি আৰু সংহাৰ ৰূপ ধাৰণ কৰি মানৱ সমাজত ত্ৰাসৰ সৃষ্টি কৰে। প্ৰকৃতিৰ এই ৰুদ্ৰমূৰ্তিক বিজ্ঞানৰ চৰম আৱিষ্কাৰেও সেও মনাব পৰা নাই আৰু ভৱিষ্যতেও সম্পূৰ্ণ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আৱিষ্কাৰ কৰিব পাৰিব বুলি একে আষাৰে ক’ব নোৱাৰি। কাৰণ মানুহ সদায় প্ৰকৃতিৰ হাতৰ পুতলা। ইয়াৰ উৎকৃষ্ট উদাহৰণ, ২০০৪ চনৰ ২৬ ডিচেম্বৰত হোৱা প্ৰলয়ংকৰী ছুনামি ৷ ছুনামিৰ অৰ্থ হৈছে সামুদ্রিক ঢৌ। মূল জাপানী শব্দৰ পৰা লোৱা ছুনামি শব্দটো বৰ্তমান সময়ত সকলোৰে বাবে পৰিচিত। জাপানী ভাষাত ‘ছু’ মানে পোতাশ্ৰয় আৰু ‘নামি’ মানে ঢৌ। বিজ্ঞানীসকলে মত পোষণ কৰিছে যে সমুদ্ৰৰ অটল তলীত বিশাল ফাটৰ সৃষ্টি হলেই ভূমিকম্পৰ সৃষ্টি হয়। তেওঁলোকৰ মতে সম্প্ৰতি পৃথিৱী নিজ কক্ষপথত ঘূর্ণন পৰিমাণ তিনি মাইক্ৰ চেকেণ্ড বৃদ্ধি হোৱাৰ বাবেই এনে অভাৱনীয় পৰিৱৰ্তন ঘটিছে।

Read Also: অভয়াৰণ্য- ৰাষ্ট্ৰীয় উদ্যান ৰচনা | Sanctuaries- National Parks Essay in Assamese

ছুনামি হোৱাৰ কাৰণ আৰু ব্যাপকতা

ছুনামি সৃষ্টি হোৱাৰ মূলতেই হৈছে সাগৰৰ তলীত হোৱা আগ্নেয়গিৰিৰ উদ্‌গিৰণ বা ভূমিকম্প। সাগৰতলীত ভূমিকম্প হ’লে জলভাগত বিশাল ঢৌৰ সৃষ্টি হয় আৰু এই ঢৌ বহু ওপৰলৈ উঠে। এনেক্ষেত্ৰত উপকুল অঞ্চলত ঢৌৰ উচ্চতা অনুসৰি প্ৰলয়ংকৰী ৰূপ লয় আৰু অকস্মাৎ একো একোটা বিশাল অঞ্চল নিঃশেষ হৈ যায়।

বৰ্তমানলৈকে হোৱা ছুনামিৰ ভিতৰত ২০০৪ চনৰ ২৬ ডিচেম্বৰত ভাৰত মহাসাগৰৰ ইণ্ডোনেছিয়াৰ সুমাত্রা উপকুলৰ কাষত হোৱা ছুনামিকেই বৃহৎ বুলি কোৱা হৈছে। সাগৰতলীৰ প্ৰায় অটল গভীৰত সৃষ্টি হোৱা ভূমিকম্প (প্রাবল্য ৮.৯)ৰ বাবে উপকূলীয় অঞ্চলত সাত মিটাৰ পৰ্যন্ত বিশালাকায় ঢৌৰ সৃষ্টি হয়। এনে ঢৌৱে ইণ্ডোনেছিয়া, শ্রীলংকা, থাইলেণ্ড, মালয়েছিয়া, ম্যানমাৰ তথা ভাৰতৰ বিভিন্ন উপকুলত ত্ৰাসৰ সৃষ্টি কৰি হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটায় আৰু সা-সম্পত্তি ধ্বংস হয়। এই ছুনামীত ইণ্ডোনেচীত প্ৰায় ৮০,০০০ আৰু ভাৰতত প্ৰায় ১২,০০০ লোকৰ সলিল সমাধি ঘটিছিল। সকলোধৰণৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ বাবে জীৱিত থকা মানুহখিনিও খাদ্যৰ অভাৱ তথা নিৰাপদ স্থানলৈ যোৱাৰ অসুবিধাত মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল।

২০০৪ চনত হোৱা ছুনামিৰ উদ্ধাৰকাৰ্য

‘বিশ্ব ইতিহাসত সর্ববৃহৎ ছুনামি হিচাপে পৰিগণিত হোৱা ২০০৪ চনৰ ছুনামিয়ে এছিয়া মহাদেশৰ লগতে সমগ্র বিশ্বকে ভবাই তুলিছে। সেয়ে হয়তো ৰেডক্ৰছৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আদি মহাদেশেও ঔষধ, খাদ্য-সামগ্ৰী তথা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰি দুৰ্গতসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল৷ তদুপৰি বিশ্বৰ প্ৰায়বিলাক সৰু-বৰ ৰাষ্ট্ৰই স্বাৰ্থহীনভাৱে পৰোক্ষ কিম্বা প্ৰত্যক্ষভাৱে সহায়ৰ হাত আগবঢ়াইছিল। ভাৰতবৰ্ষৰো নৌ, বায়ু আৰু স্থলসেনা মিলাইপ্রায় ১৫ হাজাৰ সেনাই ২৬ খন যুদ্ধ জাহাজ লৈ এই ছুনামীত দুৰ্গত হোৱা লোকক উদ্ধাৰ কৰিবলৈ আগুৱাই আহিছিল।

প্রকৃতি যিদৰে উদাৰ, সেইদৰে নিষ্ঠুৰো। সেয়ে প্ৰকৃতিৰ ধ্বংসলীলাৰ পৰা হাত সৰাটো মানুহৰ পক্ষে সম্ভৱ নহয় ৷ তথাপি প্ৰকৃতিৰ নিষ্ঠুৰতাৰ পৰা সম্ভৱপৰ ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ পূৰ্বৰে পৰা সতর্কতা অৱলম্বন কৰিব পাৰি৷ বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ ফলত কৃত্রিম উপগ্ৰহৰ জৰিয়তে প্ৰকৃতিৰ বিভিন্ন গতিবিধি সম্পর্কে কিছু হলেও আগতীয়াকে জানিব পৰাটো বৰ্তমান সম্ভৱপৰ হৈছে। সেয়ে এনে আগজাননী প্ৰচাৰ মাধ্যমৰ দ্বাৰা প্ৰচাৰ হ’লে, ল’ব লগা যাৱতীয় ব্যৱস্থাৰ প্ৰতি সজাগ হ’লে ক্ষয়-ক্ষতিৰ পৰিমাণ নিশ্চয় কম হ’ব ৷

Read Also: Class 10 Science Solution

সামৰণি

মানুহ প্ৰকৃতিৰ ওচৰত সদায় অসহায়। সেয়ে প্রাকৃতিক দুৰ্যোগৰ পৰা হাতসৰা টান। অর্থাৎ ভূমিকম্প, বানপানী, ধুমুহা, বজ্রপাত, শিলাবৃষ্টি ইত্যাদি প্রাকৃতিক দুর্যোগসমূহৰ সৈতে মানৱ জীৱন প্ৰৱাহমান। তথাপি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে পোৱা প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়া খবৰে বহু লোকৰ প্ৰাণ বচোৱাৰ লগতে ক্ষয়-ক্ষতিৰ পৰিমাণো হ্ৰাস কৰিব পাৰে। প্ৰাকৃতিক দুৰ্যোগৰ পৰা যিহেতু আমি হাত সাৰিব নোৱাৰো; সেয়ে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত সমূহ একগোট হৈ দুৰ্যোগৰ প্ৰতিৰোধৰ প্ৰয়াস কৰা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top